Test Match 2024: ভাৰতীয় ক্ৰিকেটাৰে ৰঙা বল দেখিলে ভয় খায় !
টেষ্ট মেছ ভাল নোপাৱা খেলুৱৈ হয়টো ক্ৰিকেট বিশ্বত আঙুলিৰ মূৰত ওলাব । কাৰণ টেষ্টৰ আমেজে সুকীয়া বুলি কয় আহিছে প্ৰায়বিলাক খেলুৱৈ । কিন্তু টেষ্টত ব্যৱহাৰ কৰা ৰঙা বলৰ প্ৰতি ভয় কৰে নেকি ভাৰতীয় খেলুৱৈয়ে ? টেষ্টত দশা বেয়া চলি আছে ভাৰতীয় খেলুৱৈৰ ।
শেহতীয়াকৈ নিউজিলেণ্ডৰ হাতত ৰোহিত বাহিনী ঘৰৰ মাটিতে হোৱাইটৱাছ হৈ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে । সেই পৰাজয়ৰ খং যোৱাই নাই অষ্ট্ৰেলিয়াৰ ভূমিত মুখঠেকেচা খাবলগীয়া হৈছে ভাৰতীয় A দলটো ।
অসমীয়াত এষাৰ কথা আছে, আগৰ গৰুটো যি ফালে যায় সেইফালেৰে পিছৰ গৰুটো যায় । ঠিকে একে অৱস্থা হৈছে ভাৰতীয় খেলুৱৈৰ ।
ৰোহিতৰ দশাই হৈছে ৰুতুৰাজ গাইকোৱাডৰ । মাত্ৰ স্থান সলনি । ভাৰতA বনাম অষ্ট্ৰেলিয়া Aৰ মাজত অনুষ্ঠিত টেষ্ট মেচত বাৰুৱৈ মুখঠেকেচা খাবলগীয়া হৈছে গাইকোৱাৰ্ড বাহিনী । যেন ৰঙা বল দেখিলে ভয়তে কম্পমান হয় ভাৰতীয় খেলুৱৈ । সেয়া লাগিলে A টিমে হওক অথবা মূল টিমে হওক ।
উল্লেখ্য যে, ৰুতুৰাজ গায়কৱাড আৰু কে এল ৰাহুলৰ ইণ্ডিয়া A দলে অষ্ট্ৰেলিয়াৰ মাটিত অষ্ট্ৰেলিয়া A ৰ হাতত ০-২ ব্যৱধানত পৰাজিত হৈছে । একেৰাহে দুখন টেষ্টত পৰাজৰ পাছতে এতিয়া প্ৰশ্ন উঠিছে ৰঙা বলৰ প্ৰতি কিয় দুৰ্বল ভাৰতীয় খেলুৱৈ ?
প্ৰথমখন টেষ্টত ৭ উইকেটত পৰাজিত হোৱাৰ পাছত শৃংখলাৰ সমতা স্থাপনৰ বাবে ফিল্ডত নমা গাইকোৱাড বাহিনীও দ্বিতীয়খন টেষ্টটো পৰাস্ত হয় । মেলবৰ্ণত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দুজন বেটছমেনে দুটা ইনিংছত মুঠ ১৬২ ৰাণ সংগ্ৰহ কৰে ।
ইয়াৰে যুৱ উইকেটকিপাৰ বেটাৰ ধ্ৰুব জুৰেলে দুয়োটা ইনিংছতে অৰ্ধশতক অৰ্জন কৰে। ভাৰতৰ A দলৰ আন কোনো বেটছমেনে ৫০ ৰাণৰ ইনিংছ খেলিব নোৱাৰিলে। জুৰেলৰ দুটা ইনিংছৰ পিছত, দ্বিতীয় ইনিংছত তনুশ কোটিয়ানৰ ৪৪ ৰাণ সংগ্ৰহ কৰে ।
দ্বিতীয় ইনিংছত ভাৰতে ২২৯ ৰাণ সংগ্ৰহ কৰাৰ পিছত, অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৬৮ ৰাণৰ লক্ষ্য বান্ধি দিছিল । কিন্তু অষ্ট্ৰেলিয়াই ৪ টা উইকেট হেৰুৱাই ১৬৯ ৰাণ সংগ্ৰহ কৰে ।
অষ্ট্ৰেলিয়াৰ হৈ ছেম কনষ্টাছৰ অপৰাজিত ৭৩ ৰাণ আৰু বিউ ৱেবষ্টাৰৰ অপৰাজিত ৪৬ ৰাণৰ বিনিময়ত সহজে অষ্টেলিয়াই জয়লাভ কৰে । উল্লেখ্য যে, দ্বিতীয় ইনিংছ মুকলি কৰবিলৈ গৈ প্ৰথমে বিপদৰ সন্মুখীন হৈছিল অষ্ট্ৰেলিয়াই।
অষ্ট্ৰেলিয়াই ১ ৰাণত ২ টা উইকেট হেৰুৱাইছিল । কিন্তু হঠাত ভাৰতীয় বলাৰৰ ওপৰত দমনীয় প্ৰদৰ্শন অষ্ট্ৰেলিয়াৰ বেটাৰে । ফলত সহজে জয়লাভ কৰে । এতিয়া প্ৰশ্ন হয়, ৰঙা বলৰ প্ৰতি কিয় দুৰ্বল ভাৰতীয় ক্ৰিকেটাৰসকল ?
ধৈৰ্য্যৰ অভাৱ নে বেটিং কৰাৰ মানসিকতা নাথাকে ? নে বলাৰসকলে পিটছ ব্যৱহাৰ কৰিব নাযানে ? ৰোহিতৰ দৰে ৰুতুৰাজৰো নেতৃত্বতো বিচক্ষণতাৰ অভাৱ আছে নেকি ?
প্ৰথমখন টেষ্টত ভাৰতীয় A দলে দুটা ইনিংছত ক্ৰমান্বয়ে ১০৭ আৰু ৩১২ ৰাণ সংগ্ৰহ কৰে। দ্বিতীয়খন টেষ্টত দুটা ইনিংছত ক্ৰমে ১৬১ আৰু ২২৯ ৰাণ সংগ্ৰহ কৰিছিল।
প্ৰথমখন টেষ্টত ভাৰতীয় A দলে দুটা ইনিংছত ক্ৰমান্বয়ে ১০৭ আৰু ৩১২ ৰাণ সংগ্ৰহ কৰে। দ্বিতীয়খন টেষ্টত দুটা ইনিংছত ক্ৰমে ১৬১ আৰু ২২৯ ৰাণ সংগ্ৰহ কৰিছিল।
ইফালে, সূৰ্যকুমাৰ যাদৱৰ দলে শুকুৰবাৰে প্ৰথমখন টি-২০ত দক্ষিণ আফ্ৰিকাক ৬১ ৰাণত পৰাস্ত কৰে ।শৃংখলাটোৰ ১-০ৰ অগ্ৰগতি লাভ কৰে । বগা বলৰ ক্ৰিকেটত ভাৰত এতিয়াও অপ্ৰতিৰোধ্য হৈ আছে । কিন্তু ৰঙা বলৰ ক্ৰিকেটত ক্ৰমান্বয়ে নিয়ন্ত্ৰণ হেৰুৱাইছে ভাৰতীয় দলে ।
ৰোহিত, কোহলীয়ে নোৱাৰিলে। ৰুতুৰাজ, ইশ্বৰণ, ৰাহুলে এইখনো মেচত জয়লাভ কৰিব নোৱাৰিলে।