Paris Olympics 2024ত ইতিহাস ৰচিলে শ্বুটাৰ মনু ভাকেৰে । মানু-সৰবজোতে ভাৰতৰ হৈ আনিলে দ্বিতীয়টো পদক ।
পেৰিছ অলিম্পিকত ইতিহাস ৰচিলে শ্বুটাৰ মনু ভাকেৰে । ভাৰতীয় শ্বুটাৰ মনু ভাকাৰ আৰু সৰবজোত সিঙে মঙলবাৰে অলিম্পিকত ১০ মিটাৰ এয়াৰ পিষ্টল মিক্সড শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰিলে ।
ইয়াৰ লগে লগে মনু ভাকেৰে অলিম্পিকৰ এটা সংস্কৰণত দুটা পদক জয় কৰা স্বাধীন ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় । দেওবাৰে, মনু ভাকেৰে শ্বুটিংত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল ।
উল্লেখ্য যে, চেটৌৰৌক্সৰ নেচনেল শ্বুটিং চেণ্টাৰত অনুষ্ঠিত প্ৰতিযোগিতা খনত মনু ভাকেৰ আৰু সৰবজোত সিঙে কোৰিয়াৰ ওহ য়ে জিন আৰু ৱানহো লীক ১৬-১০ ব্যৱধানত পৰাস্ত কৰে। ইফালে ওহ য়ে জিনে দেওবাৰে মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল ইভেণ্টত সোণৰ পদক লাভ কৰিছিল ।
ব্ৰঞ্জৰ পদকৰ বাবে অনুষ্ঠিত প্ৰতিযোগিতাখনত শক্তিশালীভাৱে আৰম্ভ কৰিছিল মনু ভাকেৰে । আৰম্ভণি ভাকেৰে এটা শ্বটত 10.2 শ্বুটিং কৰিছিল। আনহাতে, সৰবজোত সিঙে 8.6 পইন্ট লাভ কৰিছিল । কিন্তু পৰৱৰ্তী ৰাউণ্ডত সিঙে 10.5, 10.4 আৰু 10 পইন্ট লাভ কৰে আৰু 6 পইন্টত আগবাঢ়ি যায় ভাৰতীয় দলটো ।
মনু ভাকাৰে প্ৰথম সাতটা শ্বটত প্ৰায় 10 পইন্টক লাভ কৰিছিল । অৱশ্যে, দক্ষিণ কোৰিয়াৰ ওহ য়ে জিনেও সমানে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । কিন্তু সৰবজোত সিঙৰ সঠিক নিচানত 8-2 ৰ পইন্টত পিছ পৰি থকা মেচখন 14-10 অগ্ৰগতি লাভ কৰে ভাৰতে ।
অলিম্পিক চেম্পিয়ন ওহ য়ে জিনে তাইৰ অন্তিম শ্বটটোত 9 মাৰিছিল আৰু তাইৰ সংগীয়ে 9.5 মাৰিবলৈ সক্ষম হৈছিল। মনু ভাকেৰে 9.4 মাৰিছিল কিন্তু সৰবজোত সিঙৰ 10.2 পইন্টেৰে ভাৰতৰ বাবে পদকনিশ্চিত কৰে ।
পদক লাভৰ পাচতে মননু ভাকেৰে কয়, “প্ৰথম পদকটো সঁচাকৈয়ে ভাল আছিল আৰু দ্বিতীয়খনৰ যুঁজখন সঁচাকৈয়ে কঠিন আছিল” ।
আনহাতে সিঙে কয়, ” প্ৰতিটো শ্বট মোৰ বাবে এটা এটা সন্মানৰ প্ৰশ্ন আছিল । শ্বটৰ সময়ত শিঁহৰিত হৈ উঠিছিল, কিন্তু লক্ষ্য ভ্ৰষ্ট হ’বলৈ দিয়া নাছিলো । সেয়ে মোৰ প্ৰথমটো ব্ৰঞ্জৰ পদক। শেষত মৰা শ্বটটো আছিল মোৰ বাবে এটা সপোন ।’
ভাৰতীয় শ্বুটাৰসকলে তেওঁলোকৰ 26 টা শ্বটৰ ভিতৰত 19 টা কমেও 10 টা মাৰিছিল য’ত দক্ষিণ কোৰিয়াৰ খেলুৱৈয়ে 12 টা শ্বট নিম্নতম 10 পইন্টৰো কম মাৰিছিল।
তুৰ্কীয়েৰ চেভভাল ইলায়েদা তাৰহান-ইউছুফ ডিকেক আৰু ছাৰ্বিয়াৰ জোৰানা অৰু নোভিক-দামিৰ মাইকেকৰক পৰাস্ত কৰি মনু ভাকেৰ আৰু সৰবজোত সিঙে কোৱালিফাইং ৰাউণ্ডত তৃতীয় স্থান লাভ কৰি ব্ৰঞ্জৰ পদকৰ মেচৰ বাবে যোগ্যা অৰ্জন কৰিছিল ।
ছাৰ্বিয়াই তুৰ্কিৰ বিৰুদ্ধে 16-14 পইন্টত জয়লাভ কৰি সোণৰ পদক অৰ্জন কৰে। 17 জনীয়া প্ৰতিযোগিতাখনৰ শীৰ্ষ দুটা দলে সোণৰ পদকৰ খেলৰ বাবে যোগ্যতা অৰ্জন কৰে আনহাতে তৃতীয় আৰু চতুৰ্থ স্থানত থকা দলটোৱে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল ।
অলিম্পিকত বৰ্তমানলৈকে শ্বুটিংত ভাৰতৰ ছয়টা পদক লাভ
বৰ্তমানলৈকে অলিম্পিকত শ্বুটিংত ভাৰতৰ ছয়টা পদক লাভ কৰিছে । ইয়াৰে পেৰিছ অলিম্পিক 2024ত দুটা পদক লাভ কৰিছে ।
পূৰ্বে অলিম্পিকৰ এটা সংস্কৰণত শ্বুটিংত ভাৰতীয় শ্বুটাৰে দুটা পদক লাভ কৰিছিল 2012 চনত অনুষ্ঠিত লণ্ডন অলিম্পিকত। গগন নাৰাঙে (পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফল) আৰু বিজয় কুমাৰে (পুৰুষৰ 25 মিটাৰ ৰেপিড ফায়াৰ পিষ্টল) ক্ৰমে ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিছিল ।
উল্লেখ্য যে, ৰাজ্যবৰ্ধন সিং ৰাথৌৰে পুৰুষৰ শাখাত 2004 চনত অনুষ্ঠিত এথেন্স অলিম্পিকত ৰূপৰ পদকেৰে শ্বুটিংত ভাৰতৰ প্ৰথম অলিম্পিক পদক জিকিছিল। অভিনৱ বিন্দ্ৰাই 2008 চনত বেইজিংত পুৰুষৰ 10 মিটাৰ এয়াৰ ৰাইফলত শ্বুটিংত ভাৰতৰ একমাত্ৰ সোণৰ পদক লাভ কৰিছিল ।
শুক্ৰবাৰে হ’বলগীয়া মহিলাৰ 25 মিটাৰ পিষ্টল ইভেণ্টতো মনু ভাকেৰ প্ৰতিদ্বন্দিতা কৰিব। একাধিক ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰা 21 জনীয়া ভাৰতীয় শ্বুটিং দলৰ ভাকেৰ একমাত্ৰ খেলুৱৈ।
দুৰ্ঘটনাৰ বাবে পিষ্টল তুলি লোৱা মনু দেশবাসীৰ বাবে নয়নৰ মণি
মনুৱে বক্সিং, টেনিছ, স্কেটিং, ভলীবল, মাৰ্শাল আৰ্টৰ দৰে ক্ৰীড়াৰ সৈতে জড়িত আছিল। মনুৱে ৰাষ্ট্ৰীয় ক্ৰীড়াত বক্সিং, টেনিছ আৰু স্কেটিংতো পদক লাভ কৰিছে। তেন্তে তেওঁ কিয় শেষত শ্বুটিং বাছনি কৰিছিল?
