‘ৰমেন ডেকা বিজেপিৰ নহয়’ ! কষ্টৰ ফল ‘ৰাজ্যপাল’ নেকি !
কষ্টৰ নে বিদ্ৰোৰ ফল পালে ৰমেন ডেকাই
বিগত লোকসভা নিৰ্বাচনৰ সময়ত প্ৰৱল টিকতৰ দাবীদাৰ বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা, ৰাজেন গোহাঁইক বাজপেয়ী ভৱনে এলাগী কৰি ৰাখিছিল ।
কিন্তু লোকসভা নিৰ্বাচনৰ ভোটদান চলি থকাৰ মাজতে সাংবাদিকৰ আগত প্ৰাক্তন নগাঁৱৰ সাংসদ ৰাজেন গোহাঁইয়ে ক্ষোভ প্ৰকাশৰ পাছতে ৰাজ্যিক বিজেপিয়ে বুজি উঠিছিল জুই একুৰা জ্বলি আছে ।
ফলফলৰ পাছত জুই কুৰা দাউ-দাউকৈ জ্বলিছিল । তাৰ উদাহৰণ সামাজিক মাধ্যত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই কৰা সকিয়নী ।
বিধায়ক শইকীয়াৰ সকিয়নী পায় খঙত টিঙিৰাটোলা হৈ পৰিছিল মন্ত্ৰী বৰুৱা। তেতিয়াৰ পৰা আৰম্ভ হোৱা বিদ্ৰোহ জিলা, আঞ্চলিক পৰ্যায়লৈ বিয়পি পৰিল । ফলস্বৰূপে কেইবাজনো জিলা পৰ্যায়ৰ সভাপতিয়ে বিজেপি ত্যাগ কৰিলে ।
ইয়াৰ ভিতৰত অন্যতম প্ৰাক্তন বিজপিৰ জ্যেষ্ঠ নেতা ভবেন মহন আৰু যুধিষ্ঠিৰ গগৈয় । ৰঙিয়াৰ, তিতাবৰত আঞ্চলিক পৰ্যায়ত বিজেপিৰ পৰা পদত্যাগ কৰিছিল বহু নেতাই ।
খহনীয়াৰ এই ধাৰা যদি অব্যাহত থাকে তেতিয়া হ’লে 2026 নহয় 2024তে বিজেপিৰ মুধছ ফুটিব । সেই সেতুকে ন-পুৰণি বিজেপিৰ সংঘাটত দূৰ কৰিবলৈ ৰাজ্যিক বিজেপিয়ে ব্যৱহাৰ কৰিলে বিশেষ আহিলা । ৰাজ্যৰ মুৰব্বী ‘ৰাজ্যপাল’ ।
সমান্তৰালকৈ ৰাজ্যৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰা বিষয়টোৰ বাবে একাংশ বিজেপি নেতা সন্তুষ্ট । 15 আগষ্টৰ ভিতৰত হিমন্ত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাক লৈ চলি আছে বিশেষ গুণা-গাঁথা ।
সেই মন্ত্ৰীসভাতে কঁপাল ফুলিব পাৰে বিদ্ৰোহী কেইবাগৰাকীৰ বিজেপি নেতাৰ । সেয়ে উপ-নিৰ্বাচনৰ পূৰ্বে সকলো সমাধান কৰি ন-পুৰণি বিজেপিৰ সংঘাত দূৰ কৰিব বিছাৰিছে বাজপেয়ী ভৱনে ।
ৰাজ্যৰ সংবাদ মাধ্যত সেই দিনা একো ৰাজনৈতিক এংগোল থকা বাতৰি নাছিল বুলি হাতহাবতি বহি আছিল । তেনেতে আহিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ।
বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাক ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি
’26ৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণত চেনী পানীত পমি যোৱাদি পমি গ’ল একাংশ বিজেপিৰ জ্যেষ্ঠ নেতা । পমি যোৱাৰে কথা, কৰাণ ৰাজ্যপালৰ দৰে সন্মানীয় পদ পাইছে বিজেপিৰ জ্যেষ্ঠ নেতাই ।
জন সংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক পদত অধিস্থিত হৈ ডেকাই 1977 চনত প্ৰথমখন সভাত উপস্থিত আছিল । বহু ঘাট প্ৰতিঘাটৰ মাজেৰে 2005-9 লৈকে ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব লাভ কৰে ।
2009-19লৈকে তেতিয়াৰ মঙলদৈয় সংসদীয় সমষ্টিৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ডেকা ।
‘ৰমেন ডেকা বিজেপিৰ নহয়’ ভৱেশ কলিতা
উক্ত সভাতে আবেগিক হৈ পৰিল কলিতা । তেওঁ ভাষণ প্ৰসংগত কয়, ‘1985 চনত অগপৰ প্ৰভুত্ব আছিল অসমত । সেই সময়ত শক্তিশালী অগপৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ভোট কিমান পাইছিল সেয়া বাদ দিয় । কিন্তু বিজেপিৰ পতাকাখন ঠিয় কৰাইছিল ।’
কলিতাই লগতে কয়, ‘2001 চনত জালুকবাৰী সমষ্টিৰ পৰা তেখেতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । 2006 চনত পূৱ-গুৱাহাটীৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচন খেলিছিল । কিন্তু 2009 চনত প্ৰথমবাৰৰ বাবে মঙলদৈ সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । তেতিয়া অসমত বিজেপিৰ অৱস্থা বেয়া আছিল ।’
‘2009 চনত প্ৰথমবাৰৰ বাবে অসমৰ পৰা বিজেপিয়ে 4জন সাংসদ পাইছিলে । NDA য়ে 5জন সাংসদ পাইছিল । তেতিয়াই ওমান পাইছিলো বিজেপি আহি আছে । 2014চনত 7জন সাংসদ, 2019ত 9 জন সাংসদ পাইছো ।’
‘2024ত 11 জন সাংসদ পাইছো আমি । এই ইংগিত লাভ কৰিছিলো 2009 চনতে । 2009ত ৰাজ্যিক বিজেপিৰ সভাপতি আছিল নৱ-নিযুক্ত ৰাজ্যপাল ৰমেন ডেকা । বিন্দুৰ পৰা ৰেখা হয় ।’
‘কোন কেতিয়া কৰ পৰা কলৈ গুচি যায় কোনোওৱে গমে নাপায় । এয়াই বিজেপি । প্ৰতিজন কাৰ্যকৰ্তাৰ সন্মান আছে কিন্তু বহুতে বুজি নাপায় । বিপদৰ সময়ত তেখেতে যি ধৰনে দলত আছিল তাৰ বাবে হয়টো ৰাজ্যপালৰ দৰে সন্মানীয় পদ পাইছে ।’ সভাপতি কলিতাৰ এই মন্তব্য ।
‘কোন কেতিয়া কৰ পৰা কলৈ গুচি যায় কোনোওৱে গমে নাপায় । এয়াই বিজেপি । প্ৰতিজন কাৰ্যকৰ্তাৰ সন্মান আছে কিন্তু বহুতে বুজি নাপায় । বিপদৰ সময়ত তেখেতে যি ধৰনে দলত আছিল তাৰ বাবে হয়টো ৰাজ্যপালৰ দৰে সন্মানীয় পদ পাইছে ।’ সভাপতি কলিতাৰ এই মন্তব্য ।
‘বিগত বৰ্ষতে হোৱা কথা আছিল । লোকসভা নিৰ্বাচনতো টিকট বিচাৰিছিল । কিন্তু মই দিব নোৱাৰিলো । তাৰ বাবে মই দুঃখিত । আজিৰ পৰা তেখেতে মুখ্যমন্ত্ৰীক শপত দিব পাৰিব ।’ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা ।