Assam Bypoll Election 2024Assam Bypoll Election 2024:

Assam Bypoll Election 2024: অসমত আঞ্চিলক দলৰ পিঠিত হাতুৰীৰ কোব ‘হাত’ৰ

Assam Bypoll Election 2024:অসমত আঞ্চিলক দলৰ পিঠিত হাতুৰীৰ কোব ‘হাত’ৰ । পাঁচ সমষ্টিত হ’বলগীয়া নিৰ্বাচনক লৈ যুঁজ আকৰ্ষনীয় হৈ পৰিছে । তাতে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত, মিত্ৰতাত ফাঁটে বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে ।

বিশেষকৈ আঞ্চিলক দলৰ পিঠিত উঠি লোকসভা নিৰ্বাচন পাৰ কৰা কংগ্ৰেছে উপ-নিৰ্বাচনতে পাহৰিলে অসমৰ আঞ্চলিক দলসমূহক । এতিয়া কংগ্ৰেছৰ কাৰ্ম কাণ্ডত লাজ অপমান সহিব নোৱাৰি নিৰূপাই মুখ্যত ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ নেতাই ।

উপ-নিৰ্বাচনত পাঁচখনৰ ভিতৰত এখন অসনো দিব নিবিচৰা কংগ্ৰেছে পাহৰিলে নেকি মিত্ৰতাৰ ধৰ্ম ? বাৰে বাৰে এই প্ৰশ্ন উত্থাপন কৰি আছে বিধায়ক অখিল গগৈ, লুৰীণজ্যোতি গগৈয়ে । কিন্তু কংগ্ৰেছ কৈ আছে উপ-নিৰ্বাচনৰ পাছত পুনৰ মিত্ৰতা হব । ২৬ত বিজেপিক পৰাস্ত কৰিবলৈ ।

‘২৪তে শপত খাইছিল ‘২৬লৈ একেলগে থকা । বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰা । ‘২৬ত চৰকাৰ গঠন কৰা । পিছে সকলো ফুটুকাৰ ফেন হ’ল । ৰাজনীতিত কোনে, কাক পিছফালৰ পৰা চুৰী মাৰে সেয়া মনৰ পচন্দ-অপচন্দৰ খেল অথবা লাভ লোকচানৰ খেল ।

বিহালী সমষ্টিক লৈ বিৰোধী ঐক্য ভাগ ভাগ হোৱাত কংগ্ৰেছে দায়ী । দুই কংগ্ৰেছ নেতা ভূপেন বৰা-সাংসদ গৌৰৱ গগৈৰ ক্ষমতা কেন্দ্ৰীক যুঁজৰ বাবে বিৰোধী থানবান । তাৰ পিচতো কংগ্ৰেছে আহ্বান জনাইছে উপ-নিৰ্বাচনৰ পাছতে পুনৰ একত্ৰিত হ’ব বিৰোধী।

উপ-নিৰ্বাচনৰ পাছতে পুনৰ বিৰোধী ঐক্য মিলিত হ’ব বুলি দাবী কৰি আহিছে কংগ্ৰেছে । কিন্তু কি বিশ্বাসত এক গোট হ’ব ? এই সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে কয় যে, পাঁচ সমষ্টিৰ ভিতৰত এটাও সমষ্টি দিব নিবিচৰা ২৬লৈ কি কৰিব ?

Assam Bypoll Election 2024:
Assam Bypoll Election 2024:

বিহালী সমষ্টিত কংগ্ৰেছে নিজাকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা পাছতে বিধায়ক অখিল গগৈয়ে কৈছিল যে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদক লৈ দুই কংগ্ৰেছ নেতাৰ যুঁজৰ বাবে ভাঙোন হ’ল বিৰোধী ঐক্যৰ । লগতে গৌৰৱ গগৈৰ অহংকাৰ বাহিছে । যাৰ পৰিনাম ভুগিব লগীয়া হল আঞ্চলিক দলসমূহ ।

সমগ্ৰ বিষটোৰ সন্দৰ্ভত শনিবাৰে পুনৰ লুৰীণজ্যোতি গগৈয়ে কয়, ‘ পাঁচখনৰ ভিতৰ এখন আসন দিব নোৱাৰা কংগ্ৰেছে ২৬ত কি দিব পাৰিব ? আমি একতা হৈ থকাটো কামনা কৰিছিলো । যিটো বৰ্তমান কংগ্ৰেছে কৈ আছে । কিন্তু সমগ্ৰ বিষয়টো এটা হাস্যকৰ ।’

‘শাসকীয় দলৰ ৰাজনৈতিক বলি কি কাৰনে কংগ্ৰেছ হ’ল ? কংগ্ৰেছত যোগদান নকৰাৰ পূৰ্বে প্ৰাৰ্থীত্ব দিয়া হ’ল । কিয় ইমান দৰ উপজিল প্ৰাৰ্থীগৰাকীলৈ ? ধনৰ বাবে দৰদ উপজিলে নেকি প্ৰাৰ্থীগৰাকীলৈ ?’ কংগ্ৰেছলৈ এই প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ ।

বিজেপিৰ উদাহৰণ দি লুৰীণজ্যোতি গগৈয়ে কয় যে, দিল্লীত-দিছপুৰত বিজেপি আছে । অসমত পাঁচটা সমষ্টিত ধুনীয়াকৈ ভগাই লৈছে । দুখন মিত্ৰৰ দলক এৰি দিছে বিজেপিয়ে। তেনেস্থলত কংগ্ৰেছে কিয় মিত্ৰতাৰ কথা পহৰিলে বুলিও প্ৰশ্ন কৰিছে গগৈয়ে ।

লোকসভা নিৰ্বাচনৰ সময়ত তিনি গগৈৰ যি ফৰ্মূলা সেই ফৰ্মূলা থাক বা নাথাকক কিন্তু ভাগোনমুখী বিৰোধীৰ সুযোগ ল’ব বিজেপিয়ে । ইতিমধ্যে লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপিৰ এগৰাকী নেতাই উল্লেখ কৰিছিল যে, তেল-পানী কেতিয়াও এক নহয় বুলি । সেয়াই এতিয়া প্ৰতিপন্ন হৈছে ।

লোকসভা নিৰ্বাচনৰ সময়ত তিনি গগৈৰ যি ফৰ্মূলা সেই ফৰ্মূলা থাক বা নাথাকক কিন্তু ভাগোনমুখী বিৰোধীৰ সুযোগ ল’ব বিজেপিয়ে । ইতিমধ্যে লোকসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ অভিযান বিজেপিৰ এগৰাকী নেতাই উল্লেখ কৰিছিল যে, তেল-পানী কেতিয়াও এক নহয় বুলি । সেয়াই এতিয়া প্ৰতিপন্ন হৈছে ।

সোমবাৰে বিধায়ক অখিল গগৈয়ে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাই কয় যে, গৌৰৱ গগৈৰ অহংকাৰ বাঢ়িছে । যদিহে বিহালী সমষ্টি কংগ্ৰেছে জয়লাভ কৰে তেতিয়া হলে গৌৰৱ গগৈৰ আৰু অহংকাৰ বাঢ়িব বুলি মন্তব্য কৰে বিধায়ক গগৈয়ে । 

পিছে ক্ষমতাৰ বাবে মূৰ ঘমাই থকা ৰাজনৈতিক দলৰ প্ৰায়সংখ্যক নেতাই যিকোনো সিদ্ধান্ত লব পাৰে । উপ-নিৰ্বাচনৰ পাছত বিৰোধী এক গোট হ’ব নে বিজেপি বিৰোধী সংগ্ৰামখনত !

উপ-নিৰ্বাচনৰ সন্দৰ্ভত কিছু তথ্য

অসমৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইতিমধ্যে মনোনয় পত্ৰ দাখিলৰ পৰ্ব শেষ হৈছে । পাঁচ সমষ্টিত সৰ্বমুঠ ৩৮ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন । ইয়াৰে ধলাইত ৩ গৰাকী, ছিদলীত ১ গৰাকী, বঙাইগাঁৱত ৫ গৰাকী, চামগুৰিত ১২ গৰাকী, বিহালীত ৩ গৰাকী প্ৰাৰ্থীয়ে মনোনয় পত্ৰ দাখিল কৰিছে ।

ইফালে মনোনয়ন প্ৰত্যাহাৰ কৰে অমিয়কান্তি দাসে । উল্লেখ্য যে, বিজেপিৰ টিকটবঞ্চিত দাসে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে ধলাইত দিছিল মনোনয়ন পত্ৰ । কিন্তু ধলাইৰ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে সলনি কৰিলে সিদ্ধান্ত । সিদ্ধান্ত সলনি কৰাৰ আঁৰতে আছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে হোৱা বৈঠক ।

Leave a Reply

Your email address will not be published. Required fields are marked *