US Election result: কমলা পছন্দ নহয় আমেৰিকাবাসীৰ,US Election result: কমলা পছন্দ নহয় আমেৰিকাবাসীৰ,

US Election result: কমলা পছন্দ নহয় আমেৰিকাবাসীৰ !

US Election result: কমলা পছন্দ নহয় আমেৰিকাবাসীৰ, ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ দিশে গতি কৰিছে । আমেৰিকাত চলি থকা ভোট গণনাত ইতিমধ্যে বৃহত বিজয়ৰ দিশে গতি কৰিছে ড’নাল্ড ট্ৰাম্প ।

অগ্ৰগতিলৈ যদি চোৱা যায় তেতিয়া হলে ২৭০ মেজিক নম্বৰ অতিক্ৰম কৰিবলৈ ট্ৰাম্পক লাগে মাত্ৰ ৩ টা ইলেক্টৰেল ভোট । ৫১.২ শতাংশ ভোট লাভেৰে দ্বিতীয় বাৰৰ বাবে ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ দিশে গতি কৰিছে ।

২০২০ চনৰ যি নিৰ্বাচন হৈছিল তেতিয়া জ’ বাইডেনৰ হাতত পৰাস্ত হৈছিল ট্ৰাম্প ।  তাৰে যে প্ৰতিশোধ ললে ট্ৰাম্পে ।

উল্লেখ্য যে, ২০ বছৰৰ পাছত ৰিপাব্লিকান দলৰ কোনো নেতাই বৃহত সংখ্যক ভোট লাভ কৰি অভিলেখ সৃষ্টি কৰিছে । ইয়াৰ পূৰ্বে ২০০১ আৰু ২০০৯ বৰ্ষৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোট পাই ৰাষ্ট্ৰপতি হৈছিল জৰ্জ বুৰ্শ্ব । 

প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ডেমক্ৰেটিক দলতকৈ ৫১% ভোট লাভ কৰে ।ইলেক্ট’ৰেল কলেজত ৩০০ টা ভোটৰ ওপৰত জয়ী হ’ব বুলি অনুমান কৰা হৈছে । যি ২৭০ ৰ সংখ্যাগৰিষ্ঠতা তকৈ যথেষ্ট অধিক (এছ’চিয়েটেড প্ৰেছৰ মতে, ৬নৱেম্বৰৰ নিশা 8 বজাত)।

ট্ৰাম্পৰ হাতত কমলা হেৰিছৰ পৰাজয়ৰ অন্যতম কাৰণ হৈছে ডেমক্ৰেটিক দলৰ নেতা হেৰিছে মূল ইচ্ছু সমূহৰ ওপৰত ভোটাৰক আকৰ্ষণ কৰিব পৰা নাছিল ।

সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, জ’ বাইডেনৰ অধীনত যোৱা চাৰি বছৰে বহুতো আমেৰিকাৰ নাগৰিক দুখীয়া হৈছিল । মুদ্ৰাস্ফীতি, নিবনুৱা আৰু অৰ্থনীতিত তীব্ৰ মন্দাৱস্থা দেখা গৈছিল।

১৯৬০ৰ দশকৰ পৰা, গ্ৰাম্যঞ্চলত থকা লোকক ৰিপাব্লিকান দলে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল । উল্লেখ্য যে, ৰাষ্ট্ৰপতি নিৰ্বাচন ইয়াৰ প্ৰভাৱ দেখ গ’ল । গ্ৰাম্যঞ্চল সমুহৰ ভোটাৰৰ বাবে কমলাৰ পৰাজয়ৰ অন এক কাৰণ বুলি উল্লেখ কৰা হৈছে ।

অমেৰিকাত শ্বেতাংগ আৰু কৃষ্ণাগং যি ব্যৱধান  তাৰ সুযোগ ললে ট্ৰাম্পে । কাৰণ শ্বেতাংগ গাম্য ভোটাৰে  ২০১৬ চনত ডনাল্ড ট্ৰাম্পক হোৱাইট হাউচলৈ প্ৰেৰিত কৰাত সহায় কৰিছিল । সেি একে নীতি মানি ২০২৪ চনত পুনৰ ৰাষ্ট্ৰপতি হবলৈ গৈ আছে ট্ৰাম্প ।

ডেমক্ৰেটসকলে দীৰ্ঘদিন ধৰি বিশ্বাস কৰি আহিছে যে তেওঁলোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ অসংখ্য সংখ্যালঘুৰ দলে সমৰ্থন কৰে । পূৰ্বৰ দৰে কৃষ্ণাংগ সংখ্যালঘু ভোটাৰে এইবাৰ ট্ৰাম্পে সমৰ্থন প্ৰদান কৰে । ৰিপাব্লিক দলে সেই সুখ্য লঘুলোকৰ দলৰ সৈতে মিত্ৰজোঁট তৈয়াৰ কৰিবলৈ সক্ষম হৈছিল ।

গ্ৰাম্যঞ্চলত বাস কৰা আমেৰিকা আৰু সংখ্যালঘু সকলৰ মাজত, ডনাল্ড ট্ৰাম্পৰ সমৰ্থনত বৃদ্ধি পায় ।  টাইম আলোচনীৰ এটা প্ৰবন্ধ অনুসৰি, “এক্সিট প’লত ট্ৰাম্পে মুখ্য যুদ্ধক্ষেত্ৰৰ ৰাজ্যসমূহত বৃহৎ সংখ্যক পুৰুষৰ সমৰ্থক দেখা গৈছিল । 

যাৰ ফলত পেনচিলভেনিয়াৰ সেই গোটটোৰ সৈতে তেওঁৰ সংখ্যা ২৭% ৰ পৰা ৪২% লৈ উন্নত হৈছিল। ৰাষ্ট্ৰীয় ভাৱে, লেটিনো পুৰুষসকলৰ মাজত ট্ৰাম্পৰ সমৰ্থন ৩৬% ৰ পৰা ৫৪% লৈ বৃদ্ধি হৈছে।”

এফালে আনন্দ আনফালে বিষাদে ভৰি পৰিল কমলাৰ মন । হাজাৰ হাজাৰ গুণমুগ্ধই তুকিলে চকুপানী । পৰাজয়ৰ পাছত ভোটাৰক উদ্দেশ্যি হেৰিছে কয় যে, ভোটাৰৰ ৰায়ক স্বীকাৰ কৰিছো ।

হেৰিছে কয় যে, “যদিও মই নিৰ্বাচনস্বীকাৰ কৰোঁ, মই এই প্ৰচাৰ অভিযানত ইন্ধন যোগোৱা যুঁজটো স্বীকাৰ নকৰো। সকলো লোকৰ বাবে স্বাধীনতা, সুযোগ, মৰ্যাদাৰ বাবে যুঁজ দিয়ক ।”

তেওঁ সমৰ্থকসকলক কয়, “এই নিৰ্বাচনৰ ফলাফল আমি বিচৰা নাছিলোঁ । আমি যিবিলাকৰ বাবে যুঁজিছিলো সেয়া নহয় । আমি যি ভোট দিছিলো সেয়া নহয় । কিন্তু যেতিয়া মই কওঁ যে আমেৰিকাৰ প্ৰতিশ্ৰুতিৰ পোহৰ সদায় উজ্জ্বল হৈ থাকিব যেতিয়ালৈকে আমি কেতিয়াও হাৰ মানি নাযাওঁ আৰু যেতিয়ালৈকে আমি যুঁজ কৰি থাকোঁ।”

“আমি এই নিৰ্বাচনৰ ফলাফল গ্ৰহণ কৰিব লাগিব। আজিৰ আগতে, মই নিৰ্বাচিত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিছিলো আৰু তেওঁৰ বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছিলো,” শ্ৰীমতী হেৰিছে ৱাশ্বিংটনৰ তেওঁৰ আলমা মেটাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ত ভাষণত সমৰ্থকসকলক এইদৰে কয়।

হেৰিছে কয় “মই তেওঁক এইটোও কৈছিলো যে আমি তেওঁক আৰু তেওঁৰ দলক তেওঁলোকৰ পৰিৱৰ্তনত সহায় কৰিম, আৰু আমি শান্তিপূৰ্ণভাৱে ক্ষমতা হস্তান্তৰত জড়িত হ’ম ।’

“আমি যি দৰে দৌৰা দৌৰিকৈ  প্ৰচাৰ চলাইছিলো । তাৰ বাবে মই বহুত গৌৰৱান্বিত। এই অভিযানৰ ১০৭ দিনত, আমি সম্প্ৰদায় গঢ়ি তোলা আৰু মিত্ৰতা গঢ়ি তুলিবলৈ, প্ৰতিটো ক্ষেত্ৰৰ লোকসকলক একত্ৰিত কৰাৰ চেষ্টা কৰিলো ।’ এইদৰে হেৰিছে কয় ।

তেওঁ লগতে কয়, আমেৰিকাৰ ভৱিষ্যতৰ বাবে আমাৰ যুঁজত উৎসাহ আৰু আনন্দেৰে দেশৰ প্ৰেমৰ দ্বাৰা একত্ৰিত হোৱাৰ বিষয়ে ইচ্ছাকৃতভাৱে কৰি আহিছো ।,” হেৰিছে কয়। আৰু আমি এই টো এই জ্ঞানেৰে কৰিছিলোঁ যে আমাক পৃথক কৰাতকৈ আমাৰ সকলোৰে মাজত বহুত বেছি মিল আছে।”

৭৮ বছৰ বয়সীয়া ট্ৰাম্পে  ২০ জানুৱাৰীত ৰাষ্ট্ৰপতি হিচাপে শপত লব। উল্লেখ্য যে, যদিহে হেৰিছ জয়ী হোৱা হ’লহেঁতেন, তেন্তে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হ’লহেঁতেন। 

জয়লাভৰ পাছতে ট্ৰাম্পে ভাষণত এইটো কয় ,  ‘এইটো এটা ৰাজনৈতিক বিজয় যিটো আমাৰ দেশে আগতে কেতিয়াও দেখা নাছিল ।’

জয়লাভৰ পাছতে ট্ৰাম্পে ভাষণত এইটো কয় ,  ‘এইটো এটা ৰাজনৈতিক বিজয় যিটো আমাৰ দেশে আগতে কেতিয়াও দেখা নাছিল ।’

Leave a Reply

Your email address will not be published. Required fields are marked *