কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ‘বিসম্বাদ, অসন্তুষ্টিৰ স্থান নাই কাৰ্যনিৰ্বাহকত’কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক, ‘বিসম্বাদ, অসন্তুষ্টিৰ স্থান নাই কাৰ্যনিৰ্বাহকত’

’26লৈ ককালত টঙালি বান্ধিলে বিজেপিয়ে…

গুৱাহাটী : দেওবাৰে কলাক্ষেত্ৰত অনুষ্ঠিত হয় বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা । উক্ত সভাখনত প্ৰায় 1350 গৰাকী কাৰ্যকৰ্তা উপস্থিত আছিল । কাৰ্যনিৰ্বাহক সভাখন ৰাজ্যিক বিজেপিৰ বাবে  অতি তাৎপৰ্য আছিল ।

কাৰণ কেইবাগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতাই ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে, দল এৰিছে । তেনে স্থলত দেওবাৰৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই সেই বিদ্ৰোহ নাইকিয়া কৰিব বুলি অনুমান কৰিছে একাংশ বিজেপি নেতাই । 

লগতে আগন্তুক উপ-নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত বিশেষ ৰণনীতি প্ৰস্তুত কৰিব ।

বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ এদিনৰ পূৰ্বে বিতৰ্ক । বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিব লগীয়া 1350 গৰাকী কাৰ্যকৰ্তাৰ তালিকাত নাম নাছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।

কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক
কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক

তেনেস্থলত কিদৰে সম্ভৱ হ’ব ন-পুৰণি বিজেপিৰ সংঘাত দূৰ কৰাত সেয়া প্ৰশ্নবোধ হৈ থাকিল  বিজেপিৰ বাবে । আনহাতে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ পূৰ্বে কেতবোৰ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । 

তেওঁ সাংবাদিকৰ আগত কয়, ‘ উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি আজিয়েই প্ৰস্তুত কৰা হ’ব । বিসম্বাদ, অসন্তুষ্টি এইবোৰ কাৰ্যনিৰ্বাহকত আলোচনা নহয় । এইবোৰ শীঘ্ৰে ক’ৰ কমিটীৰ বৈঠকত আলোচনা হ’ব । 20 আগষ্টত হ’ব ক’ৰ কমিটিৰ বৈঠক ।’

কাক উদ্দেশ্যি সভাপতি কলিতাই কৰিলে এই মন্তব্য ? প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই, বিধায়ক মৃণাল শইকীয়া লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক উদ্দেশ্যি এই মন্তব্য নেকি সভাপতি কলিতাৰ । কাৰণ  কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকিব লগীয়া 1350 জনীয়া কাৰ্যকতাৰ তালিকাত নাম নাছিল কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ ।

আনহাতে, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনক সাংবাদিকে প্ৰশ্ন কৰিছিল বিজেপিৰ একাংশ জ্যেষ্ঠ নেতাৰ বিদ্ৰোহ আৰু দল ত্যাগৰ সন্দৰ্ভত । 

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক ফুকনে কয়, ‘দুই এজন নেতাই দল এৰা বা বিসম্বাদ কৰাটো এতিয়াই বিজেপিত ইমান গুৰুত্বপূৰ্ণ বিষয় হৈ পৰা নাই । চিঞৰ বাখৰ কৰিব লগা বিষয় হোৱা নাই। এইটো দলৰ আভ্যন্তৰীণ বিষয় হৈ আছে ।’

সক্ৰিয় ৰাজনীতিত প্ৰায় 1 বছৰে হ’ল দেখা পোৱা নাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাক । দেওবাৰে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ সকলোৱে চৰ্চা কৰা বিষয়টো  সমাপ্ত কৰিলে আঙুৰলতাই ।

 এটা বিষয় সমাপ্ত কৰিলে যদিও তেওঁৰ মন্তব্য কেইবাটাও প্ৰশ্নৰ উদয় ঘটালে । ডেকাই কলে,” 8/9 মাহৰ বিৰতিৰ পিছত বিজেপিলৈ আকৌ এক্সন মুডত আহিছো ।’

 তেওঁ লগতে কয়,  ‘বিজেপিত আজিৰে পৰা আকৌ নতুন অভিযান আৰম্ভ কৰিছো নতুন ৰূপত । যিখিনি ক’ব লগীয়া আছিল সেইখিনি কোৱা হৈছে শীৰ্ষ নেতৃত্বক । এইবাৰ কিছু বেলেগ ধৰণেৰে কাম কৰিম, ৰাজনীতিত বহুত শিকিলো ।’

বিগত প্ৰায় 1 বছৰে সক্ৰিয়ভাবে ৰাজনীতিত কিয় নাছিল ডেকা ? ইয়াৰ আঁৰত আছিল নেকি ডেকাৰ অসন্তুষ্টি । বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰ আত্মহত্যাৰ ঘটনাই চিন্তিত কৰি তুলিছিল নেকি আঙুৰলতাক ? তেওঁ মন্তব্যই কিন্তু এনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে ।

বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত ৰাজেন গোঁহাই, বিজয়া চক্ৰৱৰ্তী
বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত ৰাজেন গোঁহাই, বিজয়া চক্ৰৱৰ্তী

বিজেপি নেত্ৰী ডেকাক সাংবাদিকে প্ৰশ্ন কৰিছিল, ’26 লৈ সাজু নেকি ? উত্তৰত তেওঁ কয়, ‘সপোন দেখিব পাৰি ।’

‘বিজেপি কোনো কোম্পানী নহয়, দৰমহা দি কাকো ৰখা নাই’- জয়ন্ত দাস

ইফালে বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে জ্যেষ্ঠ নেতা অশোক শৰ্মাই দল এৰাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়,  ‘দলত সৰু বৰ নাই । এজন সৰু কাৰ্যকৰ্তাই দল এৰিলেও দলৰ ক্ষতি হয় । অশোক শৰ্মাৰ দল ত্যাগেও ক্ষতি কৰিব । দলৰ নেতৃত্বই এইবোৰ চিন্তা কৰাৰ দৰকাৰ ।’

কোনো কার্যকৰ্তাই দলৰ এৰিলে একো ক্ষতি নহয় বুলি কোৱা বিজেপি নেতাক উদ্দেশ্যি জয়ন্ত দাসে পনুৰ কয় যে, কথাত কটা যায়, কথাত বঁটা পায় । আজি সকলো আলোচনা হ’ব । বিজেপি কোনো কোম্পানী নহয় । দৰমহা কাকো দি ৰখা নাই । সেয়ে সকলোৰে কথা কোৱাৰ অধিকাৰ আছে ।

‘কিছুমানে হজম কৰিব পৰা নাই’ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

অৱশেষত অশোক শৰ্মাৰ দল ত্যাগৰ সন্দৰ্ভত মুখ খুলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । পৰিয়ালৰ সদস্যৰ মাজত কেতিয়াবা হোৱা বিবাদৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, ‘ পৰিয়ালৰ সদস্যৰ মাজত দুখ, ক্ষোভ, অভিমান থাকিবই ।’

মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘ডাঙৰ দল এটাত বহু সদস্য আছে । সেয়ে কিছু নেতাৰ মাজত মতানৈক্য থাকিব পাৰে । অসন্তুষ্টি থকা মানে এইটো নুবুজাই সংবাদত মাধ্যত পৰিবেশন কৰা বাতৰিৰ দৰে ।’

তেওঁ সংবাদমাধ্যম আৰু বিৰোধীক সমালোচনা কৰি কয়, ‘সংবাদমাধ্যৰ কিছু ব্যক্তি, বিৰোধী নেতা আৰু বামপন্থী চিন্তা ধাৰাৰ একাংশ লোকে হজম কৰিব পৰা নাই ।’

’27 হাজাৰ কোটিৰ ছেমিকণ্ডাক্ট প্ৰকল্প হৈছে, গুৱাহাটীত ৰিং ৰোড, বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চৰাইদেউ মৈদামে লাভ কৰিছে । এই বিলাক আগতে হোৱা নছিল এতিয়া হোৱাৰ বাবে কিছু ব্যক্তিৰ হজম হোৱা নাই ।’

কিছুমানে হজম কৰিব পৰা নাই’ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
কিছুমানে হজম কৰিব পৰা নাই’ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

‘কিছুমান মানুহৰ উচ্চাকাংক্ষা ইমানে থাকে ৰাষ্ট্ৰ সেৱাতকৈ ডাঙৰ নিজৰ উচ্চাকাংক্ষা পূৰ্ণৰ বাবে । তেতিয়া আমাৰ উপায় নাথাকে । আমাৰ সকলোৰে এটাই লক্ষ্য থাকে ভাৰতবৰ্ষক বিশ্ব গুৰু নিৰ্মাণ কৰাৰ । ৰাষ্ট্ৰ সেৱা কৰা আকাংক্ষাতকৈ ব্যক্তি আকাংক্ষা পূৰণ কৰা নেতাক দলে ধৰি ৰাখিব নোৱাৰে ।’

ৰাজ্যৰ উন্নয়নৰ ক্ষতিয়ান ডাঙি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

বিজেপিৰ কাৰ্যনিবাহক সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে । তেওঁ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ ফলাফলক লৈ কয় যে, 60 বছৰ কংগ্ৰেছৰ দখলত তিনিখন আসন পুনৰ জিকি এভাৰেষ্ট জয় কৰা অনুভৱ কৰে কংগ্ৰেছে ।

মুখ্যমন্ত্ৰীয়ে পুনৰ কয়, ‘3 ডাঙৰ নে 11 ডাঙৰ গলত ধৰি জুখিব বিচাৰে । কংগ্ৰেছে 14 খন আসনৰ 3 খন আসন লাভ কৰিয়ে সন্তুষ্ট । এবাৰো অনুভৱ কৰা নাই 5 খনৰ পৰা যে 2 খন হ্ৰাস পাইছিলে । 

‘স্বাধীনতাৰ সময়ৰ পৰা জৱহাৰলাল নেহৰু আৰু মনমোহন সিঙলৈকে চৰাইদেউ মৈদামক স্বীকৃতি দিব নোৱাৰিলে । প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত অসমত ছেমি কণ্ডাক্ট দৰে উদ্যোগে স্থান পালে । নিকা নিযুক্তিয়ে অসমৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।’ 

‘ৰিং ৰোড , ফুলবাৰী দলং , মাজুলী দলঙৰ কাম তীব্ৰ গতিৰে নিৰ্মাণৰ কাম চলি আছে । আমি যি কাম কৰিবলৈ সক্ষম হৈছো পূৰ্ব কোনো চৰকাৰে তাৰ কাষেৰে যাবলৈ সক্ষম হোৱা নিছিল ।’

মেডিকেল কলেজ নিৰ্মাণ আৰু চিকিৎসাৰ সেৱা মুল্যবৃদ্ধিৰ সন্দৰ্ভত মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই । চিকিৎসা সেৱা মুল্যবৃদ্ধিক লৈ চলা চৰ্চাৰ বাবে গৌৰৱ অনুভৱ কৰো । ৭ দিনৰ ভিতৰত যদি আয়ুষ্মান কাৰ্ড বন্ধ বুলি ঘোষণা কৰো কি প্ৰভাৱ পৰিব চাব পাৰে বুলিও সংবাদ মাধ্যম আৰু কংগ্ৰেছক উদ্দেশ্যি কয় মুখ্যমন্ত্ৰীয়ে ।

‘আয়ুষ্মান কাৰ্ডৰ গুৰুত্ব কিমান সকলোৱে বুজিছে । আয়ুষ্মান কাৰ্ড থকা 52 লাখ পৰিয়ালৰ ঘৰত বিজেপিয়ে বাস কৰে । অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাসগৃহত আমি বাস কৰো ।’

উচ্ছেদৰ সন্দৰ্ভটো তেওঁ কয় যে, কংগ্ৰেছৰ দিনত এটা বিশেষ সম্প্ৰদায়ক তুষ্টিকৰণ কৰা হৈছিল । কংগ্ৰেছৰ দিনত গৃহ বিভাগৰ কনিষ্টবলৰ পদত 30 শতাংশ নিযুক্তি দিছিল তুষ্টিকৰণ প্ৰক্ৰিয়াৰে । 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘1 লাখ নিযুক্তি সম্পূৰ্ণ হ’লেই আমি নাম সহকাৰে নিযুক্তি পোৱা সকলৰ তালিকা প্ৰকাশ কৰিম । আমাৰ চৰকাৰে এটাৰ পিছত এটা সাহসী সিদ্ধান্ত ল’বলৈ সক্ষম হৈছো । আমি এটা বিশেষ সম্প্ৰদায়ৰ মুক্তি কৰিবলৈ সক্ষম হৈছো ।’

‘কংগ্ৰেছে আমাক যিমান জোকোব আমি সিমান জোকাই লম। কংগ্ৰেছৰ ইতিহাস কলংকিত ইতিহাস, আমাৰ ইতিহাস গৌৰৱৰ ইতিহাস । আগৰ কোনো মুখ্যমন্ত্ৰীয়ে কব পৰা নাছিল গোৰ্খাসকল আমাৰ খিলঞ্জীয়া জাতি বুলি ।’

‘বিজেপি নিজেই নিজৰ প্ৰতিযোগী আন কোনো প্ৰতিযোগী নাই । অবিভক্ত গোৱালপাৰাত কোনো বিশেষ সম্প্ৰদায় লোকক বিক্ৰী কৰিব নোৱাৰকৈ আইন অনাৰ লক্ষ্য ।’

Leave a Reply

Your email address will not be published. Required fields are marked *