5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ BRS নেত্ৰী কে. কবিতা5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ BRS নেত্ৰী কে. কবিতা

5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ BRS নেত্ৰী কে. কবিতা

5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ আহিল BRS নেত্ৰী কে. কবিতা, মেছেজ Delete কৰাটো অপৰাধ নহয় । দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ এই মন্তব্য ।

পাঁচ মাহৰ পিছত তিহাৰ কাৰাগাৰৰ পৰা ওলাই অহা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (BRS) নেতা কে কবিতা । মঙলবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে নেত্ৰীগৰাকীক  ।

উল্লেখ্য যে, কে. কবিতা দিল্লী সুৰা কেলেংকাৰীৰ গোচৰত জড়িত থকা সন্দেহত পাঁচমাহৰ বাবে কাৰাগাৰত থাকিবলগীয়া হয়। মঙলবাৰে কাৰাগাৰৰ পৰা ওলাই অহাৰ পাছতে কে. কবিতাই কয়, ‘ৰাজনীতিৰ কাৰণে কাৰাগাৰৰ ভিতৰত ৰখা হৈছিল । মই একো ভুল কৰা নাছিলো।’

নেত্ৰীগৰাকীয়ে লগতে কয়, “যিসকলে মোক আৰু মোৰ পৰিয়ালক এই অগ্নিপৰীক্ষাৰ মাজলৈ ঠেলি দিছিল তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিম । আমাৰ সময় আহিব। কেৱল ৰাজনীতিৰ বাবেই মোক কাৰাগাৰৰ ভিতৰত ৰখা হৈছিল। মই কোনো ভুল কৰা নাছিলোঁ। মই যুঁজ দিম আৰু প্ৰমাণ কৰিম যে মই নিৰ্দোষী ।”

উল্লেখ্য যে, কে. কবিতা হৈছে তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ কন্যা ।

কে কবিতাই পুনৰ বিজেপিক টাৰ্গেট কৰি কয়, “মই তেলেংগানাৰ জীয়ৰী, কে চি আৰৰ জীয়ৰী। মই ভুল কৰিব নোৱাৰো। মই জেদীও আৰু ভালো । পাঁচ মাহ ধৰি মই কাৰাগাৰত থকাৰ ফলত মোৰ পৰিয়াল আৰু সন্তানৰ ব্যক্তিগত ক্ষতি হৈছে।’

তাই লগতে কয় যে, মোক সন্তান আৰু পৰিয়ালৰ পৰা পৃথক কৰাবলৈ চেষ্টা কৰিছিল। ৰাজনৈতিক আৰু আইনী প্ৰক্ৰিয়াৰে দুয়োটা দিশত যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। মোৰ কাৰাবাসে দলৰ লগতে কেচিআৰৰ সংকল্পক শক্তিশালী কৰিলে।

প্ৰৱৰ্তন সঞ্চালকালয়ে (ED) কবিতাক ১৫ মাৰ্চত হায়দৰাবাদৰ বানজাৰা পাহাৰস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল । কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)য়ে ১১ এপ্ৰিলত কবিতাক তিহাৰ কাৰাগাৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

কে. কবিতাই ব্যৱসায়ী আৰু ৰাজনীতিবিদসকলৰ এক দল ‘চাউথ গ্ৰুপ’ৰ অংশ বুলি অভিযোগ কৰা হৈছিল । যিয়ে সুৰাৰ অনুজ্ঞাপত্ৰৰ বিনিময়ত দিল্লীৰ শাসনাধিষ্ঠ আপ চৰকাৰক ১০০ কোটি টকাৰ আগধন পৰিশোধ কৰিছিল।

5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ BRS নেত্ৰী কে. কবিতা
5 মাহৰ অন্তত মুকলি আকাশৰ তললৈ BRS নেত্ৰী কে. কবিতা

এই সকলো অভিযোগ প্ৰত্যাখান কৰিছিল । BRSৰ প্ৰতিষ্ঠাপক আৰু কবিতাৰ দেউতাক কে চন্দ্ৰশেখৰ ৰাৱে অভিযোগ কৰিছিল যে বিজেপিৰ প্ৰতিহিংসাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে, মঙলবাৰে ন্যায়ালয়ে কে কবিতাক জামিন প্ৰদানৰ ক্ষেত্ৰত সৰ্বোচ্চ ন্যায়ালৰ ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠে উল্লেখ কৰে যে কবিতা প্ৰায় পাঁচ মাহ ধৰি জিম্মাত আছিল । এই গোচৰবোৰত CBI আৰু EDৰ তদন্ত সম্পূৰ্ণ হৈছিল।

উল্লেখ্য যে, দিল্লী উচ্চ ন্যায়ালয়ে ১ জুলাইত দিয়া ৰায়ৰ বিৰোধীতাৰে কে. কবিতাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । 

উচ্চ ন্যায়ালয়ৰ ৰায় বাতিল কৰাৰ সময়ত, শীৰ্ষ ন্যায়ালয়ে কৈছিল যে কবিতাই প্ৰমাণৰ সৈতে খেলিমেলি কৰিবলৈ বা সাক্ষীসকলক প্ৰভাৱিত কৰাৰ কোনো প্ৰয়াস নকৰিব আৰু তাইৰ পাছপোৰ্ট বিচাৰকৰ ওচৰত জমা দিব লাগিব।

ন্যায়ালয়ে এইটোৱে কৈছিল যে কে কবিতাই নিয়মীয়াকৈ আদালতৰ বিচাৰৰ প্ৰক্ৰিয়াত উপস্থিত থাকিব লাগিব । গোচৰটোৰ শীঘ্ৰে নিষ্পত্তিৰ ক্ষেত্ৰত  নিশ্চিত কৰিবলৈ সহযোগিতা কৰিব লাগিব।

ন্যায়ালয়ে কে. কবিতাৰ জামিন প্ৰদানৰ সময়ত কি কৈছিল ? 

আনফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা দুটাৰ তদন্তৰ প্ৰক্ৰিয়া “নিৰপেক্ষ” নোহোৱাৰ বাবে সৰ্বোচ্চ ন্যায়ালয়ে তীব্ৰ সমালোচনা কৰিছিল । ন্যায়ালয়ে সমালোচনা কৰি কয় “এই অৱস্থা দেখি দুঃখিত।’

CBI আৰু EDয়ে BRS নেতা কে কবিতাই প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছিল । অভিযোগ কৰিছিল যে, কে কবিতাই ফোনত কথা পতাৰ পাচত ফোনটো ফৰ্মেট মৰা হৈছিল । 

তদন্তকাৰী সংস্থা দুটাৰ এই অভিযোগৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে মঙলবাৰে কয় যে, ফোনত কথা পতাটো সকলোৰে কাৰণে  “স্বাভাৱিক আচৰণ” । আন প্ৰমাণ নোপোৱালৈকে ইয়াক অপৰাধমূলক কাৰ্য বুলি গণ্য কৰিব নোৱাৰি।

‘ফোন এটা ব্যক্তিগত বস্তু। ইয়াত বিভিন্ন বস্তু থাকিব পাৰে । ফোনত কথা পতাটো মানুহৰ এটা আচৰণত ।” ন্যায়াধীশ বিশ্বনাথনে এইদৰে কয়।

ইফালে ন্যায়াধীশ বি আৰ গাভাই আৰু কে ভি বিশ্বনাথনৰ বিচাৰপীঠৰ সন্মুখত উপস্থিত হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এছ ভি ৰাজুৱে দাখিল কৰে যে, কবিতাৰ আচৰণ প্ৰমাণ নষ্ট কৰাৰ সমান।

এই ক্ষেত্ৰত তীব্ৰ বিৰোধিতা কৰি জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীয়ে কয় যে, মানুহে পুতলাৰ দৰে ফোন ব্যৱহাৰ কৰে । সেয়ে ফোন সলনি কৰিব লগীয়া হয়। তাইৰ ফোনটো ফৰ্মেট কৰা হৈছিল । কাৰণ তাই এটা নতুন ফোন ক্ৰয় কৰিছিল । যিটো অপৰাধ নহয় ।

ৰোহতগীৰ সৈতে সন্মত হৈ বিচাৰপীঠে লক্ষ্য কৰে যে মানুহে একাধিক ফোনও ৰাখে। এইটোৱে কৈছিল যে ফোনত কথা পতা আৰু ফোনবোৰ ফৰ্মেট কৰাটো এটা অপৰাধমূলক কাৰ্য প্ৰমাণ কৰিবলৈ পৰ্যাপ্ত নহয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *