Can’t Print Unlimited Money 2024: ইচ্ছা অনুসৰি কিয় টকা ছপা কৰিব নোৱাৰে ?
Can’t Print Unlimited Money 2024: ইচ্ছা অনুসৰি কিয় টকা ছপা কৰিব নোৱাৰে ? টকাৰ তুলনাত ডলাৰৰ মূল্য কিয় বেছি ? আমেৰিকাৰ ডলাৰ ব্যৱহাৰৰ আঁৰত কি ?
টকাৰ জড়িয়ে কি কৰিব নোৱাৰে ? টকা অবিহনে জীৱনে অসম্ভৱ । টকাৰ বাবে ধনী-দুখীয়াৰ পাৰ্থক্য দেখা পোৱা যায়। এটা বস্তুৰ মূল্য নিৰ্ধাৰণ কৰে টকাই । কোনা এটা কামৰো টকাই নিৰ্ধাৰণ কৰে মূল্য ।
তেনে স্থলত ভাৰত চৰকাৰে দেশৰ পৰা দুখীয়া নিৰ্মূল কৰিবলৈ হিচাপে নকৰাকৈ প্ৰতিদিনে টকা ছপা কৰিব পাৰে । দুখীয়া নিৰ্মূলৰ বাবে কিয় ভাৰত চৰকাৰে এই কাম নকৰে ? কেৱল ভাৰতে নহয় বিশ্বৰ সকলো দেশে কিয় এটা নিৰ্দিষ্ট সীমাৱদ্ধতাত টকা ছপা কৰে ?
বৰ্তমান 1USD=84.07 ভাৰতীয় টকা । এই মূল্য কোনে আৰু কিহৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰে ? প্ৰয়োজন অনুসৰি কিয় টকা ছপা কৰিব নোৱাৰে ? আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত কোনো এখন দেশে কিয় আমেৰিকাৰ ‘ডলাৰ’লৈ(USD) কনভাৰ্ট কৰিব লগে টকা ?
আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত নিজ নিজ দেশৰ টকা কিয় ব্যৱহাৰ কৰা নহয় ? এই সকলোবোৰৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ পঢ়িব লাগিব এই প্ৰতিবেদন ।
ভাৰত চৰকাৰে কিয় ইচ্ছা অনুসৰি টকা ছপা কৰিব নোৱাৰে ?
ভাৰতৰ টকা ছপাৰ দায়িত্বত আছে ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া চুমকৈ RBIৰ । কিন্তু প্ৰয়োজন থাকিলেও টকা ছপা কৰিব নোৱাৰে RBIয়ে । ইয়াৰ আঁৰতে আছে সোণ । ভাৰতৰ RBIৰ ওচৰত যিমান পৰিমানৰ সোণ মজুত আছে তাৰ ওপৰত ভিত্তি কৰিহে টকা ছপা কৰিব পাৰিব ।
শেহতীয়াকৈ ভাৰতে UKৰ পৰা ১০০ টন সোণ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে । ১৯৯১ চনত দেশত আৰ্থিক সংকটৰ সময়ত দেশক উদ্ধাৰ কৰিবলৈ RBIয়ে বেংক অৱ ইংলেণ্ড আৰু বেংক অৱ জাপানক প্ৰায় ৪৭ টন সোণ জমা কৰিছিল ।
কিহৰ ওপৰত ভিত্তি কৰি টকা আমেৰিকান ডলাৰলৈ কনভাৰ্ট কৰা হয় ?
যেনে, ভাৰতত যি সামগ্ৰীৰ বেছিকৈ প্ৰয়োজন সেই সামগ্ৰী পৰ্যাপ্ত পৰিমাণে উৎপাদন নাই । সেয়ে ভিন্ন দেশৰ ওপৰত নিৰ্ভৰ । কোনো এখন দেশে ভাৰতৰ প্ৰয়োজনীয় সামগ্ৰীটো বিক্ৰী কৰিব বিচাৰিব ।
দেশখনে নিৰ্ধাৰণ কৰিব এটা মূল্য । ভাৰতে সেই সামগ্ৰীটো ক্ৰয় কৰি কম বেছি পৰিমাণে প্ৰয়োজন পূৰ্ণ কৰিব । দুয়োখন দেশৰ মাজত সামগ্ৰীটোৰ ক্ৰয়-বিক্ৰী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ হয় অমেৰিকান ডলাৰ ।
ভাৰতে আমেৰিকাৰ পৰা টকাৰ বিনিময়ত ক্ৰয় কৰি ডলাৰ । ভাৰতৰ টকাৰ মূল্য নিৰ্ধানৰ কৰিব আমেৰিকাৰ সোণৰ মূল্যৰ ওপৰত ভিত্তি কৰি । বৰ্তমান1USD=84.07 Indian Rupee
আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত কিয় ব্যৱহাৰ হয় আমেৰিকান ডলাৰ ?
ইয়াৰ আঁৰতে আছে দুবাৰকৈ হোৱা বিশ্ব যুদ্ধ । প্ৰথম আৰু দ্বিতীয় বিশ্ব যু্দ্ধৰ বাবে অধিক লাভ হ’ল আমেৰিকা। প্ৰথম বিশ্ব যু্দ্ধত সক্ৰিয়ভাৱে জড়িত নাছিল আমেৰিকা । সেয়ে যুদ্ধ চলি থকা দেশসমূহক আমেৰিকাই অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিলে । বিনিময়ত আমেৰিকাই সেই দেশসমূহৰ পৰা সংগ্ৰহ কৰিলে বৃহৎ পৰিমাণৰ সোণ ।
সেয়ে দেশসমূহক প্ৰয়োজনীয় অস্ত্ৰ-শস্ত্ৰ যোগান ধৰিবলৈ উৎপাদন বৃদ্ধি কৰিলে । যদিও দ্বিতীয় বিশ্ব যুদ্ধত সক্ৰিয়ভাৱে আমেৰিকা নামি পৰিছিল তথাপিও বৃহৎ পৰিমাণ সোণ জমা হৈ আছিল ।
যুদ্ধ শেষ হোৱালৈ আমেৰিকাৰ হাতত আছিল ৬২৮.৪ মিলিয়ন টান সোণ । বিশ্বৰ ৮০ শতাংশ সোণ আমেৰিকাৰ হাততে আছিল । ফলত বিশ্বৰ বহু দেশ আৰ্থিকভাবে দুৰ্বল হৈ পৰিছিল । বিভিন্ন সমস্যাই বিশ্বত গা কৰি উঠিছিল ।
এই সকলোবোৰ সমস্যা সমাধানৰ বাবে দেশসমূহৰ মাজত ১৯৪৪ চনৰ ১-২২ জুলাইলৈ এক বিশেষ বৈঠক হৈছিল । সেই বৈঠকতে আন্তৰাষ্ট্ৰীয় মুদ্ৰা পুঁজি চুমকৈ IMF(International Monetary Fund) আৰু আন্তৰ্জাতিক পুনঃগঠন আৰু উন্নয়ন বেংক চমুকৈ IBRD (International Bank for Reconstruction and Development) জন্ম দিয়ে।
উক্ত বৈঠককে Bretton Woods Conference বুলি জনাজাত । (বৰ্তমান IBRDক বিশ্ব বেংক World Bank হিচাপে জনাজাত ।) উক্ত বৈঠকতে সিদ্ধান্ত লোৱা হ’ল যে, যুদ্ধৰ বাবে প্ৰায়বোৰ দেশৰ যিহেতুকে সোণ মজুত নাই ।
সেই বাবে দুখন দেশৰ মাজত হবলগীয়া বাণিজ্যিৰ ক্ষেত্ৰত আমেৰিকাই প্ৰদান কৰিব ডলাৰ । সেই ডলাৰ মাধ্যমেৰে দুয়োখন দেশৰ মাজত বাণিজ্য সম্পন্ন হব । তেতিয়াৰ পৰাই আন্তৰাষ্ট্ৰীয় বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকান ডলাৰ ব্যৱহাৰ কৰা হয় ।