Reels Competition 2024Reels Competition 2024

Reels Competition 2024: ৰীল বনালে মোদী চৰকাৰে দিব লাখে লাখে টকা 

Reels Competition 2024: ৰীল বনালে মোদী চৰকাৰে দিব লাখে লাখে টকা । ৰীলে নহয় কন্টেইন ক্ৰীয়েটৰেও লাভ কৰিব লাখ টকা । আপুনি শুনিছে যদি হাতত মোবাইলটো উঠাওক ৰীল বনোৱ আৰম্ভ কৰক ।

‘ৰীল’ বনাই আপুনিও ভাল পায় নেকি ? ‘ৰীল’ বনাম বুলি আপুনিও ভাবিছে নেকি, তেতিয়া হ’লে শীঘ্ৰে ‘ৰীল’ বনোৱা আৰম্ভ কৰক । চিনেমা নিৰ্মাণৰ প্ৰতিও আগ্ৰহী নেকি আপুনি ? যদি হয় তেতিয়া হ’লে মোদী চৰকাৰে আপোনালৈ আনিছে সুবৰ্ণ সুযোগ । সেই সুযোগ গ্ৰহণ কৰি আপুনিও লাভ কৰক লাখ লাখ টকা ।

ৰীল বনোৱাৰ ক্ষেত্ৰত কোনো বয়সৰ সীমা নাই । সেয়া লাগিলে ছাত্ৰ-ছাত্ৰীয়ে হওক অথবা বিবাহিত দম্পত্তি, কিশোৰ-কিশোৰীয়ে হওক সকলোৱে বনাব পাৰিব ‘ৰীল’ । পিছে ৰীল বনোৱা স্থানৰ ক্ষেত্ৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে ।

কোনো পূজাৰ মণ্ডপ, ঘৰ, প্ৰসিদ্ধ স্থান অথবা বিবাহস্থলীত নহয় । ৰীল বনোৱা এটা স্থান নিৰ্ধাৰণ কৰি দিছে মোদী চৰকাৰে ।

Reels Competition 2024
Reels Competition 2024

ৰীল বনোৱাৰ লগতে যদি আপুনি কন্টেইন ক্ৰীয়েটৰোও হয় তেতিয়াও মোদী চৰকাৰে দিব ধন । আপোনাৰ কন্টেইন কিন্তু চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া বিশেষ স্থানক লৈ কৰা কন্টেইন হ’ব লাগিব ।

Reels অথবা Content Creatorৰ বাবে নিৰ্ধাৰণ কৰা সেই বিশেষ স্থান হৈছে ৰে’ল ষ্টেচন । ‘Namo Bharat Short Film Making Competition’ নামেৰে এক বিশেষ প্ৰৰতিযোগিতাৰ আয়োজন কৰিছে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ পৰিবহণ নিগমে ।

আগ্ৰহী Reels নিৰ্মাতা আৰু কন্টেইন ক্ৰীয়েটৰসকলক তেওঁলোকৰ সৃষ্টিশীলতাৰ বাবে নগদ ধনৰ পুৰস্কাৰ লাভৰ সুবৰ্ণ সুযোগ দিছে ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ পৰিবহণ নিগম চমুকৈ NCRTCয়ে ।

Reels অথবা Content Creatorsৰ বাবে কোনো নিৰ্ধাৰিত কাহিনী নাই । কিন্তু আপুনি নতুন আৰু আধুনিক নমো ভাৰত ৰে’ল আৰু আৰআৰটিএছ (RRTS) ষ্টেচনৰ দৃশ্যগ্ৰহণ কৰা হ’ব লাগিব। উদাহৰণ স্বৰূপে অসমত ৰঙিয়া, চিলাপথাৰসহ আছে ১৬ টা ষ্টেচন ।

Reels বনোৱাৰ ক্ষেত্ৰত কেইটামান কথা মনত ৰাখিব লাগিব । ভিডিঅ’ৰ মাধ্যম হিন্দী বা ইংৰাজী হ’ব লাগিব । ৰীলবোৰ MP4 বা MOV ফৰ্মেটত হ’ব লাগিব। ভিডিঅ’ৰ কোৱালিটি কমেও 1080P ৰিজলিউশ্বন হ’ব লাগিব । সেই ভিডিঅ’ সমূহ ২০ ডিচেম্বৰৰ ভিতৰত ই-মেইলযোগে প্ৰেৰণ কৰিব লাগিব।

চৰকাৰে মুকলি কৰি দিয়া বিশেষ ই-মেইল হৈছে pr@ncrtc.in । উক্ত মেইলত Reels বা কন্টেইন ক্ৰীয়েটৰে ভিডিঅ’ সমূহ প্ৰেৰণ কৰিব লাগিব । Content Creatorৰ সকলে ১০০ শব্দৰ ভিতৰত লিখিব লাগিব কন্টেইন ।

ইয়াৰ মাজৰ পৰা বাচনি কৰা হ’ব । প্ৰথম পুৰস্কাৰ হিচাপে ১.৫ লাখ, দ্বিতীয় পুৰস্কাৰ হিচাপে ১ লাখ টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৫০ হাজাৰ টকা প্ৰদান কৰিব ।

চৰকাৰে কোটি কোটি টকা ব্যয় কৰিছে ভাৰতীয় ৰে’ল ষ্টেচনৰ আধুনীকিকৰণৰ নামত । কিন্তু প্ৰচাৰৰ বাবে কোটি কোটি খৰচ কৰিব বিচৰা নাই ভাৰত চৰকাৰে । সেই বাবে সামজিক মাধ্যমৰ  বিশেষ জনপ্ৰিয় ভিডিঅ প্ৰস্তুত কৰিব পৰা Reels বাচি লৈছে চৰকাৰে । 

কন্টেইন ক্ৰীয়েটৰ বা ৰীল প্ৰস্তুত কৰা লোক সকলৰ জড়িয়তে ৰে’ল ষ্টেচনৰ নামত কোটি কোটি টকা ব্যয় কৰি কি পালে তাৰে এটা জোখ লব বিচাৰিছে । সেই বাবে অধুনিক ৰে’ল ষ্টেচনৰ সুবিধাকসুহক সমল হিচাপে চাব বিচাৰে । ফলত এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে ।

উল্লেখ্য যে, চলিত বৰ্ষত ভাৰতৰ কেইবাইখনো আগশাৰী চহৰত নিৰ্মাণ কৰা হৈছে অত্যাধুনিক ৰে’ল ষ্টেচন লগতে অত্যাধুনিক ৰে’লৰ চলাচল কৰা হৈছে । বিশ্বৰ ৰে’ল মানচিত্ৰত  আগশাৰী হিচাপে ভাৰতক গঢ়িবলৈ ইতিমধ্যে চেষ্টা কৰিছে ভাৰত চৰকাৰে ।  

ইয়াৰে অংশ হিচাপে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে অক্টোবৰ মাহত দেশৰ প্ৰথমখন আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থাৰ (আৰআৰটিএছ) শুভাৰম্ভ কৰিছিল ।  নমো ভাৰত ৰে’লখনক ভাৰতৰ ভৱিষ্যতৰ এক আভাস বুলি অভিহিত কৰিছিল প্ৰধানমন্ত্ৰীয়ে। 

উল্লেখ্য যে, চাহিবাবাদৰ পৰা উত্তৰ প্ৰদেশৰ দুহাই ডিপোলৈ সম্পূৰ্ণ হোৱা ১৭ কিলোমিটাৰ পথত চলিব । নমো ভাৰতে সম্পূৰ্ণ ৪২ কিলোমিটাৰ দিল্লী-গাজিয়াবাদ-মিৰাট কৰিডৰ ২০২৫ চনৰ ভিতৰত কাৰ্যকৰী হ’ব বুলিও উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ।

তেওঁ এইটো কৈছিল,” নমো ভাৰত ৰে’লখনে নতুন ভাৰতৰ নতুন যাত্ৰা আৰু ইয়াৰ নতুন সংকল্পৰ সংজ্ঞা দিছে। দিল্লী-মিৰাটৰ পৰা মাত্ৰ আৰম্ভণি । কিয়নো প্ৰথম পৰ্যায়ত দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানৰ বহু অঞ্চল সংযুক্ত হ’ব ।’

তেওঁ লগতে এইটো কৈছিল যে, আগন্তুক দিনত সংযোগ উন্নত কৰাৰ বাবে আৰু নিযুক্তিৰ নতুন পথ সৃষ্টি কৰাৰ বাবে দেশৰ আন প্ৰান্তত একে ধৰণৰ ব্যৱস্থা গঢ়ি তোলা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *