Assam Trading Scam 2024 : চুমি বৰাৰ বুকুত চেৰেংকৈ মাৰিছে কিহে ?
বৰ্তমান কাৰাগাৰৰ ভিতৰত আছে ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত চুমি বৰা। শেহতীয়াকৈ চুমিৰ স্বামী তাৰ্কিক বৰা, পাতি লোৱা ভায়েক বিশান ফুকন আৰু স্বপনীল দাসে লাভ কৰিছে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিছে বিশাল, তাৰ্কিক আৰু স্বপনীলৰ জামিন।
অৱশ্যে এটা গোচৰত জামিন লাভ কৰিছে যদিও আন এটা গোচৰ থকা বাবে তেওঁলোক কাৰাগাৰতে থাকিব লাগিব। কিন্তু এতিয়ালৈকে চুমি বৰাই লাভ কৰা নাই জামিন।
শীতৰ বাবে ৰাতি কাৰাগাৰৰ ভিতৰত টোপনি যাব পৰা নাই এটা সময়ত বিলাসী জীৱন কটোৱা চুমি বৰাই। ঠাণ্ডাত কঁপিছে চুমি বৰা। কাৰাগাৰৰ বন্ধ কোঠালীত চুমিয়ে কঁপি কঁপি উজাগৰী নিশা কটাইছে।
ঠাণ্ডা পৰাৰ পাছতো চুমিৰ লগতে আন অভিযুক্তসকলক কোনো গৰম কাপোৰ বা কম্বল যোগান ধৰা নাই জে’ল কৰ্তৃপক্ষই। উল্লেখ্য যে, বুধবাৰে চিবিআই আদালতত হাজিৰ কৰোৱা হয় চুমি বৰাক। আদালতত উপস্থিত হোৱাৰ পিছতে কান্দি কান্দি বিচাৰকৰ আগত দুখৰ কাহিনী ক’লে চুমি বৰাই।
কাৰাগাৰত গৰম কাপোৰ নোপোৱাৰ কথা কৈ কান্দিলে চুমিয়ে। লগে লগে বিচাৰকে জে’ল কৰ্তৃপক্ষক দিয়ে কম্বল যোগান ধৰাৰ নিৰ্দেশ। আদালতৰ নিৰ্দেশ অনুসৰি জে’লত থকা ৭ অভিযুক্তক ৭খন কম্বল যোগান ধৰে জে’ল কৰ্তৃপক্ষই।
ইফালে আদালতৰ পৰা ওলোৱাৰ সময়ত চুমিয়ে সুযোগ বুজি কেইবা পেকেটমান পাণ মচলাও কিনে বুলি জানিব পৰা গৈছে। চুমিৰ এই কৰ্ম দেখি ৰ’ লাগি চাই ৰ’ল সাংবাদিকসকল।
আদালতৰ নিৰ্দেশ পোৱাৰ পিছত এতিয়া শীতৰ পৰা কিছু সকাহ পাব চুমিৰ লগতে আন অভিযুক্তই। আনহাতে CBIয়ে, দাখিল কৰিলে ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা, চুমি-বিশাল-তাৰ্কিকৰ বিৰুদ্ধে দাখিল অভিযোগনামা ।
বৃহস্পতিবাৰে গুৱাহাটীৰ চিবিআইৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। ট্ৰেডিং কেলেংকাৰীৰ অভিযোগনামা দাখিল। এই কেলেংকাৰীৰ অভিযোগনামা দাখিল কৰিলে চিবিআই আদালতে।
চুমি বৰা, বিশাল ফুকন, তাৰ্কিকল বৰা, অভিজিত চন্দৰ বিৰুদ্ধে দাখিল কৰিলে অভিযোগনামা। বৃহস্পতিবাৰে চিবিআইৰ বিশেষ আদালতত অভিযোগনামা দাখিল কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থানটোৱে।
ডিব্ৰুগড় আৰক্ষী থানাত ট্ৰেডিং কেলেংকাৰীক লৈ বিশাল ফুকনৰ বিৰুদ্ধে ৩৫২/২০২৪ নম্বৰত গোচৰ ৰুজু হৈছিল, য’ত বিশাল বিশাল ফুকনৰ বিৰুদ্ধে আৰবিআই/ছেবিৰ নীতি-নিৰ্দেশনা উলংঘা কৰি বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ আছে অভিযোগ।
অভিযোগ অনুসৰি, বিশালে মানুহক বিনিয়োগৰ নামত উচ্চ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিছিল আৰু ছেবিৰ নীতি-নিয়মৰ বিপৰীতে নিজৰ ডিমেট একাউণ্টত জমা কৰিছিল ধন। এক বিলাসী জীৱন-যাপন কৰিবৰ বাবে বিশালে ধনৰ অপব্যৱহাৰৰ কৰিছিল, যাৰ চিকাৰ হৈছিল গ্ৰাহক ।
চাৰিওটা অভিযুক্তৰ বিৰুদ্ধে চিবিআইয়ে লাভ কৰিছে বহু তথ্য। তদন্তত জানিব পৰা অনুসৰি, অভিযুক্তই প্ৰস্তুত কৰিছিল অবৈধ জমা আঁচনি, যাৰ বাবে মিছা অজুহাত দেখুৱাই বিনিয়োগকাৰীৰ পৰা বিচাৰিছিল টকা। লগতে অভিযুক্তই বিনিয়োগকাৰীক ৩০ শতাংশ ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দি দিছিল প্ৰলোভন।
ইয়াৰ বাবে অৱলম্বন কৰিছিল ন’টাৰীকৃত ষ্টাম্প পেপাৰ আৰু ভুৱা বিনিয়োগ ৰিপ’ৰ্টসহ কেতবোৰ বিভ্ৰান্তিকৰ পদ্ধতি। অভিযুক্তই বিনিয়োগকাৰীক প্ৰৱঞ্চনা কৰি নিজৰ লাভৰ বাবে জমা ধনৰ অপব্যৱহাৰ কৰাৰ চাৰ্জশ্বীটত উল্লেখ আছে।
১৯ নৱেম্বৰত নাকচ কৰিছিল আদালতে নাকচ কৰিছিল এই গোচৰত অভিযুক্ত চুমি বৰাৰ জামিন। বৰ্তমান ন্যায়িক জিম্মাত আছে আটাইকেইটা অভিযুক্ত।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ অনুৰোধমৰ্মে চিবিআইয়ে গ্ৰহণ কৰিছে অবৈধ ট্ৰেডিং কেলেংকাৰী সম্পৰ্কীয় ৪১ টাকৈ গোচৰৰ তদন্ত। অভিযুক্তই বৃহৎ অংকৰ ধনৰ কেলেংকাৰী সংঘটিত কৰি সমগ্ৰ ভাৰতৰ বহু বিনিয়োগকাৰীক কৰিছে প্ৰৱঞ্চনা।
তাৰ বিনিময়ত অভিযুক্তই বিনিয়োগকাৰীক লেনদেনৰ প্ৰমাণ হিচাপে ১০০ টকাৰ ষ্টাম্প পেপাৰ দলিল কৰি দিছিল। বিগত কিছু মাহত বহু বিনিয়োগকাৰীয়ে এই সন্দৰ্ভত সদৰি কৰিছে বহু তথ্য, য’ত বহুতেই প্ৰতিশ্ৰুতি মতে লাভ কৰা নাই ৰিৰ্টাৰ্ণ।
তদন্তভাৰ গ্ৰহণ কৰাৰ পিছতে এই গোচৰৰ তদন্তত ক্ষীপ্ৰতাৰে লাগি পৰিছিল চিবিআই। তদন্তকাৰী সংস্থাটোৱে ৯৩ টা স্থানত চলাইছিল অভিযান। এই অভিযানত জব্দ কৰিছে ম’বাইল ফোন, ডেস্কটপ, হাৰ্ড ড্ৰাইভসহ লেপটপ।
লগতে তদন্তত চিবিআইয়ে লাভ কৰিছে বিনিয়োগকাৰীৰ বিৱৰণৰ ডাটাবেছৰ তথ্য। চিবিআইয়ে অব্যাহত ৰাখিছে বিভিন্ন গোচৰৰ তদন্ত।