Maya Gogoi Murder: মায়াই মায়া এৰিলে সংসাৰৰMaya Gogoi Murder: মায়াই মায়া এৰিলে সংসাৰৰ

Maya Gogoi Murder: মায়াই মায়া এৰিলে সংসাৰৰ

মায়াই মায়া এৰিলে সংসাৰৰ, কেৱল প্ৰেমৰ বাবে । বেংগালুৰুত প্ৰেমিকৰ জিঘাংসাৰ বালি অসমৰ যুৱতী মায়া গগৈ । নিৰ্মমভাৱে হত্যা কৰা হৈছিল অসমৰ যুৱতীকগৰাকীক। অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক । হত্যাৰ বলি হোৱা মায়া গগৈ আচলতে কোন ?

দেশত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা । প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনীয়েক মায়া গগৈক কৰা হ’ল হত্যা। বাংগালুৰুত হত্যা কৰা হল মায়া গগৈক। 

প্ৰেমিকে হানি-খুচি হত্যা কৰিছিল মায়াক। বেংগালুৰুৰ এটা ছাৰ্ভিচ এপাৰ্টমেণ্টত উদ্ধাৰ কৰা হৈছিল মায়াৰ মৃতদেহ। বেংগালুৰুৰ ইণ্ডিৰা নগৰৰ ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল।

বেংগালুৰুৰ ইণ্ডিৰা নগৰৰ ৰয়েল লিভিংছ নামৰ এপাৰ্টমেণ্টত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল। উল্লেখ্য যে, ২৩ নৱেম্বৰ অৰ্থাৎ শণিবাৰে দিনৰ প্ৰায় ১২.৩০ মান বজাত মায়া গগৈ আৰু মায়াৰ প্ৰেমিক আৰৱ হৰ্ণী এপাৰ্টমেণ্টটোত প্ৰৱেশ কৰিছিল আৰু তাৰ দুদিনৰ পূৰ্বে আৰৱে অকলে আহি ছাৰ্ভিছ এপাৰ্টমেণ্টটোত বুক কৰিছিল এটা কোঠালি।

তাৰ পিছতে সোমবাৰে বিয়লি কোঠাটোত উদ্ধাৰ কৰা হৈছিল মায়াৰ ক্ষত-বিক্ষত মৃতদেহ। হত্যাকাৰী প্ৰেমিক প্ৰেমিক আৰৱ হৰ্ণীৰ ঘৰ হৈছে কেৰেলাৰ কুন্নুৰত।

উল্লেখ্য যে, হত্যাৰ পাছত ২৪ ঘণ্টা জুৰি মায়াৰ মৃতদেহৰ সৈতে কটাইছিল আৰৱে। হত্যাকাৰী আৰৱে মায়াৰ বুকুৰ লগতে শৰীৰৰ বিভিন্ন অংশত ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ ফলত মৃত্যু হৈছিল ১৯ বছৰীয়া যুৱতী মায়াৰ।

হত্যাকাণ্ড সংঘটিত কৰাৰ পাছতে এপাৰ্টমেণ্টটোৰ পৰা হত্যাকাৰী আৰৱে পলায়ন কৰে। পাছত কোঠালিটোৰ পৰা দুৰ্গন্ধ ওলোৱাত এপাৰ্টমেণ্টৰ কৰ্তৃপক্ষই আৰক্ষীক খবৰ দিয়াৰ পাছতে পোহৰলৈ আহে সম্পূৰ্ণ তথ্য।

কিন্তু ঘটনাৰ বেছি দিন নহওঁতেই মায়া গগৈৰ মৃত্যুৱে লৈছিল নতুন মূৰ। দিন বাগৰাৰ লগে লগে সমগ্ৰ ঘটনা সোমাই পৰে ৰহস্যৰ আৱৰ্তত।

বেংগালুৰুত প্ৰেমিক আৰৱে নৃশংসভাৱে হত্যা কৰা মায়াক দেখাত একে হোৱাৰ বাবেই ডিব্ৰুগড়ৰ আন এগৰাকী যুৱতী মায়া গগৈক সেই মৃত মায়া বুলি ভাবি সামাজিক মাধ্যমত বিভ্ৰান্তিৰ সৃষ্টি কৰে একাংশই।

চেহেৰা আৰু নামৰ মিল থকা হেতুকে সামাজিক মাধ্যমত জীৱিত মায়াক মৃত সজাইছিল একাংশ লোকে। কিন্তু ঘটনাৰ তদন্ত সম্পূৰ্ণ নহওঁতেই ঘটনাই লৈছিল আন এটা ৰূপ। যি ঘটনাই এতিয়া সকলোৰে চকু কঁপালত তুলিছিল ।

Maya Gogoi Murder
Maya Gogoi Murder

 সামাজিক মাধ্যমত ডিব্ৰগড়ৰ যুৱতী মায়াই ‘মই সেইগৰাকী মায়া নহয়’ বুলি প্ৰকাশ কৰিছিল সত্যতা। তাৰ পাছতে সংবাদ মাধ্যমৰ আগত স্পষ্টীকৰণ প্ৰকাশ কৰে মায়া গগৈয়ে।

উল্লেখ্য যে, মৃত্যুৰ পাছত বায়েকৰ তত্বাৱধানত আছিল মায়া আৰু মায়াৰ বায়েক। বহু বছৰ ধৰি বেংগালুৰুত একেলগে আছিল দুয়ো বায়েক আৰু ভনীয়েক।

সন্দিকৈ মহাবিদ্যালয়ৰ পৰা ৫টাকৈ বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিল মায়া। তাৰোপৰি এগৰাকী জনপ্ৰিয় ব্লগাৰ আছিল মায়া। শুকুৰবাৰে সম্পন্ন হয় মায়া গগৈৰ অন্তেষ্টিক্ৰিয়া।

লগতে সন্ধান পোৱা গ’ল মায়াৰ হত্যাকাৰীৰ। শুকুৰবাৰৰ দিনটোতেই মায়াৰ হত্যাকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ইন্দিৰা নগৰ আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *