Table of Contents
ToggleAssam Cabinet Decisions, August 13: অনলাইনৰ জড়িয়তে দিব পাৰিব মাটিৰ খাজনা, জলাশয় বেদখল কৰিলে 3বছৰ কাৰাদণ্ড ।
অনলাইন, অফলাইনৰ জড়িয়তে দিব পাৰিব মাটিৰ খাজনা(Land revenue can be paid online and offline)
মঙলবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে লৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত । তাৰ ভিতৰত অন্যতম মাটিৰ খাজনা দিয়াক লৈ । যিহেতুকে মাটিৰ খাজনা মাত্ৰ অফলাইনত অৰ্থাৎ মৌজাদাৰক প্ৰত্যক্ষভাৱে দিব লগীয়া হৈছিল মাটিৰ মালিকে ।
কিন্তু সেই ব্যৱস্থাও বাহাল ৰাখি ডিজিটেলাইজ মুখী হৈছে চৰকাৰৰ ৰাজহ বিভাগ । বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ লগত খাপ খুৱাৰ চেষ্টা কৰিছে মন্ত্ৰী যোগেন মহনৰ ৰাজহ বিভাগে । সেয়ে কেবিনেটত লৈছে সেই ডাঙৰ সিদ্ধান্ত ।
এতিয়াৰ পৰা ঘৰতে বহি দিব পাৰিব মাটিৰ খাজনা । মাত্ৰ অনলাইন প্ৰক্ৰিয়াটো জানিলে সকলো সম্ভৱ হ’ব । মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হ’ল যে, অনলাইন, অফলাইনৰ জড়িয়তে অসমৰ ৰাইজে দিব পাৰিব মাটিৰ খাজনা ।
আগন্তুক এবছৰলৈকে থাকিব এই সুবিধা । মন্ত্ৰী যোগেন মহনে এই দৰে কয়, ‘আমি অফলাইনৰ ব্যৱস্থা বন্ধ কৰিব বিছাৰিছিলো । কিন্তু ৰাইজৰ অনুৰোধ মৰ্মে এবছৰলৈ অফলাইনত খাজনা দিয়াৰ ব্যৱস্থা থাকিব ।’
ইফালে অসম চৰকৰে অনলাইনৰ জড়িয়তে মাটিৰ খাজনা দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ লগতে মৌজাদাৰ চাকৰিৰ সন্দৰ্ভটো উঠিছে প্ৰশ্ন । এই ক্ষেত্ৰত অসম চৰকাৰে বিচাৰ বিবেচনা কৰি আাছে ।
ৰাজ্যত আছে 184 টা ৰাজহ চক্ৰ । আনফালে ৰাজ্যত চলি আছে মিছন বসুন্ধৰা । ইয়াৰ জড়িয়তে 13,39,605 গৰাকীয়ে ভূমি পট্টা বিচাৰি কৰিছে আবেদন । তেনে স্থলত অনলাইনৰ জড়িয়তে খাজনা সংগ্ৰহটো সহজ হৈ পৰিব চৰকাৰৰ বাবে ।
মঙলবাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি, মাটিৰ গৰাকীয়ে প্ৰথমে নিজৰ মাটিৰ সন্দৰ্ভত পঞ্জীয়ন কৰিব লাগিব অনলাইন পৰ্টেলত ৷ তাৰ পিছতহে দিব পাৰিব মাটিৰ খাজনা । বুধবাৰৰ পৰা কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰে কেবিনেটে ।
আনহাতে, অনলাইনত দিলে একাউন্টত আৰু অফলাইনত দিলে প্ৰত্যক্ষভাৱে মৌজাদাৰ 30% কমিচনৰ পাবই ।
পেঞ্চন সেৱাৰ সন্দৰ্ভত কেবিনেটত ডাঙৰ সিদ্ধান্ত
কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি এতিয়াৰ পৰা পেঞ্চনৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰলৈ আপুনিও যাব নালাগে । যাব লাগিব শিক্ষা বিভাগলৈ । কাৰণ শিক্ষা বিভাগৰ পেঞ্চনাৰৰ সংখ্যা বেছি হোৱাৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে ।
এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘ৰাজ্যত আছে 33 টা পেঞ্চন সেৱা কেন্দ্ৰ । উক্ত কেন্দ্ৰ সমূহৰ কৰ্মচাৰীক দিয়া হ’ব প্ৰশিক্ষণ । 1 ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া । একাউণ্টেণ্ট জেনেৰেল’ত(Accountant General) যাৰ পেঞ্চন জমা নহয় তেওঁলোক যাব লাগিব পেঞ্চন সেৱা কেন্দ্ৰলৈ । বিশেষকৈ শিক্ষা আৰু পঞ্চায়তৰ কৰ্মচাৰীসকল ।’
গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে বাবে বিশেষ আইন
এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই কয়, ‘অসম নগৰ এলেকা জলাশয় সংবৰ্ধন আৰু সংৰক্ষণ বিধেয়ক 2024(Assam Water Bodis (Preservation and Conservation Bill-2024) আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপনৰ বাবে সিদ্ধান্ত লোৱা হৈছে ।’
তেওঁ লগতে কয়, ‘এই বিধেয়ক খন আইনত পৰিণত হ’লে ৰাজ্যৰ নগৰাঞ্চলৰ সকলো জলাশয় ইয়াৰ অধীনত অন্তৰ্ভুক্ত হ’ব । লগতে 2 একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো এই বিধেয়কৰ আওতালৈ আহিব ।’
মন্ত্ৰী মহন্তই কয়, ‘6 বিঘাতকৈ অধিক ভুমিৰ ব্যক্তিগত মালিকানাধীন জলাশয় এই আইনৰ যোগেদি পুতিব নোৱাৰিব । ইয়াৰ বাবে দুখন সমিতি গঠন কৰা হ’ব । এখন ৰাজ্যিক আৰু আনখন জিলা পৰ্যায়ৰ কমিটি গঠন কৰা হ’ব ।’
এই কমিটিসমূহে তিনি মাহৰ ভিতৰত সকলো প্ৰতিবেদন ৰাজ্যিক কমিটিলৈ প্ৰেৰণ কৰিব ৷ তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিত কাৰ্যকৰী হ’ব সিদ্ধান্ত ।
এই জলাশয় কোনোৱে বেদখল কৰিলে তিনিবছৰ পৰ্যন্ত কাৰাদণ্ড আৰু এক লাখ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে । এই বিলখন বিধানসভাই পাছ কৰিলে খৰটকীয়া ভাবে তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব ৷ আইনলৈ পৰিণত হ’লে তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰা হ’ব ।’