GST Council: কৰ্কট ৰোগৰ ঔষধৰ দাম কমিবGST Council: কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব

GST Council: কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব

GST Councilৰ বৈঠকত লোৱা হ’ল কেইবাটাও ডাঙৰ সিদ্ধান্ত । স্বাস্থ্য-জীৱন বীমাৰ সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত ল’লে GST Councilত ।

সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত হয় GSTৰ কাউন্সিলৰ এক গুৰুত্বপূৰ্ণ বৈঠক । উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হয় কেইবাটাও ডাঙৰ সিদ্ধান্ত । স্বাস্থ্য, জীৱন বীমা সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লোৱা হৈছে বৈঠকত ।

কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ বাবে কিছু সকাহ কেন্দ্ৰৰ । কৰ্কট ৰোগৰ ঔষধৰ ওপৰত সামগ্ৰী আৰু সেৱা কৰ হাৰ ৫%পৰা ১২% লৈ হ্ৰাস কৰা হৈছে । 

পৰিষদে তিনিটা কৰ্কট ৰোগৰ ঔষধৰ ওপৰত জিএছটিৰ হাৰ হ্ৰাস কৰিবলৈ অনুমোদন জনাইছে । সেই তিনিটা ঔষধ হৈছে ট্ৰাষ্টুজুমাব ডেৰুক্সটেকান, অচিমাৰ্টিনিব আৰু ডুৰভালুমাব ।

সোমবাৰে ৫৪ সংখ্যক জিএছটি পৰিষদৰ বৈঠক সমাপ্ত হোৱাৰ পিছতে এই কথা উল্লেখ কৰে বিত্ত মন্ত্ৰীয়ে । আনহাতে, নিমখীয়া আৰু সুস্বাদু খাদ্য সামগ্ৰীৰ ওপৰত জিএছটিৰ হাৰও ১২% ৰ পৰা ১৮% লৈ হ্ৰাস কৰা হৈছে।

স্নেক্সৰ ওপৰত ১২% ৰ পৰা ১৮% লৈ কৰ হ্ৰাস কৰিবলৈ অনুমোদন জনাইছে । যাতে নিমখীয়া আৰু ভুজিয়াৰ দৰে লোকৰ পাৰ্থক্য দূৰ কৰিব পৰা যায়।

ক্ষতিপূৰণ, স্বাস্থ্য আৰু জীৱন বীমাৰ সন্দৰ্ভতো লোৱা হৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত । যিকোনো ঘটনাৰ বাবে চৰকাৰে দিয়া ক্ষতিপূৰণ ভুক্তভোগী পৰিয়ালৰ লোকে লাভ কৰিছে নে নাই তাৰ তদন্ত কৰাৰ বাবে এখন কমিটি গঠন কৰা হ’ব ।

ইফালে চিকিৎসা স্বাস্থ্য বীমাৰ হাৰ হ্ৰাসৰ পৰামৰ্শৰ বাবে মন্ত্ৰীৰ এটা বিশেষ গোট গঠন কৰা হৈছে। উল্লেখ্য যে, পৰিষদে এটা চৰকাৰী সংস্থাৰ দ্বাৰা প্ৰদান কৰা গৱেষণা আৰু উন্নয়ন সেৱাৰ যোগানক জিএছটিৰ পৰা ৰেহাই দিয়াৰ পৰামৰ্শ দিছিল।

GST Council: কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব
GST Council: কৰ্কট ৰোগৰ ঔষধৰ দাম কমিব

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ আইনৰ দ্বাৰা স্থাপিত বিশ্ববিদ্যালয়, গৱেষণা কেন্দ্ৰ বা যি শিক্ষানুষ্ঠানে আয়কৰ ৰেহাই লাভ কৰিছে তেওঁলোকে চৰকাৰী আৰু ব্যক্তিগত দুয়োধৰণৰ গৱেষণা পুঁজি লাভ কৰিব । তেওঁলোকে জিএছটিও পৰিশোধ কৰিব নালাগে ।

বিত্ত মন্ত্ৰী সীতাৰমণে লগতে কয় যে, যোৱা ছয় মাহত অনলাইন গেমিঙৰ পৰা উপাৰ্জন কৰা ৰাজহ ৪১২ শতাংশ বৃদ্ধি পাইছে। The Group of Ministersৰ প্ৰতিবেদন অনুসৰি অনলাইন গেমিঙৰ পৰা ছয় মাহত ৪১২ শতাংশ বৃদ্ধি হৈছে ।

বিগত ছয়মাহত ৬,৯০৯ কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে । ইয়াৰ উপৰিও বিত্তমন্ত্ৰীয়ে কয় যে, বিগত ছমাহত কেছিনোৰ পৰা ৰাজহ সংগ্ৰহ ৩৪ শতাংশ বৃদ্ধি পাইছে।

