জয় আই অসম ধ্বনি দিবলৈ ১ লাখ খিলঞ্জীয়া লোক গোট খাবজয় আই অসম ধ্বনি দিবলৈ ১ লাখ খিলঞ্জীয়া লোক গোট খাব

জয় আই অসম ধ্বনি দিবলৈ ১ লাখ খিলঞ্জীয়া লোক গোট খাব

 ১ লাখ খিলঞ্জীয়া লোক গোট খাব শিৱসাগৰত । খিলঞ্জীয়া লোকে দিব ‘জয় আই অসম’ ধ্বনি । এই হুংকাৰ ৩০ টা সংগঠনৰ নেতৃত্বই ।

শিৱসাগৰত মাৰোৱাৰী তথা অনা-অসমীয়া কেইজনমান লোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমীয়া মহিলাক খেলুৱৈ শাৰীৰিক অপদস্ত কৰা ঘটনাই কপাঁই গৈছে অসম । উক্ত ঘটনাক লৈ দুদিন ধৰি শিৱসাগৰত বন্ধ, প্ৰতিবাদেৰে উত্তাল হৈ পৰিছিল । ৰাজপথলৈ ওলাই আহিছিল ৩০ টাকৈ জাতীয় সংগঠন ।

মাৰোৱাৰী সমাজে ক্ষমা খুজাৰ ফলত বিষয়টো শাম কাটিল । সেই সফলতাৰ আঁত ধৰিয়ে এইবাৰ ৩০ টা সংগঠনে ঘোষণা কৰিছে পৰৱৰ্তী কাৰ্যসূচী । সেই কাৰ্যসূচীৰ ভিতৰত অন্যতম হৈছে ১ লাখ লোক গোট খাই ‘জয় আই অসম’ ধ্বনি দিব শিৱসাগৰৰ ৰাজপথত ।

দেওবাৰে ৩০ টা সংগঠনৰ নেতৃত্বই এক সংবাদমেলৰ জড়িয়তে ঘোষণা কৰে এই কথা । তেওঁলোকে সংবাদমেলত উল্লেখ কৰে যে, অক্টোবৰ মাহৰ শেষৰ ফালে শিৱসাগৰত গোট খাব ১ লাখ খিলঞ্জীয়া লোকে । 

তেতিয়াই ১ লাখ খিলঞ্জীয়াই একেলগে ‘জয় আই অসম’ ধ্বনি দি বিশেষ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব । খিলঞ্জীয়াৰ জাতি, মাটি, সম্পদ, ৰাজনৈতিক অধিকাৰ আদিৰ সুৰক্ষাৰ দাবীত ৩০ টাকৈ সংগঠনে উজনি অসমত সংগ্ৰাম কৰা হ’ব বুলি সংবাদমেল ঘোষণা কৰে তেওঁলোকে ।

উক্ত কাৰ্যসূচীতে খিলঞ্জীয়াৰ জাতি, মাটি, সম্পদ, ৰাজনৈতিক অধিকাৰ আদিৰ সুৰক্ষাৰ বাবে দীঘলীয়া আন্দোলনৰ বাবে অংগীকাৰ লোৱা হ’ব বুলিও উল্লেখ কৰে ।

ছেপ্তেম্বৰৰ মাহৰ মাজভাগৰ পৰা উজনি অসমৰ জাতি-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ব আৰু সচেতন লোকৰ সৈতে আলোচনাত মিলিত হ’ব বুলি উল্লেখ কৰে সংবাদমেলত ।

আওপকীয়াকৈ ৰাজনৈতিক আৰু একাংশ লোকক উদ্দেশ্যি সংবাদমেলত তেওঁলোকে কয়, ‘যেতিয়াই মাৰোৱাৰী, বিহাৰী বা অনা-অসমীয়াৰ কথা কোৱা হয় তেতিয়াই তেওঁলোকৰ পৰা সমৰ্থন পাওঁ । কিন্তু যেতিয়াই মিঞা, সন্দেহযুক্ত মিঞা বা নাগৰিকৰ কথা কওঁ তেতিয়াই তেওঁলোক আমাৰ পৰা আঁতৰি যায় ।’ 

তেওঁলোকে সেইসকল লোকৰ ভূমিকাক লৈ আক্ষেপ কৰি কয়, ‘ বিছাই গাঁত ঢাকিলে যেনেকুৱা কৰে তেনেকুৱা কৰে তেওঁলোকে । মৌনতা অৱলম্বন কৰে । যেনেদৰে বিহাৰী, মাৰোৱাৰী অখিলঞ্জীয়া ঠিক সেই দৰে সন্দেহযুক্ত নাগৰিকসকলো অখিলঞ্জীয়া । সেয়ে খিলঞ্জীয়া-অখিলঞ্জীয়াৰ মাজত হ’ব যুঁজ ।’

