বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক'তবিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক'ত

বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক’ত ?

বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক’ত ? বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো চাবলৈ অপেক্ষাৰত ৰাইজ । পাতি লোৱা ভায়েকে চুমীক বিয়াত দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক’ত ? দেখিবলৈ কেনেকুৱা ? ৰাইজৰো যে কি কি ইচ্ছা ?

বিশাল ফুকন আৰু চুমী বৰা ট্ৰেণ্ডিঙত থকাৰ সমান্তৰালকৈ আলোচনাৰ বিষয় হৈছে হীৰাৰ আঙুঠিটো । ট্ৰেণ্ডিঙত থকাৰে যোগ্য । কাৰণ পাতি লোৱা ভায়েকৰ বাবে বিশালৰ মন প্ৰাণ খুলি খৰচ কৰিছিল বায়েক চুমী বৰাৰ কাৰণে । বিয়াৰ দিনাও পাইছিল সেই কোটিটকীয়া হীৰাৰ আঙুঠি ।

চুমীৰ অজ্ঞাতে বিয়াৰ দিনা চাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্যেৰে বিশালে চুমীক দিছিল সেই হীৰাৰ আঙুঠিটো । সেই হীৰাৰ আঙুঠিটো গুজৰাটৰ এখন জুৱেলাৰীৰ দোকানৰ পৰা ক্ৰয় কৰা বুলি চৰ্চা চলিছে । 

বিশেষ ডিজাইনৰ, বিশেষ দিনটোত, বিশেষ উপহাৰ পাই উৎফুল্লিত হোৱা চুমী বাৰৰ সেই হীৰাৰ আঙুঠিটো আছে ক’ত ? তাৰে সন্ধানত আৰক্ষী ব্যস্ত হৈ পৰিছে । 

৬ টা দিনত আৰক্ষীয়ে চুমী বৰাৰ ঘৰত অভিযান চলাই জব্দ কৰিছে বহু অলংকাৰ আৰু অলংকাৰ ক্ৰয় কৰা ৰচিদৰ লগতে দামী দামী মানিপাৰ্চ, বহু নথিপত্ৰ ।

এক বিশেষ সূত্ৰই জনোৱা অনুসৰি, চুমী বৰাৰ ঘৰত জব্দ কৰা বিভিন্ন অলংকাৰ ক্ৰয় কৰা ৰচিদৰ ভিতৰতে আছে কোটি টকীয়া হীৰাৰ আঙুঠিৰ ৰচিদখন ।

উল্লেখ্য যে, বিগত ৬ টা দিনে অসমত ট্ৰেণ্ডঙত আছে বিশাল ফুকন আৰু চুমী বৰাৰ কাহিনী । ট্ৰেণ্ডঙত থকাৰে যোগ্য । কাৰণ পাতি লোৱা ভায়েকে মন প্ৰাণ খুলি খৰচ কৰিছিল বিশালৰ বায়েক চুমী বৰাৰ কাৰণে ।

২৩ বছৰ বয়সতে ২ হাজাৰ কোটি টকাৰ অধিকাৰী বিশালে পাতি লোৱা বায়েকক মাটিতে ৰাখিবনে হাততে ৰাখিব সেয়া নিৰ্ধাৰণ কৰিব পৰা নাছিল । বায়েক চুমীৰ বাবে কি কি কৰা নাছিল বিশালে ।

মাতৃকো হয়টো দামী দামী কাপোৰ দিয়া নাছিলে বিশােলে । কিন্তু বিশালে চুমীৰ বাবে খৰচ কৰিছিল কোটি কোটি টকা । জীৱন শৈলীত প্ৰয়োজনীয় সকলো দামী দামী সামগ্ৰীয়ে চুমীক দিছিল বিশালে ।

চুমীৰ বাবে বিশালে খৰচ কৰা তালিকা শুনিলে আপোনাৰো চকু কঁপালত উঠিব । আমাৰ হাতত পৰা তথ্য অনুসৰি, চুমীৰ কাপোৰ ক্ৰয় কৰাৰ নামত এবছৰে বিশালে খৰচ কৰিছিল ১ কোটি টকা । চুমীৰ বিদেশ ভ্ৰমণৰ নামত বিশালে ব্যয় কৰিছিল ২.৫০ কোটি টকা ।

কেৱল সেয়াই নহয় বিগত দুটা মাহত চুমীৰ একাউন্টলৈ প্ৰায় ২০ কোটি টকা ট্ৰেন্সফাৰ কৰিছিল বিশালে । চুমীৰ জড়িয়তে বিশালৰ কোম্পানীত বিনিয়োগ কৰিছিল প্ৰায় ১১০ কোটি টকা ।

বিশালৰ SBIৰ একাউন্টত বৰ্তমানেও জমা হৈ আছে ১০০ কোটি । আনহাতে, চুমী-বিশালে মিলি ধন সংগ্ৰহ কৰিছিল প্ৰায় ১ হাজাৰ কোটি টকা । 

বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক’ত
বিশালে চুমীক দিয়া কোটিটকীয়া হীৰাৰ আঙুঠিটো আছে ক’ত

বিশ্বকৰ্মা পূজাৰ আগদিনা বিশালে বুক কৰা ৰেঞ্জ ৰ’ভাৰ অহাৰ কথা আছে । ইফালে চুমী-বিশালৰ প্ৰৱঞ্চনাৰ জাল কেৱল অসমতে নহয় অৰুণাচলতো আছে । অৰুণাচলৰ প্ৰভাৱশালী ব্যক্তিয়েও বিনিয়োগ কৰিছিল ধন ।

এইসমূহ তথ্যৰ লগতে আৰু ন-ন তথ্য পোৱাৰ সম্ভাৱনা আছে । চুমী-তাৰ্কিক ক’ত আছে লুকাই । কেতিয়া ধৰা দিব আৰক্ষীৰ ওচৰত । ব্যাপক চৰ্চা । তেনেস্থলত অনলাইন ট্ৰেডিঙৰ নামত বিশাল-চুমীয়া পতা জালখন ভেদ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী ।

মুখ্যমন্ত্ৰীৰ ঘোষণা, অভিনেত্ৰীয়ে হওঁক অভিনেতাই হওঁক কোনেও আইনৰ পৰা ৰক্ষা নপৰে । ইতিমধ্যে আৰক্ষীয়ে চলাই আছে অভিযান । মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে অসম আৰক্ষী তৎপৰ ।

সেয়ে ডিব্ৰুগড়ৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰৰ তদন্তৰ বাবে গঠন কৰা হৈছে SIT । IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠন কৰা হৈছে এই SITখন । বিশেষ তদন্ত কমিটিখনত থাকিব অসম আৰক্ষীৰ ৭জন বিষয়া ।

বিশেষকৈ চুমী-বিশালৰ গোচৰৰ তদন্ত কৰিবলগীয়া SITত আছে ডিব্ৰুগড় অতিৰিক্ত আৰক্ষী অধীক্ষক ছিজল আগৰৱাল । লগত থাকিব তিনিজন আৰক্ষী পৰিদৰ্শক আৰু CIDৰ দুই আৰক্ষী অধীক্ষক ।

৬টা দিনে আৰক্ষীৰ চুকুত ধূলি মাৰি পলায়ন কৰা চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয় ? যি সময়ত ঢকুৱাখনাৰ সুনীল গগৈৰ কাণ্ডৰ তদন্তৰ কোনো উৰা দিশ ওলোৱা নাই তেনেস্থলত চুমী-তাৰ্কিক ধৰিব পাৰিব নে ? যদিহে আত্মসমৰ্পণ নকৰে তেতিয়া হ’লে চুমী-তাৰ্কিক ধৰিব পাৰিব নে আৰক্ষীয়ে । 

ইফালে বিশাল ফুকনক গ্ৰেপ্তাৰৰ পাছতে একাংশ চিকিৎসকৰ বুকু কঁপি উঠিছে । কাৰণ বিশাল-চুমীৰ প্ৰৱঞ্চনাত জালত পৰা একাংশ চিকিৎসকে লাখ লাখ ধন বিনিয়োগ কৰাৰ ফলত সেই ধন ঘূৰাই নোপোৱাৰ আশংকাত ভোগিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *