মামনি ৰয়ছম গোস্বামী আঁচলতে কোন ?
মামনি ৰয়ছম গোস্বামীৰ পৰিচয়ঃ মামনি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী লগতে এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতে ১৯৪২ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্মগ্ৰহণ কৰিছিল। তেখেতৰ প্ৰকৃত নাম হৈছে ইন্দিৰা গোস্বামী।
২০১১ চনৰ ২৯ নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতৰ মৃত্যু ঘটে। সাহিত্যৰ প্ৰতি থকা তেওঁৰ নিস্বাৰ্থ ভালপোৱাৰ বাবে তেওঁ নিজকে গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে।
তেখেতৰ উল্লেখযোগ্য উপন্যাস সমূহৰ ভিতৰত কেইখনমানৰ নাম হৈছে- অহিৰণ, চেনাবৰ স্ৰোত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা , দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা, আধা লিখা দস্তাবেজ, সংস্কাৰ ইত্যাদি।
তাৰোপৰি ১৯৮২ চনত মামনি ৰয়ছম গোস্বামীয়ে লাভ কৰে সাহিত্য অকাডেমি বঁটা। লগতে ২০০০ চনত লাভ কৰে ভাৰতীয় জ্ঞানপীঠ বঁটা।
কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতে মামনি ৰয়ছম গোস্বামী জড়িত আছিল। সংযুক্ত মুক্তি বাহিনী, অসমক অস্ত্ৰ-সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰে শান্তি স্থাপনৰ প্ৰচেষ্টাতো গোস্বামী জড়িত আছিল।
মামনি ৰয়চম গোস্বামীৰ শৈশৱঃ মামনি ৰয়চম গোস্বামীৰ পিতৃৰ নাম হৈছে উমাকান্ত গোস্বামী আৰু মাতৃৰ নাম হৈছে অম্বিকা দেৱী। উল্লেখ্য যে, আমৰঙা সত্ৰত গোস্বামীয়ে অতিবাহিত কৰিছিল শৈশৱকাল।
মামনি ৰয়ছম গোস্বামীৰ বৈবাহিক জীৱনঃ ১৯৬২ চনত হিন্দুস্তান কনষ্ট্ৰাকশ্যন কোম্পানীৰ অভিযন্তা হিচাপে ব্ৰহ্মপুত্ৰৰ শৰাইঘাট দলং নিৰ্মাণ কৰিবলৈ অসমলৈ আহিছিল মাধৱেন ৰয়ছম আয়েংগাৰ। ১৯৬৩ চনৰ চ’ত মাহত মাধৱেনে মামনিক দিয়ে বিয়াৰ প্ৰস্তাৱ।
১৯৬৩ চনৰ চ’ত মাহত মাধৱেনে মামনিক দিয়ে বিয়াৰ প্ৰস্তাৱ। সেই অনুসৰি ১৯৬৫ অক্টোবৰ মাহত জগলীয়াৰ পাৰৰ সত্ৰত সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সম্পন্ন হয় মাধৱেন আয়েংগাৰ আৰু মামনি ৰয়ছম গোস্বামীৰ বিবাহ।
তাৰ পিছত স্বামীৰ সৈতে স্বামীৰ কৰ্মক্ষেত্ৰ কাশ্মীৰলৈ গুচি যায় মামনি। কিন্তু বিবাহৰ মাত্ৰ ১৮ মাহৰ পিছতে এক পথ দুৰ্ঘটনাত মামনিৰ স্বামী মাধৱেনৰ অকাল মৃত্যু হয়। তাৰ পিছতে মানসিকভাৱে বিষাদগ্ৰস্ত হৈ পৰে মামনি।
মামনি ৰয়ছম গোস্বামীৰ বঁটা আৰু সন্মানঃ ১৯৮২ চনত মামনিয়ে “মামৰে ধৰা তৰোৱাল” ৰ বাবে লাভ কৰে সাহিত্য অকাডেমি বঁটা। ১৯৮৮ চনত লাভ কৰে অসম সাহিত্য সভা বঁটা ।
১৯৮৯ চনত লভ কৰে ভাৰত নিৰ্মাণ বঁটা, ১৯৯২ চনত উত্তৰ প্ৰদেশ হিন্দী সংস্থানৰ সৌহাদ্য বঁটাৰ লগতে আন ১৬ টাকৈ সন্মানসহ ১৫ টাকৈ বঁটা লাভ কৰে গোস্বামীয়ে।
মামনি ৰয়ছম গোস্বামীৰ অভিজ্ঞতা আৰু সাহিত্যঃ মামনি ৰয়ছম গোস্বামীৰ সাহিত্যত স্পষ্ট ৰূপত আছে তেখেতৰ জীৱনৰ প্ৰভাৱ। মামনিৰ নিজৰ আত্মজীৱনী “আধালেখা দস্তাবেজ” আৰু অন্যান্য প্ৰসংগতো একাধিকাৰ উল্লেখ কৰিছে এই কথা।
I try to write from the direct experiences of my life. I only mould these experiences with my imagination.”
ওৰেটো জীৱন কষ্ট সাধনা আৰু অভিজ্ঞতাৰ অন্তত “হাওঁফাওঁৰ সংক্ৰমণ” আৰু বিভিন্ন ৰোগত আক্ৰান্ত হৈ প্ৰায় আঠটা মাহ সংকটজনক অৱস্থাত আছিল গোস্বামী। অৱশেষত জীৱন যুঁজত হাৰ মানি ২৬ নৱেম্বৰ তাৰিখে পুৱা ৭ বাজি ৪৬ মিনিটমান বজাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত মামনি ৰয়ছম গোস্বামীয়ে ত্যাগ কৰে শেষ নিশ্বাস।