ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবাৰ্ষিকী
ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ আজি জন্মবাৰ্ষিকী । আজি ৩ ডিচেম্বৰ। সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ১৯৫০ চনৰ ২৬ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰিছিল ড০ ৰাজেন্দ্ৰ প্ৰসাদে।
১৯২১ চনৰ অসহযোগ আন্দোলন, ১৯৩২ চনৰ আইন অমান্য আন্দোলন আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল ৰাজেন্দ্ৰ প্ৰসাদ। উল্লেখ্য যে, নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে তেওঁক ১৯৬২ চনত ভাৰত-ৰত্ন উপাধিৰে বিভূষিত কৰি সন্মানিত কৰিছিল ভাৰত চৰকাৰে ।
দেশৰ কোটি কোটি জনতাৰ মাজত ৰাজেন্দ্ৰ বাবু বুলি তেওঁ জনাজাত। লগতে এজন নিষ্ঠাবান সাহিত্যিক আৰু সাংবাদিক হিচাপে পৰিচিত আছিল ৰাষ্ট্ৰপতিগৰাকী। সাংবাদিক জীৱনত চাৰ্চলাইট নামৰ এখন ইংৰাজী কাকত আৰু দেশ নামৰ এখন হিন্দী কাকত তেওঁ প্ৰতিষ্ঠা কৰিছিল।
ৰাষ্ট্ৰীয় কংগ্ৰেছৰ জন্মৰ এবছৰ পূৰ্বেই , ১৮৮৪ চনৰ ৩ ডিচেম্বৰ তাৰিখে বিহাৰৰ সাৰণ জিলাৰ জীৰাদেঈ গাঁৱত ৰাজেন্দ্ৰ প্ৰসাদৰে কৰিছিল জন্মগ্ৰহণ। তেওঁৰ পিতাকৰ নাম আছিল মুঞ্চি মহাদেউ সহায় আৰু তেওঁলোক কায়স্থ পৰিয়ালৰ লোক আছিল।
উল্লেখ্য যে, তেওঁলোকৰ পৰিয়ালে পৰ্দা প্ৰথা বৰকৈ মানি চলাৰ বাবেই মাত্ৰ ১৩ বছৰ বয়সতে ৰাজবংশী দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় ৰাজেন্দ্ৰ।
ছাত্ৰ হিচাপে তীক্ষ্ণ বুদ্ধিৰ অধিকাৰী আছিল ৰাজেন্দ্ৰ প্ৰসাদ । কোনো পৰীক্ষাতে প্ৰথমৰ বাহিৰে দ্বিতীয় স্থান পোৱাৰ দৃষ্টান্ত নাছি ৰাজেন্দ্ৰৰ । এজন মৌলবীৰ তত্ত্বাবধানত তেওঁ ঘৰতে লাভ কৰিছিল প্ৰাথমিক শিক্ষা ।
ঘৰতে পঢ়ি আয়ত্ত কৰিছিল উৰ্দু আৰু পাৰ্চী ভাষা । ১৯০২ চনত সুখ্যাতিৰে এণ্ট্ৰেস পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে কলিকতাৰ প্ৰেছিডেন্সী কলেজত ভৰ্তি হয় ৰাজেন্দ্ৰ । তেওঁক এল-এল-ডি উপাধিৰে সন্মানীত কৰিছিল এলাহাবাদ বিশ্ববিদ্যালয়ে আৰু পাটনা, কাশী আৰু আগ্ৰা বিশ্ববিদ্যালয়ে প্ৰদান কৰিছিল ডক্টৰেট উপাধি।
১৯৪৬ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ জৱাহৰলাল নেহেৰুৰ অন্তৱৰ্তীকালীন চৰকাৰৰ খাদ্য আৰু কৃষি দপ্তৰৰ মন্ত্ৰী ৰূপে নিযুক্ত হৈ মেলিছিল কৰ্মজীৱনৰ পাতনি।
১৯৫০ চনৰ ২৬ জানুৱাৰীত তেওঁ সাৰ্বভৌম ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় আৰু যথাক্ৰমে ১৯৫২ আৰু ১৯৫৭ চনৰ সাধাৰণ নিৰ্বাচনতো ৰাষ্ট্ৰপতি হিচাপেই নিৰ্বাচিত হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ।
১৯৬২ চনৰ ১২ মে’ তাৰিখলৈকে তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈছিল।
১৯১৭ চনত গান্ধীজীয়ে বিহাৰৰ নীল খেতিয়কসকলক চাহাবৰ অত্যাচাৰৰ পৰা উদ্ধাৰ কৰিবলৈ চলোৱা বিহাৰৰ চম্পাৰণ সত্যাগ্ৰহৰ সময়ৰ পৰা মহাত্মা গান্ধীৰ সৈতে তেওঁৰ গঢ়ি উঠে । সম্বন্ধ আৰু সত্যাগ্ৰহ আন্দোলনেই তেওঁৰ জীৱনলৈ কঢ়িয়াই আনে বৈপ্লৱিক পৰিবৰ্তন।
ছাত্ৰ অৱস্থাতে ৰাজনৈতিক দল এটাৰ দ্বাৰা স্থাপিত ডন নাম সংঘ এটাৰ সৈতে জড়িত হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ। ১৯০৫ চনত তেওঁ বংগ বিভাজন ৰদ কৰিবলৈ চলা আন্দোলনত অংশ লোৱাৰ উপৰিও তেওঁ বিহাৰত সংগঠন কৰিছিলএখন ছাত্ৰ-সন্মিলন।
১৯১১ চনত তেওঁ কলিকতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত আনুষ্ঠানিকভাবে যোগদান কৰে আৰু নিখিল ভাৰতীয় কংগ্ৰেছ কমিটীলৈ তেওঁ নিৰ্বাচিত হৈছিল ।
১৯১১ চনতে তেওঁ আইনজীৱী খান বাহাদুৰ হুদাৰ তলত “আষ্ঠীকল ক্লাৰ্ক” হিচাপে আইন ব্যৱসায় আৰম্ভ কৰে । আদালতত প্ৰথমবাৰ উপস্থিত হৈয়ে ন্যায়াধীশ চাৰ আশুতোষ মুখাৰ্জীক অভিভূত কৰি আইন কলেজত প্ৰবক্তাৰ পদত লাভ কৰে নিযুক্তি।
১৯৫০ চনৰ ২৬ জানুৱাৰীত পুৱা ১০ বাজি ১৮ মিনিটত গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে ভাৰতত নতুন শাসনতন্ত্ৰ প্ৰৱৰ্তনৰ কথা ঘোষনা কৰাৰ উপৰিও সেই লোকতান্ত্ৰিক গণৰাজ্যৰ ৰাষ্ট্ৰপতি হিচাপে ড০ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচিত কৰে ।
“কামানৰ গৰ্জন”, “ভেৰীৰ নিনাদ”, ৰাষ্ট্ৰীয় সংগীতৰ সুৰ বন্দে মাতৰম, মহাত্মা গান্ধী কী জয় ধ্বনিৰ এক আড়ম্বৰ পূৰ্ণ অনুষ্ঠানত, সংবিধান সভাৰ সদস্যবৃন্দ, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মন্ত্ৰীসকল, বিদেশী ৰাষ্ট্ৰনায়ক, বিশিষ্ট অতিথিবৃন্দৰ সন্মুখত দৰবাৰ হলত পুৱা ১০ বাজি ২১ মিনিটত তেওঁক নিষ্ঠা আৰু পবিত্ৰতা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধিপতি হৰিলাল কানায়াই।
১৯৬৩ চনৰ ২৮ ফেব্ৰুৱাৰী তাৰিখে সদাকত আশ্ৰমত সকলোকে মৰ্মাহত কৰি পৰলোকলৈ গমন কৰে ভাৰতৰ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে। উল্লেখ্য যে, “মহাপৰায়ন ঘাট” বুলি জনা যায় তেওঁৰ সমাধিস্থলক ।