Samaguri Constituency2024: চামগুৰিত হুছেইন পৰিয়ালৰ দপদপনি থাকিব নে ?
Samaguri Constituency2024: চামগুৰিত হুছেইন পৰিয়ালৰ দপদপনি থাকিব নে ? ইয়াকে লৈ চলি আছে চৰ্চা । কাৰণ পিতৃয়ে ১০ বছৰ, পুত্ৰই ২৩ বছৰ ৰাজত্ব কৰা চামগুৰি ২০২৪ত কাৰ হ’ব ? সেয়া বাৰম্বাৰ প্ৰশ্ন উত্থাপন হৈছে ।
চামগুৰিৰ ৰজা হুছেইন পৰিয়াল নেকি ?
চমগুৰি সমষ্টি মানে এক প্ৰকাৰ হুছেইন পৰিয়ালৰ ৰাজত্ব চলে । হুছেইন পৰিয়ালক চমগুৰিৰ পৰা এক প্ৰকাৰ বিদয় দিয়াটো সহজ নহয় বুলি কংগ্ৰেছ কৰ্মীয়ে ভাৱ । ৩৩ বছৰৰো অধিক কাল হুছেইন পৰিয়ালৰ সদস্যই ৰাজত্ব কৰিছে চামগুৰি সমষ্টি ।
এক প্ৰকাৰ উত্তৰাধিকাৰী সূত্ৰে চামগুৰিৰ পৰা হুছেইন পৰিয়ালৰ দপদপনি চলি আছে । কিন্তু উপ-নিৰ্বাচনত কি হ’ব হুছেইনন পৰিয়ালৰ ? পূৰ্বৰ দৰে গৰিমা নাই, পূৰ্বৰ দৰে ৰাইজৰ মাজত হুছেইন পৰিয়ালৰ সদস্য নাই বুলি কব বিচাৰে সমালোচকে।
দলতকৈ পৰিয়ালক বেছি গুৰুত্ব দিয়ে নেকি চামগুৰিবাসীয়ে ? কাৰণ একেটা পৰিয়ালৰ পিতা-পুত্ৰই দীঘলীয়া সময়ৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে চামগুৰিৰ পৰা । সেই পৰিয়ালটোৱে হৈছে হুছেইন পৰিয়াল ।
যদিহে ৮০ দশকৰ প্ৰথম ভাগলৈ চোৱা যায় তেতিয়া হ’লে সংক্ৰিয়ভাবে ৰাজনীতিত প্ৰৱেশ কৰিছিল হুছেইন পৰিয়ালৰ অন্যতম নেতা নুৰুল হুছেইন । তেতিয়া অসমত অন্দোলন, ধৰ্ণা, হিংসাত্মক পৰিস্থিতৰ মাজেৰে অনুষ্ঠিত নিৰ্বাচনত নুৰুল হুছেইনক কংগ্ৰেছে প্ৰক্ষেপ কৰিছিল প্ৰাৰ্থী ।
১৯৮১ চনৰ নিৰ্বাচত চামগুৰি সমষ্টিৰ পৰা বিপুল ভোটত জয়লাভ কৰি ৰাজ্যত হিতেশ্বৰ শইকীয়াৰ চৰকাৰ গঠনত অগ্ৰণী ভূমিকা লৈছিল নুৰুল হুছেইনে ।
সেয়াই আছিল হুছেইন পৰিয়ালৰ সক্ৰিয়ভাৱে ৰাজনীতিত প্ৰৱেশ কৰাৰ কাহিনী । ১৯৮৫ চনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও দ্বিতীয়বাৰ ১৯৯১ চনৰ নিৰ্বাচন পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নুৰুল হুছেইন ।
পিতৃৰ উত্থান-পতন দেখাৰ পাছতো পিতৃৰ হাতত হাত ধৰিয়ে ৰাজনীতিত প্ৰৱেশ কৰিছিল নুৰুল হুছেইনৰ পুত্ৰ ৰকিবুল হুছেইন । ১৯৯৬ত পিতৃৰ পৰাজয়ৰ পাছত ৰকিবুল হুছেইনে ২০০১চনত চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰে ।
তেতিয়াৰ পৰা ওভতি চাবলীয়া হোৱা নাই ৰকিবুল হুছেইনে । ধাৰাবাহিক ভাবে ২০০১ চনৰ পৰা ২০২১ চনলৈকে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছিল । ৰকিবুল হুছেইনৰ কাৰ্যকাল হিচাপত ২৩ বছৰ আৰু ৫ বাৰ নিৰ্বাচিত হৈছে।
কিন্তু ২০২৪ৰ সংসদীয় নিৰ্বাচনত ধুবুৰী সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে চামগুৰি বিধানসভা সমষ্টি খালী হৈ পৰিছিল । খালী হৈ থকা চামগুৰি সমষ্টি কাৰ দখললৈ যাব ? এইবাৰ পুনৰ পিতৃৰ হাতত হাত ধৰি ৰাজনীতিত প্ৰৱেশ কৰা ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক কংগ্ৰেছে দিছে প্ৰাৰ্থীত্ব ।
পূৰ্বৰ চামগুৰি আৰু বৰ্তমানৰ চামগুৰি সম্পূৰ্ণ পৃথক । সেয়া লাগিলে ভোটাৰৰ সংখ্যা, হুছেইন পৰিয়ালৰ প্ৰতি ভোটাৰৰ মানসিক স্থিতি মুঠতে সকলো সলনি হৈছে । কেইবাৰৰ মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইনে পুত্ৰৰ হাতত তুলি দিব পাৰিব নে চামগুৰি সমষ্টি ?
ৰাজনৈতিক ভাবে সিদ্ধ ৰকিবুল হুছেইনে পুত্ৰৰ বাবে ভোটাৰৰ কাষত কি কি ইচ্ছ্যু লৈ যাব । যি সময়ত বিজেপিয়ে আগ্ৰহী ৰূপত চামগুৰিত প্ৰচাৰ চলাইছে, শক্তি প্ৰয়োগ কৰিছে তেনেস্থলত চামগুৰি সমষ্টিত হুছেইন পৰিয়ালৰ পৰা যাব নেকি ?
সকলো সম্ভৱ । ১৯৮১ চনত প্ৰথমবাৰৰ বাবে নুৰুল হুছেইনে চামগুৰি সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা পাছত ১৯৮৫ত মুখঠেকেচা খাবলগীয়া হৈছিল । পুনৰ ১৯৯১ চনত পুনৰ চামগুৰিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল নুৰুল হুছেইন ।
তেতিয়া চামগুৰিত বহুকেইটা উন্নয়নমূলক কামৰ বাবে ৰাইজে কিছু পৰিমাণে আদৰি লৈছিল । পিতৃৰ জড়িয়তে ৰাজনীতিত প্ৰৱেশ কৰা ৰকিবুল হুছেইনক কেৱল নুৰুল হুছেইনৰ বাবেহে সমষ্টিবাসীৰ মাজত জনাজাত আছিল বুলি সমালোচকে কব বিচাৰে ।
তৰুণ গগৈৰ চৰকাৰৰ দিনত মন্ত্ৰীত্বৰ গাদীত বহা ৰকিবুল হুছেইনক কিন্তু সমষ্টিবাসীয়ে কামৰ বাবে পৰিচিত নহয় বুলি বিজেপিয়ে অভিযোগ কৰে ।
বহু উন্নয়নমূলক কামৰ কৰাৰ সুবিধা থকাৰ পাছতো সেই সুযোগৰ সদ ব্যৱহাৰ নকৰি সূতা-কম্বল, ভয় ভাবুকিৰে বাৰে বাৰে নিৰ্বাচিত হৈ আহিছে বুলি বিজেপিয়ে সমালোচনা কৰে । তেনে স্থলত ৰকিবুল হুছেইনে পুত্ৰৰ হাতত কি দৰে চামগুৰি সমষ্টি তুলি দিব সেয়াহে লক্ষণীয় হৈ পৰিছে ।
২০২১ত চামগুৰিত সৰ্বমুঠ ভোটাৰ আছিল ১,৬৫,০৪৫ । ২০২১ৰ নিৰ্বাচনত ৰকিবুল হুছেইনে ২৬ হাজাৰ ভোটত জয়লাভ কৰিছিল ।
সময় আৰু পৰিস্থিত সলনি হ’ল । কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ । ৰাজ্যত উত্তৰ-পূৱৰ ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীত বহি আছে । তেনে স্থলত ৫ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনক লৈ কেইবাটাও মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্যত এক প্ৰকাৰ স্পষ্ট যে, চামগুৰি সমষ্টি বিজেপি জিকাটো সহজ নহব । সেয়ে ৪ সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলি দাবী কৰি আহিছে ।
এতিয়া প্ৰশ্ন হয় তিনি পুৰুষে চামগুৰিত ৰাজত্ব কৰিব পাৰিব নে ? যদিহে তাঞ্জিল হুছেইনে জয়লাভ কৰে তেতিয়া হ’লে হুছেইন পৰিয়ালৰ তিনি পুৰুষে চামগুৰি সমষ্টিত অপ্ৰতিৰোধ্য হৈ থাকিব । পিছে ১৩ নৱেম্বৰত ৰাইজে