Champions Trophy 2025Champions Trophy 2025

Champions Trophy 2025: পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ পৰা নাম প্ৰত্যাহাৰৰ সম্ভাৱনা

Champions Trophy 2025: পাকিস্তানে চেম্পিয়নছ ট্ৰফীৰ পৰা নাম প্ৰত্যাহাৰৰ সম্ভাৱনা প্ৰাকট হৈ পৰিছে । যুযুধান ৰূপত থকা দুই দেশৰ ক্ৰিকেট বৰ্ডৰ সিদ্ধান্তই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট মহলত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে ।

ভাৰত-পাকিস্তান মানে পৰস্পৰে পৰস্পৰৰ কথাকে শুনিব নিবিচাৰে । শেহতীয়াকৈ পাকিস্তানত হবলগীয়া ক্ৰিকেট ইভেন্টক লৈ যুযুধান ৰূপ লৈছে । কোনো কাৰণতে পাকিস্তানলৈ ভাৰতীয় খেলুৱৈক পঠিয়াব বিচৰা নাই ভাৰতীয় ক্ৰিকেট বৰ্ডে ।

আইচিচি চেম্পিয়নছ ট্ৰফীৰ মেঘা ইভেন্টক লৈ কোনো কাৰণতে পিছুৱাই নাযায় পাকিস্তানৰ ক্ৰিকেট বৰ্ড । পাকিস্তান আকোৰ গোজ, ভাৰতীয় ক্ৰিকেট দল পাকিস্তানলৈ আহিবই লাগিব । ভাৰতীয় ক্ৰিকেট বৰ্ডেও কোনো কাৰণত পাকিস্তানৰ ভূমিত ভাৰতীয় খেলুৱৈকে পদাৰ্পন কৰাটো নিবিচাৰে ।

হাইব্ৰিড মডেলত আইচিচি চেম্পিয়নছ ট্ৰফীৰ মেচসমূহ আয়োজনৰ বাবে ভাৰতে প্ৰস্তাৱ দি আহিছে পাকিস্তানক । কিন্তু দুই দেশৰ আকোঁৰ-গোজ স্থিতিৰ বাবে বিৰিণাৰ মৰণ দৰে খেলুৱৈৰ । আইচিচি চেম্পিয়নছ ট্ৰফীৰ ইভেন্টকলৈ দুয়োখন দেশৰ মাজত যেন আন এখন যুদ্ধ হবলৈ গৈ আছে ।

২০২৫ৰ পহিলা মাহতে অনুষ্ঠিত হবলগীয়া আই চি চিৰ ইভেন্টক লৈ এতিয়া আন্তৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্ডৰ ন্যায়াপালিকাৰ কাষ চাপিছে পাকিস্তানে । ন্যায়াপালিকাৰ ৰায়ক সন্মান জনাব নে ভাৰত অথবা পাকিস্তানে ?

এইসমূহ প্ৰশ্নৰ মাজতে পকিস্তানৰ সংবাদমাধ্যম ‘ডন’ৰ(Dawn) এক প্ৰতিবেদন অনুসৰি,২০২৫ চনত পাকিস্তানে আয়োজন কৰিবলগীয়া আইচিচি চেম্পিয়নছ ট্ৰফীৰ মেচ আয়োজন নকৰাৰ সম্ভাৱনা আছে ।

প্ৰতিবেদনখনত ‘চৰকাৰী সূত্ৰ’ৰ উদ্ধৃতি দি কোৱা হৈছে যে পাকিস্তান চৰকাৰে পাকিস্তান ক্ৰিকেট ব’ৰ্ডক সীমা সমস্যা সমাধান নোহোৱালৈকে আইচিচি বা এছিয়ান গেমছত ভাৰতৰ সৈতে যিকোনো খেল খেলাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ।

পিটিআইৰ এক প্ৰতিবেদনত কোৱা হৈছে যে পাকিস্তান ক্ৰিকেট ব’ৰ্ডে চেম্পিয়নছ ট্ৰফী আয়োজনৰ বিষয়ে আইচিচিৰ পৰা স্পষ্টতা বিচাৰিব । কিয়নো তেওঁলোকক কেৱল অৱগত কৰা হৈছে যে ভাৰতে প্ৰতিযোগিতাখনৰ বাবে ভ্ৰমণ নকৰিব । কিন্তু হাইব্ৰিড মডেলৰ প্ৰস্তাৱ দিয়াৰ বিষয়ে কোনো শব্দ নাছিল।

আইচিচিয়ে পিচিবিক কৈছিল যে, ভাৰতৰ সিদ্ধান্তক বিশ্ব পৰিচালনা সমিতিক জনোৱাৰ পিছত বিচিচিআইয়ে পাকিস্তানলৈ প্ৰেৰণ নকাৰ স্থিতি লৈছে । “এতিয়ালৈকে হাইব্ৰিড মডেল প্ৰণালীত চেম্পিয়নছ ট্ৰফী থকাৰ বিষয়ে কোনো আলোচনা হোৱা নাই ।”

উল্লেখ্য যে, বিগত বছৰৰ এছিয়া কাপৰ সময়ত এক হাইব্ৰিড মডেল অনুসৰণ কৰা হৈছিল । যেতিয়া ভাৰতৰ মেচবোৰ শ্ৰীলংকাত অনুষ্ঠিত হৈছিল আৰু আন মেচবোৰ পাকিস্তানত খেলা হৈছিল।

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ আইনবিভাগৰ পৰামৰ্শ অনুসৰি আইচিচিলৈ এটা ইমেইল প্ৰেৰণ কৰিব লাগিব য’ত বৰ্ডে ভাৰতীয় সিদ্ধান্তৰ ওপৰত আইচিচিৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল ।

পাকিস্তানে চেম্পিয়নছ ট্ৰফী আয়োজন কৰিব নে নকৰে সেই সম্পৰ্কে পিচিবি আৰু পাকিস্তান চৰকাৰৰ সৈতে আলোচনাত বহাৰ সম্ভাৱনা আছে । পিচিবিয়ে ভাৰত চৰকাৰৰ নীতি নিৰ্দেশনাৰ বাবে অপেক্ষা কৰি আছে । 

Champions Trophy 2025
Champions Trophy 2025

ইফালে ভাৰতে অংশগ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বিষয়ে আইচিচিৰ পৰা স্পষ্টীকৰণ বিচাৰিব পাকিস্তানে । যদি পাকিস্তান চৰকাৰে ভাৰতৰ সৈতে ক্ৰিকেট সম্পৰ্কৰ ওপৰত কঠোৰ সিদ্ধান্ত ললে তেন্তে আইচিচিৰ আইনী প্ৰভাৱ পৰিব পাৰে। 

আনহাতে ভাৰত আৰু পাকিস্তানৰ মাজত শেষবাৰৰ বাবে ২০১২ চনত দ্বিপাক্ষিক শৃংখলা অনুষ্ঠিত হৈছিল । তেতিয়াৰ পৰা, দুয়োখন দেশে আইচিচি টুৰ্ণামেণ্ট আৰু এছিয়া কাপত ইজনে সিজনৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছে ৷

পাকিস্তানে ২০১৬ চনৰ টি-২০ বিশ্বকাপ আৰু ২০২৩ চনত এদিনীয়া বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৷ কিন্তু পাকিস্তান হবলগীয়া চেম্পিয়নছ ট্ৰফী ২০২৫ক লৈ অনিশ্চয়তাত সোমাই পৰিছে ।

২০২৫ৰ ১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখন সৰ্বমুঠ আঠটা দলে অংশগ্ৰহণ কৰিব ।পাকিস্তান ক্ৰিকেট বৰ্ডে আয়োজন কৰা প্ৰতিযোগিতাৰ ষ্টেডিয়ামবোৰ হৈছে লাহোৰ, ৰাৱালপিণ্ডি আৰু কৰাচী চহৰত অৱস্থিত। 

ভাৰতৰ স্থিতিক লৈ আইচিচিয়ে ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে । বিশেষ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, প্ৰথমে আইচিচিয়ে ভৱিষ্যতৰ পদক্ষেপ ঘোষণা কৰিব লাগিব । কিয়নো ই এক অনুষ্ঠানৰ কৰ্তৃপক্ষ । 

পিচিবিয়েও জানিবলৈ দিয়া অনুসৰি, ভাৰতৰ স্থিতিৰ সন্দৰ্ভত চলিত সপ্তাহত স্পষ্টীকৰণ বিচাৰি আইচিচিলৈ পত্ৰ  লিখা হ’ব বুলি উল্লেখ কৰিছে ।

“আইচিচিৰ পৰা পিচিবিয়ে এটা ইমেইল লাভ কৰিছে । য’ত কোৱা হৈছে যে বিচিচিআইয়ে তেওঁলোকক জনাইছে যে তেওঁলোকৰ দলে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে পাকিস্তান ভ্ৰমণ নকৰিব। পিচিবিয়ে তেওঁলোকৰ পৰামৰ্শ আৰু নিৰ্দেশনাৰ বাবে সেই ইমেইল পাকিস্তান চৰকাৰলৈ প্ৰেৰণ কৰিছে ।”

আইচিচিয়ে যি কয় তাকে মানিব লাগিব দুয়োখন দেশৰ ক্ৰিকেট বৰ্ডে । চেম্পিয়নছ ট্ৰফীৰ ২২ গজৰ যুদ্ধৰ বিপৰীতে দুয়োখন দেশৰ মাজত পুনৰ সামৰিক যুদ্ধলৈ ৰূপান্তৰিত নহলে ৰক্ষা ।

Leave a Reply

Your email address will not be published. Required fields are marked *