উপ-নিৰ্বাচন 2024: মন্ত্ৰী জয়ন্তমল্ল বৰুৱাউপ-নিৰ্বাচন 2024: মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

উপ-নিৰ্বাচন 2024: মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ভোটাৰক মুকলি ভাবুকি

ৰাজ্যত উপ-নিৰ্বাচনৰ ঢৌৱে বাৰুকৈ চুই গৈছে ৰাইজক । যদিও পাঁচটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে তথাপিও যেন ৰাজনৈতিক নেতাৰ বাকযুদ্ধত আকৰ্ষণীয় হৈ পৰিছে । মাত্ৰ তিনিদিনৰ পূৰ্বলৈকে কংগ্ৰেছ আৰু অসমৰ আঞ্চলিক দলসমূহৰ মাজত চলি আছিল প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাত ।

কিন্তু তিনিদিনৰ পূৰ্বে যেতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আৰম্ভ কৰিলে লগে লগে যেন আৰু আকৰ্ষণীয় হৈ পৰিল অসমৰ ৰাজনীতিত ।

ধলাইত প্ৰথমটো নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে দাবী কৰিছিল যে, বিজেপি জাৰ্চি গৰু । যিমানে ঘাঁহ খুওৱাব সিমানে গাখীৰ দিব । ঘাঁহ খুওৱালে ১০-২০ লিটাৰকৈ গাখীৰ দি থাকিব । বিজেপিকো ভোট দি থাকিলে উন্নয়ন হৈয়ে থাকিব ।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,’বিজেপি চৰকাৰে নিৱনুৱাক আৰু চাকৰি দিব । অৰুণোদয় আঁচনি লাভ কৰিব । তেনেস্থলত কংগ্ৰেছক ঘাঁহ খুওৱালেও গাখীৰ নিদিয়া দমৰা গৰু । সেয়ে উন্নয়ন লাগিলে বিজেপিকে ভোট দিব লাগিব ।’

এয়াই আছিল আৰম্ভনি । মুখ্যমন্ত্ৰীৰ পাছতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই একপ্ৰকাৰৰ ভোটাৰক ভয় ভাবুকি দিয়াও পৰিলক্ষিত হ’ল । ধলাইত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী বৰুৱাই কয়, ”বাৰে বাৰে যদি বিজেপিক ভোট নিদিয়ে তেন্তে বিজেপিয়ে দিগদাৰ দিব।’

মন্ত্ৰী বৰুৱাই লগতে ভোটাৰক ভাবুকি দি কয়,”সংখ্যালঘু লোকৰ ব্যৱসায়-বাণিজ্য বন্ধ কৰি দিব বিজেপিয়ে । ইমান দিনে বিজেপিয়ে সংখ্যালঘূ লোকক আমনি কৰা নাই । তেতিয়া হলে বিজেপিক ভোট নিদি কাক দিব ?’

তেওঁ এইটো কয় যে, ‘ বিজেপিয়ে অৰুণোদয় আঁচনি দিছে । দলং নিৰ্মাণ কৰিছে, পকী পথ নিৰ্মাণ কৰিছে, বিনামূলীয়াকৈ চাউল দিছো । ইমানৰ পাছতো কিয় বিজেপিক ভোট নিদিব ? মই অভিৱাবক মন্ত্ৰী হোৱাৰ বাবে মোৰ সমষ্টিত বিজেপি জিকাটো প্ৰয়োজন ।’

তানজিল হুছেইন
তানজিল হুছেইন

আনফালে বিহালী সমষ্টিক লৈ বিপদৰ যেন ওমান পাইছে বিজেপিয়ে । সেই বাবে বিহালীত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক তীব্ৰ বাক্যবান নিক্ষেপ কৰে । বিশেষকৈ সাংসদ গৌৰৱ গগৈয়ে বিহালীত বাহৰ পাতি থকাৰ সন্দৰ্ভত সৰৱ হৈ পৰে মুখ্যমন্ত্ৰী গৰাকী ।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘কংগ্ৰেছ আদিবাসী সমাজৰ বিৰোধী । কংগ্ৰেছে চাহ জনজাতি লোকক বেয়া পায় । চাহ জনজাতি যুৱক বা ব্যক্তিৰ উন্নতি হোৱাটো নিবিচাৰে । কংগ্ৰেছে চাহ জনজাতি লোকক সদনলৈ যোৱাটো কামনা নকৰে । যাৰ বাবে যোৰহাটৰ পৰা আহি বিহালীত বাহৰ পাতি আছে গৌৰৱ গগৈয়ে ।’

মুখ্যমন্ত্ৰী শৰ্মাই পুনৰ কয়, ‘গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখিছে । সেইকাৰণে পাঁচ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যাব লাগে । কিন্তু প্ৰেমগুঞ্জুক পৰাস্ত কৰিবলৈ উঠি-পৰি লাগিছে । বিপৰীতে বিজেপিৰ পৰা হায়াৰ কৰা নেতাক জিকাবলৈ বিহালীত বাহৰ পাতিছে সাংসদ গৌৰৱ গগৈয়ে ।’

এসময়ৰ ঘণিষ্ঠ বন্ধু ৰকিবুল হুছেইনো মুখ্যমন্ত্ৰীৰ বাক্যবাণৰ পৰা সাৰি যোৱা নাই । চামৰিগুৰি সমষ্টিত যিহেতুকে কংগ্ৰেছ দলে সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে তাক লৈ কংগ্ৰেছলৈ তীব্ৰ বাক্যবান মুখ্যমন্ত্ৰীৰ ।

মাতৃগৰ্ভত থাকোতে কংগ্ৰেছে নিৰ্ধাৰণ কৰে তেওঁৰ পুত্ৰ বিধায়ক, মন্ত্ৰী হব । কংগ্ৰেছৰ বিধায়ক হবলৈ সোণৰ চামুচ লৈ জন্ম হব লাগিব । কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰীক ৰাজনীতি চলি থাকিব বুলি ৰকিবুললৈ বাক্যবাণ নিক্ষেপ কৰে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, গগৈ চৰকাৰৰ দিনত ৰকিবুল হুছেইনে কাক কাক চাকৰি দিছে সেয়া সোধ-পোছৰ বাবে থানালৈ মাতি একাপ চাহ খুওৱা হ’ব বুলি  মুখ্যমন্ত্ৰীয়ে কয় । ইয়াৰ প্ৰত্যুত্তৰত সাংসদ ৰকিবুল হুছেইনে কয় যে, তেওঁৰ দিনত হোৱা কেলেংকাৰী বিলাক কি হব ?

চাকৰি নিযুক্তিৰ নামত কেৱল জালুকবাৰী সমষ্টিৰ লোকক বেছিকৈ চাকৰি দিছে । ইন্টাৰনেট কৰ্তন কৰিছে পৰীক্ষা পতাৰ নামত । কিন্তু পৰীক্ষাৰ OMR চিট আগতীয়াকৈ নিৰ্দিষ্ট লোকে লাভ কৰে । R নামৰ ব্যক্তিৰ দ্বাৰা এই কেলেংকাৰী সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰে সাংসদ ৰকিবুুল  হুছেইনে ।

Leave a Reply

Your email address will not be published. Required fields are marked *