সংবাদমেলত তেওঁলোকে লগতে কয়, ‘উজনি অসমত যি দৰে অনা-অসমীয়াই আগ্ৰাহন চলাইছে ঠিক সেই দৰে সন্দেহযুক্ত নাগৰিকেও উজনি অসমত আগ্ৰাহন চলাইছে । আমাৰ মাটি আৰু অৰ্থনৈতিক ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিছে ।’

‘জয় আই অসম’ ধ্বনি দিবলৈ ১ লাখ খিলঞ্জীয়া লোক গোট খাব শিৱসাগৰত
‘জয় আই অসম’ ধ্বনি দিবলৈ ১ লাখ খিলঞ্জীয়া লোক গোট খাব শিৱসাগৰত

এইটো তেওঁলোকে অভিযোগ কৰে, ‘যেতিয়া নগাঁৱৰ পৰা মাছ উজনি অসমলৈ ৰপ্তানি কৰা নহব বুলি কোৱাৰ পাছত কি দৰে উজনি অসমত মাছৰ ব্যৱসায় স্তব্ধ হৈছিল সেয়া নিশ্চয় সকলোৱে দেখিলে । ইয়াৰ জড়িয়তে স্পষ্ট হৈ পৰিল উজনি অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো একাংশ সংন্দেহযুক্ত লোকৰ হাতৰ নিয়ন্ত্ৰণত।’

‘কেৱল মাছে নহয় মাংস, শাক-পাচলি আদিও একাংশ সন্দেহযুক্ত নাগৰিকৰ হাতত । সেয়ে এই সংগ্ৰামৰ জড়িয়েত যাতে খিলঞ্জীয়া লোকৰ হাতলৈ সকলো নিয়ন্ত্ৰণ আহে তাৰে বাবে আন্দোলন হ’ব। এই আন্দোলন কৰা হ’ব অসমৰ সম্পদৰ অধিকাৰ অসমীয়াৰ হাতত থাকিব লাগিব চিৰকাল ।’

সংগঠনকেইটাৰ প্ৰশ্ন, ‘খিলঞ্জীয়াৰ পক্ষত কোন কোন ৰাজনৈতিক দল আছে ? আজিৰ দিনত এক ডাঙৰ প্ৰশ্ন । অনা-অসমীয়া বুলি কলে এচাম ৰাজনৈতিক নেতাই আমাক সমৰ্থন কৰে । কিন্তু একাংশ সন্দেহযুক্ত নাগৰিকৰ কথা ক’লে মৌনতা অৱলম্বন কৰে ।’

তেওঁলোকে পুনৰ কয় যে,ইয়াৰ পৰা স্পষ্ট খিলঞ্জীয়া বুলি ক’লে সমৰ্থন কৰা কোনো ৰাজনৈতিক দল নাই, কোনো লোক নাই । সেয়ে খিলঞ্জীয়াৰ নিজৰ অধিকাৰ কাঢ়ি আনিবলৈ ৰাজপথলৈ আহিব লাগিব ।

অক্টোবৰত যি গণসমাবেশ অনুষ্ঠিত হ’ব তালৈ অসমীয়া জাতিক ভাল পোৱা জাতি-জনগোষ্ঠী, ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আহিব ।

এতিয়া প্ৰশ্ন হয়, অসমত খিলঞ্জীয়াৰ সংজ্ঞা কি ? সেই উত্তৰ নাই । তথাপিও শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰীয়ে কোৱা এষাৰ কথাৰ আলম লৈ এই আন্দোলনৰ উক-মুকুনি নেকি ?  মুখ্যমন্ত্ৰীয়ে কৈছিল, তিনিটা প্ৰজন্মৰ লোক বসবাস কৰা লোকেহে মাটি ক্ৰয় কৰিব পাৰিব । মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰে যেন প্ৰভাৱ পৰিছে ।

আন এক প্ৰশ্ন অসম চুক্তিৰ কিয় নহ’ল কাৰ্যকৰী ? ৬ নং দফাত যি উল্লেখ আছে তাততৈ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ বাবে কাম কৰিছে ।  তেনে স্থলত কিয় অসম চুক্তি কাৰ্যকৰী কৰিব লাগে ? মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিছিল বিৰোধীক । 

পিছে ৩০ টা  সংগঠনে খিলঞ্জীয়াৰ সংজ্ঞা কি সেয়া দিব পাৰিব নে উত্তৰ ? কেৱল উজনিতে এই আন্দোলন হ’লে নামনি অসম আৰু বৰাকত কি হ’ব অসমীয়াৰ ?

Leave a Reply

Your email address will not be published. Required fields are marked *