11 দিনৰ পাছত ৱায়ানাডৰ(Wayanad) ট্ৰেজেডিস্থলীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী11 দিনৰ পাছত ৱায়ানাডৰ(Wayanad) ট্ৰেজেডিস্থলীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Wayanad Tragedy 2024: 11 দিনৰ পাছত কেৰালাৰ ৱায়ানাডৰ ট্ৰেজেডিস্থলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

11 দিনৰ পাছত ৱায়ানাডৰ(Wayanad) ট্ৰেজেডিস্থলীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কেৰালাৰ ৱায়ানাড জিলা ভ্ৰমণ কৰি । ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ ল’ব আৰু অঞ্চলটোত চলি থকা সাহায্য আৰু পুনৰ সংস্থাপনৰ প্ৰচেষ্টাৰ বুজ ল’ব ।

লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় আৰু সাহায্য শিবিৰত ভূমিস্খলনৰ ভুক্তভোগীসকলক সাক্ষাৎ কৰিব বুলিও জানিব পৰা গৈছে ।

উল্লেখ্য যে, বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে ৱায়ানাডত সংঘটিত  ভয়ংকৰ ভূমিস্খলনৰ পিছত ভ্ৰমণ কৰিছিল । তেতিয়াই গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সেই স্থান পৰিদৰ্শন কৰি  ৱায়ানাডৰ ভূমিস্খলনক “ৰাষ্ট্ৰীয় দুৰ্যোগ” বুলি ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰিছিল।

এই ভয়ংকৰ দুৰ্ঘটনাৰ পাচত  ৱায়ানাড ভ্ৰমণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডী  ধন্যবাদ জনাই ৰাহুলে । তেওঁ লগতে Xত কয়, ‘এইটো এটা ভাল সিদ্ধান্ত। মই নিশ্চিত যে এবাৰ প্ৰধানমন্ত্ৰীয়ে ধ্বংসৰ পৰিমাণ প্ৰত্যক্ষভাৱে দেখিলে, তেওঁ ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিব ।’

এই ভয়ংকৰ দুৰ্ঘটনাৰ পাচত  ৱায়ানাড ভ্ৰমণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডী  ধন্যবাদ জনাই ৰাহুলে । তেওঁ লগতে Xত কয়, ‘এইটো এটা ভাল সিদ্ধান্ত। মই নিশ্চিত যে এবাৰ প্ৰধানমন্ত্ৰীয়ে ধ্বংসৰ পৰিমাণ প্ৰত্যক্ষভাৱে দেখিলে, তেওঁ ইয়াক ৰাষ্ট্ৰীয় দুৰ্যোগ বুলি ঘোষণা কৰিব ।’

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে পুৱা প্ৰায় 11 বজাত কেৰালাৰ কান্নুৰত উপস্থিত হ’ব । তাৰ পৰা তেওঁ ৱায়ানাডৰ ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰিব ।

তাৰ পিছত, মোডীয়ে প্ৰায় 12:15 বজাত বৰ্তমান চলি থকা উদ্ধাৰ অভিযানৰ সন্দৰ্ভত উদ্ধাৰকাৰী দলৰ সৈতে বাৰ্তালাপ কৰিব ।

Wayanad Tragedy 2024
Wayanad Tragedy 2024

লগতে সাহায্য শিবিৰ আৰু চিকিৎসালয় পৰিদৰ্শন কৰিব । তেতিয়াই প্ৰধানমন্ত্ৰী মোডীয়ে ক্ষতিগ্ৰস্ত লোকৰ সৈতে বাৰ্তালাপ কৰিব আৰু ভোক্তভোগীলোকৰ মনৰ কথা বুজ লোৱাৰ লগতে পুনৰ সংস্থাপনৰ বাবে ব্যৱস্থা ল’ব ।

30 জুলাইত ৱায়ানাডৰ চোৰেলমালা আৰু মুণ্ডাক্কাইত হোৱা ভয়ংকৰ ভূমিস্খলনৰ ফলত কেইবাখনো গাঁও মাটিৰ তলত সোমাই পৰিছিল । ফলত  400 ৰো অধিক লোকে প্ৰাণ হেৰুৱালে ।

আনহাতে 150 জন লোক এতিয়াও সন্ধানহীন হৈ আছে। উদ্ধাৰ হোৱা মৃতদেহবোৰৰ ডি এন এৰ ফলাফলৰ পিছত চূড়ান্ত মৃত্যুৰ সংখ্যা নিশ্চিত কৰা হ’ব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কয়।

ইফালে,11 দিনৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত হ’ব ৱায়ানাডৰ ট্ৰেজেডিস্থলীত । প্ৰধানমন্ত্ৰী মোডীৰ ৱায়ানাড ভ্ৰমণৰ পূৰ্বে কেৰালা চৰকাৰে অঞ্চলসমূহত পুনৰ সংস্থাপন আৰু সাহায্যৰ বাবে ইতিমধ্যে 2 হাজাৰ কোটি সাহায্যৰ দাবী কৰিছে কেন্দ্ৰৰ পৰা। 

কেৰালা কেবিনেটৰ উপ-সমিতিয়ে শুকুৰবাৰে অঞ্চলটো পৰিদৰ্শন কৰি এটা কেন্দ্ৰীয় দলক সাক্ষাৎ কৰে ৷ ৰাজ্য চৰকাৰে এক বিজ্ঞপ্তিত কয় যে, কেবিনেটৰ উপ-সমিতিয়ে কেন্দ্ৰৰ দলটোক জনাই, ৱায়ানাডৰ চোৰেলমালা, মুণ্ডাক্কাই আৰু পুঞ্চিৰি মাট্টাম অঞ্চলত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে শ শ ৰাইজ ৷ 

কেৱল পুনৰ সংস্থাপনৰ উদ্দেশ্যে 2,000 কোটি টকাৰ প্ৰয়োজন । কৃষি খণ্ড, পশুধন, ঘৰ, ভৱন, বাণিজ্যিক প্ৰতিষ্ঠান, পথ আৰু বিদ্যুতৰ লগতে ব্যক্তিগত সম্পত্তিৰ ক্ষেত্ৰত বৃহৎ ক্ষতি হৈছে । কেন্দ্ৰীয় দলটোক দুৰ্যোগপীড়িত অঞ্চলটোৰ ড্ৰোন ভিডিঅ’ দেখুৱাইছে বুলি চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে ।

কেৰালাৰ পি ডব্লিউ ডি আৰু পৰ্যটন মন্ত্ৰী মহম্মদ ৰিয়াছে কয় যে, চৰকাৰী আৱাসিক কোৱাৰ্টাৰকে ধৰি 125 টা ঘৰ আছে । তেওঁলোকৰ বেছিভাগেই মানুহৰ স্থানান্তৰৰ বাবে সাজু । 

ৰিয়াছে কয় যে কেবিনেট উপ-সমিতিয়ে জিলা উপায়ুক্তক জীৱিত সকলৰ পুনৰ সংস্থাপন বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু অন্যান্য ঘৰুৱা সঁজুলিৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।

দুৰ্যোগত আক্ৰান্ত অঞ্চলবোৰৰ পৰিষ্কাৰ কৰাৰ কামত কমেও 90 দিন লাগিব,  সাহায্য শিবিৰবোৰে যিমান দিন লৈকে প্ৰয়োজন হয় মানুহ ৰখা ৱ্যৱস্থা কৰা হৈছে ।

কেৰালাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

মুখ্যমন্ত্ৰী পিনাৰাই বিজয়ন আৰু ৰাজ্যপাল আৰিফ মহম্মদে প্ৰধানমন্ত্ৰীক আদৰণি জনায়। ইফালে ভূমিস্খলন অঞ্চল আকাশীমাৰ্গেৰে পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে ।

বিমান বন্দৰৰ পৰা ভাৰতীয় বায়ু সেনাৰ এম আই-17 হেলিকপ্টাৰত ৱায়ানাডলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী । কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়েও প্ৰধানমন্ত্ৰীক সংগ দিছে ।

প্ৰধানমন্ত্ৰীয়ে সাহায্য শিবিৰ আৰু চিকিৎসালয় পৰিদৰ্শন কৰিব য’ত তেওঁ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত আৰু ভুক্তভোগী লোকসকলৰ সৈতে সাক্ষাৎ আৰু বাৰ্তালাপ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *