US election result 2024 : কমলা পছন্দ নে ট্ৰাম্প পছন্দ ?
US election result 2024 : কমলা পছন্দ নে ট্ৰাম্প পছন্দ আমেৰিকাবাসীৰ সেয়ে বেলট বক্সে কব । কিন্তু সময় যিমানে বাগৰিছে সিমানে কিন্তু ট্ৰাম্প আৰু কমলাৰ মাজৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে ।
উল্লেখ্য যে, কোন হ’ব আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি ? আমেৰিকাৰ সময় অনুসৰি ৫ নৱেম্বৰৰ পুৱা ৭ বজাৰ পৰা নিশা ৮ বজালৈকে অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ পাছতে চলি আছে ভোট গণনা ।
প্ৰথমে ডিজিটেল মাধ্যমৰে দিয়া ভোটৰ গণনা কৰা হৈছে । সেই গণনা অনুসৰি কমলা হৰিছতকৈ বহুগুণে আগবাঢ়ি আছে ট্ৰাম্প ।
আনহাতে, বেলট বক্স যিমানে খুল খাইছে সিমানে ট্ৰাম্পৰ অগ্ৰগতি বৃদ্ধি পাইছে । ২৭০ টা ভোট লাভ কৰিলে জয়লাভ কৰিব কোনো এগৰাকী প্ৰাৰ্থীয়ে । তেনে স্থলত বৰ্তমানৰ যি অগ্ৰগতি সেয়া হৈছে এনে ধৰণৰ ।
আমেৰিকা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটৰ অগ্ৰগতি
বৰ্তমান ট্ৰাম্পে ৫৩.৬ শতাংশ ভোট লাভেৰে কমলা হেৰিছতকৈ বহু গুণে আগবাঢ়ি আছে । আনহাতে ৪৫ শতাংশ ভোট লাভেৰে বহু পিছ পৰি আছে কমলা ।
Pennsylvania - Cambria County polling hours have been EXTENDED to 10pm, and Laflin Borough polling hours have been EXTENDED to 9:30pm. STAY IN LINE AND VOTE! https://t.co/czQRkZmYUH
— Donald J. Trump (@realDonaldTrump) November 6, 2024
আনহাতে বেলট বক্স যিমানে খুল খাইছে সিমানে দৃশ্যপট সলনি হোৱাৰ সম্ভানা আছে । বিশেষজ্ঞৰ মতে ভোট গণনা প্ৰক্ৰিয়া ২ দিন হয়টো প্ৰয়োজন হব। কাৰণ বেলেট গণনা কৰোত দীঘলীয়া সময়ৰ প্ৰয়োজন হব ।
আনহাতে ভোটগ্ৰহণ শেষ হোৱাৰ পাছতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা republican partyৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দাবী কৰে যে, ‘মই নিশ্চিত যে পুনৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিম ।’
ভাৰতীয় সময় পুুৱা ৮ বজালৈকে Democratic দলৰ কমলা হেৰিছে ৪৬.২ ভোটত অগ্ৰগতি লাভ কৰি আছে । বিপৰীতে ট্ৰাম্পে ৫২.৭ শতাংশ ভোট লাভ কৰি বৃহত অগ্ৰগতি লাভ কৰিছে ।
ভাৰতীয় সময় নিশা ৯ বজালৈকে ট্ৰাম্পে ২৭০ মেজিক নম্বৰ অতিক্ৰম কৰি ২৭৭ ইলেক্টৰেল ভোট লাভ কৰে । ৫১ শতাংশ ভোট লাভেৰে ৰাষ্ট্ৰপতি হোৱাটো নিশ্চিত হ’ল ট্ৰাম্পৰ ।