3-0ত নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত3-0ত নিউজিলেণ্ডৰ হাতত ধৰাশায়ী ভাৰত

3-0ত নিউজিলেণ্ডৰ হাতত ধৰাশায়ী হ’ল ভাৰত 

3-0ত নিউজিলেণ্ডৰ হাতত ধৰাশায়ী হ’ল ভাৰত । দৰ্পচূৰ্ণ হল অহংকাৰত ডুব গৈ থকা গম্ভীৰ-ৰোহিত-কোহলীৰ । সকলোৱে এতিয়া বাহঃ বাহঃ দিছে নিউজিলেণ্ডক । বিশ্ব টেষ্ট ক্ৰিকেটত ইতিহাস ৰচিবলৈ সক্ষম হৈছে কিৱি বাহিনী । 

টেষ্ট মেচত ভাৰত হোৱাইটৱাছ হোৱা ২৪ বছৰ হ’ল । ২৪ বছৰৰ পাছত নিউজিলেণ্ডৰ হাতত ঘৰৰ মাটিতে হোৱাইটৱাছৰ স্বীকাৰ হ’ল ভাৰত । তিনিখনীয়া টেষ্টত এখনো মেচৰ জয়ৰ সোৱাদ নাপালে ৰোহিত বাহিনীয়ে ।

বাংলাদেশৰ বিৰুদ্ধে শক্তিশালী ভাৰতে নিউজিলেণ্ডৰ হাতত ঘৰতে ভিজা মেকুৰীৰ দৰে অৱস্থা হ’ল । ইয়াৰ অন্যতম দায়ী কোন ? টেষ্ট চেম্পিয়শ্বিপৰ বাবে সাজু কৰি তোলা ৰোহিত বাহিনীৰ অহংকাৰ দৰ্পচূৰ্ণ হৈ পৰিল ।

২০০০ চনত দক্ষিণ আফ্ৰিকা-ভাৰতৰ মাজত অনুষ্ঠিত হোৱা দুখনীয়া টেষ্টত ২-০ হোৱাইটৱাছ হ’বলগীয়া হৈছিল ভাৰত । ২০২৪ বৰ্ষত নিউজিলেণ্ডৰ হাতত ৩-০ত হোৱাইটৱাছৰ সেই অভিলেক সৃষ্টি কৰিলে ৰোহিত বাহিনীয়ে । ইয়াকে লৈ এতিয়া ক্ৰিকেট প্ৰেমীৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে, ভাৰতক প্ৰথমখন টেষ্টত ৮ উইকেটত পৰাস্ত কৰি ৩৬ (১৯৮৮)বছৰৰ মূৰত ভাৰতত জয়ৰ সোৱাদ পাইছিল কিৱি বাহিনীয়ে । প্ৰথমখন টেষ্টত বিশাল ৰাণৰ পাহাৰৰ সন্মুখত ভাৰতীয় বেটছমেনসকল তাচপাতৰ দৰে খহি পৰিছিল ।

প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত নিউজিলেণ্ডে ৪০২ ৰাণ সংগ্ৰহৰ বিপৰীতে মাত্ৰ ৪৬ ৰাণতে আটাইকেইটা উইকেট হেৰুৱাইছিল ভাৰতে । যদিও দ্বিতীয় ইনিংছত ছাৰফাৰাজ খানে শতৰাণ কৰিছিল তথাপিও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে । 

আনহাতে দ্বিতীয়খন টেষ্টত নিউজিলেণ্ডে প্ৰথমে বেট ধৰি প্ৰথম ইনিংছত ২৫৯ ৰাণ সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত ভাৰতে ১৫৬ ৰাণতে অল আউট । দ্বিতীয় ইনিংছত নিউজিলেণ্ডে ২৫৫ ৰাণ সংগ্ৰহ কৰৰি ৩৫৯ৰ লক্ষ্য বান্ধি দিয়ে । দ্বিতীয়খন টেষ্টতো ভাৰতক ১১৩ ৰাণত পৰাস্ত কৰি তিনিখনীয়া শৃংখলাৰ ২-০ অগ্ৰগতি লাভ কৰে নিউজিলেণ্ডে । 

শৃংখলা পৰাস্ত হলেও হোৱাইটৱাছৰ পৰা ৰক্ষা পোৱাৰ লক্ষ্যৰে ফিল্ডত নমা ভাৰতে নিউজিলেণ্ডক প্ৰথম ইনিংছত মাত্ৰ ২৩৫ ৰাণতে স্তব্ধ কৰি দিছল । প্ৰত্যুত্তৰত ভাৰতে ২৬৩ ৰাণ সংগ্ৰহ কৰে । ফলত ভাৰতে ২৮ ৰাণৰ অগ্ৰগতি লাভ কৰি মজবুত স্থিতিত আছিল ।

দ্বিতীয় ইনিংছত নিউজিলেণ্ডে মাত্ৰ ১৭৪ ৰাণতে উইকেট হেৰুৱাই । ভাৰতক জয়ৰ বাবে প্ৰয়োজন আছিল ১৪৭ ৰাণৰ । কিন্তু নিউজিলেণ্ডৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত তিষ্ঠি থাকিব নোৱাৰি মাত্ৰ ১২১ ৰাণতে স্তৱ্ধ হৈ পৰে ভাৰতীয় ইনিংছ । ফলত ২৫ ৰাণত নিউজিলেণ্ডে জয়লাভ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *