SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নামSI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নাম

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নাম

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নাম । বিগত প্ৰায় ১ বছৰৰ পাছত চৰ্চালৈ আহিছে SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা ।

ভয় !বেজৰ নাখতে খৰ ওলাব নেকি । ঠিক সেই দৰে আৰক্ষীৰ খাকী পোচাকত কংলকৰ দাগ লাগিব নেকি !সকলো তথ্য উদঙাইছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে ।

 ২০২৩ চনৰ ১৬মে’ মাহত হোৱা এক ঘটনা । উত্তৰ অসমত গঢ় লোৱা অবৈধ সোণৰ ব্যৱসায় বিৰুদ্ধে অভিযান চালয় চৰ্চাত থকা SI জোনমণি ৰাভাৰ মৃত্যু ।

এক পথ দুৰ্ঘটনাত SI জোনমণি ৰাভাৰ মৃত্যু সকলোৰে বাবে ৰহস্য । SI জোনমণি ৰাভাৰ মৃত্যু আজিও তদন্ত কোন দিশে গতি কৰিছে সেয়া অস্পষ্ট । কিন্তু CBI য়ে পাইছে নতুন এক এংগুল ।

 CBIয়ে কেন্দ্ৰীয় চৰকাৰক দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, অসম আৰক্ষীৰ ৭ জন বিষয়াৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উঠিছে ।

যাৰ বাবে বিভাগীয় তদন্তৰ নিৰ্দেশনা দিছে DGP কাৰ্যালয়ে । কেৱল গাফিলতিয়ে নহয় প্ৰমাণ নষ্টৰো অভিযোগ উঠিছে কেইবাগৰাকী আৰক্ষীৰ বিৰুদ্ধে ।

CBIৰ প্রতিবেদনত, নকল সোণ আৰু জালনোটৰ চক্রৰ সৈতেও ৭ আৰক্ষী বিষয়া জড়িত থকাৰ কথা CBIৰ প্রতিবেদনত উল্লেখ আছে ।

DGP কাৰ্যালয়ে CBIৰ প্রতিবেদনৰ ভিত্তিত তদন্তৰ আওতাত আহিবলগীয়া আৰক্ষী বিষয়াকেইজন হ’ল- তদানীন্তন জখলাবন্ধ OC পৱন কলিতা, হয়বৰগাঁও আৰক্ষী চকীৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ TSI উৎপল বৈশ্যৰ নাম ।

ঠিক একেদৰে জখলাবন্ধা থানাৰ SI জাকাৰিয়া চৌধুৰী, মৰিকংল আৰক্ষী চকীৰ SI(P) মনোজ বৰুৱা, UB ৰেৱ বণিয়া, মজিবুৰ ৰহমানৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ দিনে ।

এজন সহকৰ্মীক কৰা হত্যাৰ ক্ষেত্ৰত তেওঁলোকৰো থাকিব পাৰে হাত । সেয়ে CBIৰ প্রতিবেদনত ৭ আৰক্ষীৰ বিৰুদ্ধে প্ৰমাণ নষ্ট, গাফিলতি, নকল সোণ আৰু জালনোটৰ চক্রৰে জড়িত বুলি চৰ্চালৈ আহিছে ।

SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নাম
SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনত ৭ আৰক্ষীৰ নাম

আনফালে সেই সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম নাই CBIৰ প্রতিবেদনত । সেয়ে মৃত জোনমণি ৰাভাৰ মাতৃয়ে প্ৰশ্ন কৰিছে ‘লীনা দলেৰ নাম কিয় নাই ?’

CBIৰ প্রতিবেদন পাছতে জোনমণি ৰাভাৰ মাতৃয়ে সংবাদমাধ্যমৰ আগত কয়,‘জোনমণিক যিদৰে শেষ কৰিলে, সেইদৰে দোষীয়ে শাস্তি পাওক ৷ মই প্ৰথম দিনাৰ পৰা কৈ আছো, সিহঁতে মোৰ ছোৱালীজনক শেষ কৰি দিলে ৷’

তেওঁ লগতে কয়, ‘বহু আৰক্ষী বিষয়াৰ নাম এতিয়াও নাই প্ৰতিবেদনত । লীনা দলেৰ নাম কিয় নাই ? দুজন কনিষ্ঠবলক বখাস্ত কৰিলে কি হ’ব ? লীনা দলেৰ কি হ’ব ।’

জোনমণি ৰাভাৰ মাতৃয়ে কয় যে, ঘটনাটোত ডাঙৰ ডাঙৰ মানুহৰ নাম আছে । লখিমপুৰ, নগাঁৱৰ SP আৰু ৰূপজ্যোতি কলিতাৰ কি হ’ল ? ধৰিলে সৰু-বৰ সকলোকে ধৰিব লাগে ।

‘Ministerক কোনে Minister বনাইছে ? ৰাইজেহে বনাইছে । Ministerৰে কেৱল মানুহ নেকি ! SP মানে ভগৱান নহয়, তেওঁ মানুহে । তেওঁলোকৰ নাম কিয় লিষ্টত নাহে’-জোনমণিৰ মাতৃৰ প্ৰশ্ন ।

‘আভাজ্যোতি ৰাভাৰ যদি পত্নী কোৱাটাৰলৈ আহে তেতিয়া হ’লে জোনমণিক কয়, বৌৱেৰে আহিছে । মই কেতিয়াব গ’লে জোনমণিয়ে মা আহিছে বুলি আভাজ্যোতিক কয় । একেলগে সিহঁতৰ লগত উঠা বহা কৰা ছোৱালীজনীক হত্যা কৰা হ’ল’- জোনমণিৰ মাতৃৰ এই আক্ষেপ ।

‘নিশাৰ ভাগত ভাত সাজু কৰি মই ছোৱালীলৈ ফোন কৰিছিলোঁ । তেতিয়া প্ৰথমে কৈছিল আভাজ্যোতি ৰাভাৰ লগত আছোঁ বুলি । ১০.৩০ মান বজাত পুনৰ ফোন কৰিলো । তেতিয়াৰ পৰা ফোনটো অ’ফ পালো ।’ 

‘ৰাতিলৈ লীনা দলেৰ নেতৃত্বত পাঁচজন আৰক্ষী আহিছিল । আমাৰ ঘৰত সোমাই সকলো লণ্ড-ভণ্ড কৰিছিল । লীনা দলে বাইদেউক সোধাত জোনমণিৰ বিৰুদ্ধে অভিযোগ দিছে বুলি উল্লেখ কৰিছিল ।’ এই বিস্ফোৰক মন্তব্য জোনমণি ৰাভাৰ মাতৃৰ । 

লগতে তেওঁ কয় যে,  জখলবন্ধা যাবলৈ জোনমণিৰ কি কাম আছিল ? কিয় যাব ? নগাঁৱৰ পৰা জখলবন্ধালৈ অলপ দূৰ নহয় । ১ ঘন্টাৰ বাট । তেনেস্থলত কিয় ১ ঘন্টা ৰাস্ত যাব তাই ? সেই কথা মই CBIক কৈছো ।

‘মই যেতিয়া তিনিদিনৰ পাচত জখলাবন্ধ থানাত অভিযোগ দাখিল কৰিছিলো তেতিয়া জখলাবন্ধ OC পৱন কলিতাই মই দিয়া নাম বিলাক কাটি দিছিল । লীনা দলেৰ নাম দিছিলো কেনেকৈ নোহোৱা হ’ল ?’ এই প্ৰশ্ন বাৰে বাৰে উত্থাপন কৰিছে জোনমণিৰ মাতৃয়ে ।

পুনৰ অসম আৰক্ষীৰ  নাক-কাণ কাটিব নেকি ? ৰহস্য ভেদ কৰিব পাৰিব নে ? SI জোনমণিক পৰিকল্পিত ভাবে হত্যা কৰা হৈছিলে নেকি ? সঠিক তদন্তলৈ অপেক্ষা মাত্ৰ । 

আৰক্ষীয়ে যদি নকল সোণৰ সৰবৰাহকাৰীৰ পৰা ধন লয় তেতিয়া হ’লে  ৰাইজে কেনেকৈ আস্থাত ল’ব আৰক্ষীক । ঠিকে ফৰ্মূলা হব নেকি ?

Leave a Reply

Your email address will not be published. Required fields are marked *