গুলীচালনা, বোম বিস্ফোৰণেৰে পুনৰ মণিপুৰ কঁপাইছে উগ্ৰপন্থীয়ে
গুলীচালনা,বোম বিস্ফোৰণেৰে পুনৰ উগ্ৰপন্থীয়ে মণিপুৰ কঁপাইছে । অশান্তকৰ পৰিৱেশৰ সৃষ্টি হৈ মণিপুৰত । গোষ্ঠী সংঘৰ্ষৰ জুই যেন নুমুৱাই নাই ।
গোষ্ঠী সংঘৰ্ষই যেন শাম কটাই নাই মণিপুৰত । পুনৰ কুকি উগ্ৰপন্থীয়ে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে মেইটে গাঁৱৱত আক্ৰমণ চলাই । যাৰ ফলত দুজন লোক নিহত হোৱা বুলি প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে ।
উক্ত ঘটনা সংঘটিত হৈছে ইম্ফল পৰা পশ্চিম দিশত থকাৰ কৌট্ৰুক গাঁৱত । সংবাদমাধ্যত প্ৰকাশ পোৱা বাতৰি অনুসৰি, অত্যাধুনিযুক্ত মাৰাণাস্ত্ৰৰে কুকি উগ্ৰপন্থীয়ে কৌট্ৰুক গাঁৱত প্ৰৱেশ কৰি যধে-মধে গুলীচালনা আৰু বোমাৰে আক্ৰমণ চলাই ।
ফলত দুজন লোক নিহত হৈছে বুলি জানিব পৰা গৈছে । সন্দেহ কৰা অনুসৰি, কুকি উগ্ৰপন্থীয়ে একাধিক ৰকেট চালিত গ্ৰেনেড আৰু ড্ৰোন ব্যৱহাৰ কৰিছিল।
আৰক্ষীৰ ভাষ্য অনুসৰি, উগ্ৰপন্থীৰ আক্ৰমণত নিহত সকলৰ ভিতৰত এজন আছিল ৩৫ বছৰীয়া নগানবাম সুৰবালা যাৰ মূৰত গুলী লাগিছিল। তাইৰ ১১ বছৰীয়া ছোৱালীজনীৰো সোঁ বাহুত গুলীবিদ্ধ হয় ।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দেওবাৰে দুপৰীয়া প্ৰায় ২ বজাত গুলীচালনা আৰম্ভ হৈছিল আৰু সন্ধিয়া প্ৰায় ৮ বজালৈ গুলীচালনা অব্যাহত আছিল । লগতে কেইবাটাও বাসগৃহত আগ্নিসংযোগ কৰিছিল উগ্ৰপন্থীৰ দলটোৱে । ফলত গাঁওখনৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।
ঘটনাৰ পাছতে মণিপুৰৰ আৰক্ষী সঞ্চালক ৰাজীৱ সিঙে সকলো জিলা আৰক্ষী অধীক্ষকক অধিক সতৰ্ক হৈ থাকিবলৈ আৰু সীমান্ত অঞ্চলত সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে ।
মণিপুৰ চৰকাৰৰ গৃহ বিভাগে এই হিংসাত্মক ঘটনাক গৰিহণা দি ইয়াক “নিৰস্ত্ৰ গাওঁবাসীক সন্ত্ৰাসিত কৰাৰ কাৰ্য” বুলি অভিহিত কৰে। ‘কুকি উগ্ৰপন্থীৰ দ্বাৰা নিৰস্ত্ৰ গাঁওবাসীৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰাৰ এনে কাৰ্যক ৰাজ্য চৰকাৰে শান্তি স্থাপনৰ বাবে লোৱা প্ৰচেষ্টাক বিফল কৰাৰ প্ৰয়াস হিচাপে গণ্য কৰা হৈছে ।’
‘এনে কাৰ্য্যক তীব্ৰভাৱে গৰিহণা দিয়া হৈছে । ৰাজ্য চৰকাৰে ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু কৌট্ৰুক গাঁৱত আজিৰ আক্ৰমণত জড়িত লোকসকলক শাস্তি দিয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।’ এই কথা উল্লেখ কৰে গৃহ বিভাগে ।
আন এক তথ্য অনুসৰি, প্ৰথমে কাংপোকপি জিলাৰ নাখুজাং গাঁৱত আৰম্ভ হৈছিল গুলীচালনা । ক্ৰমান্বয়ে পশ্চিম ইম্ফল জিলাৰ কাদাংবান্দ আৰু কৌট্ৰুক অঞ্চলত আৰম্ভ হৈছিল গুলীবৰ্ষণ । উক্ত গাঁওসমূহত মেইটিছৰ আধিপত্য আছে । যাৰ বাবে এই ঘটনা হোৱা বুলি সন্দেহ কৰা হৈছে ।
ঘটনাটোৰ পিছত, পশ্চিম ইম্ফল জিলা দণ্ডাধীশ থ কিৰণকুমাৰে ভাৰতীয় নগৰিক সুৰক্ষা সংহিতাৰ ধাৰা ১৬৩-ৰ অধীনত ১ ছেপ্টেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা “পৰৱৰ্তী জাননী নিদিয়া লৈকে” নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ জাৰি কৰে।
উল্লেখ্য যে, ২০২৩ বৰ্ষৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা মেইটে-কুকিৰ গোষ্ঠী সংঘৰ্ষই ভয়ংকৰ ৰূপ লৈছিল । যাৰ ফলত শ শ পৰিয়াল আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে । বৰ্তমানো স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে ।
গোষ্ঠী সংঘৰ্ষত বৰ্তমানলৈকে কমেও শতাধিক লোক নিহত হৈছে বুলি সন্দেহ কৰা হৈছে । কেৱল সিমানে নহয়, কেইবাগৰাকী প্ৰাক্তন আৰক্ষী বিষয়া, প্ৰাক্তন বিধায়কৰ বাসগৃহত আক্ৰমণ চলাইছে দুৰ্বৃত্তই ।
ন্যায়ালৰ এটা ৰায়ৰ পাচতে এই গোষ্ঠীসংঘৰ্ষই ভয়ংকৰ ৰূপ ললে । ন্যায়ালৰ ৰায়ৰ পাছতে শ শ লোকে প্ৰতিবাদ কৰিছিল । প্ৰতিবাদৰ সময়তে একাংশ লোকে জ্বলাই দিছিল ধৰ্মীয় অনুষ্ঠান । যাৰ ফলত হিংসাৰ জুই বিয়পি পৰে ।
আৰক্ষী মহাপৰিদৰ্শক আই কে মুইভাই কৈছিল যে, সমগ্ৰ ৰাজ্যতে প্ৰায় ১৭৫ জন লোক নিহত হৈছিল । প্ৰায় ৪,৭০০ তকৈও অধিক ঘৰ জ্বলাই দিয়া হৈছে । তদুপৰি, ৩৮৬ টা ধৰ্মীয় অনুষ্ঠান ইয়াৰ ভিতৰত ২৫৪ টা গীৰ্জ আৰু ১৩২ টা মন্দিৰ ভাঙিছিল দুৰ্বৃত্তই ।
জেনেভা স্থিত আভ্যন্তৰীণ স্থানান্তৰ নিৰীক্ষণ কেন্দ্ৰৰ (আইডিএমচি) এক প্ৰতিবেদন অনুসৰি, হিংসাৰ পিছত মণিপুৰত ৬৭,০০০ লোকক স্থান্তৰিত কৰা হৈছিল।
প্ৰতিবেদনত কোৱা হৈছে, “৩ মে’ত চুৰাচান্দপুৰ জিলাত প্ৰতিবাদ হিংসাত্মক হৈ পৰিছিল । পূব ইম্ফল, পশ্চিম ইম্ফল, বিষ্ণুপুৰ, টেংনুপাল আৰু কাংপোকিপিকে ধৰি আন আন জিলাসমূহলৈ হিংসাত্মক ঘটনা বিয়পি পৰে ।
উল্লেখ্য যে, মণিপুৰৰ ম্যানমাৰৰ সৈতে প্ৰায় ৪০০ কিলোমিটাৰ আন্তৰাষ্ট্ৰীয় সীমা ভাগ বতৰা কৰে । ২০২১ চনত ম্যানমাৰত হোৱা সামৰিক অভ্যুত্থানে হাজাৰ হাজাৰ লোক শৰণাৰ্থী হিচাপে মণিপুৰত প্ৰৱেস কৰিছিল ।
মহিলা আৰু শিশুসহ প্ৰায় ৫,০০০ অনুপ্ৰৱেশকাৰী সংঘৰ্ষপীড়িত ম্যানমাৰৰ পৰা পলাই আহিছিল মণিপুৰলৈ । কুকি সম্প্ৰদায়ে ম্যানমাৰৰ পৰা অহা লোকৰ সৈতে কিছু বংশগত মিল আছে । সেয়ে মেইটে আশংকা কৰিছিল যে শৰণাৰ্থীসকলৰ আগমনৰ ফলত তেওঁলোকৰ সংখ্যা অধিক হ’ব।
ইয়াকৈ লৈ আৰম্ভ হৈ থকা কিছু অসন্তুষ্টি আৰু ন্যায়ালৰ ৰায়ৰ পাচতে চৰকাৰ বিৰোধী প্ৰতিবাদৰ বাবে এই সংঘৰ্ষই ভয়ংকৰ ৰূপ ললে।