Assam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশেAssam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশে

Assam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশে

Assam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশে । কিন্তু বৰাকত অসম চুক্তিৰ 6নং দফা নহ’ব কাৰ্যকৰী । 39 বছৰীয়া চৰ্চিত এটা বিষয় শীঘ্ৰে সমাধানৰ পথত । দীৰ্ঘদিনে আছুৱে অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী দাবী কৰি আহিছে ।

আছুৱে কৰা দাবী শীঘ্ৰে কাৰ্যকৰী কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে । পিছে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকাৰী কৰাৰ ক্ষেত্ৰত সন্মতি লাগিব কেন্দ্ৰৰ । তেনেস্থলত অসম চুক্তি কেন্দ্ৰত ওলমি ৰ’ব নেকি ?

বুধবাৰে অসম চুক্তিৰ 6 নম্বৰ দফাৰ সন্দৰ্ভত আছু আৰু চৰকাৰৰ মাজত আলোচনা মিলিত হয় । উক্ত বৈঠকতে অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী বিষয়ে আলোচনা কৰে ।

দ্বিপাক্ষিক আলোচনাৰ পাচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল আয়োজন কৰি কয় যে, অসম চুক্তিৰ 6 নম্বৰ দফা সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে ।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়, ‘প্ৰতিবেদনত ৰাজ্য চৰকাৰৰ অধীনত থকা 40টা পৰামৰ্শ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে ৰূপৰেখা প্ৰস্তুত কৰি উলিওৱা হৈছএ । প্ৰতিবেদনখনৰ 12টা বিষয় ৰাজ্য চৰকাৰ আৰু ভাৰত চৰকাৰৰ যৌথ প্ৰচেষ্টাৰে কাৰ্যকৰী কৰা হ’ব । 15 টা সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনত থকা বিষয় ।’

বৈঠকত কি কি সিদ্ধান্ত লোৱা হল সেই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত থকা 40টা পৰামৰ্শ ৰূপায়ণৰ বাবে কি কি কাৰ্যসূচী লোৱা হ’ব তাৰ এখন প্ৰতিবেদন 25 অক্টোবৰত আছুক প্ৰদান কৰা হব । 25 অক্টোবৰত আছুৰ লগত দ্বিতীয়লানী বৈঠক অনুষ্ঠিত হব ।’

মুখ্যমন্ত্ৰীয়ে কয়, ‘যদিহে আছুৱে প্ৰতিবেদনখনৰ কথা কোনো ধৰণৰ সাল-সলনিৰ কথা নকয় তেতিয়া হলে 2025ৰ এপ্ৰিলত কাৰ্যকাৰী কৰাৰ চেষ্টা কৰা হ’ব । কেন্দ্ৰ আৰু আছুৰ মাজত 15টা বিষয়ত যেতিয়া আলোচনা ছলিব তেতিয়া ৰাজ্য চৰকাৰে আংশীকভাবে 52 টা বিষয় কাৰ্যকাৰী কৰা হব ।

‘ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিবলগীয়া দফা সমুহক তিনিটা ভাগত ভাগ কৰিব । প্ৰথমটো হৈছে ভাষা, সংস্কৃতিক আৰু ভূমিৰ অধিকাৰ । আনহাতে বৰাক উপত্যকাত প্ৰতিবেদনখন প্ৰয়োগ কৰিব নোৱাৰিব । শতাংধিক দল সংগঠনৰ আলোচনাৰ পাছত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।’

তাৰ পিছত বহু সালসলনি কৰিব লাগিব বুলি আমি নাভাবো । কিছু ক্ষেত্ৰত সাল সলনি হোৱাৰ সম্ভাৱনা আছে । দ্বিমত থাকিবই । বিষয়টো যদি জটিল হয় তেতিয়া আলোচনাৰ মাধ্যমেৰে সমাধানৰ চেষ্টা কৰা হ’ব মুখ্যমন্ত্ৰীয়ে সংবাদমেল কয় । 

Assam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশে
Assam Accord: 39 বছৰীয়া অপেক্ষাৰ অন্ত পৰাৰ দিশে

উচ্ছেদৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, অসম চুক্তি কাৰ্যকৰী হ’লে অধিক উচ্ছেদ হ’ব । কাৰণ প্ৰতিবেদনখনৰ মতে হবলৈ হলে বহু স্থানত উচ্ছেদ কৰিব লাগিব । তেতিয়া হিমন্ত চৰকাৰে নহয় বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ মতে উচ্ছেদ চলিব ।

অসমীয়াৰ সংজ্ঞা কি ?

সাংবাদিকে প্ৰশ্ন কৰিছিল অসমীয়াৰ সংজ্ঞা কি ? তেতিয়া মুখ্যমন্ত্ৰীয়ে অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত কয়,অসমীয়াৰ সংজ্ঞা দুটা । অসমত জন্ম হৈ ভাষা, সংস্কৃতি আদৰি লোৱা লোক হৈছে অসমীয়া । কিন্তু অসম চুক্তিৰ 6নং দফাৰ মতে অসমীয়া মানে 1951 চন । আছুৰ মতে 1951 মানে অসমীয়া ।

আছুৱে আলোচনাৰ সন্দৰ্ভত কয়, ‘কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হোৱা নাছিল । যিহেতুকে অবৈধ প্ৰৱজনকাৰীয়ে অসমীয়া প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।’

আছুৰ নেতৃত্বই কয়, ‘অসম আন্দোলনৰ সময়ত যি পৰিস্থিত আছিল তাতকৈ ভয়াবহ হৈছে । ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অবৈধ বাংলাদেশী সোমাল, সত্ৰৰ মাটি দখল কৰিলে আৰু অসমৰ জনবিন্যাস পৰিৱৰ্তন হৈ গ’ল । অসম চুক্তিৰ ৬ নং দফাই খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষাৰ কবচৰ কথা কৈ আহিছে ।’

চৰকৰাৰ পদক্ষেপ ইতিবাচক  বুলি উল্লেখ কৰি  আছুৰ নেতৃত্বই কয় যে, অসম চুক্তিৰ 6নং দফাৰ সন্দৰ্ভত বিপ্লব শৰ্মা প্ৰতিবেদনৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিব লাগে ৰাজ্য চৰকাৰে । আমি বিচাৰিম যে, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিবেদৰ প্ৰতিটো দফাই কাৰ্যকৰী কৰিব লাগে ।

উভয় চৰকাৰৰ বিষয়টোৰ সন্দৰ্ভত আছু, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষিক আলোচনা কথাও আজিৰ সভাত প্ৰস্তাব লোৱা হয় । আজিৰ আলোচনাই বিপ্লৱ শৰ্মা সমিতিৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে এটা দিশ মুকলি হল বুলি উল্লেখ কৰে আছুৱে ।

6নং দফাৰ লগতে অসম চুক্তিৰ অন্যান দফা সমূহ কেতিয়া কাৰ্যকৰী কেতিয়া হব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত  আছুৰ নেতৃত্বই কয়, 6নং দফাৰ দাৰি, ক’মালৈকে কাৰ্যকৰী কৰিম বুলি কৈছে । লগতে 40বছৰে কাৰ্যকৰী নকৰা অসম চুক্তিৰ দফা সমূহ কাৰ্যকৰী কৰিব লাগে ।’ 

Leave a Reply

Your email address will not be published. Required fields are marked *