অংকীয়া নাট বা অংকীয়া ভাওনাৰ তাৎপৰ্য কি ?
অংকীয়া নাট বা অংকীয়া ভাওনাৰ তাৎপৰ্য যদিহে চাও তেতিয়া হ’লে, পৌৰাণিক আখ্যানৰ ভিত্তিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে ব্ৰজাৱলী ভাষাত ৰচনা কৰা নাটসমূহক অংকীয়া নাট বোলা হয় ।
মহাপুৰুষ দুজনাই ৰচনা কৰা নাটসমূহক প্ৰথমে যাত্ৰা ঝুমুৰা বোলা হৈছিল কিন্তু পৰৱৰ্তী সময়ত কোনো কোনো বৈষ্ণৱ ভকতেহে ইয়াক ‘অংকীয়া নাট’ বুলি নামকৰণ কৰে। ইয়াক ‘অংকীয়া ভাওনা’ বুলিও জনা যায়।
দৰাচলতে অংকীয়া নাটৰ অভিনয়কহে ভাওনা বুলি কোৱা হয়। অসমীয়া নাট্য ইতিহাসৰ প্ৰথম নিদৰ্শন হৈছে খ্ৰীষ্টিয় পঞ্চদশ শতিকাৰ দ্বিতীয়ভাগত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় তথা জনপ্ৰিয় মনোৰঞ্জনৰ মাধ্যম অংকীয়া নাট ভাওনা।
অংকীয়া নাটৰ উৎস আৰু প্ৰভাৱঃ বুৎপত্তিগত অৰ্থ অনুসৰি অংকীয়া নাটৰ অৰ্থ হৈছে ‘একাংকিকা নাটক’। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে তেখেতদ্বয়ৰ নাটসমূহক ‘নাট’, ‘নাটক’ বা ‘যাত্ৰা’ আদি নামেৰেহে অভিহিত কৰা হৈছিল।
নাট বুজোৱা শব্দ ‘অংক’-ৰ লগত ‘ঈয়া’ প্ৰত্যয় লগলগাই পিছৰ কালৰ বৈষ্ণৱ সমাজে এই শব্দক বিশেষণ ৰূপত ব্যৱহাৰ কৰিবলৈ লয়। গুৰুদুজনাৰ অন্যতম শিষ্য দৈতাৰি ঠাকুৰ আৰু ৰামচৰণ ঠাকুৰৰ দ্বাৰা ৰচিত চৰিত পুথিত এই শব্দ সৰ্বপ্ৰথমে ব্যৱহৃত কৰা হয়।
গুৰুদুজনাৰ দ্বাৰা ৰচিত নাটসমূহৰ লিখিত পাঠক অংকীয়া নাট আৰু সেই পাঠসমূহৰ নাট্য প্ৰদৰ্শনক অংকীয়া ভাওনা বা ভাৱনা বুলি কোৱা হয়। অৱশ্যে অংকীয়া’ শব্দৰ ব্যৱহাৰ সম্পৰ্কে ভিন্ন জনে ভিন্ন মত পোষণ কৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে, কোনো কোনো পণ্ডিতে সংস্কৃত নাট্যশাস্ত্ৰত অংক শব্দৰ অৰ্থ হ’ল ‘চিহ্ন’, অৰ্থাৎ নাটকীয় কাহিনীৰ স্তৰ চিহ্নিত কৰা বিভাগ।
গতিকে এই অংক শব্দৰ পৰাই অংকীয়া শব্দৰ সৃষ্টি হৈছে বুলি মত পোষণ কৰে। নাট্যশাস্ত্ৰত এই সন্দৰ্ভত দহ প্ৰকাৰৰ নাটক বা ৰূপকৰ উল্লেখ আৰু বিৱৰণ আছে।
উল্লেখ্য যে, শনিবাৰে নাজিৰাত অংকীয়া ভাওনা ‘অৰ্জুন ভঞ্জন’ প্ৰদৰ্শন কৰা হয় । নাজিৰাৰ খগেশ্বৰী শইকীয়া সংগীত মহাবিদ্যালয়ৰ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা শিল্পী গুৰু প্ৰয়াত টংকেশ্বৰ শইকীয়াৰ অষ্টম বাৰ্ষিকী স্মৃতিচাৰণেৰে নাজিৰা নাট্য মন্দিৰত অনুষ্ঠিত কৰা হয় এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান |
এই সাংস্কৃতিক অনুষ্ঠানত সংগীত মহাবিদ্যালয়খনিৰ ছাত্ৰ ছাত্ৰীৰ অভিনয়েৰে মাধৱদেৱ গুৰুজনাৰ সৃষ্ট ‘অৰ্জুন ভঞ্জন’ অংকীয়া নাট ভাওনাখনি প্ৰদৰ্শন কৰাৰ উপৰিও আয়োজন কৰা হয় বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।
এই অনুষ্ঠানত নাজিৰাৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে কেইবা শতাধিক দৰ্শক উপস্থিত থাকে। সুন্দৰ অভিনয়, গীত- নৃত্য পৰিবেশনেৰে জীপাল হৈ পৰে অনুষ্ঠানটো।