কলকাতা RG KAR ঘটনাক লৈ কঠোৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়
কলকাতা RG KAR চিকিৎসালয়ৰ ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে । মঙলবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কলকাতা হোৱা চিকিৎসক ধৰ্ষণ আৰু হত্যাৰ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বিচাৰ শুনানি গ্ৰহণ কৰে । উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰ পীঠৰ আদালতত অনুষ্ঠিত হৈছিল শুনানি ।
শুনানিত কঠোৰ ভাষাৰে মমতা চৰকাৰক সমালোচনা কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে । লগতে পশ্চিম বংগ আৰক্ষীকো কঠোৰ ভাষাৰে সমালোচনা কৰে । উচ্চতম ন্যায়ালয়ে আৰক্ষীক প্ৰশ্ন কৰে, কি কাৰণে চিকিৎসক গৰাকীৰ মৃতদেহ চাবলৈ ৪ ঘন্টা পলমকৈ দিয়া হ’ল পিতৃ-মাতৃক ? তাৰ উত্তৰ দিব লাগিব আৰক্ষীয়ে ।
উল্লেখ্য, সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে RG KAR চিকিৎসালয় কৰ্তৃপক্ষই কিয় প্ৰথমে এজাহাৰ দাখিল কৰা নাছিল তাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে । শুনানিৰ সময়ত মুখ্য ন্যায়াধীশে মন্তব্য কৰে, “এয়া স্পষ্ট যে ঘটনাটো এটা হত্যা আছিল।
লগতে এইটো প্ৰশ্ন কৰে, প্ৰথম এজাহাৰত হত্যাৰ কথা উল্লেখ কৰা নাছিল নেকি। মুখ্য ন্যায়াধীশে RG KARৰ তদানীন্তন অধ্যক্ষই কি কৰি আছে ?
ন্যায়াধীশ জে বি পাৰ্ডিৱালাই ৰাজ্যখনক ক’ত আৰু কেতিয়া প্ৰথম এজাহাৰ দাখিল কৰা হৈছিল সেই বিষয়ে প্ৰশ্ন কৰে । তেতিয়া উত্তৰ আহিছিল ঘটনাটোৰ দিনা (শুক্ৰবাৰে) পুৱা ১১.৪৫ বজাত মৃত চিকিৎসগৰাকী দেউতাকে অভিযোগ দাখিল কৰিছিল।
“মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত কোৱা হৈছিল যে এইটো হত্যা। ঘটনাৰ পিছদিনা পুৱা ১১.৪৫ বজাত অভিযোগ দাখিল কৰা হৈছিল। এই ক্ষেত্ৰত অধ্যক্ষ আৰু মহাবিদ্যালয় কৰ্তৃপক্ষই তাৰ আগতে কি কৰি আছিল?” এই প্ৰশ্নৰ কৰে আদালতে ।
RG KARত হোৱা ঘটনাৰ বিৰুদ্ধে ছাত্ৰ সমাজে কৰা প্ৰতিবাদৰ মাজতে চিকিৎসালয়খনৰ তদানীন্তন অধ্যক্ষ সন্দীপ ঘোষে পদত্যাগ কৰিছিল। কিন্তু নাটকীয় ভাবে বিয়লীৰ ভাগলৈ ঘোষক অন্য এখন মহাবিদ্যালয়লৈ বদলি কৰা হৈছিল ।
তেতিয়া শীৰ্ষ আদালতে এইটো প্ৰশ্ন কৰে যে, অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছত সন্দীপক কেনেকৈ আন ঠাইলৈ বদলি কৰা হৈছিল। মুখ্য ন্যায়াধীশে জানিব বিচাৰিছিল যে তেওঁক নিলম্বিত কৰা হৈছে নেকি। ইয়াৰ প্ৰত্যুত্তৰত, ৰাজ্যখনে কয় যে সন্দীপক ছুটিত প্ৰেৰণ কৰা হৈছে।
আদালতে এইটো প্ৰশ্ন কৰে, মৃতদেহ সৎকাৰৰ বাবে পৰিয়ালক কেতিয়া দিয়া হৈছিল ? লগতে RG KAR চিকিৎসালয় কৰ্তৃপক্ষৰ কৰ্মকাণ্ডক লৈও উদ্বেগ প্ৰকাশ কৰে।
“আমি ৯ আগষ্টৰ পৰা আমাৰ মনত গোটেই বিষয়টো কল্পনা কৰি আহিছো। তাত কি হৈ আছে? আমি বুজি পোৱা নাই যে স্বাধীনতা দিৱসত ৰাজ্যখনে কেনেকৈ চিকিৎসালয়খন ভাঙি চুৰমাৰ কৰিলে ? প্ৰতিবাদৰ বাবে কোনে অনুমতি দিছিল ?” ন্যায়ালয়ৰ এই প্ৰশ্ন ।
চিকিৎসকৰ সুৰক্ষাৰ বাবে বিশেষ ফ’ৰ্চ গঠনৰ নিৰ্দেশ আদালতৰ
RG KAR ঘটনাৰ পিছৰে পৰা, চিকিৎসকসকলৰ সুৰক্ষাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হৈছে। এইবাৰ, উচ্চতম ন্যায়ালয়ে RG KAR চিকিৎসালয়ৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় বাহিনী মোতায়েনৰ নিৰ্দেশ দিয়ে ।
ইফালে মুখ্য ন্যায়াধীশে সমগ্ৰ দেশতে চিকিৎসকলে কৰা আন্দোলন স্থগিত ৰাখি পুনৰ কামলৈ উভতি যাবলৈ আহ্বান জনায়।
মুখ্য ন্যায়াধীশে চৰকাৰক এইটো পৰামৰ্শ দিয়ে যে, অধিক মহিলাক কামত যোগদান কৰিবলৈ উৎসাহিত কৰিব লাগে। দেশত পুনৰ ধৰ্ষণ আৰু হত্যাৰ ঘটনা নহয় ।চিকিৎসকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত এটা ৯ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠনৰ নিৰ্দেশও দিয়ে।
৯ জনীয়া টাস্ক ফ’ৰ্চত ভাইচ এডমিৰেল আৰ কে চাৰিয়ান , শল্য চিকিৎসক, এছিয়ান ইনষ্টিটিউট অৱ নেচনেল গষ্ট্ৰোলজিৰ পৰিচালনা সঞ্চালক, দিল্লীৰ AIIMSৰ সঞ্চালক এম শ্ৰীনিবাস, বেংগালুৰুৰ নিমহানৰ সঞ্চালক ড০ প্ৰতিমা মূৰ্তি ।
লগতে যোধপুৰৰ AIIMSৰ সঞ্চালক ড০ পুৰী, পণ্ডিত বি ডি শৰ্মা মহাবিদ্যালয়ৰ উপাচাৰ্য ড০ ৰাৱট, পণ্ডিত বি ডি মহাবিদ্যালয়ৰ উপাচাৰ্য অনিতা চাক্সেনা, ড০ পল্লৱী আৰু ড০ শ্ৰীবাস্তৱ।
টাস্ক ফৰ্চে দুটা বিষয়ৰ ওপৰত বিশেষ ধ্যান দিব । প্ৰথমতে, লিংগ নিৰ্বিশেষে চিকিৎসা বৃত্তিত হিংসা প্ৰতিৰোধ কৰা। দ্বিতীয়তে, এক সুৰক্ষিত কামৰ পৰিৱেশৰ বাবে এক প্ৰটোকল প্ৰস্তুত কৰিব লাগিব বুলি ন্যায়ালয়ে উল্লেখ কৰে ।
ইফালে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনাইছিল, “চিকিৎসকজনক জন্তুৰ দৰে ব্যৱহাৰ কৰা হৈছিল। মই এই ঘটনাটোৰ ৰাজনীতি কৰিব নিবিচাৰো। কিন্তু মৃত্যু হোৱা চিকিৎসকগৰাকীৰ দেউতাকক ৩ ঘণ্টা ধৰি ৰখা হৈছিল।
ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি ছলিচিটৰ জেনেৰেলে কয়, “যেতিয়া ৫০০ জন লোক একত্ৰিত হয়, আমি কওঁ যে ভাল মানুহ আহিছে। সাত হাজাৰ মানুহে চিকিৎসালয়খন লণ্ডভণ্ড কৰিছিল। এয়াই নেকি উন্নত আইন-শৃংখলাৰ উদাহৰণ ?”