Shooter Swapnil wins bronze MedalShooter Swapnil wins bronze Medal
Shooter Swapnil wins bronze Medal: আধৰুৱা সপোন পূৰণ হ’ল স্বপ্নীলৰ, অলিম্পিক 2024ত ভাৰতীয় খেলুৱৈৰ তৃতীয়টো পদক

অলিম্পিকত আধৰুৱা সপোন পূৰণ হ’ল স্বপ্নীলৰ

পেৰিছ অলিম্পিকত ইজনৰ পাছত সিজন ভাৰতীয় শ্বুটাৰে দিছে ভাৰতবাসীক দিছে ভাল খবৰ । মনু-সৰব যুটিৰ পাচত আন এগৰাকী শ্বুটাৰে অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছে । শ্বুটাৰ স্বপ্নীল কুশালে পেৰিছ অলিম্পিকত ভাৰতক তৃতীয় পদক প্ৰদান কৰিলে। 

স্বপ্নীল কুশালে প্ৰথম অলিম্পিক খেলিবলৈ দীঘলীয়া 12 বছৰ অপেক্ষা কৰিব লগা হৈছিল। পদক জয় কৰাৰ পিছত, স্বপ্নীলে কয় যে, মই একো নোখোৱাকৈ শ্বুটিং ৰেঞ্জত উপনীত হৈছিল। মোৰ একমাত্ৰ লক্ষ্য আছিল পদক জয় কৰা।’

স্বপ্নীলে পুনৰ কয়,  ‘মই কেৱল  চাহ একাপ খাইছিল। বুকুৰ ধপ-ধপনি বাঢ়িছিল । মোৰ সপোন সপোন যেন লাগিছিল আৰু খালী পেটও গুৰগুৰণি কৰি আছিল।’

অলিম্পিকত আধৰুৱা সপোন পূৰণ হ’ল স্বপ্নীলৰ
অলিম্পিকত আধৰুৱা সপোন পূৰণ হ’ল স্বপ্নীলৰ

মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ ওচৰৰ কামবালৱাড়ী গাঁৱত জন্ম স্বপ্নীলৰ । পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক । 28 বছৰীয়া স্বপ্নীল কুশালে 2009 চনত শ্বুটিং কৰিয়াৰ হিচাপে  আৰম্ভ কৰিছিল । তেতিয়াৰ পৰা যেন পিছলৈ আৰু ঘুৰি চাবলগীয়া নহ’ল স্বপ্নীল ।

 2012 চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আত্মপ্ৰকাশ কৰিছিল স্বপ্নীলে। তেওঁ ৰিঅ’ অলিম্পিকৰ বাবে  দাবীদাৰ আছিল যদিও কিছু  নীতি-নিয়মৰ বাবে  2020ৰ টকিঅ’ অলিম্পিকৰ বাচনি লাভ কৰা নাছিল ।

কিন্তু  2022 চনৰ বিশ্ব চেম্পিয়নশ্বিপত 50 মিটাৰ ৰাইফল প্ৰতিযোগিতাত তৃতীয় স্থানত লাভ কৰি পেৰিছ অলিম্পিকৰ বাবে নিৰ্বাচিত হৈছিল ।

‘দীপালী মে’ম মোৰ মাতৃৰ দৰে’

অলিম্পিকত পদক জয়ৰ পাছতে কুশালে তেওঁৰ পিতৃ-মাতৃ আৰু ব্যক্তিগত প্ৰশিক্ষক দীপালী দেশপাণ্ডেক কৃতিত্ব দিয়ে । লগতে তেওঁ কয়, “মই এতিয়ালৈকে মাৰ সৈতে কথা পতা নাই । দীপালী মে’মৰ বিষয়ে মই কি ক’ব পাৰোঁ ? পদক জয় কৰি কুশালে তেওঁৰ আদৰ্শব্যক্তি মহেন্দ্ৰ সিং ধোনীৰ নাম উল্লেখ কৰে ।

‘ধোনী মন্ত্ৰই কামত দিলে অলিম্পিকত’

প্ৰতিজন ব্যক্তিৰে একো একোজন আদৰ্শ ব্যক্তি থাকে । শেহতীয়াকৈ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰা ভাৰতীয় শ্বুটাৰ স্বপ্নীলে কলে তেওঁৰ আদৰ্শ ব্যক্তিৰ কথা । সেই আদৰ্শ ব্যক্তিৰ মন্ত্ৰীৰ বাবে তেওঁ সফল হোৱা বুলি উল্লেখ কৰিলে কুশালে ।

স্বপ্নীলৰ আদৰ্শ ব্যক্তি হৈছে ভাৰতীয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনী । তেওঁ কেতিয়াও লগ পোৱা নাছিল ধোনীক। কিন্তু স্বপ্নীলৰ জীৱন ধোনী ধোনীময় । 

এটা সাধাৰণ পৰিয়ালৰ পৰা অহা স্বপ্নীল, বিশ্ববাসীৰ আগত এতিয়া চিনাকি নাম । স্বপ্নীল ধোনীৰ দৰে ভাৰতীয় ৰে’ল বিভাগত চাকৰি কৰে । ধোনীৰ দৰে টিকট সংগ্ৰাহও কৰে। মাত্ৰ এটাই পাৰ্থক্য আছে। ধোনীয়ে সেই চাকৰিটো এৰি ক্ৰিকেট খেলিবলৈ গৈছিল। স্বপ্নীলে এতিয়াও সেই চাকৰি এৰা নাই ।

স্বপ্নীলে এক সাক্ষাতকাৰত কয়, “মই শ্বুটিং কৰি আহিছো যদিও শ্বুটিংৰ কাকো অনুকৰণ নকৰো। মোৰ আদৰ্শ ব্যক্তি হৈছে ধোনী। মই তেওঁক কেতিয়াও লগ পোৱা নাই । কিন্তু মই তেওঁক অনুকৰণ কৰাৰে পৰা বহু কথা শিকিছিলো।’

‘ধোনী মন্ত্ৰই কামত দিলে অলিম্পিকত’-স্বপ্নীল
‘ধোনী মন্ত্ৰই কামত দিলে অলিম্পিকত’-স্বপ্নীল

‘যেনেকৈ তেওঁ খেলপথাৰত শান্ত আছিল, মইও শ্বুটিং ৰেঞ্জত নিজকে শান্ত ৰাখিবলৈ চেষ্টা কৰিছিলো। যাৰ বাবে লক্ষ্য প্ৰাপ্তি কৰাট সহজ কৰি তুলিছিল। তেওঁ এজন টিকট সংগ্ৰাহকও আছিল। মইও সেই কামটোকে কৰো। ‘- স্বপ্নীলে এই দৰে কয় ধোনীৰ বিষয়ে ।

স্বপ্নীলে 2015 চনৰ পৰা ভাৰতীয় ৰে’লৱেত টিকট সংগ্ৰাহক হিচাপে কাম কৰি আছে। চাকৰিৰ মাজতে, কুশালে শ্বুটিং অব্যাহত ৰাখিছিল। উল্লেখ্য যে, এজন ভাৰতীয় শ্বুটাৰে প্ৰথমবাৰৰ বাবে 50 মিটাৰ ৰাইফলত পদক লাভ কৰিছে । 

2007, 2011 চনত ধোনীৰ অধিনায়কত্বত ভাৰতে প্ৰথম T-20 বিশ্বকাপ, এদিনীয়া বিশ্বকাপ জয়লাভ কৰিছিল । আনহাতে স্বপ্নীলে অলিম্পিক পদক লাভেৰে ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *