আন্তৰাষ্ট্ৰীয় মেচত ৬ টা বলত ৬ ছিক্স কোবাৱব পাৰিব নে ৰিয়ান পৰাগেআন্তৰাষ্ট্ৰীয় মেচত ৬ টা বলত ৬ ছিক্স কোবাৱব পাৰিব নে ৰিয়ান পৰাগে

আন্তৰাষ্ট্ৰীয় মেচত 6 টা বলত 6 ছিক্স কোবাৱব পাৰিব নে ৰিয়ান পৰাগে ?

ৰিয়ানৰ বাবে প্ৰত্যাহ্বান : 6 টা বলত 6 টা ছিক্স কোবাৱব পাৰিব নে !

অসম সন্তান ৰিয়ান পৰাগক লৈ বহু কিবা কিবি সপোন দেখিবলৈ আৰম্ভ কৰিছে অসমবাসীয়ে । ভাৰতীয় ক্ৰিকেট দলত অসম সন্তান ৰিয়ান পৰাগে স্থান লাভৰ পাচতে বিভিন্ন বিষয় চৰ্চা চলিছে । কেতিয়াবা যদি ৰিয়ানৰ বলিং, আন কেতিয়াব ফিল্ডিং অথবা বেটিঙেৰে সমালোচকক মুখ বন্ধ কৰি ৰাখিছে ৰিয়ানে ।

তাৰে উদাহৰণ শেহতীয়াকৈ শ্ৰীলংকাৰ বিৰুদ্ধে আৰম্ভ হোৱা T-20 চিৰিজ । শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতে খেলা প্ৰথমখন T-20 মেচত  ইতিমধ্যে উজ্বলি উঠিবলৈ সক্ষম হৈছে ৰিয়ান পৰাগে । ভাৰতীয় জাতীয় দলত অল ৰাউণ্ডাৰৰ ভূমিকা পালন কৰা ৰিয়ানক লৈ এতিয়া প্ৰতিজন অসমীয়া গৌৰৱান্বিত ।

আন্তৰাষ্ট্ৰীয় মেচত ৬ টা বলত ৬ ছিক্স কোবাৱব পাৰিব নে ৰিয়ান পৰাগে
আন্তৰাষ্ট্ৰীয় মেচত ৬ টা বলত ৬ ছিক্স কোবাৱব পাৰিব নে ৰিয়ান পৰাগে

ইয়াৰ লগে লগে অধিক দায়িত্ব বাঢ়িল ৰিয়নৰো । আগন্তুক সময়ত কিদৰে অল ৰাউণ্ডৰৰ ভূমিকা পালন কৰিব সেয়া এতিয়াই স্পষ্ট হৈ পৰিছে । ভাৰতীয় অল ৰাউণ্ডাৰৰ ভিতৰত বৰ্তমান লেখত ল’বলগীয়া খেলুৱৈৰ ভিতৰত হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্সৰ পেটেলৰ নাম । 

সেই স্থানত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব নে অসম সন্তান ৰিয়ান পৰাগে ? সেই প্ৰশ্ন সময়লৈ এৰিলো । ৰিয়ানক লৈ চলিছে আন এক চৰ্চা । ৰিয়ান প্ৰকৃততে কোনজন প্ৰাক্তন ভাৰতীয় খেলুৱৈৰ দৰে ? যদি বেটি ষ্টাইলৰ পৰা চোৱা যায় তেতিয়া হ’লে ‘কেপ্টেইন কুল’ মহেন্দ্ৰ সিং ধোনীৰ দৰে । 

কিন্তু বৰ্তমান ৰিয়ান বিৰাট কোহলীক অনুকৰণ কৰে । তথাপিও বেটিং ষ্টাইলত গম পোৱা যায় যে, ৰিয়ান ধোনীৰ দৰে… !

2011 চনৰ ফাইনেল মেচ খনৰ কথা নিশ্চয় মন আপোনাৰো আছে । তেতিয়া হ’লে যুৱৰাজ সিঙৰ কথা নিশ্চয় মনত থাকিব । ঠিক যুৱৰাজৰ ভুমিকাৰ দৰে ৰিয়ানো আগন্তুক সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অবিচ্ছিদ অংগ হৈ পৰিব নেকি ! তাৰে কামন কৰে প্ৰতিজন অসমীয়াই ।

বলিং, বেটিং আৰু ফিল্ডিঙতো ভাল ৰিয়ান। তেনেস্থলত ৰিয়ানে যুৱৰাজ সিঙৰ দৰে আন্তৰাষ্ট্ৰীয় T-20ত 6 টা বলত 6 ছিক্স কোবাৱাব পাৰিব নে ! কাৰণ মিডিল অৰ্ডাৰত খেলিয়ে 2007 চনৰ T-20 বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে যুৱৰাজৰ সিঙে 6 টা বলত 6টা ছিক্স কোবাইছিল । 

যদিহে যুৱৰাজ সিঙৰ দৰে প্ৰখ্যাত ক্ৰিকেটাৰ হ’ব বিচাৰে তেতিয়া হ’লে আন্তৰাষ্ট্ৰীয় মেচত এনেধৰণৰ ৰেকৰ্ড গঢ়িব লাগিব ৰিয়ানে ।

বিগত আই পি এলৰ সময়ত ৰিয়ানে কৰা এটা মন্তব্যই বহু চৰ্চা লাভ কৰিছিল । সেই কথাটো আছিল, কোনোবাই এখন মেচত 4 টা ছিক্স কোবাম । যাৰ বাবে বহু ট্ৰ’লৰ সন্মুখীন হৈছিল ৰিয়ানে । সেই সপোনৰ পম খেদিয়ে আজিৰ প্ৰশ্ন, ৰিয়ানে আন্তৰাষ্ট্ৰীয় মেচত 6 টা বলত 6টা ছিক্স কোবাৱব পাৰিব নে ?

আনহাতে 6 টা বলত 6টা ছিক্স নোকোবালেও কোনো এখন মেচত ত্ৰাণ কৰ্তা হিচাপে ভূমিকা ল’ব লাগিব । তাৰে উদাহৰণ উইকেট কিপাৰ বেটছমেন ঋষভ পন্ট । গাভা টেষ্টত যিদিৰে ঋষভ অষ্ট্ৰেলিয়াৰ বাবে বিপদ হৈ পৰিল, সেয়া ভাৰতৰ বাবে আশীৰ্বাদ হৈছিল । এনেধৰণ বহু উদাহৰণ আছে ।

ৰিয়ানৰ বাবে প্ৰত্যাহ্বান
ৰিয়ানৰ বাবে প্ৰত্যাহ্বান

তেনেস্থলত, ৰিয়ানৰ এই সফলতা তথা মাইলৰ খুটিলৈ কিমান দূৰ ?ইতিমধ্যে ভাৰতীয় দলৰ T-20ৰ অধিনায়ক সূৰ্য কুমাৰ যাদবে উল্লেখ কৰিছে যে, ৰিয়ানে যিকোনো মুহূৰ্ততে খেল সলনি কৰি দিব পাৰিব । সেয়া লাগিলে বেটিং অথবা বলিঙৰ জড়িয়তে ।

খেল অনিশ্চতাৰ ভৰা । সেয়ে কেতিয়া কাৰ পক্ষত কি হ’ব সহজে অনুমেয় নহয় । যিকোনো ৰেকৰ্ড গঢ়িবলৈ সক্ষম ৰিয়ানে মাত্ৰ গুৰুত্ব দিব লাগিব বিৰাট কোহলীৰ দৰে শাৰীৰিক অনুশীলন (ফিজিকে ফিটনেছ) , কোহলীৰ দৰে ৰাণ সংগ্ৰহত ধাৰাবাহিকতা ৰক্ষা কৰা, সমোলোচনালৈ ভয় নকৰা, সুযোগ পালে গ্ৰহণ কৰিব পৰা গুণ । তেতিয়াহে ক্ৰিকেট বিশ্বৰ ইতিহাসত খুদিত হ’ব ৰিয়ানৰ লগতে অসমৰ নাম ।

সুযোগ পাইছে ৰিয়ানে, কিন্তু কিদৰে সুবিধা গ্ৰহণ কৰিব ৰিয়ানে । যদিহে চোৱা যায়, তেতিয়া হ’লে ৰিয়ানতকৈ কোনো গুনে কম নহয় শিৱম ডুবে, ঋতুৰাজ গাইকোৱাৰ্ড, অভিষেক শৰ্মাৰ দৰে নতুন যুৱ চাম । তেনে স্থলত সুবিধা কিদৰে গ্ৰহণ কৰে সেয়া ৰিয়ান বাবে প্ৰবল প্ৰত্যাহ্বান ।

ইতিমধ্যে শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন T-20মেচত দুৰ্দান্ত বলিঙেৰে উজ্বলি উঠিছিল অসম সন্তান ৰিয়ান পৰাগ। ৰিয়ানৰ বলিঙৰ যাদুত ধৰাশায়ী শ্ৰীলংকাৰ বেটছমেন । প্রথমখন T-20 মেচত ৰিয়ানে 1.2 অভাৰত 5 ৰাণ খৰছ কৰি তিনিটা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। ফলত প্ৰথম T-20ত 43 ৰাণত ভাৰতে জয়লাভ কৰে ।

ৰিয়ান পৰাগৰ আন্তৰাষ্ট্ৰীয় মেচত কৃৰ্তিত্ব

ৰিয়ানে বৰ্তমানলৈকে ভাৰতীয় জাতীয় দলৰ হৈ আন্তৰাষ্ট্ৰীয় T-20 মেচ মাত্ৰ পাঁচখন খেলিছে । পাঁচখন মেচত মাত্ৰ 31 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰাগে । ভাৰতীয় A দলৰ হৈ ৰিয়ানে 49 খন মেচ খেলি 1720 ৰাণ সংগ্ৰহ কৰিছে ।

ৰিয়ানে বৰ্তমানলৈকে ভাৰতীয় জাতীয় দলৰ হৈ আন্তৰাষ্ট্ৰীয় T-20 মেচ মাত্ৰ পাঁচখন খেলিছে । পাঁচখন মেচত মাত্ৰ 31 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে পৰাগে । ভাৰতীয় A দলৰ হৈ ৰিয়ানে 49 খন মেচ খেলি 1720 ৰাণ সংগ্ৰহ কৰিছে ।

আনহাতে খেলুৱৈগৰাকীয়ে বৰ্তমানলৈকে আন্তৰাষ্ট্ৰীয় T-20  পাঁচখন মেচ খেলিয়ে 38 বল কৰি সৰ্বমুঠ ৩টা উইকেট লাভ কৰিছে । ইফালে পাঁচখন মেচত ৰিয়ানে সৰ্বাধিক ২২ ৰাণ সংগ্ৰহ কৰিছে ।

IPLলৈ যদিহে চোৱা যায় তেতিয়া হ’লে, 69 খন IPL খেলি 1173 ৰাণ সংগ্ৰহ কৰিছে । IPLত সৰ্বাধিক ব্যক্তিগত স্ক’ৰ হৈছে 84 ৰাণ । 6টা আৰ্ধশতক আছে ৰিয়ানৰ । আনহাতে 2019ত IPLৰ কেৰিয়াৰৰ আৰম্ভ কৰা ৰিয়ানৰ জেপত আছে 4টাকৈ উইকেট ।

বৰ্তমানলৈকে IPLত ৰিয়ানে 60টা ছিক্স, 84টা চাৰি কোবাইছে । বৰ্তমানলৈকে 37 টা কেচ ধৰিবলৈ সক্ষম হৈছে । 2022 ছিজনত সৰ্বাধিক 17টা কেচ ধৰিবলৈ সক্ষম হৈছে ৰিয়ানে । 

ৰিয়ান পৰাগৰ জন্ম, কেৰিয়াৰ, অভিলেখ ইত্যাদি…

2001 চনৰ 10 নৱেম্বৰত গুৱাহাটীত জন্মগ্ৰহণ ৰিয়ান পৰাগৰ । এজন ভাৰতীয় অলৰাউণ্ডাৰ, যি ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছক প্ৰতিনিধিত্ব কৰে।

পৰাগে ৰাজস্থান ৰয়েলছৰ হৈ মিডিলমেনৰ ভূমিকা পালন কৰে আৰু এজন বিস্ফোৰক বেটছমেন। ৰিয়ান অফ-স্পিনাৰ ।  তেওঁৰ দেউতাক পৰাগ দাস এজন প্ৰাক্তন অসম ৰঞ্জী ক্ৰিকেট খেলুৱৈ আৰু তেওঁৰ মাতৃ মিথু বৰাহ এগৰাকী ৰাষ্ট্ৰীয় অভিলেখধাৰী সাঁতোৰবিদ।

ৰিয়ানে 12 বছৰ বয়সতে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰিছিল অসমৰ অনুৰ্ধ-16 দলৰ হৈ । মাত্ৰ 15 বছৰ বয়সত ৰিয়ান পৰাগে 2016-17 বৰ্ষত আন্তঃৰাজ্যিক T-20 টুৰ্ণামেণ্টত অসমৰ হৈ আত্মপ্ৰকাশ কৰিছিল।

2017-18 বৰ্ষৰ ৰঞ্জী ট্ৰফীত অসমৰ হৈ প্ৰথম শ্ৰেণীৰ দলত অন্তৰ্ভুক্ত কৰা হৈছিল। দুয়োটা ফৰ্মেটতে তেওঁৰ আকৰ্ষণীয় প্ৰদৰ্শনে তেওঁক আই চি চি অনুৰ্ধ-১৯ বিশ্বকাপ দলত অন্তৰ্ভুক্ত হয় । 

2018-19 বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীতো অসমৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰাহক হিচাপে পৰিগণিত হৈছিল ৰিয়ান । তেওঁৰ নিৰন্তৰ ঘৰুৱা মেচত সফলতাৰ পিছত ৰাজস্থান ৰয়েলছে 2019 ৰ আই পি এল ছিজনত চুক্তিবদ্ধ হয় । 20 লাখ টকাৰ আধাৰ মূল্যত স্বাক্ষৰ কৰা হৈছিল।

2019ত অৰ্ধশতক অৰ্জন কৰা আই পি এলৰ আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে ৰিয়ান পৰিগণিত হৈছিল । আই পি এল 2022-ত  17 টা কেচ লোৱাৰ অভিলেখ আছে ৰিয়ানৰ । আই পি এল 2022 ৰ নিলামত 3.80 কোটি টকা ব্যয়েৰে পুনৰ ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *