Cloudburst and Landslides in IndiaCloudburst and Landslides in India

ধাৰাষাৰ বৰষুণ- ভূমিস্খলনৰ বাবে কেৰালাৰ ৱায়ানাডাত মৃত্যুৰ কিৰিলী

ভাৰতত প্ৰকৃতিয়ে পাতিছে ধ্বংস যজ্ঞ । মাটিতে মিলি গ’ল 200ৰো অধিক লোকৰ প্ৰাণ । এতিয়া কান্দোনত ভাগি পৰিছে কেৰালাৰ ৱায়ানাডবাসী । মুঠতে অবৰ্ণনীয় পৰিৱেশ দক্ষিণ ভাৰতৰ কেৰালাত ।

ভূমিস্খলনে বিধ্বস্ত কৰিলে কেৰালাৰ ৱায়ানাড । কেইবাখনো গাঁও সোমাই গ’ল মাটিত । বিগত চাৰিদিনৰ পূৰ্বে ধাৰাষাৰ বৰষুণৰ বাবে হোৱা ভয়ংকৰ ভূমিস্খলনে চকু সেমেকাই তুলিছে ভাৰতবাসীৰ ।

বিগত তিনিদিন ধৰি উদ্ধাৰ অভিযান চলি আছে  NDRF, SDRFয়ে । ইয়াৰ মাজতে বৃহস্পতিবাৰে কেৰলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কৈছিল যে, ৱায়ানাডৰ ধ্বংসাৱশেষত কোনো জীৱিত নাই। আন কাকো জীৱিত অৱস্থাত উদ্ধাৰ কৰিব পৰা নাই । এতিয়া কেৱল মৃতদেহটো উদ্ধাৰ কৰিবলৈহে বাকী আছে।

সংবাদ সংস্থা পি টি আইৰ বাতৰি অনুসৰি, ৱায়ানাডত মৃত্যুৰ সংখ্যা 276 জন। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, ৱায়ানাডত ভূমিস্খলনত নিহতৰ সংখ্যা 177 জনলৈ বৃদ্ধি পাইছে।

 ইয়াৰ ভিতৰত 25 টা শিশু আৰু 70 গৰাকী মহিলা আছে। “মুণ্ডাক্কাই, চুৰামালা আৰু আত্তামালা গাঁৱত কোনো লোক জীৱিত অৱস্থাত বৰ্তমানলৈকে উদ্ধাৰ কৰিব পৰা নাই । পিটিআইৰ মতে, ৱায়ানাড দুৰ্যোগত প্ৰাণ হেৰুওৱা বহুলোকৰ সম্পূৰ্ণ মৃতদেহ পোৱা নগ’ল। শৰীৰৰ বিভিন্ন অংগ উদ্ধাৰ কৰা হৈছে।

 চলিয়াৰ নদীৰ পৰা এটা এটাকৈ শৰীৰৰ অংগ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলসমূহে । বৰ্তমানলৈকে শৰীৰৰ 92 টা অংশ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা শৰীৰৰ অংশবোৰো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। 

ৱায়ানাডত চাবলৈ গৈ আবেগিক ৰাহুল-প্ৰিয়ংকা
ৱায়ানাডত চাবলৈ গৈ আবেগিক ৰাহুল-প্ৰিয়ংকা

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে কয় যে, মৰণোত্তৰ পৰীক্ষাৰ পিছত 154টা মৃতদেহ তেওঁলোকৰ পৰিয়ালক গতাই দিয়া হৈছে।

ইফালে, ৱায়ানাডত হোৱা ভূমিস্খলনত প্ৰায় 350 টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । বিগত তিনিদিনধৰি উদ্ধাৰ অভিযান চালাই আছে যদিও বাৰে বাৰে  বাধাগ্ৰস্ত হৈছে বতৰৰ বাবে । কাৰণ ৱায়ানাড আৰু কাষৰীয়া অঞ্চলত এতিয়াও বৰষুণ দি আছে।

 তদুপৰি, উদ্ধাৰকাৰীসকলে প্ৰতিকূল পৰিস্থিতি অতিক্ৰম কৰাৰ পিছত গধুৰ যন্ত্ৰপাতি লৈ ঘটনাস্থলীত উপস্থিত হ’ব পৰা নাই। ভাৰতীয় সেনাসহ 1,600ৰো অধিক উদ্ধাৰকাৰী কৰ্মীয়ে বৰ্তমান ৱায়ানাডত উদ্ধাৰ অভিযান চলাই আছে ।

 ৱায়ানাডত চাবলৈ গৈ আবেগিক ৰাহুল-প্ৰিয়ংকা

বৃহস্পতিবাৰে কেৰালাৰ বিধ্বস্ত জিলা ভ্ৰমণ কৰাৰ পিছত আবেগিক হৈ পৰিল ৰাহুল গান্ধী ।”দেউতাৰ মৃত্যুত যিমান কষ্ট পাইছিলো তাৰ সমানে কষ্ট পাইছো । অতি বেদনাদায়ক ।”

ৰাহুল গান্ধীয়ে ক্ষতিগ্ৰস্ত অঞ্চলৰ লগতে এখন চিকিৎসা কেন্দ্ৰ আৰু মেপ্পাডিৰ এখন চিকিৎসালয় পৰিদৰ্শন কৰে ।

 ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পিছত তেওঁ কয় যে, এইটো কেৱল ৱায়ানাডৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেএক ট্ৰেজেডী। ৱায়ানাড, কেৰালা আৰু সমগ্ৰ দেশৰ বাবে এয়া এক শোকাৱহ ঘটনা। বহুলোকে তেওঁলোকৰ ঘৰ আৰু পৰিয়াল হেৰুৱাইছে।

 লগতে তেওঁ কয়, “এইটো চোৱাটো বৰ বেদনাদায়ক। আমি সহায় কৰিবলৈ চেষ্টা কৰি আছো। আমি জীয়াই থকা সকলৰ ওপৰত চকু ৰাখিছো যাতে তেওঁলোক বঞ্চিত নহয়। ’

ৱায়ানাডৰ সাম্প্ৰতিক পৰিস্থিতিয়ে তেওঁক তেওঁৰ দেউতাকৰ মৃত্যুৰ বেদনাৰ দৰে পুনৰ অনুভুতি হৈছে । উল্লেখ্য যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী 1991 চনত এটা বিস্ফোৰণত নিহত হৈছিল। ৱায়ানাডৰ পৰিস্থিতিয়ে সেই দিনটোৰ কথা মনত পেলাই দিলে ।

 ৰাহুলে কয়। “মোৰ দেউতা (ৰাজীৱ)ৰ মৃত্যুৰ সময়ত মই অনুভৱ কৰা বেদনা পুনৰ এতিয়া অনুভৱ কৰিছো । ইয়াত বহুলোকে কেৱল তেওঁলোকৰ দেউতাকক নহয়, তেওঁলোকৰ গোটেই পৰিয়ালক হেৰুৱাইছে। মই তেওঁলোকক শ্ৰদ্ধা জনাইছো। ’’

“ৱায়ানাডৰ বহুলোক এতিয়াও বিপদৰ পৰা বাহিৰত নহয়। তেওঁলোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰিব পৰা নাই প্ৰশাসনে । লগতে তেও চিকিৎসক, নাৰ্ছ, প্ৰশাসন আৰু উদ্ধাৰকাৰী কৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। 

হিমাচলত ডাৱৰ বিস্ফোৰণ, 33 জনৰ মৃত্যু সন্ধানহীন 50 জন 

হিমাচল প্ৰদেশত ৰুষ্ট হৈছে প্ৰকৃতি । বৃহস্পতিবাৰে ডাৱৰ বিস্ফোৰণৰ পাছত ভূমিস্খলন আৰু শেহতীয়াকৈ ভূমিকম্পৰ অহাৰ সম্ভাৱনা প্ৰকট হৈছে । কাৰণ, শুকুৰবাৰে পুৱাৰ ভাগতে ভুমিকম্পই জোকাৰি গৈছে ।

ডাৱৰ বিস্ফোৰণ, বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তে হিমাচলত আন এক দুৰ্যোগৰ আশংকা । উল্লেখ্য যে, ৰাজ্যখনৰ প্ৰশাসনৰ মতে, লাহৌল-স্পিতিত অঞ্চলত কম্পন অনুভৱ হৈছিল । ভূমিকম্পটোৰ ৩.২ প্ৰাবল্যৰ ৰিখটাৰ স্কেলত আহিছিল। 

অৱশ্যে, ভূমিকম্পত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। কিন্তু ৰাজ্যখনত বৰষুণ আৰু ভূমিস্খলনৰ কবলৰ পাচত ভূমিকম্পৰ জোঁকাৰণিয়ে আতংক বৃদ্ধি কৰিছে ৰাইজৰ মাজত । 

বিগত কেইবা দিনও ধৰি হিমাচল প্ৰদেশৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হৈ আছিল। তাৰ মাজতে বুধবাৰে ছিমলা, মাণ্ডি আৰু কুল্লুত ডাৱৰ বিস্ফোৰণে পৰিস্থিতিৰ অধিক ভয়াবহ কৰি তুলিছে ।

 স্থানীয় সংবাদ মাধ্যত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যখনত ভূমিস্খলন আৰু বৰষুণৰ ফলত বৰ্তমানলৈকে 33 জন লোকৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা  হৈছে। লগতে 50 জন লোক সন্ধানহীন হৈ আছে।

 অৱশ্যে, ৰাজ্য চৰকাৰৰ মতে, 13 জন লোকৰ মৃত্যু হৈছে। ছিমলা, মাণ্ডি আৰু কুল্লুত সৰ্বমুঠ 7জন লোকৰ মৃত্যু হৈছিল।

হিমাচলত ডাৱৰ বিস্ফোৰণ
হিমাচলত ডাৱৰ বিস্ফোৰণ

ছিমলাৰ ওচৰৰ ৰামপুৰত ডাৱৰ বিস্ফোৰণৰ ফলত হঠাৎ বানপানীৰ সৃষ্টি হৈছে । নিৰ্মান্দ, চেঞ্জ, মালানা আৰু মাণ্ডিৰ অঞ্চলত শ শ লোক ক্ষতিগ্ৰস্ত হৈছে । 

কুল্লুৰ মণিকৰ্ণ অঞ্চলত ডাৱৰ বিস্ফোৰণৰ ফলত মালানা নদীৰ ওপৰত থকা এটা বান্ধ বিধ্বস্ত হৈছে  আৰু বিয়াছ নদী জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈয় আছে ।

হিমাচলত ‘ৰেড এলাৰ্ট’ ঘোষণা বতৰ বিজ্ঞান কেন্দ্ৰৰ

বৃহস্পতিবাৰে মাণ্ডি, ছিমলা আৰু কুল্লু জিলাত হোৱা ডাৱৰ বিস্ফোৰণত প্ৰায় 50 জন লোক বৰ্তমানেও সন্ধানহীন হৈ আছে । শুক্ৰবাৰে অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে । সেয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কাংৰা, কুল্লু আৰু মাণ্ডিত জাৰি কৰিছে ৰেড এলাৰ্ট।

ৰাজ্যখনৰ 6খন জিলাত জৰুৰীকালীন ভাবে বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে। আইএমডিৰ বিবৃতি অনুসৰি, বিপদাশংকাত থকা জিলাবোৰ হৈছে কাংৰা, কুল্লু, মাণ্ডি, ছিমলা, চম্বা আৰু চিৰমৌৰ।

 উত্তৰাখণ্ডত ডাৱৰ বিস্ফোৰণ, 16জন নিহত

বুধবাৰে আৰু বৃহস্পতিবাৰে মাজনিশা উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হৈছে প্ৰলয়নকাৰী বানৰ ।

বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় 16 জন লোক নিহত হৈছে । ইফালে ভূমিস্খলনৰ ফলত কেদাৰনাথলৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে । যাৰ ফলত প্ৰায় 450 জন লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে । 

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ বিবৃতিত কোৱা হৈছে, “কেদাৰনাথ ট্ৰেকিং পথৰ বহু ঠাইত ভূমিস্খলনৰ ফলত তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই যাত্ৰা বৰ্তমানৰ বাবে বন্ধ কৰি দিয়া হৈছে।”

আনহাতে ভাৰতীয় বায়ু সেনাই শুক্ৰবাৰৰ পৰা কেদাৰনাথত চলি থকা উদ্ধাৰ অভিযানত অংশ হৈ পৰে । এছ ডি আৰ এফৰ কমাণ্ডেণ্ট মণিকান্ত মিশ্ৰাই কয়, “কেদাৰনাথ যাত্ৰা পথত ভীমবালি, ৰামবাৰা, লিনচোলিত আৱদ্ধ হৈ থকা প্ৰায় 425 জন লোকক বিমানেৰে লৈ যোৱা হৈছে ৷

 তেওঁ লগতে কয়, ‘সোনপ্ৰয়াগ আৰু ভীমবালিৰ মাজত আৱদ্ধ হৈ থকা প্ৰায় 1100 জন লোকক বিকল্প পথৰ জৰিয়তে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছিল।”

 দুদিনৰ বাবে বন্ধ কেদাৰনাথ যাত্ৰা, 5000 তীৰ্থযাত্ৰীক স্থানান্তৰ 300 জন আৱদ্ধ

উত্তৰাখণ্ডৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । বুধবাৰে ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত বহুত কেদাৰনাথ যাত্ৰালৈ যোৱা তীৰ্থযাত্ৰী ভীমবালিত আৱদ্ধ হৈ পৰে।

বৃহস্পতিবাৰে 700 তকৈও অধিক আৱদ্ধ তীৰ্থযাত্ৰীক উদ্ধাৰ কৰি সোনপ্ৰয়াগলৈ লৈ যোৱা হৈছিল। প্ৰশাসনৰ মতে, বুধবাৰৰ পৰা মুঠ 5000 তীৰ্থযাত্ৰীক উদ্ধাৰ কৰা হৈছে। এতিয়াও 300 জন লোক আৱদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত আছে।

উত্তৰাখণ্ড আৰক্ষীয়ে কয় যে, তীৰ্থযাত্ৰীসকলক উদ্ধাৰ কৰা হৈছিল আৰু সোনপ্ৰয়াগলৈ লৈ যোৱা হৈছে । এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে জিলা আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান চলাই আছে। 

Cloudburst and Landslides in India
Cloudburst and Landslides in India

আৰক্ষী সঞ্চালক প্ৰধান অভিনৱ কুমাৰে কয়, ধাৰাষাৰ বৰষুণৰ পিছতো উদ্ধাৰ অভিযান চলি আছে। তীৰ্থযাত্ৰী আৰু পৰ্যটকসকলক এই প্ৰতিকূল বতৰত বাবে কোনো স্থানলৈ যোৱাত বাধান প্ৰদান কৰা হৈছে ।

বুধবাৰৰ পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ৰুদ্ৰপ্ৰয়াগ অঞ্চলত বিস্তৰ ক্ষতি হৈছে । ঠায়ে ছিগিছে পথ, কৰবাত খহি পৰিছে। এই যুদ্ধকালীন প্ৰচেষ্টাৰ পৰিস্থিতি আৰু তীৰ্থযাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ যাত্ৰা শনিবাৰৰ লৈকে স্থগিত ৰখা হৈছে । 

কাৰণ কেদানাথলৈ যোৱাৰ পথত ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে । বৰ্তমানেও এন ডি আৰ এফৰ 12 টা দল আৰু এছডিআৰএফৰ 60 টা দলে উদ্ধাৰ অভিযান চলাই আছে।

ৰাজ্যিক বতৰ বিজ্ঞান বিভাগে অহা 48 ঘণ্টাত তেহৰী আৰু ৰুদ্ৰপ্ৰয়াগত ধাৰাষাৰৰ বৰষুণৰ দিব বুলি সতৰ্কবাণী দিছে। আইএমডিৰ সতৰ্কতাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী, স্থানীয় প্ৰশাসন, এছডিআৰএফ আৰু এনডিআৰএফ অধিক মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *