Asom Sahitya Sabha: বসন্তই আনিব অসম সাহিত্য সভাৰ নতুন বসন্ত !
Asom Sahitya Sabha: ইংৰাজী নৱবৰ্ষৰ বিদায় পৰত অসম সাহিত্য সভাৰ এক নতুন বতাহে স্পৰ্শ কৰিছে । বহু ধুমুহা-বৰষুণৰ পাছত যেনেদৰে বতৰো ফৰকাল হয় ঠিক একে অৱস্থা হৈছে অসম সাহিত্য সভাৰ ।
বহু পণ্ডিতৰ, গুণী জ্ঞানী ব্যক্তি পৰশত প্ৰাণ পাই উঠা অসম সাহিত্য সভাৰ বৰ্তমান যেন TRP নথকা নিউজ চেনেলৰ দৰে । কিন্তু ২৯ ডিচেম্বৰ দেওবাৰে যেন পুনৰ সজীৱ হৈ গ’ল মৰহি যোৱা অসম সাহিত্য সভা ।
সজীৱ কৰি তোলা সেই খবৰটোৱে হ’ল, সুদীৰ্ঘ ৩৭ বছৰৰ পাছত যোৰহাটৰ এজন সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিলে । সেই ব্যক্তিজনে হ’ল ডঃ বসন্ত কুমাৰ গোস্বামী । ডঃ বসন্ত কুমাৰ গোস্বামীক সভাপতি পদৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে সাহিত্য সভাৰ ভিতৰত নতুন বসন্ত আহিছে ।
যোৰহাটত আনন্দ উল্লাহ। আনহাতে বিজয় সাব্যস্ত কৰি ডঃ গোস্বামীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অসম সাহিত্য হোৱাৰ পূৰ্বৰ যি গৰিমা আছিল সেই গৰিমা তেখেতে ঘূৰাই আনিব।
শংকৰদেৱৰ ৰচনাৱলী হিন্দী আৰু ইংৰাজী লৈ অনুবাদ কৰাৰ লগতে তেখেতৰ কাৰ্যকালৰ ২ টা বছৰ এক মিনিট সময়ও অপচয় নকৰে বুলি তেও সাংবাদিকৰ আগত উল্লেখ কৰে ।
ডঃ গোস্বামীয়ে ন দি উল্লেখ কৰে যে, তেওঁ কাৰ্যকালত কোনো কাৰণতে বিতৰ্ক হবলৈ নিদিয়ে আৰু নহয়। সাহিত্য সভাৰ কিছু পৰিস্থিতিৰ কাৰণে সাহিত্য সভাৰ সংবিধান কিছু পৰিমানে সংশোধন কৰিব লাগিব বুলি উল্লেখ কৰে ।
তেও এইটো উল্লেখ কৰে যে, বিপৰীতে নৱ প্ৰজন্মক সাহিত্য সভাৰ প্ৰতি আগ্ৰহী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব । পিছে সকলো সময়লৈ এৰিলো । কিন্তু ফুলে ফলে পুনৰ জাতিষ্কাৰ হওক অসম সাহিত্য সভা তাৰে কামনা প্ৰতিজন অসমবাসীৰ ।