LGBTQ+ Queer Pride in Guwahati 2024
LGBTQ+ Queer Pride in Guwahati 2024: প্ৰতি বছৰৰ দৰে দেওবাৰে LGBTQ+ য়ে গুৱাহাটীত কুইয়াৰ প্ৰাইড ৰেলী বাহিৰ কৰে । LGBTQ+ সকলৰ বিভিন্ন বিষয়ত সজাগ, অধিকাৰৰ সম্পৰ্কীয় সজাগ আৰু সচেতনতাৰ সৃষ্টিৰ উদ্দেশ্যে প্ৰতিবছৰে এই ৰেলী বাহিৰ কৰে ।
উল্লেখ্য যে, বিশ্বৰ বৰ্তমান বিভিন্ন স্থানত ভিন্ন সমস্যাৰ সন্মুখীন হৈছে LGBTQ+সকল । বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই LGBTQ+ লৈ বিভিন্ন পদক্ষেপও গ্ৰহণ কৰিছে । কিন্তু সেয়াই যেন যথোপযুক্ত নহয় LGBTQ+ সকলৰ বাবে ।
ভাৰতৰ লগতে অসমতো এই সমস্যাই উদ্বেগজনক বিষয় হৈ আছে । আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনত LGBTQ+ সকলক লৈ সমাজৰ ধাৰণাই কিছু ঋণাত্মক প্ৰভাৱ পেলাইছে ।
সেয়ে বিভিন্ন সময়ত ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে তেওলোকে । তথাপিও আজিৰ সমাজত LGBTQ+ক লৈ কিছু হলেও সজাগ সচেতন হৈছে । তেওলোকৰ অধিকাৰ সম্পৰ্কে জ্ঞাত হৈছে সমাজৰ একাংশ লোকে ।
প্ৰতিবছৰৰ দৰে এইবাৰো দেওবাৰে বৈচিত্ৰ, সমতা আৰু সংহতিৰ উদ্দেশ্যেৰে গুৱাহাটীৰ মহানগৰীত LGBTQ+য়ে এক ‘কুইয়াৰ প্ৰাইড’ নামেৰে এক ৰেলী বাহিৰ কৰা হয় । একাদশবাৰৰ বাবে লতাশিল খেলপথাৰৰ পৰা আৰম্ভ হোৱা কুইয়াৰ প্ৰাইড সমদলটো মাচখোৱা শংকৰদেৱ উদ্যানত সামৰণি পৰে ।
এই বছৰৰ ‘কুইয়াৰ প্ৰাইডৰ বিষয় বস্তু আছিল ‘পাছিং দ্যা মাইক’ । অৰ্থাত LGBTQ+ক সাম্প্ৰদায়ৰ ভিতৰত আৰু বাহিৰত LGBTQ+ৰ কণ্ঠক স্থান প্ৰদান কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা ।
পদব্ৰজে বাহিৰ কৰা LGBTQ+ৰ ‘কুইয়াৰ প্ৰাইড ৰেলীত প্ৰায় ৫০০লোকে অংশগ্ৰহণ কৰে । শক্তি, ঐক্য আৰু আশা ভৰা সম্বন্বয়ৰ বাৰ্তা লৈ এই প্ৰাইড ৰেলী বাহিৰ কৰা হয় ।
অনুষ্ঠানত প্ৰথমে মুখ্য আয়োজক চেলচি আৰু উপ-মুখ্য আয়োজক তান্নাজ মেহৰীণে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, সমাজখনক একত্ৰিত কৰিবলৈ মূল্যৱান তথা গ্ৰহণযোগ্যতাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে ।
LGBTQ+ মানে কি ?
G মানে (GAY) সমকামী : যি পুৰুষে, পুৰুষৰ প্ৰতি ৰোমান্টিক বা শাৰীৰিকভাৱে আকৰ্ষিত হয় তেওলোক সমকামী ।
B মানে (BISEXUAL) উভয়লিংগ: যিসকল ব্যক্তিয়ে এটাতকৈ অধিক লিংগৰ প্ৰতি আৰ্কষিত হয় ।
T মানে (TRANSGENDER) ৰূপান্তৰকামী : যিসকল লোকে লিংগ পৰিচয় জন্মৰ সময়ত নিৰ্ধাৰণ কৰিুব পৰা নাযায় অথবা পুৰুষ অথবা মহিলাৰ দৰে নিৰ্দিষ্ট লিংগ নাথাকে ।
Q মানে (QUEER) যৌন বৰ্ণীল : পৰম্পৰাগত পৰুষ বা মহিলাৰ সংজ্ঞাৰ লগত খাপ নোখোৱা লিংগ বা যৌনতা থকা ব্যক্তিসকল বুজায় ।
INTERSEX( আন্তঃলিংগ) : পৰুষ বা মহিলাৰ লগত খাপ নোখোৱা শাৰীৰিক তথা জৈৱিক বৈশিষ্ট্য থকা ব্যক্তিক বুজায় ।
ACE( অযৌন) : যিসকলৰ শাৰীৰিক বা ৰোমান্টিক প্ৰতি কম বা একেবাৰে অনুভৱ নকৰে তেনে ব্যক্তিক বুজায় ।