Bypolls 2024: ৩১ টা সমষ্টিৰ উপ-নিৰ্বাচনতBypolls 2024: ৩১ টা সমষ্টিৰ উপ-নিৰ্বাচনত

Bypolls 2024: দেশৰ ১০ খন ৰাজ্যৰ ৩১ টা সমষ্টিত ক’ত কিমান শতাংশ ভোটদান ?

Bypolls 2024ত দেশৰ ১০ খন ৰাজ্যৰ ৩১ টা সমষ্টিত বুধবাৰে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয় । উপ-নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান সম্পন্ন হৈছে ।

অসমৰ পাঁচ সমষ্টিৰ লগতে ৯ ৰাজ্যৰ ২৬ টা সমষ্টিত আজি অনুষ্ঠিত হয় উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অসমৰ ৩৫ গৰাকী প্ৰাৰ্থী ভাগ্য বন্দী হ’ল EVMত । পাঁচ সমষ্টিত প্ৰায় ৯ লাখ ১০ হাজাৰ ৬৬৫গৰাকী ভোটাৰ আছিল ।

অসমৰ চামগুৰি সমষ্টিত সৰু-বৰ বিক্ষিপ্ত ঘটনাৰ মাজেৰে অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালকৈ হোৱা ভোটদান প্ৰক্ৰিয়াত ৰাজ্যৰ পাঁচ সমষ্টিত ৭২.৮৩ শতাংশ ভোটদান সম্পন্ন হৈছে ।

সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা চামগুৰিত বিয়লি ৫ বজালৈকে সৰ্বমুঠ ৭৮.০১ শতাংশ ভোটদান হয় । ঠিক একে দৰে ধলাই সমষ্টিত ৭২.৮ শতাংশ, বিহালীত ৭৩.৭০ শতাংশ, বঙাইগাঁৱত ৬৯.০৮ শতাংশ আৰু চিদলীত ৭১.০৫ শতাংশ ভোটদান সম্পন্ন হয় ।

সকলোৰে দৃষ্টি নিৱদ্ধ হৈ থকা চামগুৰিত বিয়লি ৫ বজালৈকে সৰ্বমুঠ ৭৮.০১ শতাংশ ভোটদান হয় । ঠিক একে দৰে ধলাই সমষ্টিত ৭২.৮ শতাংশ, বিহালীত ৭৩.৭০ শতাংশ, বঙাইগাঁৱত ৬৯.০৮ শতাংশ আৰু চিদলীত ৭১.০৫ শতাংশ ভোটদান সম্পন্ন হয় ।

চামগুৰি আৰু বিহালী সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰক ভয়ভাবুকি আৰু ৰিগিং কৰাৰ অভিযোগ উঠিছে । চামগুৰিৰ ১০ টাকৈ ভোটকেন্দ্ৰত ব্যাপক হাৰত অনিয়মৰ অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এক স্বৈৰাচাৰী শাসন চলিছে । 

বৰাই লগতে কয় যে, বিহালী সমষ্টিৰ গাংমৌ এলেকাত সাংসদ ৰঞ্জিত দত্তই ভোটাৰক দাবী ধমকি দিয়াই ইয়াৰ উদাহৰণ বুলি উল্লেখ ।

ইফালে ভোটদান চলি থকাৰ মাজতে চমগুৰিৰ খলিহামাৰীত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক আক্ৰমণৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰে ।

হাৰুণ ৰছিদ আৰু মেৰাজুল হক নামৰ দুই কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে উঠিছে এই অভিযোগ । এই ঘটনাৰ সন্দৰ্ভত দিপ্লুৰঞ্জন শৰ্মাই কয় যে, চামগুৰিত হিংসা সৃষ্টি কৰা মানুহটোৱে হৈছে ৰকিবুল হুছেইন ।

আনহাতে ভোটগ্ৰহণ চলি থকাৰ সময়ত চামগুৰিৰ শ’লমাৰীৰ ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অভিযোগ অনুসৰি কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।

আনহাতে ভোটগ্ৰহণ চলি থকাৰ সময়ত চামগুৰিৰ শ’লমাৰীৰ ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অভিযোগ অনুসৰি কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।

আনহাতে ভোটগ্ৰহণ চলি থকাৰ সময়ত চামগুৰিৰ শ’লমাৰীৰ ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । অভিযোগ অনুসৰি কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ।

চামগুৰিৰ কোটায়নীতো বিজেপি-কংগ্ৰেছ কৰ্মীৰ মাজত সংঘাটত লিপ্ত হয় । ৩ কংগ্ৰেছীৰ নেতাই বিৰুদ্ধে কোটায়নী ভোটকেন্দ্ৰ দখলৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে । অভিযোগ অনুসৰি, তিনি কংগ্ৰেছ কৰ্মীক বাধা প্ৰদান কৰাৰ বাবে বিজেপি কৰ্মীক মাৰধৰ কৰে ।

ধলাইৰ পালংঘাটৰ এমভি স্কুলৰ ভোট কেন্দ্ৰত বিজেপিৰ দলীয় কৰ্মীয়ে প্রচাৰ চলোৱা বুলি অভিযোগ উত্থাপন হয় । ভোটাৰৰ হাতত বিজেপিয়ে বিশেষ এক পত্ৰ দিয়া বুলি নির্দল প্রার্থীৰ অমেলেন্দু দাসে অভিযোগ উত্থাপন কৰে ।

Bypolls 2024
Bypolls 2024

৯ ৰাজ্যৰ ২৬ টা সমষ্টিত ভোটদানৰ হাৰ

অসমৰ লগতে ৯ ৰাজ্যৰ উপ-নিৰ্বাচনলৈ যদিহে চোৱা যায় তেতিয়া হলে বিয়লি ৫ বজালৈকে ৰাজস্থানত সৰ্বমুঠ ৬৫ শতাংশ ভোটদান সম্পন্ন হৈছে ।

ইয়াৰে ৰামগড়ত সৰ্বাধিক ৭১.৪৫%, খিনভাচাৰত ৭১.০৪%, চৌৰাচীত ৬৮.৫৫%, চালুমবাৰত ৬৪.১৯%, দেউলি উনিয়াৰাত ৬০.৬১%, ঝুনঝুনুত ৬১.৮%, আৰু দৌচাত ৫৫.৬৩% ভোটদান সম্পন্ন হৈছে ।

কৰ্ণাটকৰ তিনিটা সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণত সৰ্বমুঠ ৭৭ শতাংশ ভোটদান সম্পন্ন হৈছে । কৰ্ণাটকৰ তিনিটা সমষ্টিৰ ভিতৰত চান্নাপাটনাত সৰ্বাধিক ৮৪.২৬% , শিগাঁৱত ৭৫.০৭% আৰু চেণ্ডুৰত ৭১.৪৭% ভোটদান সম্পন্ন হয় ।

পশ্চিম বংগৰ ৬টাকৈ সমষ্টিত অনুষ্ঠিত হোৱা ভোটগ্ৰহণত ৭০ শতাংশ ভোটদান সম্পন্ন হৈছে । নিৰ্বাচন আয়োগে জানিবলৈ দিয়া অনুসৰি তালদাংৰাত ৭৫.২০%, হাৰোয়াত ৭৩.৯৫%, মেদিনীপুৰত ৭১.৮৫%, সীতাইত ৬৬.৩৫%, মাদাৰিহাটত ৬৪.১৪% আৰু নাইহাটিত ৬২.১০% ভোটদান সম্পন্ন হয় ।

কেৰালাৰ ৱাইনাড সংসদীয়া সমষ্টিত অনুষ্ঠিত ভোটগ্ৰহণত বিয়লি ৫ বজালৈকে প্ৰায় ৭০ শতাংশ ভোটদান সম্পন্ন হয় । উল্লেখ্য যে, অসমত ৫ টা, বিহাৰত ৪টা, ছত্তীশগড়ত ১টা, গুজৰাটত ১টা, কৰ্ণাটকত ৩টা, মধ্য প্ৰদেশত ২টা, মেঘালয়ত ১টা, ৰাজস্থানত ৭টা, ছিকিমত ২টা, পশ্চিম বংগত ৬টা সমষ্টিত অনুষ্ঠিত হৈছিল উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ ।

Leave a Reply

Your email address will not be published. Required fields are marked *