বিজেপিৰ কান্ধত বন্দুক ৰাখি কংগ্ৰেছলৈ লক্ষ্য অসম আঞ্চলিক মৰ্চাৰবিজেপিৰ কান্ধত বন্দুক ৰাখি কংগ্ৰেছলৈ লক্ষ্য অসম আঞ্চলিক মৰ্চাৰ

বিজেপিৰ কান্ধত বন্দুক ৰাখি কংগ্ৰেছলৈ লক্ষ্য অসম আঞ্চলিক মৰ্চাৰ, 26ত ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নোহোৱাৰ হুংকাৰ চাৰি নেতাৰ ।

গুৱাহাটী: 4 যোগ এক হৈ বিজেপি-কংগ্ৰেছৰ অংকত আউল লগাব নেকি ‘অসম আঞ্চলিক মৰ্চাই’ ? এই প্ৰশ্ন বাৰে বাৰে খুলি খুলি খাইছে অসমৰ ৰাজনৈতিক দলসমূহক । কাৰণ আহি আছে পঞ্চায়ত আৰু উপ-নিৰ্বাচন ।

ভাৰতৰ কেইবাখনো ৰাজ্যত হ’ব লগীয়া উপ-নিৰ্বাচন পাতিবলৈ সাজু হৈছে নিৰ্বাচন আয়োগ । ঠিক সমান্তৰালকৈ ৰাজনৈতিক দলসমূহৰ মাজতো চলিছে ব্যাপক প্ৰস্তুতি । ইতিমধ্যে শাসকীয় পক্ষক বিপদত পেলাবলৈ কংগ্ৰেছসহ আঞ্চলিক দল সাজু হৈছে ।

আনফালে লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰা I.N.D.I.Aত ঘূণে ধৰিছে । ক্ৰমান্বয়ে ফাঁট মেলাৰ দিশে । যদিও লক্ষ্য 26 বুলি কথা-বতৰাই ওলাই আছে তথাপিও উপ-নিৰ্বাচনত পৃথকৈ নিৰ্বাচন খেলাৰ মন আছে কংগ্ৰেছৰ । 26লৈ কিমান সাজু তাৰে পৰীক্ষৰ বাবে হয়টো কংগ্ৰেছৰ এই ৰণনীতি ।

এফালে, সেই মিত্ৰতাত থকাৰ বাহিৰেও অসমৰ চাৰি আঞ্চলিক দল ক্ৰমে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, জাতীয় দল অসম আৰু APHLC এক গোট হৈ ‘অসম আঞ্চলিক মৰ্চা’ নামেৰে  এক মঞ্চ গঠন কৰা হৈছে । য’ত জাতীয়তাবাদী চিন্তাধাৰাৰ নেতাকহে হে আদৰি লোৱা হ’ব বুলি ঘোষণা কৰিলে অসম আঞ্চলিক মৰ্চাই । 

4 যোগ ‘এক’ হৈ নিৰ্বাচন খেলাৰ মন মেলা সাংসদ অজিত কুমাৰ ভূঞা, বিধায়ক অখিল গগৈ,  লুৰীণজ্যোতি গগৈ আৰু জন ইংটি কাথাৰৰ বাবে এয়া কঠিন প্ৰত্যাহ্বান ।

লোকসভা নিৰ্বাচনৰ পাছতে উপ-নিৰ্বাচনক লৈ সুৰ সলনি কৰিছিল প্ৰদেশ কংগ্ৰেছে । উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দিতা কৰাৰ ইতিমধ্যে মন মেলিছে কংগ্ৰেছে । লোকসভা নিৰ্বাচনৰ পূৰ্বৰ মিত্ৰতাৰ ক্ষেত্ৰত প্ৰশ্নৰ উদ্বেগ ঘটনা মিত্ৰতাত প্ৰশ্নবোধক সৃষ্টি কৰিলে ।

এই কথা বাৰে বাৰে I.N.D.I.Aৰ অন্যতম ৰাজনৈতিক দল ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু অজাপৰ নেতা লুৰীণজ্যোতি গগৈয়ে উনুকীয়াই গৈছে । তথাপিও নাও বুৰিলেও টিঙৰ পৰা নামিব নিবিচৰা কংগ্ৰেছে উপ-নিৰ্বাচনত এককভাবে নিৰ্বাচন খেলিবলৈ অধিক উদ্ৰগ্ৰীৱ ।

কংগ্ৰেছৰ সেই অংকত আউল লগাবলৈ I.N.D.I.Aৰ অংশীদাৰী  ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু জাতীয় দল অসমৰ নেতৃত্বই এক আঞ্চলিক ৰাজনৈতিক মঞ্চ গঠন কৰিলে । এই তিনি আঞ্চলিক দলৰ সৈতে আছে কাৰ্বি ভূমিৰ APHLCৰ নেতা জন ইংটি কাথাৰ ।

শনিবাৰে গুবাহাটীৰ হোটেল লিলিত চাৰি আঞ্চলিক দলে গঠন কৰিলে অসম আঞ্চলিক মৰ্চা । লগতে চাৰি নেতৃত্বই আলোচনাত বহিল । পাতিলে কংগ্ৰেছ, বিজেপি মুক্ত অসম গঢ়াৰ কথা । সেই মৰ্মে প্ৰস্তুত কৰা হ’ল বিশেষ কাৰ্যসূচী ।

3 অক্টোবৰত গুৱাহাটীত জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰিব । অভিৱৰ্তনৰ বাবে প্ৰয়োজনীয় জাতীয় কৰ্মসূচী প্ৰস্তুতক লৈ সিদ্ধান্ত হ’ল আজিৰ বৈঠকত। লগতে প্ৰতিটো দলে নিজা কৰ্মসূচী দাখিল কৰিব। অভিৱৰ্তনত প্ৰতিটো আঞ্চলিক দলৰ পতাকা থাকিব।

মঞ্চত ভাষণ দিবৰ কাৰণে জাতীয়তাবাদী ভাৱমূৰ্তি থকা আঞ্চলিকতাবাদত বিশ্বাসী লোকসকলক আমন্ত্ৰণ জনোৱা হ’ব। বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিও উপস্থিত থাকিব অভিৱৰ্তনত। ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনেও  অসম আঞ্চলিক মৰ্চাৰ সৈতে যোগাযোগ ৰাখিছে বুলি দাবী কৰিছে । 

শনিবাৰৰ বৈঠকত কমতাপুৰ পিপ’লছ ফ্ৰণ্ট আৰু সোণোৱাল কছাৰী গণ মঞ্চইও সমৰ্থন জনাইছে । আনহাতে 2 হাজাৰৰো অধিক প্ৰতিনিধিৰ উপস্থিতিত অভিৱৰ্তন অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰিছে অসম আঞ্চলিক মৰ্চাই।

26ত ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নোহোৱাৰ হুংকাৰ চাৰি নেতাৰ
26ত ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন নোহোৱাৰ হুংকাৰ চাৰি নেতাৰ

অসম আঞ্চলিক মৰ্চাৰ তৰফৰ পৰা জনোৱা অনুসৰি, মূলত ’26ৰ বিধানসভা নিৰ্বাচনক লক্ষ্য ৰখা হৈছে । ৰাষ্ট্ৰীয় দলৰ শৰণাপন্ন হোৱাৰ পৰিৱৰ্তে নিজৰ ভৰিত নিজে থিয় হৈ আঞ্চলিকতাবাদী দলক শক্তিশালী কৰাটো মৰ্চাৰ অন্যতম লক্ষ্য হ’ব বুলিও স্পষ্ট অভিমত সংগঠনটোৰ ।

সেয়ে বিজেপিৰ কান্ধত বন্দুক ৰাখি কংগ্ৰেছলৈ লক্ষ্য অসম আঞ্চলিক মৰ্চাৰ চাৰি নেতাৰ । যাতে উপ-নিৰ্বাচনত যাতে কংগ্ৰেছে মুখ ঠেকেচা খাই তাৰে ৰণ কৌশল প্ৰস্তুত কৰিছে আঞ্চলিক মৰ্চাই ।

তেওঁলোকে বিজেপিৰ কান্ধত বন্দুক ৰাখি কংগ্ৰেছক টাৰ্গেট কৰি কয় যে, অসমত আঞ্চলিকতাবাদৰ পৰিৱেশ এটা ঘূৰি আহিছে । বিজেপিক ক্ষমতাচ্যুত কৰাৰ বাবেই ’26ৰ অংকই অসম আঞ্চলিক মৰ্চাৰ মূল অংক।

ইফালে ৰাজ্যসভাৰ নিৰ্বাচনৰ সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে কয়, ‘ৰাজ্যসভা নিৰ্বাচনত ৰাইজৰ দলক এগৰাকী প্ৰাৰ্থী দিবলৈ কংগ্ৰেছে আহ্বান জনাইছে। কিন্তু এতিয়াও সিদ্ধান্ত হোৱা নাই।’ যেন ৰাজ্যসভাৰ নিৰ্বাচনতে ফাঁট মেলিব পাৰে I.N.D.I.A ৰ মাজত ।

লোকসভা নিৰ্বাচনত তিনি গগৈৰ ধুমুহাই উজনি অসমত বিধ্বস্ত কৰিছিল বিজেপিক । তেনে স্থলত দুই গগৈ লগ হৈ এক গগৈক কেনেদৰে পৰাভূত কৰিব ? সেয়াও লক্ষণীয় হ’ব ।

আঞ্চলিক দলক পৰাভূত কৰিবলৈ শাসক পক্ষৰ আছে লোভনীয় আঁচনি আৰু নিযুক্তিৰ অস্ত্ৰ । কংগ্ৰেছৰ হাতত আছে কেৱল গৌৰৱ গগৈ । তেনে স্থলত উপ-নিৰ্বাচন এক প্ৰকাৰ কংগ্ৰেছৰ বাবে টেষ্ট পৰীক্ষা । টেষ্টত পাচ হ’লে I.N.D.I.A ভংগ, অন্যথা অব্যাহত থাকিব I.N.D.I.A হয়টো এই পৰিকল্পনাৰে আগবাঢ়িছে কংগ্ৰেছ ।

কিন্তু কংগ্ৰেছৰ টেষ্ট পৰীক্ষাত এক্সটাৰ্নেল হিচাপে উপস্থিত হ’বলৈ সাজু বিজেপি, অসম আঞ্চলিক মৰ্চা ।

যদিও আগন্তুক দিনত আঞ্চলিক দলৰ চৰকাৰ হ’ব বুলি দাবী কৰিছে তথাপিও যেন অসমৰ আঞ্চলিক দলৰ শাসনৰ সময়ত হোৱা বিভীষিকাৰ কথা কোনেও পাহৰি যোৱা নাই । সেই দুৰ্যোগৰ সময় পুনৰ ওভতি আহিব নালাগে বুলিয়ে ৰাইজে ভাবে ।

তেনেস্থলত অসমত পুনৰ আঞ্চিলক দলৰ চৰকাৰ হ’ব নে ? অসমীয়াত এষাৰ কথা আছে, তিনিজন য’ত নিৰঞ্জন ত’ত । কিন্তু চাৰিটা দলৰ চাৰিজন নেতাৰ নেতৃত্বত চৰকাৰ গঠন সম্ভৱ হ’ব নে ? সেয়া সময়লৈ এৰিলো…

Leave a Reply

Your email address will not be published. Required fields are marked *