বিজেপিৰ পৰা পদত্যাগ অশোক শৰ্মাৰ বিজেপিৰ পৰা পদত্যাগ অশোক শৰ্মাৰ
Former MLA Ashok Sarma quits BJP: ‘6 নং পঞ্চায়ত’ক কেন্দ্ৰ কৰি দুই নলবৰীয়া নেতাৰ যুঁজ, শেষত বিজেপি এৰিলে অশোক শৰ্মাই ।

 বিজেপিৰ পৰা পদত্যাগ অশোক শৰ্মাৰ 

সকলো উৎকণ্ঠাৰ অৱসান ঘটাই শুকুৰবাবে বিজেপিৰ পৰা পদত্যাগ কৰিলে নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই । উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এয়া বিজেপিৰ বাবে বৃহৎ ক্ষতি । 

কংগ্ৰেছৰ পৰা অহা একাংশ বিজেপিৰ নেতাৰ কৰ্ম-কাণ্ডক লৈ অসন্তুষ্ট বিজেপিৰ একাংশ জ্যেষ্ঠ নেতা । বিজেপিৰ জ্যেষ্ঠ নেতাৰ এতিয়া উঠিছে দল এৰাৰ প্ৰৱণতা । 

তাৰ ফলস্বৰূপ শুকুৰবাবে আনুষ্ঠিক ভাবে পদত্যাগ পত্ৰ দি বিজেপিক বিদায় দিলে অশোক শৰ্মাই ।  পদত্যাগ পত্ৰ দাখিলৰ পাচতে সাংবাদিকৰ আগত শৰ্মাই কৈ গ’ল কিয় দল এৰিব লগীয়া হল ? কাৰ বাবে এৰিবলগীয়া হ’ল ইত্যাদি ইত্যাদি… ।

2021ৰ বিধানসভা নিৰ্বাচনত ‘নলবাৰীৰ সমষ্টিৰ 6 নং পঞ্চয়ত’ত বিজেপি প্ৰাৰ্থীয়ে কমকৈ ভোট লাভ কৰিছিল বুলি কৰা মন্তব্যই বিজেপিক সংকীৰ্ণতাত পেলালে নেকি !

 বৰ্তমানৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্যই বৰকৈ আঘাত দিছিল তেতিয়াৰ বিজেপিৰ জ্যেষ্ঠ নেতাক আশোক শৰ্মাক । তাৰে প্ৰতিফলন ঘটিল শুকুৰবাৰে ।

উল্লেখ্য যে, বিগত তিনিটা বছৰে নলবাৰী সমষ্টিক লৈ দুই নেতা অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত যেন চলি আছিল এখন যুদ্ধ । সেই যুদ্ধত পৰাস্ত হৈ বিজেপি ত্যাগ কৰিলে অশোক শৰ্মাই । “কেতিয়াবা যুদ্ধ জিকিবলৈ হলে পিছুৱাই যোৱাটো উচিত’ বুলি বিদ্বান মহলে কয় । 

কিয় বিজেপি ত্যাগ কৰিব লগীয়া হ’ল তাৰ কাৰণ ব্যাখা কৰি শৰ্মাই কয়, ‘ 2021 চনৰ বিধানসভা নিৰ্বাচনত নলবাৰী সমষ্টিত বিজেপিয়ে কমকৈ ভোট লাভ কৰিছিল । প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ বিদ্ৰোহৰ বাবে ।’

অশোক শৰ্মাই লগতে কয়, ‘6 নং পঞ্চায়ত’ত বিজেপিয়ে কমকৈ ভোট লাভ কৰিছিল । এই মন্তব্য কৰিছিল বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । কাৰণ মই সেই পঞ্চায়তৰ অধীনৰ বাসিন্দা ।’

‘তেওঁ কোৱাৰ লগে লগে পঞ্চায়ত সভাপতিৰ লগত বহি হিচাপ নিকাচ কৰাৰ পাচত ওলাল নলবাৰী সমষ্টিত আটাইতকৈ বেছি ভোট পাইছে মোৰ 6 নং পঞ্চায়ততে । সেই কথা কোৱাৰ পাছত তেওঁক বোলে বেলেগ কৈছিলে ।’-শৰ্মাৰ মন্তব্য

‘তেতিয়াৰ পৰাই আৰম্ভ হৈছিল মনৰ আখেজ । তেতিয়াৰ পৰাই দূৰত্ব বাঢ়িছিল দুয়োজনৰ মাজত । অৱশেষত দল ত্যাগৰ সিদ্ধান্ত ল’লো ।’ পদত্যাগ পত্ৰ দিয়াৰ পাচতে সাংবাদিকৰ আগত এই কথা উল্লেখ কৰে শৰ্মাই ।

লগতে শৰ্মাই কয়, ‘তেওঁ বাৰে বাৰে মোক অপমান কৰি কথা কয় । সেই অপমানৰ সুবিচাৰ কৰিবলৈ দলৰ সভাপতিক বাৰে বাৰে দাবী জনাই আহিছিলো । কিন্তু আমাৰ দাবীৰ কোনো দিনে সু-বিচাৰ কৰা নাছিল ।’

“সেয়ে মই দলত থকাৰ প্ৰয়োজনীয়াত অনুভৱ কৰা নাছিলো । হয়তো তেওঁলোকেও মই থকাটো বিচৰা নাছিল । মই সেয়ে অতি যন্ত্ৰনাদায়ক পৰিস্থিত থাকিব বিচৰা নাই । সেয়ে দল ত্যাগ কৰিলো বলি কয় শৰ্মাই ।

বিজেপিৰ পৰা পদত্যাগ অশোক শৰ্মাৰ
বিজেপিৰ পৰা পদত্যাগ অশোক শৰ্মাৰ

ইফালে RSSৰ পঞ্চনিষ্ঠা ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিব পাৰিব নে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শৰ্মাই কয়, ‘তিনি বছৰে মোক যিদৰে অপমানিত কৰা হৈছে তাৰ পিছত পঞ্চনিষ্ঠা পালনৰ কথা বাদি দি মোৰ আত্মৰক্ষা কৰাটো চিন্তা কৰিম ।’

 তেওঁ লগতে কয়, ’96চনত RSSৰ কাৰ্যকৰ্তা আছিলো । হিন্দু যুৱ ছাত্ৰ পৰিষদ প্ৰতিষ্ঠা কৰা সেই পাঁচজনীয়া গ্ৰুপটোৰ এজন মই আছিলো । জিলাৰ সভাপতি হোৱাৰ আগতে জিলা যুৱ মৰ্চাৰ দুবাৰ সভাপতি আছিলো । মই ৰাজ্যিক সাধাৰণ সম্পাদক আছিলো । মই ৰাষ্ট্ৰীয় উপ-সভাপতি পদত আছিলো ।’

‘ইমান বিলাক দায়িত্ব লোৱা মানুহ এজনক যেতিয়া অকামিলা কৰি দিয়ে তেতিয়া নীতিৰ কথা নাহে । কাৰণ মই নীতিৰ কথা ভাবিম নে জীয়াই থকাৰ কথা চিন্তা কৰিম । কিছুমানে মোক বিপদে পৰিচালিত কৰিবলৈ হে কথাহে কয় ।’- অশোক শৰ্মা ।

‘সৌ সিদিনা মোক জয়ন্ত মল্ল বৰুৱাই দাদা বুলি সম্বোধন কৰি মাতিছিল । তাৰ আগতে কেতিয়াও দাদ বুলি সম্বোধন কৰা নাছিল । কিন্তু ময়ো সেইটোৱে বিচাৰিছিলো লগতে সভাত এখন আসন দিয়াটো ।’ – শৰ্মা

‘কিন্তু সেই দিনা প্ৰথমবাৰৰ বাবে মোক অশোক দাদা বুলি মতিছিল । মোৰ ঘৰৰ সন্মুখেৰে অহা-যোৱা কৰে । কিন্তু তেওঁ মোৰ অসন্তুষ্টিৰ সন্দৰ্ভত এবাৰো কথা পাতিবলৈ নাহিল ।” এই মন্তব্য শৰ্মাৰ । 

Leave a Reply

Your email address will not be published. Required fields are marked *