এদিন স্কুলত ভলীবল খেলি থাকোতে মনুৱে চকুত আঘাত পাইছিল। যদিও তেওঁ কম বয়সৰ পৰাই বিভিন্ন ক্ৰীড়াত পাৰদৰ্শিতা দেখুৱাইছিল । তথাপিও তাই এনে ক্ৰীড়া বাছনি কৰিবলৈ বাধ্য হৈছিল য’ত কোনো শাৰীৰিক আঘাত নহয় ।
গতিকে বক্সিং, টেনিছ, স্কেটিং, ভলীবল এৰি মনুৱে শ্বুটিং বাছনি কৰিছিল। পিষ্টলৰ যাদু দেখুওৱাই শ্বুটিংৰ প্ৰতিযোগিতাসমূহত উন্নত প্ৰদৰ্শন আগবঢ়াইছিল। মনুৱে মাত্ৰ আঠ বছৰৰ শ্বুটিংৰ কৰিয়ে ভাৰতৰ বাবে অলিম্পিকত পদক অনাৰ লগতে নয়নৰ মণি হৈ পৰিছে ।
যদিও টকিঅ’ অলিম্পিকত প্ৰতিযোগিতাৰসময়তে মনুৰ হাতৰ পৰা বন্দুক অ-বাঞ্চিত কাৰণত সৰি পৰিছিল । কিন্তু একাগ্ৰতা, ধৈৰ্য্যৰ বাবে আজি নয়নৰ মণি হৈ পৰিছে মনু ।
মনু ভাকেৰৰ জন্ম আৰু কেৰিয়াৰ সম্পৰ্কীয় কিছু
মনু ভাকেৰ জন্ম হৈছিল 2002 চনত হাৰিয়ানাৰ ঝাজ্জৰত নামে চহৰত। তাইৰ দেউতাক ৰামকিষাণ ভাকেৰ আছিল মাৰ্চেণ্ট নেভিৰ এজন অভিযন্তা । মাক সুমেধা এখন বিদ্যালয়ৰ অধ্যক্ষ।
মাকে শিক্ষকতা কৰা বিদ্যালয়তে মনুৱে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে । মনুক 2016 চনত প্ৰথমবাৰৰ বাবে বন্দুক হাতত তুলি লৈছিল। তেতিয়াৰ পৰা থমকি ৰ’ব লগা হোৱা নাছিল ।
14 বছৰ বয়সতে মনুৱে ঘৰৰ পৰা 25 কিলোমিটাৰ দূৰত থকা এটা শ্বুটিং ৰেঞ্জত অনুশীলন কৰিছিল। তেওঁ প্ৰতিদিনে পাঁচ ঘণ্টা অনুশীলন কৰিছিল।
মনুৰ সন্দৰ্ভত প্ৰশিক্ষকে কয়, ‘তাই গোটেই দিনটো অনুশীলন কৰিব পাৰে। একে সময়তে লক্ষ্যত মনোনিৱেশও কৰিব পাৰে। শীতল মস্তিষ্কৰে আকাংক্ষিত ফলাফলৰ বাবে যুঁজ দিয়ে।’
‘পূৰ্বতকৈ কেনেকৈ উন্নত কৰিব পাৰি তাৰে চেষ্টা কৰি থাকে মনুৱে। মনুয়ে যোগ কৰি ভাল পায়। তাই আৰু দুটা অলিম্পিক খেলিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলস্বৰূপে, ভাৰতে অধিক পদক আশা কৰিব পাৰো।’ এই মন্তব্য মনুৰ প্ৰশিক্ষকে
ফুটবল এৰি ৰাতিটোৰ ভিতৰতে শ্বুটিংলৈ যোৱা সৰবজোতৰ সপোন পূৰণ পেৰিছত
পুৰুষৰ একক শাখাত যেতিয়া ফাইনেলত পদক নাপালে তেতিয়া সিঙে কৈছিল যে, তেওঁৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আবঢ়াইছিলো । মঙলবাৰে পঞ্জাৱৰ শ্বুটাৰ গৰাকীয়ে পুনৰ প্ৰমাণ কৰি দিলে সফলতা কাক কয় । সৰবজোত-মনু যুটিয়ে 10 মিটাৰ এয়াৰ পিষ্টল মিশ্ৰিত ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰে।
মঙলবাৰে সৰবজিতে প্ৰথম ৰাউণ্ডত মাত্ৰ 8.6 পইন্ট লাভ কৰিছিল । যাৰ বাবে ভাৰত আৰম্ভণিতে পিছ পৰি গৈছিল। বহুতে ভাবিছিল যে মনুৰ প্ৰচেষ্টা ব্যৰ্থ হ’ব বুলি । কিন্তু 13 টা শ্বটত তেওঁ মাত্ৰ পাঁচবাৰ 10 পইন্ট কমকৈ লাভ কৰিছিল।
মঙলবাৰে সৰবজিতে প্ৰথম ৰাউণ্ডত মাত্ৰ 8.6 পইন্ট লাভ কৰিছিল । যাৰ বাবে ভাৰত আৰম্ভণিতে পিছ পৰি গৈছিল। বহুতে ভাবিছিল যে মনুৰ প্ৰচেষ্টা ব্যৰ্থ হ’ব বুলি । কিন্তু 13 টা শ্বটত তেওঁ মাত্ৰ পাঁচবাৰ 10 পইন্টৰ লাভ কৰিছে।
সৰুতে, চাৰ্বজোতৰ শ্বুটাৰ হোৱাৰ কোনো আশা কৰা নাছিল। আম্বালাৰ ভাগীৰথ পাব্লিক স্কুলত পঢ়ি থাকোঁতে তেওঁৰ মাত্ৰ এটা আবেগ আছিল – ফুটবলৰ প্ৰতি। তেওঁ সৰুৰে পৰা এজন পেছাদাৰী ফুটবলাৰ হোৱাৰ সপোন দেখিছিল।
‘এদিন মোৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ’ল। এদিন স্কুলত পঢ়ি থাকোতে তেওঁ নিম্ন শ্ৰেণীৰ কিছু ল’ৰাক এয়াৰ গানৰ অনুশীলন কৰা দেখিছিলো । মই সেই খেল চাই ভাল পাইছিলো। সেয়ে মই দেউতাকক কৈছিলো মই এজন শ্বুটাৰ হ’ব বিচাৰো। ’ এই মন্তব্য শ্বুটাৰ সৰবজোতিৰ ।
সৰবজোতিৰ দেউতাক জীতেন্দ্ৰ সিং এজন কৃষক। টকাৰ অভাব আছিল তেওলোকৰ পৰিয়ালত । কিন্তু ব্যয়বহুল শ্বুটিঙৰ ব্যয়ৰ বিষয়ে জানিছিল দেউতাকে । পুত্ৰক বুজোৱাৰ চেষ্টা কৰিছিল । কিন্তু পিতৃৰ বুজনি শুনা নাছিল সৰবজোতে ।
2019 চনত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকাৰ সময়ত চাৰবজোতে প্ৰথমবাৰৰ বাবে শিৰোনাম দখল কৰিছিল। 2023 বছৰৰ মাৰ্চমাহত, তেওঁ প্ৰথমবাৰৰ বাবে শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰিছিল।
মে’ মাহত, তেওঁ দিব্যা চুব্বাৰাজুৰ সৈতে মিশ্ৰিত প্ৰতিযোগিতাত সোণৰ পদক জিকিছিল। এছিয়ান গেমছত দলীয় শাখাত স্বৰ্ণ আৰু মিশ্ৰিত প্ৰতিযোগিতাত ৰূপৰ পদক লাব কৰিছিল সৰবজোতে । তেওঁ 2023 চনৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ জয় কৰাৰ পিছতে এ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
মে’ মাহত, তেওঁ দিব্যা চুব্বাৰাজুৰ সৈতে মিশ্ৰিত প্ৰতিযোগিতাত সোণৰ পদক জিকিছিল। এছিয়ান গেমছত দলীয় শাখাত স্বৰ্ণ আৰু মিশ্ৰিত প্ৰতিযোগিতাত ৰূপৰ পদক লাব কৰিছিল সৰবজোতে । তেওঁ 2023 চনৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জ জয় কৰাৰ পিছতে এ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছিল।
সৰবজোতেৰ সফলতাৰ আঁৰত আছে এক বিশেষ প্ৰকাৰৰ ধ্যান । যি হৈছে ভাৰতীয় যোগ দৰ্শনৰ দ্বাৰা পৰিচালিত ‘ট্ৰাটাক’। ধ্যানৰ সময়ত, সৰবজোতে চকুৰ পোনৰ উচ্চতাত ৰখা মমবাতি জ্বলি থকা প্ৰায় তিনি মিনিটৰ চাই আছিল।
তেতিয়াই সফলতা হম বুলি ভাবিছিল । পেৰিছলৈ ৰাওনা হোৱাৰ আগতে এক সাক্ষাৎকাৰত তেওঁ কৈছিল, “এই অনুশীলনে মোক মোৰ মনোযোগ আৰু দৃষ্টি শক্তি সঠিক ৰখাত যথেষ্ট সহায় কৰিছে। যোগ আৰু ধ্যান মোৰ অন্যতম শক্তি। ”
হকীত ভাৰতে আয়াৰলেণ্ডক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
আজিৰ মেচখনত হৰমনপ্ৰীত বাহিনীয়ে আইৰিছসকলৰ বিৰুদ্ধে আৰম্ভণিৰ পৰাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰিছিল । অধিনায়ক হৰমনপ্ৰীতে 11 মিনিটত পেনাল্টি ষ্ট্ৰোকৰ সহায়ত প্ৰথমটো গ’ল কৰি ভাৰতক 1-0 গ’লৰ আগ্ৰগতি দিয়ে ।
19 মিনিটত পুনৰ পেনাল্টি কৰ্ণাৰ স্ক’ৰ কৰি 2-0ৰ ব্যৱধানত ভাৰত আগবাঢ়ে । ইফালে ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে সহজে জয়লাভ কৰিব বুলি আশা কৰিছিল ।
আয়াৰলেণ্ডক পৰাস্ত কৰাৰ পিছত, ভাৰতীয় দলৰ অধিনায়কে কয় যে, কিছু আমাৰ ভুল আছিল । আমি অধিক উন্নত খেলৰ বাবে চেষ্টা কৰি আছো । ভুলবোৰ হ্ৰাস কৰিব লাগিব। আমাৰ আগত অধিক কঠিন খেল আছে। কিন্তু আমি আত্মবিশ্বাসী। 1 আগষ্টত ভাৰতৰ পৰৱৰ্তী প্ৰতিদ্বন্দী হ’ব যোৱা বছৰৰ স্বৰ্ণ পদক বিজয়ী বেলজিয়াম।