IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশIC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশ

IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশ

IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশ । অৱশেষত কেনে দৰে সন্ত্ৰাসবাদীৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছিল হাইজেক কৰা বিমানখন ? সকলোৱে নিশ্চয় জানে । এই সমগ্ৰ ঘটনাক লৈ নিৰ্মাণ কৰা হৈছে IC 814: the kandahar hijack নামৰ ৱেব ছিৰিজ।

শেহতীয়াকৈ Netflixত ৱেব ছিৰিজটোৱে মুক্তি লাভ কৰাৰ পাচতে দেশজুৰি আন এক বিতৰ্কৰ সূচনা কৰিছে । ৱেব ছিৰিজটো দেখুওৱা হৈছে যে,  1999 চনত ইণ্ডিয়ান এয়াৰলাইনছ ফ্লাইট নং 814 বিমানখন কিদৰে হাইজেক কৰা হৈছিল ?

ৱেব ছিৰিজত ব্যৱহাৰ কৰা সন্ত্ৰাসবাদীৰ নামক লৈ প্ৰথমে চলিছিল তুমুল বিতৰ্ক । যাৰ বাবে Netflixৰ পৰা স্পষ্টীকৰণ বিচাৰে কেন্দ্ৰীয় চৰকাৰে ।

 ভাৰত চৰকাৰ জাননীৰ পাছতে Netflixৰ তৰফৰ পৰা কয় যে, ৱেব ছিৰিজটোত ব্যৱহাৰ কৰা অপহৰণকাৰীসকলৰ প্ৰকৃত নাম আৰু ক’ডনাম যোগ দিব। ইয়াৰ লগে লগে পুনৰ আন এক বিতৰ্ক আৰম্ভ হৈছে ।

উল্লেখ্য যে, IC 814 বিমান হাইজেকৰ ঘটনা ভাৰতৰ বাবে এক ক’লা অধ্যায় । যিটোৱে 1999 চনৰ ডিচেম্বৰ মাহত সমগ্ৰ দেশক উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল ।

IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশ
IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক কৰাক লৈ উত্তাল সমগ্ৰ দেশ

7 দিনৰ পাছত কি কি চৰ্ত সাপেক্ষে বিমানখন মুকলি কৰি দিয়া হৈছিল সন্ত্ৰাসবাদীৰ হাতৰ পৰা ? যাত্ৰীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কি কি কৰিবলগীয়া হৈছিল ভাৰত চৰকাৰে ? কিয় যাত্ৰীসকলৰ পৰিৱৰ্তে তিনিজন ভাৰতত বন্দী হৈ থকা সন্ত্ৰাসবাদীক মুকলি কৰি দিব লগীয়া হৈছিল ?

এই সকলোবোৰ উত্তৰ পাব ৱেব ছিৰিজটোত । উল্লেখ্যে যে, বিমান হাইজেকৰ ঘটনাত তিনিজন সন্ত্ৰাসবাদীৰ ভিতৰত আছিল পাকিস্তানৰ ভূমিত লালিত পালিত সন্ত্ৰাসবাদী গোট জঈ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰ । সেই ঘটনাৰ স্মৃতিয়ে বৰ্তমানেও ভাৰতীয়ৰ বাবে এক সন্মানৰ প্ৰশ্ন হৈ উঠে ।

প্ৰথমে জানি লওঁক, IC 814 বিমান হাইজেকৰ ঘটনা কেনেদৰে হৈছিল ?

1999 চনৰ 24 ডিচেম্বৰ । IC 814 বিমানখন কাঠমাণ্ডুৰ পৰা আবেলি 4 বজাত 179 জন যাত্ৰী আৰু 11 জন ক্ৰু সদস্যৰ সৈতে দিল্লীলৈ উৰা মাৰিছিল।

বিমানখন আবেলি 4.30 বজাৰ পিছত ভাৰতৰ আকাশমাৰ্গত প্ৰৱেশ কৰিছিল। বিগত দিনৰ দৰে সেইদিনাও বিমান সেৱকসকলে যাত্ৰীসকলক আহাৰ দিবলৈ আৰম্ভ কৰিছিল।

তেনেতে প্ৰায় 5 বজাত পাঁচজন যাত্ৰী তেওঁলোকৰ আসনৰ পৰা উঠি আহিল । হাতত ৰিভলভাৰ আৰু গ্ৰেনেড লৈ চিঞৰিবলৈ ধৰিলে । পাঁচজনৰ ভিতৰত এজন পাইলটৰ ৰুমত প্ৰৱেশ কৰিছিল । কেপ্টেইনৰ আসনৰ পৰা তেওঁ ঘোষণা কৰিলে যে বিমানখন হাইজেক কৰা হৈছে। 

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, পাঁচোজন সন্ত্ৰাসবাদীক পাকিস্তানী নাগৰিক বুলি চিনাক্ত কৰা হৈছিল। সেইসকল আছিল ইব্ৰাহিম আথাৰ, আখটাৰ ছাইদ, ছানি আহমেদ কাজী, জহুৰ মিস্ত্ৰী আৰু চাকিৰ।

পাইলটৰ ৰুমৰ পৰা ঘোষণাৰ লগে লগে যাত্ৰীসকলৰ মাজত হুৱাদুৱা । বহুতে আতংকিত হৈ কান্দিবলৈ আৰম্ভ কৰিছিল। আনহাতে IC 814 ৰ কেপ্টেইন দেৱী চৰণে দিল্লী এয়াৰ ট্ৰেফিক কণ্ট্ৰোলক (ATC) অপহৰণৰ বিষয়ে অৱগত কৰিছিল।

লগে লগে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক অপহৰণৰ বিষয়ে অৱগত কৰা হৈছিল। প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে ঘটনাৰটোৰ সৈতে মোকাবিলা কৰিবলৈ জৰুৰীভাৱে বৈঠকৰ আহ্বান জনোৱা হৈছিল । লগে লগে NSGয়ে কাম কৰা আৰম্ভ কৰিছিল।

আনফালে, কেপ্টেইনে দিল্লী ATCক কৈছিল যে, বিমানখনত মাত্ৰ এঘণ্টাৰ ইন্ধন বাকী আছিল । আনফালে পাকিস্তানেও বিমানখন অৱতৰণৰ বাবে কৰা অনুৰোধক নাকচ কৰিছিল।

IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক
IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক

সেয়ে বিমানখন সন্ধিয়া প্ৰায় 7 বজাত অমৃতসৰ বিমানবন্দৰত অৱতৰণৰ বাবে আহ্বনা কৰা হৈছিল। তেতিয়ালৈকে, অস্ত্ৰ-শস্ত্ৰৰে অপহৰণকাৰীসকলে যাত্ৰীসকলক মৃত্যুৰ ভাবুকি দিয়া আৰম্ভ কৰিছিল।

সেইমতে, বিমানখন সন্ধিয়া অমৃতসৰত অৱতৰণ কৰিছিল। সেই সময়ত কেন্দ্ৰীয় চৰকাৰে উগ্ৰপন্থীসকলৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছিল। কেন্দ্ৰৰ লক্ষ্য আছিল বিমানখন অমৃতসৰ বিমানবন্দৰত ধৰি ৰখা। 

CMGয়ে বিমানবন্দৰ কৰ্তৃপক্ষক কোনো পৰিস্থিতিত বিমানখন উৰা নকৰিবলৈ নিৰ্দেশ দিছে। বিমানখনৰ চাৰিওফালে পঞ্জাৱ আৰক্ষীৰ সশস্ত্ৰ বাহিনী মোতায়েন কৰা হৈছিল।

কিন্তু সন্ত্ৰাসবাদীয়ে দিয়া নিৰন্তৰ ভাবুকিৰ বাবে, ইন্ধনভৰ্তি এখন টেংকাৰ বিমানখনৰ ফালে প্ৰেৰণ কৰা হৈছিল। কিন্তু শব্দটো অনুভৱ কৰি উগ্ৰপন্থীসকলে বিমানখন তৎক্ষণাৎ উৰা মাৰিবলৈ নিৰ্দেশ দিছিল। 

ক্লিয়াৰেন্স নোপোৱা স্বত্বেও, কেপ্টেইনজনে তেওঁৰ জীৱনৰ ভয়ত অমৃতসৰৰ পৰা বিমানখন উৰোৱাইছিল। বিমানখন ৰানৱেত ইন্ধনটেংকাৰখনক খুন্দা মৰাৰ পৰা বাচি গৈছিল।

কেপ্টেইন শৰণে ভাৰতীয় ATCক কৈছিল, “আমি সকলোৱে মৰিবলৈ গৈ আছো ।’ আনহাতে NSGয়ে হিন্দন বায়ু সেনা ঘাটিৰ পৰা অমৃতসৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু তাৰ পূৰ্বে, বিমানখনে অমৃতসৰ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল ।

IC 814 বিমানখন মাজনিশা প্ৰায় 1:30 বজাত ডুবাইৰ আল মিনহাদ বিমান ঘাটিত অৱতৰণ কৰিছিল। বহু আলোচনাৰ পিছত, সন্ত্ৰাসবাদীয়ে 27 জন যাত্ৰীক মুকলি কৰাৰ সিদ্ধান্ত লয় । ৰূপীন কাতিয়াল নামৰ এজন যাত্ৰীৰ মৃতদেহসহ ২৭ জন যাত্ৰীৰ সৈতে মুকলি কৰি দিছিল ।

পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে যাত্ৰীসহ বিমানখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এয়াই আছিল ঘটনাৰ কেন্দ্ৰবিন্দু যি IC 814: the kandahar hijack’ নামৰ ৱেব ছিৰিজৰ ।

IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক
IC 814 বিমানখন সন্ত্ৰাসবাদীয়ে হাইজেক

ৱেব ছিৰিজখনত উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা হিন্দু নামক লৈ উত্তাল হৈ পৰিছে । আনফালে ছিৰিজখনত যি দৰে দেখুওৱা হৈছে তেনে হোৱা নাই বুলি সেই সময়ৰ ঘটনাৰ ভুক্তভোগীয়া  উল্লেখ কৰিছে । যাক লৈ দেশ এতিয়া উত্তাল ।

Leave a Reply

Your email address will not be published. Required fields are marked *