IPL 2025 Retained ListIPL 2025 Retained List

IPL 2025 Retained List : IPLৰ ধুমুহা আৰম্ভ, ৰিটেইনত বাদ পৰিল বহু তাৰকা খেলুৱৈ

IPL 2025 Retained List : IPLৰ ধুমুহা আৰম্ভ, ৰিটেইনত বাদ পৰিল বহু তাৰকা খেলুৱৈ। সকলোকে আচম্বিত কৰি ফ্ৰেঞ্চআইজিয়ে ৰিটেইন নকৰিলে বহু তাৰকা খেলুৱৈক । যাৰ বাবে IPLৰ মেগা নিলামৰ (IPL mega auction 2025) পূৰ্বে সেইসকল খেলুৱৈৰ নাম চাৰ্চিত হৈ পৰিছে ।

সকলো জল্পনা-কল্পনা শেষ কৰি IPL ২০২৫ৰ বৰ্ষৰ সংস্কৰণৰ বাবে প্ৰতিটো ফ্ৰেঞ্চআইজিয়ে প্ৰকাশ কৰিলে ৰিটেইন (retained) কৰা খেলুৱৈৰ তালিকাৰ নাম ।

১০ টা দলৰ ফ্ৰেঞ্চআইজিয়ে কোন কোন খেলুৱৈক দলত ৰাখিব কাক কাক অক্সশ্যনৰ (auction)বাবে এৰি দিব তাৰ আজি প্ৰকাশ কৰা হ’ল তালিকা ।

ৰাজস্থান ৰয়েলছ (Rajasthan Royals)

৬ খেলুৱৈক ৰিটেইন কৰি সকলোৰে দৃষ্টি কাঢ়িছে ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চআইজিয়ে । সঞ্জু চেমচন, যশস্বি জয়ছোৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল, চিমৰন হেটমেয়াৰ আৰু সন্দীপ শৰ্মাক ৰিটেইন কৰে ।

সঞ্জু চেমচন আৰু যশস্বি জয়ছোৱাল সৰ্বাধিক ১৮ কোটি, অসম সন্তান ৰিয়ান পৰাগক ১৪ কোটি, ধ্ৰুৱ জুৰেলক ১৪ কোটি, চিমৰন হেটমেয়াৰক ১১ কোটি আৰু সন্দীপ শৰ্মাক ৪ কোটিত ৰিটেইন কৰে । আনহাতে RRৰ হাতত আছে ৪১ কোটি টকা ।

IPL 2025 Retained List

কলকতা নাইট ৰাইডাৰ্ছ (Kolkata Knight Riders)

২০২৪ বৰ্ষৰ IPLৰ চেম্পিয়ন কলকতা নাইট ৰাইডাৰ্চে(KKR) সৰ্বমুঠ ৬ জনক খেলুৱৈক ৰিটেইন (retained) কৰিলে । সেই ৬ খেলুৱৈ ভিতৰত আছে ৰিংকু সিং, বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰিন,আন্দ্ৰেও ৰাছেল, হৰ্ষিত ৰাণা আৰু ৰমনদীপ সিং ।

সৰ্বাধিক ৰিংকু সিঙক ১৩ কোটি, বৰুণ চক্ৰৱৰ্তীক ১২ কোটি, সুনীল নাৰিনক ১২ কোটি, আন্দ্ৰেও ৰাছেলক ১২ কোটি, হৰ্ষিত ৰাণাক ৪ কোটি, ৰমনদীপ সিঙক ৪ কোটিত ৰিটেইন কৰিলে । বৰ্তমান KKRৰ হাতত খৰচ কৰিবলৈ ৫১ কোটি টকা ধন আছে ।

মুম্বাই ইণ্ডিয়ানছ (Mumbai Indians)

পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে ৫ জন খেলুৱৈ ৰিটেইন কৰিছে । সেইসকলৰ ভিতৰত ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, হাৰ্ডিক পাণ্ডিয়া আৰু তিলক বৰ্মাক ।

মুম্বাই ইণ্ডিয়ানছে যশপ্ৰীত বুমৰাহক সৰ্বাধিক ১৮ কোটিত ৰিটেইন কৰিছে । দ্বিতীয়তে সূৰ্যকুমাৰ যাদৱক ১৬.৩৫ কোটি, হাৰ্ডিক পাণ্ডিয়াক ১৬.৩৫ কোটি, ৰোহিত শৰ্মাক ১৬.৩০ কোটি, আৰু তিলক বৰ্মাক ৮ কোটি দি ৰিটেইন কৰিছে । বৰ্তমান MIৰ হাতত আছে ৫১ কোটি টকা ।

চেন্নাই চুপাৰ কিংছ (Chennai Super Kings)

চেন্নাই চুপাৰ কিংছও সৰ্বমুঠ পাঁচজন খেলুৱৈক ৰিটেইন কৰিছে । সেই সকলৰ ভিতৰত মহেন্দ্ৰ সিং ধোনী, ৰুতুৰাজ গায়কৱাড়, ৰবীন্দ্ৰ জাদেজা, মাথিশা পাথিৰানা আৰু শিৱম ডুবেক । CSKয়ে সৰ্বাধিক মূল্যত ৰিটেইন কৰিছে ৰুতুৰাজ গায়কৱাড়ক ।

১৮ কোটিত CSKয়ে ৰিটেইন কৰিলে ৰুতুৰাজক । ৰবীন্দ্ৰ জাদেজাক ১৮ কোটি, মাথিশা পাথিৰানাক ১৩ কোটি, শিৱম ডুবেক ১২ কোটি, এম এছ ধোনীক ৪ কোটি ৰিটেইন কৰে । CSKৰ হাতত আছে ৫৫ কোটি টকা ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ (Royal Challengers Bangalore)

RCB য়ে সৰ্বমুঠ তিনি খেলুৱৈক ৰিটেইন কৰে । ৩ খেলুৱৈৰ ভিতৰত বিৰাট কোহলী, ৰজত পাতিদাৰ, য়েছ দয়াল । RCBয়ে বিৰাট কোহলীক ২১ কোটিত ৰিটেইন কৰে । ৰজত পাতিদাৰক ১১ কোটি, য়েছ দয়ালক ৫ কোটিত ৰিটেইন কৰে । বৰ্তমান RCBৰ হাতত আছে ৮৩ কোটি টকা ।

দিল্লী কেপিটেলছ (Delhi Capitals)

সকলোকে আচৰিত কৰি দিল্লী কেপিটেলছে ৪ খেলুৱৈক ৰৰিটেইন কৰে । সেইসকল খেলুৱৈৰ ভিতৰত অক্সাৰ পেটেল, কুলদীপ যাদৱ, ট্ৰিষ্টান ষ্টবচ আৰু অভিষেক পোৰেলক । ৰিটেইনৰ তালিকাত নাম নাহিল ঋভ পন্ট ।

অক্সাৰ পেটেলক সৰ্বাধিক ১৬.৫ কোটি টকাত ৰিটেইন কৰে DCয়ে । সমান্তৰালকৈ কুলদীপ যাদৱক ১৩.২৫ কোটি, ট্ৰিষ্টান ষ্টবচক ১০ কোটি, অভিষেক পোৰেলক ৪ কোটি দি ৰিটেইন কৰে । অন্যহাতে DCৰ হাতত আছে ৭৩ কোটি টকা ।

লক্ষ্ণৌ চুপাৰ জায়ান্টচ (Lucknow Super Giants)

লক্ষ্ণৌ চুপাৰ জায়ান্টছে ৫ খেলুৱৈক ৰিটেইন কৰে । সেই পাঁচ খেলুৱৈৰ ভিতৰত আছে নিকোলাছ পুৰাণ, ৰবি বিষ্ণোই, মায়াংক যাদৱ, মহছিন খান আৰু আয়ুষ বাডোনিক ।

সৰ্বাধিক নিকোলাছ পুৰনক ২১ কোটি, ৰবি বিষ্ণোইক ১১ কোটি, মায়াংক যাদৱক ১১ কোটি, মহছিন খানক ৪ কোটি, আৰু আয়ুষ বাডোনিক ৪ কোটিত ৰিটেইন কৰে । LSGৰ হাতত জমা আছে ৬৯ কোটি টকা ।

ছানৰাইজাৰ্ছ হায়দৰাবাদ (Sunrisers Hyderabad)

SRH য়ে ৫ খেলুৱৈ পুনৰ চুক্তিবদ্ধ কৰালে । সেইসকল খেলুৱৈৰ ভিতৰত পেট কামিন্স, অভিষেক শৰ্মা, নিতীশ ৰেড্ডী, হে’নৰি ক্লাচ’ন আৰু ট্ৰেভিছ হেড ।

সৰ্বাধিক হেনৰী ক্লাৰ্চক ২৩ কোটি, পেট কামিন্সক ১৮ কোটি, অভিষেক শৰ্মাক ১৪ কোটি, নিতীশ ৰেড্ডীক ৬ কোটি আৰু ট্ৰেভিছ হেডক ১৪ কোটিত পুনৰ চুক্তিবদ্ধ কৰৰিছে । আনহাতে SRHৰ হাতত বৰ্তমানেও ধন খৰচ কৰিবলৈ ৪৫ কোটি টকা আছে ।

গুজৰাট টাইটানছ ( Gujarat Titans)

ৰছিদ খান, শুভমান গিল, চাই সুধাৰচন, ৰাহুল তেৱাতিয়া আৰু শ্বাহৰুখ খানক গুজৰাট টাইটানছে ৰিটেইন কৰিছে ।

ৰছিদ খানক ১৮ কোটি, শুভমান গিলক ১৬.৫ কোটি, চাই সুধাৰচনক ৮.৫ কোটি, ৰাহুল তেৱাতিয়াক ৪ কোটি আৰু শ্বাহৰুখ খানক ৪ কোটি ৰিটেইন কৰিছে পাঁচ খেলুৱৈক

পঞ্জাৱ কিংছ (Punjab Kings)

মাত্ৰ ২ জন খেলুৱৈক ৰিটেইন কৰি সৰ্বাধিক চৰ্চাত পঞ্জাৱ কিংছ । শশাংক সিং আৰু প্ৰভচিমৰণ সিঙক পুনৰ চুক্তিবদ্ধ কৰি পঞ্জাৱে । ইয়াৰে শশাংক সিঙক ৫.৫ কোটি, প্ৰভচিমৰণ সিঙক ৪ কোটি ৰিটেইন কৰে । অন্যহাতে Punjab Kingsৰ হাত খেলুৱৈ ক্ৰয় কৰিবলৈ আছে ১১০.৫ কোটি ।

Leave a Reply

Your email address will not be published. Required fields are marked *