APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈAPSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ

APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ

APSCৰ কৃষি উন্নয়ন বিষয়াৰ চাকৰি (ADO)নগদ ধনৰ বিনিময়ত লোৱা কেলেংকাৰীৰ সন্দৰ্ভত বিশেষ ন্যায়াধীশৰ আদালতে দিয়া ৰায় স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বিগত দুটা দিনত ২৬ জন অভিযুক্তক জামিন প্ৰদান কৰিছে । বাতৰি অনুসৰি, উচ্চ ন্যায়ালয়ে ২৯ জুলাই তাৰিখে বিশেষ আদালতে ঘোষণা কৰা শাস্তি স্থগিত ৰাখিছিল ।

উল্লেখ্য যে, বিশেষ ন্যায়াধীশৰ আদালতে ২৯ জুলাইত এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালসহ ৩৩ জনক দোষী সাব্যস্ত কৰিছিল ন্যায়ালয়ে । শাস্তি হিচাপে ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড প্ৰদানৰ লগতে ২ লাখ টকাৰ জৰিমনা আৰোপ কৰিছিল।

মুঠ চাৰিটা ধাৰাত দোষী সাব্যস্ত কৰা হৈছিল ৰাকেশ পালক । IPC SEC468, 420, 120B আৰু PC ACT 7/13 (2) অধীনত দোষী সাব্যস্ত হৈছিল পাল ।

আনহাতে, ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু দুই লাখ টকাৰ জৰিমনা ঘোষণা কৰিছিল আদালতে । আন ২৯ গৰাকী কৃষি বিষয়া আৰু মধ্যভোগীক ৪ বছৰ সশ্ৰম কাৰাদণ্ড আৰু ১০ হাজাৰৰ জৰিমনা ঘোষণা কৰিছিল আদালতে ৷

উল্লেখ্য যে, ২০১৪ চনত কৃষি বিভাগৰ ADO পদৰ চাকৰি লাভ কৰিবলৈ বৃহত পৰিমাণৰ ধনৰ লেনদেন হৈছিল বুলি অভিযোগ আছে । সেয়ে ধন দি চাকৰি লোৱা ২৯ জন ৰাজপত্ৰিত বিষয়াক চাৰি বছৰৰ কাৰাদণ্ড আৰু ১০,০০০ টকাৰ জৰিমনা বিহিছিল বিশেষ আদালতে।

২০১৫-১৬ বৰ্ষত পোহৰলৈ অহা APSCৰ ADOৰ কেলেংকাৰীয়ে APSCৰ ভিতৰত চলি থকা ব্যাপক দুৰ্নীতিৰ কথা প্ৰকাশ কৰিছিল। কেলেংকাৰীটো ২০১৩ চনত বিজ্ঞাপন দিয়া ADO পদৰ বাবে বাছনি প্ৰক্ৰিয়াৰ সময়ত সংঘটিত অনিয়ম হৈছিল ।

APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
APSCৰ ADO কেলেংকাৰীৰ ২৬ অভিযুক্ত মুকলি আকাশৰ তললৈ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

২০১৭ চনত গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত বেদান্ত বিকাশ দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ৰুজু কৰিছিল এটা গোচৰ ।গোচৰটো উন্মোচিত হৈছিল যে কেনেকৈ ধনৰ বিনিময়ত চাকৰি লৈছিল প্ৰাৰ্থীসকলে।

২০১৭ চনত গুৱাহাটীৰ ভঙাগড় আৰক্ষী থানাত বেদান্ত বিকাশ দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে ৰুজু কৰিছিল এটা গোচৰ ।গোচৰটো উন্মোচিত হৈছিল যে কেনেকৈ ধনৰ বিনিময়ত চাকৰি লৈছিল প্ৰাৰ্থীসকলে।

অভিযোগটো আছিল, প্ৰতিটো পদৰ বিনিময়ত ৰাকেশ পাল বাহিনীয়ে দৰ নিৰ্ধাৰণ কৰিছিল ১৫ লাখ টকা । উক্ত এজাহাৰৰ ভিত্তিতেই মৃগেন হালৈয়ে ধন দি চাকৰি লাভ কৰাৰ অভিযোগ উঠিছিল ।

বেদান্ত বিকাশ দাস নামৰ এগৰাকী পৰীক্ষাৰ্থীয়ে অভিযোগ কৰিছিল যে, তেওঁ স্ক্ৰীণিং পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু ভাইভা-ভ’চৰ বাবে উপস্থিত হৈছিল । কিন্তু পাল আৰু এজন সহযোগীয়ে তেওঁক 15 লাখ টকাৰ উৎকোচ বিচাৰিছিল।

মাত্ৰ ৫০ হাজাৰ টকা পৰিশোধ কৰিবলৈ সক্ষম হৈছিল । তেওঁ সম্পূৰ্ণ ধনৰ পৰিমাণ পৰিশোধ কৰিবলৈ অক্ষম হৈছিল। বিষয়টোৰ অধিক অনুসন্ধানত প্ৰকাশ পাইছিল যে এজন নিৰ্বাচিত প্ৰাৰ্থী মৃগেন হালৈয়ে বিভিন্ন নথিপত্ৰত বিভিন্ন নম্বৰ লাভ কৰিছিল ।

RTIৰ তথ্য অনুসৰি মৃগেন হালৈয়ে মৌখিক পৰীক্ষাত ৭৮ নম্বৰ লাভ কৰাৰ বিপৰীতে আন এক মৌখিক পৰীক্ষাত লাভ কৰিছিল ৮০ নম্বৰ । মৃগেন হালৈৰ পৰা APSCৰ আন এগৰাকী কৰ্মচাৰী মুছাৰফ আলীয়ে সংগ্ৰহ কৰিছিল ১৫ লাখ টকা ৷

সেই নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ এগৰাকী ADO জ্যোতি ৰেখা দাসে এন্টি কৰাপছনৰ হাতত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল ।

কেলেংকাৰীটো তদন্ত প্ৰক্ৰিয়া যিমানে গভীৰ হৈ পৰিছিল তেতিয়াই এপিএছচিৰ এজন সদস্য বিনিতা ৰিঞ্জা গোচৰটোৰ ৰাজসাক্ষী আছিল । আদালতত তেওঁ সাক্ষ্য দিছিল যে, তেওঁ আন সদস্য আৰু পালৰ দ্বাৰা ‘বিশেষ’ উপহাৰৰ বিনিময়ত নম্বৰ সলনি কৰিবলৈ হেঁচা দিয়া হৈছিল।

উল্লেখ্য যে, ADO গোচৰত দোষী সাব্যস্ত ৰাকেশ পাল, চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক US 420 read with 120B IPC অনুসৰি ৭ বছৰ কাৰাদণ্ডৰ ঘোষণা কৰিছিল আদালতে ।

অন্যহাতে, দহ অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল আদালতে । তেওঁলোকৰ ভিতৰত বিকাশ পিনচা কুনাল দাস, কৌশিক কলিতা, ছৈয়দ মুছাৰফ হুছেইন, বিউতি গগৈ, ফিৰোজ মৰান, জ্যোতিবন দত্ত, ছেইজালী জহৰী, ধৃতিমান ৰয় আৰু মৌচুমী শইকীয়া৷

দোষী সাব্যস্ত ৩৩ৰ ভিতৰত আছিল ৰাকেশ পাল, বসন্ত কুমাৰ দলে, চামেদুৰ ৰহমান, সংঘমিত্ৰা শ্যাম, কবীন কিল্লিংপি, সত্যনাথ ডেকা, শ্বাহিদ আজিজ হক, বিশ্বজিত দলে, ৰৌচন ৰইফ ।

লগতে দীপাংক বাৰিক, বিদ্যুত কুমাৰ দাস, ঋতুৰাজ সোণোৱাল, অল্পনা ডেউৰী, প্ৰিয়ংকা বৰা, বৰ্ণালী মেধি, ছুইটি বৰা হাজৰিকা, মফিদা বেগম শইকীয়া, প্ৰীতি দাস, কেশৱানন্দ বৰা ।

অঞ্জন লয়িং, জয়ন্ত জিৎ দাস, কল্যাণ শৰ্মা, প্ৰণৱ ভৰালী, বিপুল কুমাৰ ডেকা, কমল কৃষ্ণ দাস, জ্যোতি ৰেখা দাস, অলক কুমাৰ মালী, ফণীন্দ্ৰ শইকীয়া, প্ৰাঞ্জল বৰ্মন, জয়ন্ত চাবুকধৰ, বৈচিত্ৰ হাকমাওচা, ৰোষেশ্বৰ টিমুং ।

উল্লেখ্য যে, বিশেষ ন্যায়াধীশৰ আদালতে পাল আৰু এপিএছচিৰ অন্যান্য সদস্যসকলক দুৰ্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) বিভিন্ন ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰিছিল ।

সেই সমূহৰ ভিতৰত আছিল প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ। ২৯ জনADO’ক প্ৰৱঞ্চনা আৰু জালিয়াতিৰ বাবে দোষী সাব্যস্ত কৰা হৈছিল।

বিশেষ আদালতে দিয়া ৰায়ক স্থগিত ৰাখিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *