Table of Contents
ToggleBangladesh Interim Government 2024: বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ মুৰব্বী হিচাপে শপত ল’লে মহম্মদ ইউনুছে ।
বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ মুৰব্বী হিচাপে শপত ল’লে নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে
আজি গঠন কৰিলে বাংলাদেশত অন্তৱৰ্তীকালীন চৰকাৰ । বাংলাদেশ চৰকাৰৰ মুৰব্বী হিচাপে শপত ল’লে নবেল বঁটা বিজয়ী মহম্মদ ইউনুছে । তেওঁ বৃহস্পতিবাৰে নিশা নতুন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণ কৰে । তেওঁৰ সৈতে 16 জনকৈ সদস্যই শপত গ্ৰহণ কৰে ।
বংগভাৱনৰ দৰবাৰ হ’লত নিশা 9 বজাত (স্থানীয় সময়অনুসৰি) শপত গ্ৰহণ অনুষ্ঠিত হয়। ইউনুছে ৰাষ্ট্ৰপতি মহম্মদ শ্বাহবুদ্দিনৰ উপস্থিতিত শপত গ্ৰহণ কৰিছিল। ইউনুছে মুখ্য উপদেষ্টাৰ শপত গ্ৰহণ কৰিছিল আৰু গোপনীয়তাৰ শপত বাক্য লয় ।
শপত গ্ৰহণ অনুষ্ঠানৰ আৰম্ভণিতে আন্দোলনৰ ভুক্তভোগীসকলৰ স্মৃতিত মৌনতা পালন কৰা হয়। অনুষ্ঠানটো বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হৈছিল।
ইউনুছৰ নেতৃত্বত বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা মণ্ডলীত 16 জন সদস্য আছে। তেওঁলোক হৈছে চালেহ উদ্দিন আহমেদ, আচিফ নজৰুল, আদিলুৰ ৰহমান খান, হাছান আৰিফ, তোহিদ হোছেইন, চৈয়দা ৰেজৱানা হাছান ।
লগতে, নাহিদ ইছলাম, আচিফ মাহমুদ সজিব ভূঞা, জেনেৰেল এম সখাৱত হোছেইন, সুপ্ৰোদীপ চাকমা, ফৰিদা আখতেৰ, বিধান ৰঞ্জন ৰয়, খালিদ হাছান, নুৰজাহান বেহিদচুম, ফাৰ্গুম আৰু ফাৰ্গুগুম। তেওঁলোকৰ ভিতৰত সুপ্ৰদীপ, বিধান ৰঞ্জন আৰু ফাৰুকুই উপস্থিত নাছিল শপত গ্ৰহণ অনুষ্ঠানত ।
অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণৰ পাছতে ইউনুছে কয়, “মই বাংলাদেশৰ সংবিধানক সমৰ্থন আৰু প্ৰতিৰক্ষা কৰিম। মই সততাৰে মোৰ কৰ্তব্য পালন কৰিম। ’’
বাংলাদেশৰ এই অন্তৱৰ্তীকালীন চৰকাৰৰ পৰামৰ্শদাতা পৰিষদত যুৱ আৰু জ্যেষ্ঠ নেতাৰ সংমিশ্ৰণ দেখা গৈছে। নাহিদ আৰু চাজিব হৈছে অসন সংৰক্ষণ বিৰোধী ছাত্ৰ আন্দোলনৰ অন্যতম সমন্বয়ক ।
যি হৈছে বাংলাদেশৰ আসন সংৰক্ষণ বিৰোধী আন্দোলনৰ মুখ্য নেতা। তেওঁলোকে অন্তৱৰ্তীকালীন চৰকাৰৰ পৰামৰ্শদাতা হিচাপেও কাম কৰিছিল । দুয়ো নেতা ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ।
শপত গ্ৰহণৰ শেষত, ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিল। অনুষ্ঠানটোৰ সময়ত দেশৰ অসামৰিক আৰু সামৰিক খণ্ডৰ বিশিষ্ট ব্যক্তি আৰু কূটনীতিবিদসকল বংগভৱন উপস্থিত আছিল।
ইউনুছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে শপত গ্ৰহণৰ পাছতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাই । মোদীয়ে সামাজিক মাধ্যম Xত কয়, “মই মহম্মদ ইউনুছক তেওঁৰ নতুন চৰকাৰৰ বাবে শুভকামনা জনাইছো। আমি আশা কৰো যে বাংলাদেশৰ পৰিস্থিতি শীঘ্ৰেই স্বাভাৱিক হ’ব ।”
তেওঁ লগতে কয়, ‘হিন্দুকে ধৰি সংখ্যালঘু সম্প্ৰদায়ৰ নিৰাপত্তা নিশ্চিত কৰা হ’ব। ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ শান্তি, নিৰাপত্তা আৰু উন্নয়নৰ বাবে বাংলাদেশৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ’’
উল্লেখ্য যে, হাছিনাই সোমবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু ভাৰতত উপস্থিত হৈছিল । সমগ্ৰ দেশতে চৰকাৰ বিৰোধী প্ৰতিবাদৰ সন্মুখীন হৈ তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ্তমান দিল্লীতে আছে বুলি জানিব পৰা গৈছে ।
এই সন্দৰ্ভত ভাৰত চৰকাৰে কৈছে যে, হাছিনাক কিছু দিনৰ বাবে ভাৰতত থাকিবলৈ দিয়া হৈছে । তেওঁ মানসিকভাৱে ভাগি পৰিছে । ভাৰত চৰকাৰক তেওঁৰ পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে অৱগত কৰাৰ পিছত, নতুন দিল্লীয়ে সেই অনুসৰি সিদ্ধান্ত ল’ব।
হাছিনা চৰকাৰৰ পতনৰ পিছতে, সমগ্ৰ বাংলাদেশত অৰাজকতা আৰম্ভ হৈছে। বাংলাদেশৰ আৰক্ষীয়ে কাম বন্ধ ৰখাৰ কথা ঘোষণা কৰিছিল। খবৰ অনুসৰি জে’লত থকা বন্দীসকলে কাৰাগাৰৰ পৰা পলাই কৰিছে । দেশৰ বিভিন্ন প্ৰান্তত চুৰি, ডকাইতিৰ দৰে ঘটনা চলি আছে।
লগতে সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ চলোৱাৰ কেইবাটাও ঘটনাও পোহৰলৈ আহিছে। নতুন চৰকাৰ গঠন হোৱাৰ পিছত পৰিস্থিতি স্বাভাৱিক হ’ব বুলি আশা কৰা হৈছে।
অন্তৱৰ্তীকালীন চৰকাৰ উপদেষ্টা সদস্যসকল
পৰামৰ্শদাতাসকলৰ তালিকা হৈছে:
1. চালেহ উদ্দিন আহমেদ – বাংলাদেশ বেংকৰ প্ৰাক্তন গভৰ্ণৰ, বিত্তীয় আৰু বেংক সংস্কাৰৰ সৈতে জড়িত।
2. ড০. আচিফ নজৰুল – ঢাকা বিশ্ববিদ্যালয়ৰ এজন অধ্যাপক, যি আইন আৰু মানৱ অধিকাৰত তেওঁৰ দক্ষতাৰ বাবে জনাজাত।
3. আদিলুৰ ৰহমান খান – এটা মানৱ অধিকাৰ সংগঠনৰ সচিব । বাংলাদেশত মানৱ অধিকাৰৰ ওকালতিত তেওঁৰ কামৰ বাবে স্বীকৃত।
4. এ.এফ. হাছান আৰিফ – তত্ত্বাৱধায়ক চৰকাৰৰ প্ৰাক্তন উপদেষ্টা আৰু প্ৰাক্তন এটৰ্নি জেনেৰেল। লগতে আইনী আৰু প্ৰশাসনিক বিষয়ত অভিজ্ঞ।
5. তৌহিদ হোছেইন – প্ৰাক্তন বৈদেশিক সচিব, আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ ব্যাপক অভিজ্ঞতা থকা ব্যক্তি ।
6. চৈয়দা ৰিজৱানা হাছান – বাংলাদেশ পৰিৱেশ আইনজীৱী সংস্থা (বিইএলএ)ৰ মুখ্য কাৰ্যবাহী আৰু উচ্চতম ন্যায়ালয়ৰ অধিবক্তা । লগতে পৰিৱেশ আৰু আইনী বিষয়ত গুৰুত্ব দক্ষতা আছে ।
7. মোঃ নাহিদ ইছলাম – ছাত্ৰ, বৈষম্য বিৰোধী আন্দোলনৰ সমন্বয়ক । যি ছাত্ৰৰ অধিকাৰৰ বাবে তেওঁৰ সক্ৰিয়তাৰ বাবে জনাজাত।
8. আচিফ মাহমুদ সজিব ভূঞা – সামাজিক আৰু ৰাজনৈতিক চক্ৰৰ এজন বিশিষ্ট ব্যক্তি, বিভিন্ন কাৰ্যৰ সৈতে জড়িত।
9. ব্ৰিগেডিয়াৰ জেনেৰেল (ৰিটেড) এম. চাখাৱত হোছেইন – প্ৰাক্তন নিৰ্বাচন আয়ুক্ত । সামৰিক আৰু নিৰ্বাচনী প্ৰশাসনৰ সৈতে সম্পৰ্কিত ব্যক্তি।
10. চুপ্ৰদীপ চাকমা – চিটাগং হিল ট্ৰেক্টছ ডেভেলপমেণ্ট ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ, যি আঞ্চলিক উন্নয়নত তেওঁৰ কামৰ বাবে জনাজাত।
11. ফৰিদা আখটাৰ – উন্নয়ন বিকল্পৰ ওপৰত গৱেষণাৰ কাৰ্যবাহী সঞ্চালক (ইউবিআইএনজি), উন্নয়ন গৱেষণা আৰু ওকালতিৰ সৈতে জড়িত।
12. ডাঃ বিধান ৰঞ্জন ৰয় – ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক। মানসিক স্বাস্থ্যলৈ তেওঁৰ অৱদানৰ বাবে স্বীকৃত।
13. খালিদ হাছান – হেফাজতে ইছলাম বাংলাদেশৰ প্ৰাক্তন নাইব আমিৰ, ধৰ্মীয় আৰু ৰাজনৈতিক ক্ষেত্ৰত এক উল্লেখযোগ্য ব্যক্তি।
14. নুৰজাহান বেগম – গ্ৰামীণ বেংকৰ প্ৰাক্তন পৰিচালনা সঞ্চালক । যি মাইক্ৰ’ফাইনেন্স আৰু সামূহিক বিকাশত তেওঁৰ ভূমিকাৰ বাবে জনাজাত।
15. শৰ্মিন মুৰ্ছিদ – ব্ৰাটিৰ মুখ্য কাৰ্যবাহী বিষয়া, অলাভজনক আৰু সামাজিক পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ খেলুৱৈ।
16. ফাৰুক-ই-আজম বীৰ প্ৰতীক – মুক্তি যুদ্ধৰ সময়ত অপাৰেচন জেকপটৰ উপ-কমাণ্ডাৰ, দেশৰ স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকাৰ বাবে উদযাপন কৰা হৈছিল।
84 বছৰীয়া ইউনুছক গ্ৰামীণ বেংকৰ জৰিয়তে মাইক্ৰ’ক্ৰেডিট আৰু মাইক্ৰ’ফাইনেন্সত অগ্ৰণী কামকৰাৰ বাবে 2006 চনত শান্তিৰ নবেল বঁটা প্ৰদান কৰা হৈছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় ইউনিয়নে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰক আদৰণি জনাইছিল। ৱাশ্বিংটনে বাংলাদেশত গণতন্ত্ৰক আগুৱাই নিয়াৰ বাবে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে একেলগে কাম কৰাৰ আশা ব্যক্ত কৰিছে।
বৃহস্পতিবাৰে আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে কয়, “বাংলাদেশত শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনা বন্ধ কৰাৰ বাবে মহম্মদ ইউনুছৰ আহ্বানক আমি আদৰণি জনাইছো।’
তেওঁ লগতে কয়, ” অন্তৱৰ্তীকালীন চৰকাৰ আৰু ইউনুছে বাংলাদেশৰ জনসাধাৰণৰ বাবে এক গণতান্ত্ৰিক ভৱিষ্যত গঢ়ি তোলাৰ চেষ্টা কৰিব। গতিকে আমি চৰকাৰ আৰু ইউনুছৰ সৈতে কাম কৰিবলৈ সাজু। ”
আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে ইউৰোপীয় ইউনিয়নেও বাংলাদেশৰ নতুন অন্তৱৰ্তীকালীন চৰকাৰক আদৰণি জনাইছে।
ইউৰোপীয় ইউনিয়নৰ বৈদেশিক নীতিৰ মুৰব্বী জোচেপ বোৰেলে কয়, “আমি বাংলাদেশৰ নতুন প্ৰশাসনৰ সৈতে কাম কৰিবলৈ আশাবাদী। গণতান্ত্ৰিক ক্ষমতা হস্তান্তৰৰ এই জটিল কামত তেওঁলোকক সহায় কৰা হ’ব। ”
3 মাহৰো অধিক থাকিব মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰ
উল্লেখ্য যে, দেশখনত 2006-08 চনৰ ৰাজনৈতিক সংকটৰ পুনৰাবৃত্তি হ’ব নেকি ? সেই ভূতে খেদিছে এতিয়া বাংলাদেশত । পুনৰ পৰোক্ষভাৱে সামৰিক বাহিনীৰ দ্বাৰা পৰিচালিত এখন “অন্তৱৰ্তীকালীন” চৰকাৰ হ’বলৈ গৈ আছে নেকি ?
বাংলাদেশৰ সংবিধানৰ অনুচ্ছেদ 123 (3) অনুসৰি, সংসদ ভংগ হোৱাৰ 90 দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব । যিহেতু মঙলবাৰে অস্বাভাৱিক পৰিস্থিতিত সংসদ ভংগ কৰা হৈছিল ।
সদনত কোনো প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল । হুছেইন মুহাম্মাদ এৰ্শাদ প্ৰশাসনৰ ৰাজ্যিক আইন মন্ত্ৰী নীতাই ৰয় চৌধুৰীয়ে (1983-1990) এই দৰে কয়।
তেওঁ লগতে কয়,”সাধাৰণ পৰিস্থিতিত চৰকাৰৰ ম্যাদ উকলি যোৱা নাই। সাম্প্ৰতিক সময়ৰ দৰে এক ‘অস্থিৰ পৰিস্থিতিত’ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিভিন্ন ব্যাখ্যাত ‘প্ৰয়োজনীয়তাৰ মতবাদে’ (Doctrine of Necessity) কয় যে যিমান সম্ভৱ সোনকালে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব ।
সংবিধানত এইদৰে কোৱা হৈছে, “সংসদৰ সদস্যসকলৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব । (A) ইয়াৰ কাৰ্যকাল উকলি যোৱাৰ 90 দিনৰ ভিতৰত অথবা (B) কাৰ্যকাল উকলি যোৱাৰ বাহিৰেও চৰকৰা পতন হ’লে চৰকাৰ পতনৰ 90 দিনৰ ভিতৰত নিৰ্বাচন হ’ব লাগে ।”
2006-08ৰ বাংলাদেশৰ ৰাজনৈতিক সংকট
2006-08 চনৰ বাংলাদেশৰ ৰাজনৈতিক সংকটত সেনা প্ৰধান মইন উদ্দিন আহমেদৰ নেতৃত্বত সামৰিক বাহিনীয়ে দেশখনত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ পিছত তত্ত্বাৱধায়ক চৰকাৰক সমৰ্থন কৰিবলৈ হস্তক্ষেপ কৰিছিল । দুবছৰ ধৰি চলি আছিল চৰকাৰ ।
পূৰ্বে শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰ নিশ্চিত কৰাৰ বাবে বাংলাদেশৰ প্ৰতিটো ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে এক নিৰপেক্ষ তত্বাৱধায়ক চৰকাৰক (NCG) এক প্ৰয়োজনীয় বাফাৰ হিচাপে গণ্য কৰা হৈছিল। NCGত নিৰপেক্ষ ব্যক্তিসকলক মুক্ত আৰু নিৰপেক্ষ ভাৱে নিৰ্বাচন অনুষ্ঠিত আৰু তত্বাৱধান কৰাৰ দায়িত্ব দিয়া হৈছিল।
1996 চনত বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (BNP)ৰ নেতৃত্বত চৰকাৰ শাসনত থকাৰ সময়ত এই প্ৰক্ৰিয়াটো প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হৈছিল।
তদানীন্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া আৰু তেওঁৰ চৰকাৰে ত্ৰয়োদশ সংশোধনী উত্থাপন কৰি য’ত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নেতৃত্বত অনিৰ্বাচিত এঘাৰ জনীয়া NCGৰ গঠন কৰা হৈছিল।
কিন্তু 2004 চনত খালেদা জিয়া নেতৃত্বাধীন চৰকাৰে আন এটা সংশোধনী উত্থাপন কৰে । যিয়ে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বাবে অৱসৰৰ বয়সৰ সীমা বৃদ্ধি কৰে।
এজন নিৰ্দিষ্ট প্ৰাক্তন মুখ্য ন্যায়াধীশক NCGৰ মুখ্য উপদেষ্টা হ’ব বুলি নিশ্চিত কৰিবলৈ ইয়াক নিৰ্বাচনত বিসংগতি কৰাৰ এটা উপায় হিচাপে গণ্য কৰা হৈছিল।
NCGৰ বিকল্প মুখ্য উপদেষ্টাৰ দাবীত হাছিনাৰ আৱামী লীগৰ নেতৃত্বত হোৱা প্ৰতিবাদৰ বাবে এক ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছিল। হিংসা, প্ৰতিবাদ বিয়পি পৰিছিল। NCGয়ে পিছত 2007 চনত অনুষ্ঠিত হ’বলগীয়া নতুন নিৰ্বাচনৰ প্ৰস্তাৱ দিছিল ।
কিন্তু আৱামী লীগে ইয়াক বৰ্জন কৰাৰ সিদ্ধান্ত লৈছিল। আৰু 2007 চনৰ জানুৱাৰী মাহত সেনা প্ৰধান মইন উদ্দিন আহমেদে NCGক সমৰ্থন কৰিবলৈ বাধ্য কৰোৱা হৈছিল ।
আনহাতে বাংলাদেশত নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ’বলৈ আৰু দুবছৰ সময় লাগিব । যি সাংবিধানিকভাৱে নিৰ্ধাৰিত তিনি মাহৰ ম্যাদৰ বহু দূৰত।
হাছিনাৰ আৱামী লীগে 2008 চনৰ নিৰ্বাচনত জয়লাভ কৰিছিল আৰু 2009 চনত শাসনলৈ আহে । যাৰ ফলত বাংলাদেশত তিনি বছৰৰ পৰোক্ষভাৱে চলা সামৰিক শাসনৰ সমাপ্তি ঘটে। কিন্তু 2011ৰ জুনত NCGৰ প্ৰক্ৰিয়াৰ সমাপ্তি ঘটিছিল।
হাছিনা নেতৃত্বাধীন চৰকাৰে পঞ্চদশ সংশোধনী প্ৰৱৰ্তন কৰে যিয়ে প্ৰক্ৰিয়াটো বাতিল কৰে। 15 জনীয়া বিশেষ সংসদীয় সমিতিয়ে আগতে NCG বাতিল নকৰিবলৈ পৰামৰ্শ দিছিল আৰু কৈছিল যে ই পৰৱৰ্তী দুটা নিৰ্বাচনৰ বাবে অব্যাহত থাকিব লাগিব। কিন্তু সমিতিখনে আৱামী লীগ চৰকাৰৰ সৈতে পিছত আলোচনা কৰি পৰামৰ্শ সলনি কৰিছিল।
ঢাকা ট্ৰিবিউনৰ বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰি ৫ আগষ্টত ভাৰতলৈ পলাই যোৱাৰ পিছত বিগত তিনি দিনত সমগ্ৰ বাংলাদেশত বিভিন্ন আক্ৰমণ আৰু সংঘৰ্ষত কমেও 232 জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
সংবাদ সংস্থা ৰয়টাৰ্ছে জনোৱা অনুসৰি, বিগত তিনি সপ্তাহত বাংলাদেশত চৰকাৰ বিৰোধী তীব্ৰ আৰু হিংসাৰ ফলত শ্বেখ হাছিনা চৰকাৰৰ পতন ঘটিছিল ।
নবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত অন্তৱৰ্তীকালীন চৰকাৰে দেশৰ প্ৰশাসনৰ দায়িত্ব গ্ৰহণ কৰিছে ।কিন্তু শেহতীয়া বাতৰি পোৱা অনুসৰি প্ৰায় 469 জন লোকৰ মৃত্যু হৈছে।
বাংলাদেশৰ পৰিস্থিতিৰ পাছত ভাৰতীয় উপকূলত নিৰাপত্তা বৃদ্ধি
“উপকূলীয় সুৰক্ষা নিশ্চিত কৰাৰ বাবে যথেষ্ট সমল আছে। আমি তীক্ষ্ণ নজৰ ৰাখি আছো । আমি উপকূলীয় ৰাজ্যসমূহৰ সৈতে বাৰ্তালাপ কৰি আছো। ভাৰতীয় নৌসেনা আৰু উপকূলৰক্ষী বাহিনীয়ে দায়িত্ব ভালদৰে পালন কৰি আছে সকলো দায়িত্ব,” তেওঁ লগতে এই দৰে কয়।