Table of Contents
ToggleULFA (I) 2024 : প্ৰজাবিহীন ৰাজ্যত ৰজা হৈ থকাৰ প্ৰয়োজনেবা ক’ত ?
আলফা (স্বাঃ) প্ৰজাবিহীন ৰাজ্যত ৰজা হৈ থকাৰ প্ৰয়োজন নে ?
জাতি-ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আনন্দৰে পালন কৰা উৎসৱটোৱে হৈছে স্বাধীনতা দিৱস । এয়াইটো গণতন্ত্ৰৰ সৌন্দৰ্যতা । দেশে স্বাধীনতা লাভ কৰা ৭৮ বছৰ হ’ল । বৃহস্পতিবাৰে সমগ্ৰ দেশে স্বাধীনতা দিৱস পালন কৰিলে ।
বিগত বৰ্ষৰ দৰে গতাণুগতিক ভাৱে অসমতো পালন কৰা হ’ল স্বাধীনতা দিৱস । কিন্তু আনন্দৰে স্বাধীনতা পালন কৰি থকাৰ সময়তে এখন বিশেষ পত্ৰই দৌৰা-দৌৰি, খদম-দম লাগালে আৰক্ষী প্ৰশাসনক।
আলফা (স্বাঃ)ৰ সেই বিশেষ পত্ৰত উল্লেখ আছে অসমৰ ১৯টাকৈ স্থানত আছে সংস্থাপন কৰা হৈছে বিস্ফোৰক সামগ্ৰী । ইয়াৰে গুৱাহাটীত ৮ টাকৈ স্থানত বোমা আছে বুলি আলফা (স্বাঃ) দাবী কৰিছিল ।
ইয়াকে লৈ ব্যস্ত হৈ পৰিল সংবাদমাধ্যম, আৰক্ষী প্ৰশাসন । পত্ৰখনত স্পষ্টকৈ উল্লেখ কৰা হ’ল,কাৰিকৰি বিজুতিৰ বাবে বিস্ফোৰণ কৰিব পৰা নগ’ল সংস্থাপন কৰা বোমা কেইটা ।
ৰক্ষা ! অন্যথা কিমান নিৰিহৰ তেজেৰে ৰক্তাক্ত হ’লহেতে অসম, তাৰ কোনো ঠিক নাই । স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতে আলফা (স্বাঃ) সংস্থাপন কৰি গ’ল মহানগৰীৰ 8 টাকৈ স্থানত বোমা ।
এতিয়া প্ৰশ্ন হয়, কূটাঘাট সংঘটিত কৰি, ভয়, শংকাৰ মাজলৈ ঠেলি দিলে ৰাইজৰ মাজত বুকুৰ আপোন হ’ব পাৰিব নে আলফা(স্বাঃ) ?
বিজ্ঞান প্ৰযুক্তিবিদ্যৰ যুগ এতিয়া । নিজকে কিদৰে আগুৱাই নিব পাৰি তাৰে চিন্তাত ব্যস্ত আজিৰ প্ৰায়ভাগ প্ৰজন্মই । তেনে স্থলত এই কূটাঘাটৰ পৰিকল্পান কিয় আলফা স্বাধীনৰ ?
এয়া অস্তিত্ব জাহিৰ নে নিজকে ৰজা হিচাপে প্ৰতিষ্ঠা কৰা এটা প্ৰচেষ্টা ? আপোনালোকৰ ভাষাত প্ৰতিজন থলগিৰি ৰাইজে শান্তি বিচাৰে । যদিহে বিজুতি নঘটি বিস্ফোৰণ হোৱা হ’লে কি বুলি দাবী কৰিলে হেঁতেন আলফা স্বাধীনে ? বীৰত্ব নে আত্মসন্তুষ্টি !
যদি বীৰত্ব দেখুওৱা বিচাৰিছে তেতিয়া হ’লে গৰিলা যুদ্ধ কৰি সেই সকল লোকৰ বিৰুদ্ধে যি আপোনালোক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছিল । কিয় সাধাৰণ লোকক হাৰাশাস্তি কৰি বীৰত্ব দেখুওৱাব বিচাৰিছে ।
জাতিৰ পিতা মহাত্মা গান্ধীয়ে এডাল লাখুটিৰে ইংৰাজ বাহিনীক খেদি দেশ স্বাধীন কৰাৰ কথা আজিৰ প্ৰতিজন নাগৰিকে বুজে । সেই নীতি অৱলম্বন কৰি ৰাইজক কিয় আন্দোলন মুখী কৰিব নোৱাৰে আপোনালোক ।
অথবা চৰকাৰৰ অংশীদাৰ হৈ আপোনালোকেও যেনেদৰে ৰাজনৈতিক নেতাই দেশখনক লুটি-পুটি খাইছে ঠিক সেই দৰে অসমখনকো লুন্ঠনৰ পৰিকল্পনা কৰা হৈছে নেকি ?
তেনে স্থালত প্ৰজাবিহীন ৰজাৰ দৰে আপুনি হৈ পৰা নাই নে ? বহিঃৰাষ্ট্ৰ অথবা হাবিৰ মাজৰ পৰা সংগ্ৰাম কৰি যে এখন দেশ স্বাধীন কৰিব নোৱাৰে সেই কথাত আশ্বস্ত নহয় অসমীয়া ৰাইজ । আওপুৰণি চিন্তাধৰাৰ পৰা বাহিৰ ওলাবৰ হ’ল ।
যদি কূটাঘাট অথবা হিংসাৰ পথৰে স্বাধীনতা লাভ কৰিলে হেঁতেনে তেতিয়া হ’লে ধেমাজিৰ সেই কণ-কণ শিশু, নিৰপৰাধী লোকক হত্যা কৰি কি পালে ? বৰঞ্চ এটা বদনাম পালে । ৰাইজৰ মনৰ পৰা ক্ৰমান্বয়ে মছি যোৱাৰ উপক্ৰম হৈছে ।
যদি কূটাঘাট অথবা হিংসাৰ পথৰে স্বাধীনতা লাভ কৰিলে হেঁতেনে তেতিয়া হ’লে ধেমাজিৰ সেই কণ-কণ শিশু, নিৰপৰাধী লোকক হত্যা কৰি কি পালে ? বৰঞ্চ এটা বদনাম পালে । ৰাইজৰ মনৰ পৰা ক্ৰমান্বয়ে মছি যোৱাৰ উপক্ৰম হৈছে ।
2008-09 মানৰ পৰা ক্ৰমান্বয়ে আলফা(স্বাঃ) বুলি কলে ৰাইজৰ মাজত ভয়, শংকা নোহোৱা হৈছে । সাধাৰণ লোকক ভয় দেখুওৱাৰ সলনি সমগ্ৰ ব্যৱস্থাপনাটোৰ বিৰুদ্ধে কিয় যুঁজ নকৰে ?
আলফা শিবিৰতে হয়টো বহু বিশ্বাসঘাট আছে ! বহু সময়ত সেয়া সংবাদ শীৰোনাম দখল কৰে । মুষ্টিমিয় সদস্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যদি বেমেজালিৰ সৃষ্টি হয় তেতিয়া হ’লে অসম স্বাধীন হলেও কেনেকৈ শাসন কৰিব ।
কেইমাহ মানৰ পূৰ্বে আপোনালেকে সতীৰ্থক হত্যা কৰিছিল বিশ্বাসঘাটক কৰাৰ বাবে । তেনে উদাহৰণ বহুত আছে আপোনালোকৰ শিবিৰত ।
আফগানিস্তানত তালিবানে বৰ্তমান শাসন কৰি আছে । কৌশলগত ভাৱে হেঁচা প্ৰয়োগেৰে আফগানিস্তানৰ ভূমিৰ পৰা শক্তিশালী আমেৰিকাৰ সেনাক বিতাৰিত কৰিছিল তালিবানে । বৰ্তমান সুস্থিৰ চৰকাৰ আৰু উন্নয়মুখী যাত্ৰাৰ পথত ।
আপোনালোকৰ পৰিকল্পনাবিহীন ভাৱে কৰা সংগ্ৰামৰ বাবে আজি অসমৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছে ।
বাৰে বাৰে স্বাধীনতা দিসৱৰ বৰ্জন কৰিবলৈ জনোৱা আহ্বানক অসমৰ ৰাইজেও গুৰুত্ব নিদিয়া হৈছে । তাৰ বাবে দায়ী ৰাইজ নহয়, আপোনালোক ।
ONGC কৰ্মচাৰীক অপহৰণ কৰি যি দাবী কৰিছিল সেই পদক্ষেপক ৰাইজে কিছু হ’লেও আকোঁৱালি লৈছিল । সেই কাৰ্যক আমি উৎসাহিত কৰিবও বিচৰা নাই । আজিও ONGCৰ দৰে তৈল প্ৰতিষ্ঠানত অসমৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ দাবীত প্ৰতিবাদ কৰিব লগীয়া হৈছে ।
ধনদাবী, অপহৰণ, হত্যা, কূটাঘাটৰ পক্ষপাত নহয় Newsfor.in পৰিয়াল ।
এপাচি শাকত এটা জালুক
মুখ্যমন্ত্ৰীয়ে সভা-সমিটিৰ লগতে সাংবাদিকক লগ পালে স্বচ্ছ নিকা আৰু নিযুক্তিৰ কথা কৈ আহিছে । প্ৰায় ডেৰ লাখ নিবনুৱাক চাকৰি দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি আহিছে । এইটো আদৰণীয় পদক্ষেপ ।
কিন্তু ডেৰ লাখক নিযুক্তি দিলে বা দিয়া হ’ব বুলি ঘোষণা কৰিলে ৰাজ্যৰ ১৪ লাখ নিবনুৱালৈ পাহৰিলে নেকি মুখ্যমন্ত্ৰীয়ে । ৰাজ্যত প্ৰতিবছৰে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা । তেনে স্থলত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা নিযুক্তিৰ সংখ্যা নিবনুৱাৰ তুলনাত তেনে নগণ্য । ঠিক এপাচি শাক এটা জলকীয়া বা জালুকৰ দৰে ।
ৰাজ্যত উন্নয়নৰ গংগা বৈছে, ভাৰতৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক এখন কৰিব লাগিব, পূৰ্বৰ দৰে দিল্লীৰ ওচৰত অসমে হাত পাতিব নাগালে । মুখ্যমন্ত্ৰীৰ এই কথাবিলাক কিবা সপোন সপোন যেন নালাগে নে ?
আঙুলিৰ মূৰত গণি শেষ কৰিব নোৱাৰা অৰুণোদয়, নিযুত মইনা, লাখপতি বাইদেউৰ দৰে অলেখ আঁচনি । এই আঁচনিসমূহৰ দ্বাৰা কিমানে সংস্থাপন পালে হিচাপ মুখ্যমন্ত্ৰীয়ে নিশ্চয় ৰাখিছে ।
কিন্তু কেইটামান আলফা(স্বাঃ) বোমাই মুখ্যমন্ত্ৰীৰ মুখ ওন্দোলাই পেলালে । আলফা (স্বাঃ)য়ে ৰাজ্যৰ 19টাকৈ স্থানত বোমা সংস্থাপন কৰাৰ কথা যেতিয়াই গম পালে তেতিয়া মুখ্যমন্ত্ৰীয়ে অহংকাৰ, দম্ভালি সকলো তল পৰিল ।
বৰঞ্চ আলফা (স্বাঃ)লৈ মুখ্যমন্ত্ৰীয়ে আহ্বন জনালে, ৰাজ্যত ১৪ লাখ নিবনুৱা আছে । সেয়ে এটিয়া কুটাঘাট সৃষ্টি নকেৰে যেন । কাৰণ অসমলৈ আহি আছে বৃহৎ বৃহৎ কোম্পানী । য’ত অসমৰ যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰি সেই কোম্পেনীসমূহত । বোমাই যেন মুখ্যমন্ত্ৰীৰ পৰা সঁচা কথাহে ওলিয়ালে ।
যদিহে, Employment Exchangeৰ চৰকাৰী তথ্য চোৱা যায় তেতিয়া হলে, বৰ্তমানলৈকে সৰ্বমুঠ 21,20,511 লোকে নিজৰ নাম পঞ্জীয়ন কৰিছে । ইয়াৰে পুৰুষৰ সংখ্যা 12,11,160 মহিলাৰ সংখ্যা 90,8,973 পঞ্জীন কৰিছে ।
জিলাভিত্তিত যদি চোৱা যায় তেতিয়া হ’লে সৰ্বাধিক গুৱাহাটীত কৰিছে পঞ্জীয়ন 2,96,998 লোকে । দ্বিতীয়তে 1,97,272 লোকে বৰপেটা জিলাত Employment Exchangeত নাম পঞ্জীয়ন কৰিছে । এতিয়া এনেকৈ বৈ আছে উন্নয়নৰ গংগা ।