Bangladesh PM Resigned : প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ শ্বেখ হাছিনাৰ, সংঘৰ্ষত 300ৰো অধিক নিহত ।
বাংলাদেশৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ শ্বেখ হাছিনাৰ
ৰাইজে দেখুওৱাই দিলে ৰাইজৰ শক্তি কিমান ? বুজাই দিলে ৰজাই যদি অহংকাৰী আৰু হিটলাৰী হলে কেনেকৈ জনসাধাৰণে ওফৰাব পাৰে । জনহীত বিৰুধী কাম কৰাৰ পৰিণাম ভোগিলে হাছিনা চৰকাৰে । বাংলাদেশত আগন্তুক 24ঘন্টাৰ ভিতৰত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰা হ’ব ।
বিগত 15 জুলাইৰ পৰা আসন সংৰক্ষণৰ বিৰোধীতাৰে ৰাজপথতত সাব্যস্ত কৰিছিল প্ৰতিবাদ । সেই প্ৰতিবাদ দমনৰ বাবে বাংলাদেশৰ চহৰসমূহত কাৰ্ফিউ জাৰি কৰিছিল । তথাপিও শান্ত হোৱা নাছিল প্ৰতিবাদ । বৰঞ্চ সেনাৰ গুলীলৈ ভয় নকৰি বুকুত গুলী পাতি লবলৈও সাজু হৈছিল ।
সেনা আৰু প্ৰতিবাদকাৰীৰ সংঘৰ্ষত বৰ্তমানলৈকে 300ৰো অধিক লোক নিহত হৈছে বুলি জানিব পৰা গৈছে ।
সংঘৰ্ষ জৰ্জৰ বাংলাদেশ সেনাৰ তত্বাৱধানত, দেশ এৰি পলায়ন শ্বেখ হাছিনাৰ
ইফালে বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে হাছিনাৰ পদত্যাগৰ কথা ঘোষণা কৰি কয় যে, ৰাষ্ট্ৰপতিৰ সৈতে আলোচনা কৰি অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।
বাংলাদেশৰ প্ৰধানমন্ত্ৰীপদৰ পৰা আৱামী লীগৰ সভাপতিৰ পদত্যাগ আৰু দেশ এৰি যোৱাৰ এঘণ্টাৰ ভিতৰতে হাজাৰ হাজাৰ লোকে গণভাবনত প্ৰৱেশ কৰিছিল ।
আনহাতে প্ৰতিবাদকাৰীয়ে গণভবনৰ পৰা বিভিন্ন আচবাব সামগ্ৰী, বৈদ্যুতিক সঁজুলি আৰু আনকি পোহনীয়া ছাগলী আৰু হাঁহৰ লৈ যোৱাৰ দৃশ্যও দেখা পোৱা গৈছিল ।
আনহাতে প্ৰতিবাদকাৰীয়ে গণভবনৰ পৰা বিভিন্ন আচবাব সামগ্ৰী, বৈদ্যুতিক সঁজুলি আৰু আনকি পোহনীয়া ছাগলী আৰু হাঁহৰ লৈ যোৱাৰ দৃশ্যও দেখা পোৱা গৈছিল ।
আনহাতে প্ৰতিবাদকাৰীয়ে গণভবনৰ পৰা বিভিন্ন আচবাব সামগ্ৰী, বৈদ্যুতিক সঁজুলি আৰু আনকি পোহনীয়া ছাগলী আৰু হাঁহৰ লৈ যোৱাৰ দৃশ্যও দেখা পোৱা গৈছিল ।
বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হ’ব নবেল বঁটা বিজয়ী মহাম্মদ ইউনুছ
দুখীয়াৰ বেংক হিচাপে প্ৰসিদ্ধ লাভ কৰা ন’বেল বঁটা বিজয়ী ড০ মুহাম্মাদ ইউনুছক ছাত্ৰ সমাজে আহ্বন জনোৱা হৈছিল । দেশক ৰক্ষাৰ বাবে ছাত্ৰ সমাজৰ আহ্বানত অধ্যাপক ইউনুছে এই গুৰুত্বপূৰ্ণ দায়িত্ব ল’বলৈ সন্মত হৈছে বুলি নাহিদ ইছলামে কয়।
যেতিয়া প্ৰধানমন্ত্ৰী পদৰ পৰা শ্বেখ হাছিনাই পদত্যাগ কৰে আৰু সামৰিক বিমানেৰে বাংলাদেশৰ পৰা পলায়ন কৰে তেতিয়া বাংলাদেশত সংকট উদ্ভৱ হয়।
আকস্মিক ৰাজনৈতিক পৰিৱৰ্তনে সমগ্ৰ দেশতে ব্যাপক বিশৃংখলতাৰ সৃষ্টি কৰিছিল। হাছিনাৰ প্ৰস্থানৰ বাতৰি বিয়পি পৰাৰ লগে লগে জনতাই গণভৱনত প্ৰৱেশ কৰি সম্পত্তি অনিষ্ট কৰিছিল । শেহতীয়া হিংসাত্মক পৰিস্থিৰ বাবে 300 ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছিল।
অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বভাৰ লোৱাৰ লগে লগে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ড০ ইউনুছে । নাহিদ ইছলামে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনক অন্তৱৰ্তীকালীন চৰকাৰ গঠনত্ব ত্বৰান্বিত কৰিবলৈ আহ্বান জনায় ।
আনহাতে, ৰাষ্ট্ৰপতিৰ শেহতীয়া কাৰ্যকলাপত আছে সংসদ ভংগ কৰা আৰু খালেদা জিয়াৰ মুক্তিৰ নিৰ্দেশ দিয়া । ড০ ইউনুছে নতুন দায়িত্ব লোৱাৰ লগে লগে বিশ্ববাসীৰ দৃষ্টি বাংলাদেশৰ ওপৰত ।
আনহাতে, ড০ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে নিযুক্তি দিয়াটোৱে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিছু ৰাষ্ট্ৰই ইয়াক বিদেশী শক্তি, বিশেষকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পৰিচালিত এক কৌশলগত পদক্ষেপ হিচাপে বিবেচনা কৰে।
লেখক সন্দীপ ঘোষে উল্লেখ কৰে যে, অনুমান কৰা হৈছে যে ইউনুছৰ নিযুক্তি পূৰ্বপৰিকল্পিত আছিল । যি প্ৰভাৱশালী আন্তৰ্জাতিক সংস্থাসমূহৰ সৈতে তেওঁৰ সু-সম্পৰ্কৰ আছিল ।
লগতে পৰিস্থিতিটো অধিক জটিল কৰি তোলাত সহায় কৰিছিল বিদেশী চোৰাংচোৱা সংস্থাই । বিশেষকৈ পাকিস্তানৰ আইএছআই আৰু চীনৰ প্ৰতি অভিযোগৰ আঙুলি উঠিছে ।
অভিযোগ অনুসৰি, শাসন পৰিৱৰ্তনৰ ব্লুপ্ৰিণ্ট লণ্ডনত আইএছআইৰ সহযোগিতাৰে প্ৰস্তুত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বাংলাদেশত কাৰ্যকৰী কৰা হৈছিল। জামাত-ই-ইছলামী বাংলাদেশৰ ছাত্ৰ শাখা ইছলামী ছাত্ৰ শিবিৰে (আই চি এছ) পৰিকল্পনা ৰচনা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । যিয়ে ব্যাপক অস্থিৰতা সৃষ্টি কৰিছিল।
বাংলাদেশত হিন্দুসকল আক্ৰমণৰ লক্ষ্য হৈ পৰিছে নেকি ?
এই প্ৰতিবাদে সংখ্যালঘু সম্প্ৰদায়, মুখ্যত হিন্দুসকল আক্ৰমণৰ সন্মুখীন হৈছে। শ্বেখ হাছিনা ভাৰতলৈ পলাই অহাৰ পাছতে অধিক পৰিস্থিতি ভয়াবহ হৈ পৰিছে ।
ইফলাে এতিয়াও অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’বলৈ বাকী থকাৰ লগে লগে মন্দিৰসমূহত জুই লগোৱাৰ ভিডিঅ’ আৰু হিন্দুসকলৰ ঘৰ আৰু ব্যৱসায়ীক আক্ৰমণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।
অৱশ্যে, একে সময়তে, বাংলাদেশৰ মুছলমান ধৰ্মগুৰুসকলে কুমিল্লাৰ এটা হিন্দু মন্দিৰত পহৰা দিয়াৰ দৃশ্যও দেখা গৈছে ৷
বাংলাদেশৰ একাংশ সংবাদমাধ্যৰ বাতৰি অনুসৰি, সোমবাৰে কমেও 27 খন জিলাত হিন্দুসকলৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত দুৰ্বৃত্তই আক্ৰমণ কৰে আৰু মূল্যৱান সামগ্ৰীও লুটি লৈ যোৱাৰ অভিযাগ উঠিছে ।
বাংলাদেশৰ খুলনাত অৱস্থিত মেহেৰপুৰৰ এটা ই’স্কন মন্দিৰ আৰু এটা কালী মন্দিৰ ভাঙি জুই লগোৱা বুলি প্ৰাকশ পাইছে বাতৰিত।
“মেহেৰপুৰত থকা আমাৰ এটা ইস্কন কেন্দ্ৰ জ্বলাই দিয়া হৈছিল, যাৰ ভিতৰত আছে ভগৱান জগন্নাথ, বালাদেৱ আৰু সুভদ্ৰ দেৱীৰ প্ৰতিমূৰ্তি। কেন্দ্ৰটোত বাস কৰা তিনিজন লোক কথমপি প্ৰাণ ৰক্ষা পৰে । এই মন্তব্য কৰে ইস্কনৰ মুখপাত্ৰ যুধিষ্টিৰ গোবিন্দা দাসৰ।
ইফালে, ৰংপুৰ মহানগৰ নিগমৰ হিন্দু কাউন্সিলাৰ হৰধন ৰয়কো প্ৰতিবাদকাৰীয়ে দেওবাৰে হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে। লগতে, কাজল ৰয় নামৰ আন এজন কাউন্সিলাৰকো হত্যা কৰা হৈছিল বুলি জানিব পৰা গৈছে।
দেওবাৰে প্ৰতিবাদকাৰীসকলে শ্বেখ হাছিনাৰ পদত্যাগৰ আহ্বান জনোৱাৰ লগতে আৰক্ষীৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত 100 ৰো অধিক লোকৰ মৃত্যু হৈছিল।
বাংলাদেশৰ এজন হিন্দু লোকে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে, চিটাগঙৰ নৱগ্ৰহ মন্দিৰত প্ৰতিবাদকীয়ে জ্বলাই দিছিল ।
বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান একতা পৰিষদে X-ত এটা পোষ্টত পোৱা ভিডিঅৰ ভিত্তিত হিন্দু সম্প্ৰদায়ৰ মন্দিৰ, ঘৰ আৰু প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ কৰা 54 টা ঘটনা হোৱা বুলি উল্লেখ কৰিছে । ইয়াৰ ভিতৰত আছে ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰ, যি ভাৰত-বাংলাদেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ প্ৰচাৰ কৰে ৷
বৰ্তমান, বাংলাদেশৰ জনসংখ্যাৰ প্ৰায় 8 শতাংশ হিন্দু, বা প্ৰায় 13.1 নিযুত লোক হিন্দু । 1951 চনত বাংলাদেশত হিন্দুৰ জনসংখ্যাত আছিল 22 শতাংশ।
হিন্দু আমেৰিকান ফাউণ্ডেচনৰ এক প্ৰতিবেদন অনুসৰি, 1964 আৰু 2013 চনৰ ভিতৰত ধৰ্মীয় অত্যাচাৰৰ বাবে 11 নিযুতৰো অধিক হিন্দু পৰিয়ালে বাংলাদেশৰ পৰা পলায়ন কৰিছিল ।
হিন্দু সংগঠন অইক্য পৰিষদৰ জ্যেষ্ঠ যুটীয়া সাধাৰণ সম্পাদক মনিন্দ্ৰ কুমাৰ নাথে কয়, “হিন্দুসকল কান্দি থাকিব লগীয়া পৰিস্থিতৰ সৃষ্টি হৈছে । হিন্দুৰ ওপৰত আক্ৰমণ কৰা হৈছে । হিন্দুৰ ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠান আক্ৰমণ কৰি লুণ্ঠন কৰা হৈছে। আমাৰ দোষ কি? আমি দেশৰ নাগৰিক হোৱাটো আমাৰ দোষ নেকি?”
“যদি ইয়াত এনে ধৰণৰ আক্ৰমণ অব্যাহত থাকে তেন্তে আমি ক’লৈ যাম? আমি হিন্দু সম্প্ৰদায়ৰ সদস্যসকলক কেনেকৈ সান্ত্বনা দিম ? এই দৰে তেওঁ কয়।
হাছিনা পলায়নৰ পাছতে বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (বি এন পি) আৰু জামাত-ই-ইছলামীয়ে ৰাজনৈতিক ক্ষেত্ৰত শক্তিশালী ভৰি দিয়াৰ সম্ভাৱনা আছে, যাৰ ফলত হিন্দু শৰণাৰ্থীৰ সম্ভাৱ্য প্ৰৱেশ ঘটিছে।
ভাৰতে বাংলাদেশৰ সৈতে প্ৰায় 4,096 কিলোমিটাৰ দীঘল ভূমি আৰু নদীৰ সীমা ভাগ-বতৰা কৰিছে ৷ পশ্চিম বংগৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়ে ইতিমধ্যে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰক বাংলাদেশৰ পৰা এক কোটি হিন্দুক আশ্ৰয় দিবলৈ সাজু থকাৰ বিষয়ে সতৰ্ক কৰি দিছে৷”
সুভেন্দু অধিকাৰীয়ে কয়, ‘যদি এই পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহে, মানসিকভাৱে এক কোটি হিন্দু শৰণাৰ্থীক আশ্ৰয় দিবলৈ সাজু থাকিব। যদি তাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰা নহয়, জামাত আৰু মৌলবাদীয়ে নিয়ন্ত্ৰণ ল’ব।
বিজেপি নেতা সুনীল দেওধৰে Xৰ জড়িয়তে কয় যে, বাংলাদেশত হিন্দুসকলৰ সুৰক্ষাক প্ৰাথমিকতা দিয়া উচিত। হিন্দুসকলৰ বিৰুদ্ধে ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।
শ্বেখ হাছিনাৰ পদত্যাগৰ পাছতে খালেদা জিয়াক মুক্তি
ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে হাছিনা চৰকাৰৰ পতন আৰু সেনাৰ অধিগ্ৰহণৰ বিষয়ে আলোচনা কৰিবলৈ এক সৰ্বদলীয় বৈঠকত সভাপতিত্ব কৰিছিল। সোমবাৰে, ভাৰতত অৱতৰণ কৰা বহিষ্কৃত নেতাজন এতিয়াও দেশখনত আছে।
বাংলাদেশত 19,০০০ ভাৰতীয় আছে, যাৰ ভিতৰত আছে 9,০০০ ছাত্ৰ”: এছ জয়শংকৰ । আনহাতে চৰকাৰে ঢাকাত ভাৰতীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে বুলি আশ্বাস দিয়ে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে মঙলবাৰে কৈছিল যে, দীৰ্ঘদিনীয়া শাসক শ্বেখ হাছিনাক গণ প্ৰতিবাদৰ পিছত সাৱধানতা হিচাপে অনা-জৰুৰীকালীন কৰ্মীসকলক বাংলাদেশ এৰি যাবলৈ নিৰ্দেশ দিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰই যোৱা মাহত নাগৰিকসকলক বাংলাদেশ ভ্ৰমণ নকৰিবলৈ সতৰ্ক কৰি দিছিল, অসামৰিক অস্থিৰতা, অপৰাধ আৰু সন্ত্ৰাসবাদৰ আশংকাৰ কথা উল্লেখ কৰি।
2009 চনৰ পৰা শাসনত থকা প্ৰধানমন্ত্ৰী হাছিনাই সোমবাৰে পলাই যায় যেতিয়া প্ৰথমতে চাকৰিৰ আসন সংৰক্ষণক লৈ ক্ষোভৰ ফলত হোৱা গণ প্ৰতিবাদৰ ফলত তেওঁক উৎখাত কৰাৰ আন্দোলন আৰম্ভ হয়।
নিৰাপত্তা বাহিনীয়ে অস্থিৰতা দমন কৰিবলৈ চেষ্টা কৰাৰ ফলত শ শ লোক নিহত হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰই সোমবাৰে সামৰিক বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰে ।
বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দীনে মঙলবাৰে সংসদ ভংগ কৰি অন্তৱৰ্তীকালীন প্ৰশাসনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰে ।
ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মঙলবাৰে এক সৰ্বদলীয় বৈঠকত জনায় যে, নিজৰ দেশত ব্যাপক প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰি ভাৰতলৈ অহা বাংলাদেশী নেতা শ্বেখ হাছিনাৰ শেহতীয়া ঘটনাৱলীক লৈ হতবাক হৈ পৰিছো ।
49 বছৰ পূৰ্বে মুজিবৰক ধানমণ্ডিৰ বাসগৃহত হত্যা কৰিছিল
পাকিস্তান চৰকাৰ আৰু সেনাৰ অত্যাচাৰৰ প্ৰতিবাদত 1971 চনৰ 7 মাৰ্চত মজিবুৰক ঢাকাৰ ৰেচ কোৰ্চ গ্ৰাউণ্ডত স্বাধীনতা ঘোষণা কৰি কয়, “মই তেজৰে তেজৰ ঋণ পৰিশোধ কৰিবলৈ সাজু।”
কেৱল মুজিবৰ হিচাপে নহয়, বংগ বন্ধু হিচাপে জনাজাত আছিল । তেওঁৰ পত্নী ফাজিলাতুন্নেছা, তিনিপুত্ৰ শ্বেখ কামাল, শ্বেখ জামাল, 10 বছৰীয়া সন্তান শ্বেখ ৰাছেল, দুই বোৱাৰী চুলতানা কমল আৰু ৰোজি জামালকো তেওঁৰ সৈতে ঢাকা চহৰৰ ধনমণ্ডি 32 ত হত্যা কৰা হৈছিল।
মুজিবৰ দুগৰাকী কন্যা হাছিনা আৰু ৰেহানা বিদেশত থকাৰ বাবে প্ৰাণ ৰক্ষা কৰিছিল। ঘটনাক্ৰমে, সোমবাৰে দুয়োজন সৈন্যই এখন হেলিকপ্টাৰত ঢাকা এৰি যোৱাৰ কেইঘণ্টামানৰ ভিতৰতে মুজিবৰ স্মৃতিত 32 ধানমণ্ডি ৰোডৰ সংগ্ৰহালয়টো ছাই হৈ যায়।
বংগবন্ধুৰ হত্যাৰ পিছত 1971 চনত বাংলাদেশক যি স্বাধীনতাৰ সপোন দেখুওৱাইছিল । অভিযোগ কৰা হৈছে যে, প্ৰশাসনৰ পৰা ৰাজনীতিলৈকে সকলো ঠাইতে পাকিস্তানী আদৰ্শৰ প্ৰভাৱ সেই সময়ত আৰম্ভ কৰা হৈছিল।
বংগবন্ধুৰ হত্যাৰ কেইঘণ্টামানৰ ভিতৰতে সেনাৰ সমৰ্থনত ৰাষ্ট্ৰপতি হোৱা খোন্দাকাৰ মোস্তক আহমেদৰ চৰকাৰে বাংলাদেশ বেতাৰৰ নামৰ ৰেডিঅ’ বাংলাদেশলৈ সলনি কৰে।
1971 চনৰ মুক্তি যুদ্ধৰ সময়ত অতি জনপ্ৰিয় হোৱা ‘জয় বাংলা’ শ্লোগানটো ‘বাংলাদেশ জিন্দাবাদ’লৈ সলনি কৰা হৈছিল। স্বাধীনতা সংগ্ৰামৰ সময়ত যুদ্ধবন্দী 11,000 লোকক এবছৰৰ ভিতৰত কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল ।