দেৱেন্দ্ৰ ফাড়নাবিছে হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীদেৱেন্দ্ৰ ফাড়নাবিছে হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

দেৱেন্দ্ৰ ফাড়নাবিছে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী !

দেৱেন্দ্ৰ ফাড়নাবিছে হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । কিন্তু মহাৰাষ্ট্ৰৰ  উপ-মুখ্যমন্ত্ৰীক লৈ শীতল যুদ্ধ আৰম্ভ হৈছে । উল্লেখ্য যে, দেৱেন্দ্ৰ ফাড়নাবিছে ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

বিজেপিৰ একাংশ নেতাই কয় যে,  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছৰ নাম চূড়ান্ত কৰা হৈছে । পিছে উপ-মুখ্যমন্ত্ৰী পদক লৈ শীতল যুদ্ধ চলি আছে মহাযুটিত । যদি একনাথ সিন্ধেক উপ-মুখ্যমন্ত্ৰী পদ দিয়া হয় তেতিয়া হ’লে অজিত পাৱাৰে বিদ্ৰোহ কৰিব ।

 যদিহে অজিত পাৱাৰক উপ-মুখ্যমন্ত্ৰী পতা হয় তেতিয়া হলে একনাথ সিন্ধে গৃহবিভাগ লাগিব বুলি চৰ্চা চলিছে । যহিতুকে মুখ্যমন্ত্ৰীৰ হাতত গৃহবিভাগ থাকে তেনে স্থলত এয়া কেনেকৈ সম্ভৱ ? সেয়ে চলি আছে শীতল যুদ্ধ । যদিহে কোনো দলে এটা ভুল কৰিলে ভয়ংকৰ পৰিণাম ভুগিব বিজেপিয়ে । 

উল্লেখ্য যে, মহায়ুতীয়ে ২৮৮ খন বিধানসভা আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছিল। ইয়াৰে বিজেপিয়ে ১৩২ খন আসন লাভ কৰি নেতৃত্ব দিছে । আনহাতে শিৱসেনা একনাথ সিন্ধে গোটে ৫৭ খন আৰু অজিত পাৱাৰ নেতৃত্বাধীন নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিয়ে (এনচিপি) ৪১ খন আসন লাভ কৰিছিল।

আনহাতে যদিহে আসনৰ সংখ্যা ফালৰ পৰা কোৱা হয় তেতিয়া ২০১৪ চনত বিজেপিয়ে ১২২ খন, ২০১৯ চনত ১০২ খন আসন আৰু এতিয়া অভিলেখ ১৩২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে । দেৱেন্দ্ৰ ২০১৪ চনৰ পৰা ২০১৯ চনলৈকে মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনক নেতৃত্ব দিয়াৰ অভিজ্ঞতা আছে। 

সেইবাবে নিশ্চিত হৈ পৰিছে যে মহাৰাষ্ট্ৰ মুখ্যমন্ত্ৰী হিচাপে দেৱেন্দ্ৰ ফাড়নাবিছ । কিন্তু উপ-মুখ্যমন্ত্ৰী সমীকৰণত শিন্দেৰ আৰু অজিত পাৱাৰৰ সৈতে আলোচনাত মিলিত হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *