One Nation One Election: এক দেশ এক নিৰ্বাচনOne Nation One Election: এক দেশ এক নিৰ্বাচন

One Nation One Election: এক দেশ এক নিৰ্বাচন

One Nation One Election: ভাৰতত শীঘ্ৰে আৰম্ভ হ’ব এক দেশ এক নিৰ্বাচন নিয়ম । ২০১৪ চনতে তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰিছিল যে, ৰাজ্য ভেদে বেলেগ আৰু লোকসভা নিৰ্বাচন বেলেগকৈ কিয় অনুষ্ঠিত হ’ব লাগে । উন্নয়নত হেঙাৰ হৈ পৰে । 

সেই বাবে One Nation One Election, তথা এক দেশ এক নিৰ্বাচনৰ কথা উল্লেখ কৰিছিল । সেই কথাই বাস্তৱ ৰূপ দিবলৈ গৈ আছে মোদী চৰকাৰে । বুধবাৰে মোদী কেবিনেটত “এক দেশ, এক নিৰ্বাচন” প্ৰস্তাৱ গ্ৰহণ কৰে । 

এক দেশ এক নিৰ্বাচনৰ জড়িয়তে লোকসভা আৰু ৰাজ্যিক নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ উদ্দেশ্য় ।  লগতে নিৰ্বাচনী ব্যয় হ্ৰাস কৰি আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ ভোটদান প্ৰক্ৰিয়া বোজা হ্ৰাস কৰিব।

উল্লেখ্য যে, সংসদৰ শীতকালীন অধিৱেশনত বিধেয়কখন উত্থাপন কৰিব । আনহাতে, মোদী চৰকাৰে বিধেয়কখন সদনত উত্থাপন কৰাৰ পূৰ্বে এক গণমত গঢ়ি তুলাৰ বাবে চেষ্টা কৰা হ’ব বুলি জানিব পৰা গৈছে । 

বুধবাৰে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত এখন উচ্চ পৰ্যায়ৰ কমিটিৰ প্ৰতিবেদনক গ্ৰহণ কৰে মোদী কেবিনেটে । ২০২৩ৰ ২ ছেপ্টেম্বৰ তাৰিখে সমিতিখন গঠন কৰা হৈছিল । 

 ১৯১ দিনৰ ভিতৰত বিশেষজ্ঞ আৰু গৱেষকৰ আলোচনাৰ পিছত মাৰ্চ মাহত ১৮,৬২৬ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰা হৈছিল।

যদিহে চোৱা যায় তেতিয়া হ’লে, ১৯৮০ত প্ৰথমবাৰৰ বাবে “এক দেশ, এক নিৰ্বাচন”ৰ ধাৰণাটো প্ৰস্তাৱ লোৱা হৈছিল । ন্যায়াধীশ বিপি জীৱন ৰেড্ডীৰ নেতৃত্বত আইন আয়োগে ১৯৮০ চনৰ ১৯ মে’ মাহত ইয়াৰ ১৭০ তম প্ৰতিবেদন দাখিল কৰিছিল ।

প্ৰতিবেদনত উল্লেখ আছিল যে,”আমি সেই পৰিস্থিতিলৈ ঘূৰি যাব লাগিব য’ত লোকসভা আৰু সকলো বিধানসভা একেলগে নিৰ্বাচন অনুষ্ঠিত হয়”।

কাৰণ, ১৯৫১-৫২, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হৈছিল। অৱশ্যে তেতিয়াৰ বিধানসভাসমূহৰ অকাল বিলুপ্তিৰ ফলত ৰাজ্যৰ বিধানসভা কাৰ্যকাল ব্যাহত হৈছিল। ১৯৭০ চনৰ আৰম্ভণিতে লোকসভাও ভংগ কৰা হৈছিল।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দুয়োটা সদনতে সংখ্যাগৰিষ্ঠতা আছে । কিন্তু সেই দুই-তৃতীয়াংশৰ সংখ্যাতকৈ কম – ৰাজ্যসভাত ৫২ টা আৰু লোকসভাত ৭২ টা ভোটত। ইয়াৰ পিছত সকলো ৰাজ্য আৰু UTৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

হাৰিয়ানাত অহা মাহত ভোটদান হ’ব । ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰেত চলিত বৰ্ষৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ’ব । আনহাতে জম্মু আৰু কাশ্মীৰত এটা দশকৰ পচাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে ।

One Nation One Election: এক দেশ এক নিৰ্বাচন
One Nation One Election: এক দেশ এক নিৰ্বাচন

যদিহে চোৱা যায়, তেতিয়া হ’লে কৰ্ণাটক, মধ্য প্ৰদেশ, ৰাজস্থান আৰু তেলেংগানাত বিগত বৰ্ষত  নিৰ্বাচন অনুষ্টিত হৈছিল। যাৰ বাবে বিৰোধীয়ে সমালোচনা কৰিছে ।

আনহাতে, বিজেপিয়ে মধ্য প্ৰদেশ আৰু ৰাজস্থানত শাসন কৰি আছে । কংগ্ৰেছে কৰ্ণাটক আৰু তেলেংগানাত শাসন কৰি আছে । কিন্তু দুয়োখন ৰাজ্যত ২০২৮ চনলৈ নিৰ্বাচন অনুষ্ঠিত হ’ব লাগিছিল । কিন্তু এক দেশ, এক নিৰ্বাচনৰ বাবে কেতিয়া অনুষ্ঠিত  হ’ব এতিয়াই কোৱা কঠিন হৈ পৰিব ।

অসম, কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু পুডুচেৰীৰ বৰ্তমানৰ চৰকাৰৰ কাৰ্যকাল ২০২৬ চনত সমাপ্ত হ’ব । আনহাতে গোৱা, গুজৰাট, মণিপুৰ, পঞ্জাৱ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ চৰকাৰ ২০২৭ চনত সমাপ্ত হ’ব।

মোদী কেবিনেটত একক ভোটাৰ তালিকা আৰু একক ভোটাৰ পৰিচয় পত্ৰ সম্পৰ্কে কিছু প্ৰস্তাৱ গ্ৰহণ কৰে । 

ইফালে বিধেয়খন গৃহীত হবলৈ  যিহেতু লোকসভাত বিজেপিৰ নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা নাই । সেয়েহে বিজেপিয়ে সহযোগী এন ডি এৰ দলবোৰেই নহয়, বিৰোধী দলসমূহকো জড়িত কৰিব লাগিব।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে, একেলগে নিৰ্বাচন গ্ৰহণযোগ্য নহয় । নিৰ্বাচন ওচৰ চাপিলে বাস্তৱ বিষয়ৰ পৰা মনোযোগ আঁতৰাবলৈ শাসকীয় বিজেপিয়ে এনে ধৰণৰ বিষয়লৈ আহিছে।

মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়, “বিৰোধীয়ে আভ্যন্তৰীণ চাপ অনুভৱ কৰিছে । কিয়নো পৰামৰ্শদাতা প্ৰক্ৰিয়াৰ সময়ত সঁহাৰি দিয়া ৮০% তকৈও অধিক উত্তৰদাতাই তেওঁলোকৰ ইতিবাচক সমৰ্থন দিছে ।বিশেষকৈ যুৱসকল, তেওঁলোকে ইয়াৰ পক্ষত আছে ।’

সকলো দিশ চোৱা চিতা কৰাৰ লগতে যাতে সংবিধানৰ অধিকাৰ খৰ্ব নহয় তাৰ প্ৰতিও লক্ষ্য ৰখা হৈছে । কোবিন্দ সমিতিয়ে লোকসভাৰ ম্যাদ নিয়ন্ত্ৰণ কৰা অনুচ্ছেদ ৮৩ আৰু অনুচ্ছেদ ১৭২ ত সংশোধনৰ প্ৰস্তাৱ দিছে । যি ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল সামৰি লয়।

বিধানসভা এখনে ইয়াৰ পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিছে নে নাই সেয়া দৃষ্টি ৰখা হৈছে ।  অনুচ্ছেদ ৮২A-ৰ অধীনত এটা ধাৰাত কোৱা হৈছে যে “নিৰ্ধাৰিত তাৰিখ”ৰ পিছত অনুষ্ঠিত যিকোনো সাধাৰণ নিৰ্বাচনত গঠন কৰা সকলো বিধানসভা লোকসভাৰ সম্পূৰ্ণ কাৰ্যকাল উকলি যোৱাৰ পিছত সমাপ্ত হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *