New Year2025: নৱবৰ্ষৰ পাৰ্টী কৰাৰ আগতে কেইটামান নিয়ম মানিব লাগিব
New Year2025: নৱবৰ্ষৰ পাৰ্টী কৰাৰ আগতে কেইটামান নিয়ম মানিব লাগিব আপুনিও । অন্যথা পৰিব পাৰে আপুনিও বিপদত । পাৰ্টী কৰাৰ আগতে জানি লওঁক এইকেইটা নিয়ম। নহ’লে আপোনাৰ বিপদ ঘটাতো নিশ্চিত!
সুৰাপায়ী চালকসকল সাৱধান। সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ইতিমধ্যে বঙাইগাঁৱত সুৰাপায়ীৰ বিৰুদ্ধে অভিযান চলাই আটক কৰিছে সুৰাপায়ীক। লগতে বাতিল কৰিছে অনুজ্ঞাপত্ৰও।
জিলাই জিলাই অব্যাহত আছে আৰক্ষীৰ সুৰাপায়ী বিৰোধী অভিযান। ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীৰ বিভিন্ন প্ৰান্ততো সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষী আৰু যান-বাহন আৰক্ষীৰ অভিযান। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পিছতে সুৰাপায়ী চালকৰ বিৰুদ্ধে তৎপৰ পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষী।
পদুলিমুখত ২০২৫। মাজত মাঁথো বাকী দুটা দিন। দুদিনৰ পাছতে সকলোয়ে বদলি কৰিব দেৱালত উলমি থকা ইংৰাজী কেলেণ্ডাৰখন। পুৰণিক বিদায় দি নতুনক আঁকোৱালি ল’বলৈ এতিয়া সকলো সাজু হৈছে।
এই আনন্দৰ বতৰত যাতে কাৰো জীৱনলৈ অমানিশা নামি নাহে, কোনোধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে তীক্ষ্ণ নজৰ ৰাখিছে পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষীয়ে। ৰাজ্যত প্ৰতিটো প্ৰান্তত জিলাই জিলাই নিশা অভিযান চলাইছে পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষীয়ে।
দৈনিক শ শ সুৰাপায়ী চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে বিহিছে জৰিমনা। নৱবৰ্ষৰ প্ৰাক ক্ষণত অৰ্থাত ৩১ ডিচেম্বৰৰ দিনা আপুনি যদি বন্ধু-বৰ্গ বা আত্নীয়-স্বজনৰ সৈতে দেৰিলৈকে পাৰ্টী কৰি ঘৰলৈ উভতিম বুলি ভাবিছে তেন্তে সাৱধান।
কিয়নো ভুল কৰিলেই আপুনিও পৰিবহণ বিভাগ তথা যান-বাহন আৰক্ষীৰ ৰোষত পৰিব পাৰে। পথ সুৰক্ষাৰ নীতি-নিয়ম অবজ্ঞা কৰিলেই ভৰিব লাগিব জৰিমনা। লগতে বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেঞ্চ।
আনহাতে সম্ভাৱ্য দুৰ্ঘটনা ৰোধৰ বাবে গুৱাহাটীৰ ডাম্পাৰ মালিক সন্থাই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰী তাৰিখে গুৱাহাটী মহানগৰীত নচলে ডাম্পাৰ।
পূৰ্বতকৈ কিছু পৰিমাণে ৰাজ্যত দুৰ্ঘটনা হ্ৰাস পাইছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য হৈছে অসমত দুৰ্ঘটনা শূণ্য কৰা। মুখ্যমন্ত্ৰীয়ে পৰিবহণ বিভাগক দিছে বিশেষ নিৰ্দেশনা। হাজাৰ হাজাৰ বাহনৰ চালকক বিহিছে জৰিমনা, লগতে বাতিল কৰিছে শ শ ড্ৰাইভিং লাইচেঞ্চ।
এনে আনন্দৰ সময়ত যাতে কাৰো জীৱনলৈ নাহক দুখৰ বতৰা। সুস্থ আৰু দায়বদ্ধতাৰে আদৰক ২০২৫ বৰ্ষ। তাৰোপৰি অসম আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে লৈছে বিশেষ ব্যৱস্থা।
৩১ ডিচেম্বৰৰ নিশা অসম আৰক্ষীৰ DJ Lockup Nightৰ ব্যৱস্থা। এই ব্যৱস্থাত থাকিব DJ Lockup, DJ Breathalyzer, MC Seatbelt & DJ No-Drunk-Drive, DJ Sober Rider feat. The Safe Squad ইত্যাদি।