স্বাস্থ্য বীমা সন্দৰ্ভত সীতাৰমণে কয় যে, জিএছটি পৰিষদে হাৰ হ্ৰাসৰ ক্ষেত্ৰত এক নতুন জিঅ’এম গঠন কৰাৰ সিদ্ধান্ত লৈছে । যি অক্টোবৰৰ শেষৰ ফালে প্ৰতিবেদন দাখিল কৰিব। জিঅ’এমৰ নেতৃত্ব দিব বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীয়ে । যি বৰ্তমান জিএছটি হাৰ ওপৰত পেনেলৰ নেতৃত্ব দি আছে ।

জিএছটি পৰিষদৰ সিদ্ধান্তৰ সন্দৰ্ভত বক্তব্য ৰাখি PWC ইণ্ডিয়াৰ অংশীদাৰ প্ৰতীক জৈনে কয়,’জিএছটি পৰিষদে সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈছে । যিয়ে ৰিয়েল ইষ্টেট, আইটি (ডাটা হোষ্টিং), বিদেশী এয়াৰলাইন আদিকে ধৰি উদ্যোগৰ ডাঙৰ সকাহ প্ৰদান কৰিব।’

বৈঠকতে গাড়ীৰ আসনৰ ওপৰত ১৮% ৰ পৰা ১৮% লৈ কৰ বৃদ্ধি  কৰিছে । পৰিষদে ৰিয়েল ইষ্টেটৰ বিষয়ত জিঅ’এম ৰ দ্বাৰা কামৰ বুজ লয় ।  সম্পত্তি লেনদেনত নিৰ্মাণ সেৱাৰ মূল্য মূল্যাঙ্কন কৰাৰ সময়ত ভূমিৰ ব্যয়ৰ কাৰকৰ বিষয়টো পৰীক্ষা কৰিবলৈ কোৱা হৈছে বিশেষ গোটক।

জিএছটি পৰিষদৰ সিদ্ধান্তৰ সন্দৰ্ভত বক্তব্য ৰাখি PWC ইণ্ডিয়াৰ অংশীদাৰ প্ৰতীক জৈনে কয়,’জিএছটি পৰিষদে সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈছে । যিয়ে ৰিয়েল ইষ্টেট, আইটি (ডাটা হোষ্টিং), বিদেশী এয়াৰলাইন আদিকে ধৰি উদ্যোগৰ ডাঙৰ সকাহ প্ৰদান কৰিব।’

ৰাজ্যসমূহক ক্ষতিপূৰণ দিবলৈ সংগ্ৰহ কৰা বিশেষ ঋণ পৰিশোধ কৰিবলৈ এই কৰ ২০২৬ চনৰ মাৰ্চ লৈকে বৃদ্ধি কৰা হৈছে । কিয়নো ক’ভিড মহামাৰীৰ সময়ত উপকৰ সংগ্ৰহ হ্ৰাস পাইছিল আৰু সেই ঋণবোৰ ২০২৫ চনৰ শেষৰ ফালে বা জানুৱাৰী ২০২৬ ৰ ভিতৰত পৰিশোধ কৰিব লাগিব ।

বিত্তমন্ত্ৰী সীতাৰমণে কয় যে,  যদিও গ্ৰাহকসকলে বিশেষ ঋণ পৰিশোধ কৰাৰ পিছত উপকৰবোৰ সম্পূৰ্ণৰূপে হ্ৰাস বা হ্ৰাস কৰাৰ আশা কৰিব ।

 জিঅ’এমে মূল্যাঙ্কন কৰিব যে ই “ক্ষতিপূৰণ উপকৰ”ৰ বাহিৰে আন কোনো প্ৰকাৰে অব্যাহত থাকিব পাৰে নেকি ?  লগতে পৰ্যাপ্ত ক্ষতিপূৰণ নোপোৱাৰ বিষয়ে কিছুমান ৰাজ্যৰ উদ্বেগ পৰীক্ষা কৰিব।

জিএছটিৰ প্ৰথম পাঁচ বছৰত ৰাজ্যসমূহৰ ৰাজহ লোকচান পূৰণ কৰাৰ বাবে ২০২২ চনৰ জুলাই লৈকে আৰোপ কৰা কেইটামান নিৰ্বাচিত সামগ্ৰীৰ ওপৰত আৰোপ কৰা জিএছটি ক্ষতিপূৰণ উপকৰৰ ভৱিষ্যতৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ এটা নতুন মন্ত্ৰীগোটগঠন কৰা হৈছে।

এনে কেইবাটাও সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *