কলিকতাৰ চিকিৎসকৰ ধৰ্ষণ-হত্যাকাৰীৰ শাস্তি কি হ’ব ?
9 আগষ্টত কলিকতাৰ RG KAR চিকিৎসালয়ত সংঘটিত হোৱা চিকিৎসকক ধৰ্ষণ, হত্য়াৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে । তেনে স্থলত ভুক্তভোগী পৰিয়ালে কেতিয়া পাব ন্যায় ? তাৰে অপেক্ষাত 140 কোটি জনতা ।
কলিকতাৰ চিকিৎসকৰ ধৰ্ষণ-হত্যাকাৰীৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়াটো হস্তক্ষেপ কৰিলে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে । দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰাৰ তিনিজনীয়া বিচাৰপীঠে মঙলবাৰে বিষয়টোৰ ৰায়দান দিব।
উল্লেখ্য যে, সমগ্ৰ গোচৰটোৰ শুনানিৰ বাবে ইতিমধ্যে কলিকতা উচ্চ ন্যায়ালয়ে বিচাৰ কৰি আছে । লগতে তদন্তৰ বাবে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চি বি আইলৈ স্থানান্তৰ কৰাৰ নিৰ্দেশ দিছিল কলিকতা উচ্চ ন্যায়ালয়ে।
ভক্তভোগী চিকিৎসক গৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ তদন্তত অসন্তুষ্ট হৈ আদালতত অবেদন দাখিল কৰিছিল । সেয়ে উচ্চ ন্যায়ালয়লৰ হস্তক্ষেপত আৰক্ষীৰ পৰা চি বি আইক তদন্তৰ দায়িত্ব দিয়া হয় ।
ভক্তভোগী চিকিৎসক গৰাকীৰ পিতৃ-মাতৃয়ে আৰক্ষীৰ তদন্তত অসন্তুষ্ট হৈ আদালতত অবেদন দাখিল কৰিছিল । সেয়ে উচ্চ ন্যায়ালয়লৰ হস্তক্ষেপত আৰক্ষীৰ পৰা চি বি আইক তদন্তৰ দায়িত্ব দিয়া হয় ।
এতিয়া প্ৰশ্ন উঠিছে, যি সময়ত বেটি বাচাও, বেটি পঢ়াও শ্লোগান চলি আছে তেনে স্থলত ন্যায়ৰ বাবে কিয় প্ৰতিবাদ কৰিব লগীয়া হৈছে ? পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীও এগৰাকী মহিলা মুখ্যমন্ত্ৰী । তেনে স্থলত এগৰাকী মহিলাক ন্যায় দিব নোৱাৰোটো আটাইটকৈ দূৰ্ভাগ্যজনক নহয় নে ? এই প্ৰশ্ন প্ৰতিগৰাকী নাগৰিকৰ ।
পূৰ্বৰ IPC বিলুপ্ত ঘটাই ভাৰতীয় ন্যায় সংহিতা 2023 কাৰ্যকৰী কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল । ধৰ্ষণ আৰু হত্যাৰ অপৰাধীক মৃত্যুদণ্ড অথবা যাবত জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা পোষকতা কৰিছে । তেনে স্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা কেতিয়া সাৰ্থক হ’ব ।
পূৰ্বৰ IPC বিলুপ্ত ঘটাই ভাৰতীয় ন্যায় সংহিতা 2023 কাৰ্যকৰী কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল । ধৰ্ষণ আৰু হত্যাৰ অপৰাধীক মৃত্যুদণ্ড অথবা যাবত জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা পোষকতা কৰিছে । তেনে স্থলত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ঘোষণা কেতিয়া সাৰ্থক হ’ব ।
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে যিদৰে পদক্ষেপ লব লাগিছিল তেনে পদক্ষেপ লোৱা নাই বুলিও সমালোচনা কৰিছে বিজেপি, বিৰোধী দলসমূহে । অপৰাধীক কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰি প্ৰতিবাদকাৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়েও প্ৰতিবাদ কৰা হে দেখা গ’ল ।
মুখ্যমন্ত্ৰীৰ প্ৰতিবাদে সকলোকে ভবাই তুলিলে । প্ৰকৃততে মুখ্যমন্ত্ৰী মমতাই ৰাজনৈতিক ৰং সানিলে নেকি সমগ্ৰ ঘটনাত ? মাত্ৰ বাওপন্থী, বিজেপিলৈ দোষ ঠেলি ৰাজপথলৈ ওলাই অহা মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিব পাৰিব নে মহিলা চিকিৎসকৰ বাবে কিয় সু-ব্যৱস্থা নকৰিলে RG KAR চিকিৎসালয়ত ?
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)য়ে কলকাতাৰ RG KAR চিকিৎসালয়ৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনাৰ মূল অভিযুক্ত সঞ্জয় ৰয়ৰ মানসিক পৰীক্ষা কৰে।
কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ (CFSL) মনোবিজ্ঞান বিশেষজ্ঞৰ এটা দলে ৰয়ক সোধা-পোছা কৰে । অনুসন্ধানকাৰী সংস্থাটোৱে 16 আগষ্টৰ পৰা 18 আগষ্টলৈ একেৰাহে তৃতীয় দিনটোত RG KAR চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষকো জেৰা কৰে ৷
সমগ্ৰ ঘটনাৰ সন্দৰ্ভত CBIয়ে RG KAR চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ ক’ল ৰেকৰ্ড পৰীক্ষা কৰি আছে।
সংবাদ সংস্থা পিটিআইৰ মতে, দেওবাৰে একেৰাহে তৃতীয় দিনৰ বাবে সোধা-পোছা কৰা ঘোষক চিকিৎসালয়ত ঘটনাটোৰ আগদিনাৰ আৰু পিছদিনাৰ ফোন কলৰ বিৱৰণ প্ৰদান কৰিবলৈ কোৱা হৈছে।
অনুসন্ধানকাৰীসকলে ঘোষৰ ফোন কল আৰু ডাটা ব্যৱহাৰ সম্পৰ্কে অধিক বিৱৰণ প্ৰাপ্ত কৰিবলৈ ঘোষৰ মোবাইল সেৱা প্ৰদানকাৰীৰ ওচৰলৈ যোৱাৰ কথাও বিবেচনা কৰি আছে।
ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি,” যেতিয়া আমি ঘটনাস্থলীত উপস্থিত হৈছিলোঁ, আমাক তাইক চাবলৈ দিয়া হোৱা নাছিল । আমাক 3 বজাত তাইক চাবলৈ অনুমতি দিয়া হৈছিল। তাইৰ হাত ভাঙি গৈছিল, তাইৰ চকু, মুখৰ পৰা তেজ ওলাই আহিছিল ।’
তেওঁলোকে কয়, ‘প্ৰথমে আমি চিকিৎসালয়ৰ পৰা ফোন পাইছিলো তাই অসুস্থ বুলি । লগে লগে কলটো সংযোগ বিচ্ছিন্ন কৰা হৈছিল। তাৰ পিছত যেতিয়া মই ফোন কৰিছিলো আৰু সুধিছিলো কি হৈছিল, তেওঁলোকে মোক চিকিৎসালয়লৈ আহিবলৈ কৈছিল। যেতিয়া আমি পুনৰ ফোন কৰিছিলো তেতিয়া আপোনাৰ ছোৱালীয়ে আত্মহত্যা কৰিছে বুলি কৈছিল ।’
এয়া আছিল দুৰ্ভগীয়া মাতৃৰ মন্তব্য । যি হাজাৰ হাজাৰ পিতৃ-মাতৃৰ বুকু কঁপাই তুলিছে ।