Kolkata Doctor Rape and Murder : দেশজুৰি স্তব্ধ চিকিৎসা সেৱা
Kolkata Doctor Rape and Murder ঘটনাক লৈ উত্তাল দেশ,স্তব্ধ চিকিৎসা সেৱা
শুকুৰবাৰে কলিকতাৰ RG Kar চিকিৎসালয়ৰ এগৰাকী চিকিৎসক ধৰ্ষণ কৰি দুৰ্বৃত্তই নৃসংহ ভাবে হত্যা কৰিছিল । সমগ্ৰ ঘটনাত জড়িত দোষীক কঠোৰ শাস্তিৰ দাবীত দেশজুৰি চিকিৎসকৰ প্ৰতিবাদত স্তৱ্ধ হৈ পৰিছে ।
ঘটনা অনুসৰি, 9 আগষ্ট শুকুৰবাৰে পুৱা R G Kar চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগৰ চতুৰ্থ মহলাৰ ছেমিনাৰ হলৰ পৰা উদ্ধাৰ কৰা হৈছিল এগৰাকী চিকিৎসকৰ অৰ্ধ-উলংগ মৃতদেহ ।
ছেমিনাৰ হলৰ নীলা কাৰ্পেটত চিকিৎসক গৰাকীৰ ৰক্তক্ষয়ী শৰীৰ পৰি ৰৈছিল । কাৰ্পেটৰ চাৰিওফালে চুলি, তেজৰ চেকুৰা পৰি ৰৈছিল । লগে লগে আৰম্ভ হ’ল প্ৰতিবাদ।
প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হ’ল যে, চিকিৎস গৰাকীৰ দুয়োটা চকুৰ পৰা তেজ ওলাই যোৱাৰ কথা । শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা গৈছিল । বাওঁ ভৰি, পেট, নখ, মুখ, ওঠ, গুপ্তাংগত পোৱা গৈছিল আঘাত ।
প্ৰাথমিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হ’ল যে, চিকিৎস গৰাকীৰ দুয়োটা চকুৰ পৰা তেজ ওলাই যোৱাৰ কথা । শৰীৰৰ বিভিন্ন অংশত আঘাত পোৱা গৈছিল । বাওঁ ভৰি, পেট, নখ, মুখ, ওঠ, গুপ্তাংগত পোৱা গৈছিল আঘাত ।
হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত লৈ সমগ্ৰ দেশজুৰি প্ৰতিবাদত বহিল চিকিৎসক । ৪,০০,০০০ সদস্যৰে গঠিত সৰ্ববৃহৎ চিকিৎসক গোট ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে (IMA) শনিবাৰে ২৪ ঘণ্টাৰ বাবে আহ্বান কৰিছে কৰ্মবিৰতি ।
যাৰ ফলত জৰুৰী সেৱাৰ বাহিৰে বেছিভাগ চিকিৎসালয়তে ব্যাপক প্ৰভাব পৰিব। বহু ৰোগী চিকিৎসাৰ অবিহনে ঘূৰি যাবলগীয়া হ’ব পাৰে ।
ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (NCRB)ৰ মতে, 2022 চনত ভাৰতত 31,000 ৰো অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল । 2012 চনত দিল্লীত বাছত এগৰাকী যুৱতীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ ফলত দেশজুৰি প্ৰতিবাদ হৈছিল ।
Kolkata Doctor Rape and Murderৰ সন্দৰ্ভত কি কি ক’লে মমতা বেনাৰ্জীয়ে
RG KAR ঘটনাক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয়, “সমগ্ৰ ঘটনাৰ সন্দৰ্ভত চি বি আইয়ে তদন্ত কৰি আছে। আইন হাতত নল’ব। আমিও বিচাৰো অপৰাধীসকলক ফাঁচী দিয়া হওঁক।’
তেওঁ লগতে কয়,”আমি কেৱল লোকসভাত 38 শতাংশ মহিলা নিৰ্বাচিত কৰিছো। 50 শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত। মই মোৰ ল’ৰা-ছোৱালীক ছুটি দিছিলো। কন্যাশ্ৰী, ৰূপশ্ৰী আঁচনি আছে।’
আনহাতে, এগৰাকী মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভত একাংশই উৰাবাতৰি প্ৰচাৰ কৰিছিল। এই সন্দৰ্ভত কলিকতাৰ আৰক্ষী আয়ুক্ত বিনীত গোৱেলে কয়, ‘RG KAR ঘটনাৰ তদন্ত কলিকতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চিবিআইক হস্তান্তৰ কৰা হৈছিল।’
তেওঁ লগতে কয় যে, যিসকলে যোৱা কেইদিনমান ধৰি সামাজিক মাধ্যমত ভুল তথ্য প্ৰচাৰ কৰি আহিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব । ইতিমধ্যে কেইবাজনকো সোধ-পোচৰ বাবে আৰক্ষীয়ে তলব কৰিছে ।
আৰক্ষীৰ বিশেষ তথ্য অনুসৰি, প্ৰায় 60 জন লোকক এই সন্দৰ্ভত সোধ-পোচৰ বাবে তলব কৰা হৈছে । ইয়াৰ ভিতৰত দুজন চিকিৎসকও আছে ।
আৰক্ষীয়ে জনোৱা অনুসৰি, এজন চিকিৎসকে দাবী কৰিছিল যে ঘটনাস্থলীৰ পৰা 150 গ্ৰাম বীৰ্য উদ্ধাৰ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এনেদৰে কোৱা হৈছিল।
চিকিৎসক জনে ক’ৰ পৰা সেই তথ্য লাভ কৰিছে জানিবলৈ আৰক্ষীয়ে চিকিৎসকজনলৈ এখন জাননী প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰই জনায়।
9 আগষ্টৰ পুৱতি নিশা আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত এগৰাকী 31 বছৰীয়া চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ ঘটনাই আকৌ এবাৰ আমাৰ দেশবাসীক চিন্তিত কৰি তুলিছে ।
বৰ্তমানলৈকে আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিছে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত । সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ভুক্তভোগীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে দলৱদ্ধ ধৰ্ষণৰ প্ৰকাশ পাইছে । সমগ্ৰ বিষয়টো তদন্তৰ বাবে কলিকতা উচ্চ ন্যায়ালয়ে গোচৰটো কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)লৈ স্থানান্তৰ কৰিছে ।
কলিকতাৰ এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও মুম্বাইৰ পেৰেলৰ কে ই এম চিকিৎসালয়ৰ নাৰ্ছক ধৰ্ষণ কৰিছিল । 1973 চনত সংঘটিত হৈছিল উক্ত ঘটনাটো ।
প্ৰতিবেদন অনুসৰি, 138 বছৰ পুৰণি আৰ জি ক’ৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত মহিলা চিকিৎসকসকলৰ বাবে সুৰক্ষিত আৰু স্বাস্থ্যকৰ শৌচাগাৰ আৰু শৌচালয়ও নাই।
যদি এয়াই সঁচা হয়, ই ভয়ংকৰ আৰু লজ্জাজনক। এই কাৰণতে ভুক্তভোগী গৰাকীয়ে ছেমিনাৰ হললৈ যাব লগা হৈছিল । তেওঁ ভাবিছিল যে 36 ঘণ্টাৰ শ্বিফ্টৰ পিছত বিশ্ৰাম লোৱাটো সুৰক্ষিত হ’ব। সেয়াই যেন কাল হ’ল চিকিৎসক গৰাকীৰ বাবে ।