চাওলুং চুকাফাচাওলুং চুকাফা
চাওলুং চুকাফাই গঢ়া বৰ অসমত ‘অসম দিৱস’ৰ তাৎপৰ্য । আজি অসম দিৱস। ৰাজ্যজুৰি স্মৰণ সাতৰাজ সামৰি বৰ অসম গঢ়োতা চাওলুং চুকাফাক। আহোম ৰাজবংশৰ প্ৰথম স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত প্ৰতিবছৰে ৰাজ্যজুৰি পালন কৰা হয় অসম দিৱস।

১২২৮ বৰ্ষৰ আজিৰ দিনটোতে আহোনসকলৰ চুকাফাৰ সৈতে আহোমসকল সৌমাৰত উপস্থিত হৈ স্থাপন কৰিছিল আহোম ৰাজ্য বা মু’ঙ দ’ন চ’ন খাম। ১৯৮৭ চনৰ পৰাই সমগ্ৰ ৰাজ্যবাসীয়ে আজিৰ দিনটোতে “অসম দিৱস” হিচাপে পালন কৰি আহিছে।

অসম দিৱসৰ নামাকৰণ: ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোহাঁইয়ে ১৯৭২ চনৰ ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে উৎযাপন কৰাৰ মানসেৰে শদিয়াৰ মৌজাদাৰ আৰু শদিয়া আঞ্চলিক ছাত্ৰসন্থাৰ লগত বিষয়টো আলোচনা কৰে ।

পৰৱৰ্তী সময়ত  সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হৈছিল । তেতিয়াৰ পৰা আজি পৰ্যন্ত পালন কৰি অহা হৈছে ‘অসম দিৱস’ অৰ্থাৎ চুকাফা দিৱস।

পৰৱৰ্তী সময়ত  সকলোৰে সহমতত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত এই দিৱস উৎযাপন কৰা হৈছিল । তেতিয়াৰ পৰা আজি পৰ্যন্ত পালন কৰি অহা হৈছে ‘অসম দিৱস’ অৰ্থাৎ চুকাফা দিৱস।

১৯৭৩ চনত বিদ্যালয়খনত অনুষ্টুপীয়াকৈ চুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত অতি ধুমধামেৰে পতা হয় চুকাফা দিৱস। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা।

নিৰ্দিষ্ট বক্তা আছিল ড০ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড০লীলা গগৈ। বক্তৃতা প্ৰসংগত ড০ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনোৱাৰ লাগে বুলি প্ৰস্তাৱ আগবঢ়ায়।

তাৰ পিছতে ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত উদযাপন কৰা হয় চুকাফা দিৱস আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটোক ‘চুকাফা দিৱস’ হিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায়।

উল্লেখ্য যে, ১৯৮৭ চনৰ ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেল পথাৰত আয়োজন কৰা হয় চুকাফা দিৱস আৰু সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক ‘অসম দিৱস’ হিচাপে প্ৰদান কৰে চৰকাৰী স্বীকৃতি।

চাওলুং চুকাফা: চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা সৈতে যাত্ৰা কৰে ব্ৰহ্মপুত্ৰ উপত্যাকালৈ। 

চাওলুং চুকাফা: চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুং ৰাজ্যৰ টাই আহোম ফৈদৰ ৰাজকোঁৱৰ চাওলুং চ্যুকাফাই ১২১৫ চনত আঠজন ডাঙৰীয়া আৰু বিষয়া, ৯০০০ জন পুৰুষ-তিৰোতা-ল’ৰা-ছোৱালী, দুটা হাতী আৰু ৩০০টা ঘোঁৰা সৈতে যাত্ৰা কৰে ব্ৰহ্মপুত্ৰ উপত্যাকালৈ। 

চাওলুং চুকাফা
চাওলুং চুকাফা

প্ৰায় ১৩ বছৰ পাটকাইৰ আশে-পাশে অনাই-বনাই থকাৰ পাছত ১২২৮ চনত সৌমাৰ খণ্ডত প্ৰৱেশ কৰে ৰাজকোঁৱৰগৰাকীয়ে। যুদ্ধ-বিগ্ৰহ এৰাই চলি অতি বিচক্ষণতাৰে চ্যুকাফাই ব্ৰহ্মপুত্ৰ দুয়োপাৰে থকা সৰু সৰু জনগোষ্ঠীয় ৰাজ্যসমূহ একত্ৰিত কৰি গঢ়ি তুলিছিল ‘‘অসম’’ আৰু ‘‘অসমীয়া জাতি’’। 

সকলোৰে মাজত মিত্ৰতা বজাই ৰাখিবলৈ নিজৰ ভাষা টাই আৰু নিজৰ তাও ধৰ্ম ত্যাগ কৰি সকলো জনগোষ্ঠীৰ সৈতে মিলি এক নতুন ভাষা সৃষ্টিত যোগাইছিল অৰিহণা।

 চুকাফাৰ মহৎ আদৰ্শ গ্ৰহণ কৰি অসমত আহোমসকলে ছশ বছৰ শাসন কৰিছিল। তাৰোপৰি অসমত বুৰঞ্জী চৰ্চাৰ পৰম্পৰাও আৰম্ভ কৰিছিল চ্যুকাফাই।

Leave a Reply

Your email address will not be published. Required fields are marked *