চুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সম্ভাৱনাচুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সম্ভাৱনা

চুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সম্ভাৱনা

চুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আজি আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা আছে । সেই সূত্ৰে আত্মগোপন কৰি থকা স্থান এৰি ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰিছে বুলি বিশেষ তথ্য পোৱা গৈছে । ইয়াৰ লগে লগে হয়তো আজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সম্ভাৱনা বৰা দম্পত্তিয়ে ।

চুমী-তাৰ্কিকে পলায়ন কৰা আজি ৫/৬ দিন হ’ল । সেয়ে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আজি আত্মসমৰ্পন কৰাৰ সম্ভানা আছে চুমী বৰা আৰু তাৰ্কিক বৰাই । বিগত সোমবাৰৰৰ পৰা পলায়ন কৰি থকা চুমী-তাৰ্কিক ক’ত আছিল সোমাই ? 

এই ক্ষেত্ৰত ডিব্ৰুগড় আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ পৰা বিচাৰিছিল সহায় । কিন্তু মহানগৰ আৰক্ষীয়ে চুমী বৰা আৰু তাৰ্কিক বৰাক ৰক্ষণবেক্ষণ দিয়াৰ অভিযোগ উঠিছে । ইফালে ডিব্ৰুগড় আৰক্ষীয়ে শীঘ্ৰে আত্মগোপন কৰা স্থানৰ পৰা ওলাই আহি আৰক্ষীক সহযোগ কৰিবলৈ আহ্বান জনাইছিল বৰা দম্পত্তিক ।

উল্লেখ্য যে, অনলাই ট্ৰেডিঙৰ নামত প্ৰায় ২ হাজাৰ কোটি ধন সংগ্ৰহ কৰা বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে বিভিন্ন তথ্য । বিশাল ফুকনে পাতি লোৱা বায়েক কি কি উপহাৰ দিছিল । সকলো ইতিমধ্য আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ।

আৰক্ষীৰ মন্তব্যৰ পৰা স্পষ্ট হ’ল পাতি লোৱা বায়েকৰ বাবে বিশালৰ অন্তৰখন কিমান বিশাল আছিল । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত পোহৰলৈ আহিছিল বিশাল আৰু চুমীৰ সম্পত্তিৰ তালিকা ।

সম্পত্তিৰ তালিকাৰ ভিতৰত আছে… 

ডিব্ৰুগড়ৰৰ বৈৰাগী পথত দুহেজাৰ বৰ্গ ফুটৰ অফিচ।অফিচটোৰ Interior Decoration ৰ নামত বিশালে খৰচ কৰিছিল ৮৫ লাখ টকা ।

চুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সম্ভাৱনা
চুমী-তাৰ্কিকে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণৰ সম্ভাৱনা

পূৰ্বাঞ্জলী এপাৰ্টমেন্ট ক্ৰয় কৰিছিল প্ৰায় ৬৪ লাখ টকাত ।  ৰেৱ আগৰৱালা পথত থকা চুমী বৰাৰ চাউণ্ডপ্ৰুফ ডাঞ্চ একাডেমিৰ Decoration ৰ নামত বিশালে খৰচ কৰিছিল ৩৩ লাখ টকা‌। একাডেমীখনত ৯ লাখ টকাৰ টাইলৰ্চ লগাইছিল চুমীয়ে। চাউণ্ডপ্ৰুফ কৰাৰ নামত খৰচ কৰিছিল ১৫ লাখ টকা ।

বিশালে উপহাৰ হিচাপে চুমীক দিছিল ৭৬ লাখ টকাৰ হীৰাৰ আঙুঠি। চুমীয়ে আকৌ বিশালক দিছিল ২.৯৫ লাখ টকাৰ উপহাৰ। বিশালে ২ লাখ টকীয়া Teddy Bear উপহাৰ দিছিল চুমীক ।

চুমীয়ে পাৰ্ছনেল টেইনাৰক প্ৰতিমাহে আদায় দিয়ে ৫০ হাজাৰ টকা । চুমীৰ বিয়াৰ পাছত ডুবাই ভ্ৰমণৰ বাবে বিশালে খৰচ কৰিছিল ৫৭ লাখ টকা। ডুবাই ভ্ৰমণলৈ গৈছিল ছবি পৰিচালক আদিত্যম শইকীয়া, বিশাল আৰু চুমী ।

সেই ডুবাই ভ্ৰমণৰ সময়ত বিলাসী শ্বপিং ম’লত ডেৰ কোটি টকা খৰচ কৰিছিল বিশালে । বিশালৰ গুৱাহাটীৰ নাৰেঙ্গী স্থিত আইডেল ভিউত আছে ডেৰ কোটি টকা মূল্যৰ এপাৰ্টমেন্ট। তৰুণ নগৰত আছে ৭ কোটি টকাৰ সম্পত্তি ।

চুমীৰ স্বামী তাৰ্কিক বিশালে উপহাৰ হিচাপে দিছিল ৪৫ লাখ টকা মূল্যৰ ফৰ্চুনাৰ বাহন । ৰাজস্থানৰ জয়পুৰত চুমীৰ বহু চৰ্চিত বিয়াৰ নামত বিশালে খৰচ কৰিছিল ৩ কোটি টকা ।

চুমী বৰাৰ ঘৰৰ কাষত ২৫ লাখ টকাত ( ভূমিৰ মূল্য বেছি হ’ব পাৰে) ১০ বিঘা মাটি ক্ৰয় কৰি বিশালে নিৰ্মাণ কৰিবলৈ লৈছিল মেডিচিন কোম্পানীৰ পাৰ্চেল কাৰ্যালয় । চুমীৰ স্বামী তাৰ্কিক বৰা আৰু চুমী ককায়েক, নবৌয়েককো দিছিল দামী দামী উপহাৰ ।

আনহাতে বিশাল ফুকনে নহয়, চুমি বৰাই পিন্ধিছিল লাখটকীয়া পোছাক । বিশাল ফুকনে পিন্ধা এই টি-ছাৰ্টটোৰ দাম ২ লাখ ৯৫ হাজাৰ টকা আছিল। এই টি-ছাৰ্টটো Versace ব্ৰেণ্ডৰ ।

বিশালে ২ হাজাৰ কোটি টকা ক’ত ক’ত খৰচ কৰিছিল ?

তাৰো তালিকা আহি পৰিছে । সেই তালিকাৰ ভিতৰত আছে অভিনেতা যতীন বৰা, অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, মন্টুমণি শইকীয়া, দীক্ষু শৰ্মা, গীতালী দেৱী দৰে অসমৰ সংস্কৃতিক জগতৰ বহু শিল্পীৰ নাম।

আনহাতে সংবাদ মাধ্যমত দীক্ষু শৰ্মা, মন্টুমণি শইকীয়া আৰু গীতালী দেৱীয়ে ইতিমধ্যে স্পষ্টীকৰণ প্ৰকাশ কৰিছে । সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতিৰক খণ্ডন কৰি তেওঁলোকে কয় যে, তেওঁলোকে চুমী বৰাৰ সৈতে কাম কৰিছে । কিন্তু আমি কোনো দিনে অনলাইন ট্ৰেডিঙৰ কথা পতা নাছিলো ।

অত দিনে কত লুকাই আছিল চুমী-তাৰ্কিক ?

অত দিনে ক’ত লুকাই আছিল চুমী-তাৰ্কিক ? সেই প্ৰশ্ন অসমৰ ৰাইজৰ মুখে মুখে । তেনে স্থলত মহনগৰ আৰক্ষীয়ে চুমী-তাৰ্কিকৰ আত্মগোপন কৰি থকা স্থান লাভ কৰিছিল নেকি ?

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পিছফালে থকা আত্মীয়ৰ ঘৰত আত্মগোপন কৰি আছিলে বুলি জানিব পৰা গৈছে । নিশাৰ ভাগত সেই স্থান ত্যাগ কৰি ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা বুলিও একাংশ সংবাদমাধ্যমে দাবী কৰিছে ।

আনফালে, আৰক্ষীয়ে বিচাৰি চলাথ কৰাৰ কথা শুনি অগ্ৰীম জামিনৰ বাবে অধিবক্তাৰ সৈতে যোগাযোগ কৰি আছে বুলি চৰ্চা চলিছে । 

Leave a Reply

Your email address will not be published. Required fields are marked *