কেজৰিৱাল, কবিতা আৰু মনীষৰ ৰাজনীতি ইতি পৰিব নেকিকেজৰিৱাল, কবিতা আৰু মনীষৰ ৰাজনীতি ইতি পৰিব নেকি

অৰবিন্দ কেজৰিৱাল বাবে ২০২৫লৈ কিমান দূৰ ? কে কবিতা আৰু মনীষ ছিচ’ডিয়াৰৰ ৰাজনীতি ইতি পৰিব নেকি ?

কে. কে. এমৰ  ৰাজনীতি ইতি পৰিব নেকি ?

তিহাৰ জে’লত কাৰাবন্দী হৈ আছে তিনি বিশেষ ৰাজনৈতিক নেতা যাৰ নাম হৈছে কে. কে. এম । অৰ্থাৎ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) নেতা কে কবিতা আৰু দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচ’ডিয়া ।

তিনি নেতাকে দিল্লীৰ সুৰা নীতি  কেলেংকাৰীৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল EDয়ে । বৰ্তমানৰ তিনি নেতা তিহাৰ জে’লত আছে । আপ দলৰ তৃণমূল কৰ্মীয়ে প্ৰশ্ন কৰিছে অৰবিন্দ কেজৰিৱাল বাবে ২০২৫লৈ কিমান দূৰ ?

উল্লেখ্য যে,  বৃহস্পতিবাৰে ৰাউজ এভিনিউ আদালতে দিল্লীৰ সুৰা নীতি  কেলেংকাৰীৰ গোচৰৰ সন্দৰ্ভত শুনানি দিন আছিল । কিন্তু  আদালতে তেওঁলোকৰ ন্যায়িক জিম্মা বৃদ্ধি কৰে ।

ন্যায়াধীশ কাবেৰী বাৱেজাই আদালতে কেজৰিৱালৰ  আবকাৰী কেলেংকাৰী সম্পৰ্কীয় ইডি গোচৰটো শুনানি ৩১ জুলাইলৈকে স্থগিত ৰাখে ।সমান্তৰালকৈ মনীষ ছিচ’ডিয়াৰ শুনানিও ৮ আগষ্টলৈ স্থগিত ৰাখিছে ।

সুৰা কেলেংকাৰীৰ সন্দৰ্ভত ২১ মাৰ্চত ইডিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ইফালে তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাই। ফলস্বৰূপে, কাৰ্যালয়ত থাকোতে গ্ৰেপ্তাৰ হোৱা দেশৰ ইতিহাসৰ তেওঁ প্ৰথম মুখ্যমন্ত্ৰী। 

কেজৰিৱাল, কবিতা আৰু মনীষৰ ৰাজনীতি ইতি পৰিব নেকি
কেজৰিৱাল, কবিতা আৰু মনীষৰ ৰাজনীতি ইতি পৰিব নেকি

আনহাতে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক লোকসভা নিৰ্বাচনৰ সময়ত ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল । ২ জুনত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰিছিল কেজৰিৱালে।

মমতা-সুনীতাৰ গোপন বৈঠক, ৰণনীতি প্ৰস্তুত দুই মহিলাৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শনিবাৰে নীতি আয়োগৰ বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে শুকুৰবাৰে মমতাই দিল্লীত উপস্থিত হৈ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰলৈ যায়। মমতাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পত্নী সুনীতা কেজৰিৱালক সাক্ষাৎ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত শনিবাৰে নীতি আয়োগৰ বৈঠক অনুষ্ঠিত হ’ব। বিৰোধী মিত্ৰজোঁটৰ প্ৰায়বোৰ  মুখ্যমন্ত্ৰীয়ে বৈঠকত উপস্থিত নাথাকিব । কিন্তু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা উপস্থিত থাকিব। 

আনহাতে, মমতাই শুক্ৰবাৰে বৈঠকত উপস্থিত থাকিবলৈ দিল্লী ত উপস্থিত হৈছিল। উল্লেখ্য যে, দিল্লীৰ আবকাৰী নীতিৰ কেলেংকাৰীৰ সন্দৰ্ভত প্ৰৱৰ্তন সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ।

এই সকলোবোৰ দিশ সামৰি বংগৰ মুখ্যমন্ত্ৰী মমতাই কেজৰিৱালৰ ঘৰলৈ গৈ সুনীতাৰ সৈতে আলোচনাত বহিল । ইফালে আপৰ সাংসদ ৰাঘৱ চাধাও উপস্থিত আছিল দুই নেত্ৰীৰ আলোচনাত ।

মমতা-সুনীতাৰ গোপন বৈঠক, ৰণনীতি প্ৰস্তুত দুই মহিলাৰ
মমতা-সুনীতাৰ গোপন বৈঠক, ৰণনীতি প্ৰস্তুত দুই মহিলাৰ

এই সন্দৰ্ভত চাধাই কয়, “মমতাই কেজৰিৱালৰ স্বাস্থ্যক লৈ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ এই বিষয়ে জনাৰ চেষ্টা কৰিছিল। চাধাই পুনৰ  কয়, যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতাই “সংকট”ৰ সময়ত আপৰ সৈতে আছে।

ইফালে নীতি আয়োগৰ বৈঠকত মমতাই উপস্থিত থাকিব নে নাই তাক লৈ জল্পনা-কল্পনা চলি আছিল। বৃহস্পতিবাৰে, কংগ্ৰেছ নেতা কেচি বেণুগোপালেও মুখ্যমন্ত্ৰী মমতাক বৈঠকত উপস্থিত নাথাকিবলৈ অনুৰোধ জনাইছিল ।

কিন্তু মমতাই বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীত উপস্থিত হোৱাৰ পাছতে কংগ্ৰেছে সমালোচনা কৰিছে । বংগৰ চিপিএম আৰু কংগ্ৰেছ নেতৃত্বই মমতাক কথোৰ ভাষাৰে সমালোচনা কৰিছে ।

বিৰোধীয়ে দাবী কৰি আছিল যে, মমতাই নীতি আয়োগৰ বৈঠকত উপস্থিত থাকিলে বিৰোধী মিত্ৰতাত ‘বিভাজন ঘটিব পাৰে।

এই সন্দৰ্ভত মমতাই কয়, “বাজেট উপস্থাপন কৰাৰ আগতেই মই নীতি আয়োগৰ বৈঠকত উপস্থিত থাকিবলৈ সিদ্ধান্ত লৈছিলো। কিন্তু যদি সকলোৰে বিষয়ে আলোচনা কৰাৰ পিছত কোনো সিদ্ধান্ত লোৱা হয়, তেন্তে মই আন কিবা এটা ভাবিম।

তেওঁ লগতে কৈছিল যে, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চুৰেনেও নীতি আয়োগৰ বৈঠকত উপস্থিত থাকিব পাৰে। একাংশ ৰাজনৈতিক নেতাই কয়, মমতাই কেজৰিৱালৰ ঘৰলৈ গৈ দেখুৱালে যে তেওঁ বিৰোধী মিত্ৰজোঁটৰ ভিতৰত ‘অকলশৰীয়া’ নহয়।

দিল্লী উচ্চ ন্যায়ালয়ে অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ ৰায় পুনৰ স্থগিত

দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন আবেদনৰ ৰায় স্থগিত ৰাখে । ন্যায়াধীশ নীনা বানচাল কৃষ্ণাই আপ নেতাৰ লগতে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)ৰ হৈ পৰামৰ্শ শুনি এই ৰায় স্থগিত ৰাখে ।

উল্লেখ্য যে, চিবিআইয়ে কেজৰিৱালৰ জামিন আবেদনৰ বিৰোধিতা কৰি অভিযোগ কৰে যে কেজিৰৱাল আবকাৰী কেলেংকাৰীৰ “মাষ্টাৰমাইণ্ড” । তেওঁক গ্ৰেপ্তাৰৰ অবিহনে তদন্ত প্ৰক্ৰিয়া শেষ নহয় । এমাহৰ ভিতৰতে আমি অভিযোগপত্ৰ দাখিল কৰিছো,” চিবিআইৰ পৰামৰ্শদাতা অধিবক্তা ডি পি সিঙে এই দৰে কয়। 

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই)য়ে কেজৰিৱাল আৰু অন্যান্যসকলৰ বিৰুদ্ধে গোচৰটোৰ চূড়ান্ত অভিযোগপত্ৰ দাখিল কৰিছে । এই অভিযোগপত্ৰখনৰ জড়িয়তে দিল্লী আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগত চিবিআইৰ তদন্ত সমাপ্ত কৰিছে।

সমগ্ৰ বিষটোৰ সন্দৰ্ভত সংস্থাটোৱে অভিযোগপত্ৰ আৰু চাৰিখন পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছিল । পত্ৰত স্পষ্টকৈ উল্লেখ আছিল য’ত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’ডিয়া, তেলেংগানাৰ এম এলে চি কে কবিতাৰ নাম।

চিবিআইয়ে কেজৰিৱাল, আপৰ বিধায়ক দুৰ্গেশ পাঠক, অৰবিন্দ ফাৰ্মাৰ কাৰ্যবাহী সঞ্চালক পি শৰৎ চন্দ্ৰ ৰেড্ডী, বাডি ৰিটেইল প্ৰাইভেট লিমিটেডৰ সঞ্চালক অমিত অৰোৰা, অভিযুক্ত হাৱালা অপাৰেটৰ বিনোদ চৌহান আৰু ব্যৱসায়ী আশীষ মাথুৰক অভিযুক্ত হিচাপে নামাকৰণ কৰিছে।

তদন্তকাৰী সংস্থাটোৱে অভিযোগ কৰিছে যে, সুৰা ব্যৱসায়ী মাগুন্তা শ্ৰীনিবাসলু ৰেড্ডী, যি এতিয়া টিডিপিৰ সাংসদ, 2021 চনৰ 16 মাৰ্চত কেজৰিৱালক দিল্লী সচিবালয়ত তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল ৷

ৰেড্ডীয়ে কেজৰিৱালক 2021-22 বৰ্ষৰ আবকাৰী নীতিত মেনেজ কৰি  ৰাষ্ট্ৰীয় ৰাজধানীত তেওঁৰ সুৰাৰ ব্যৱসায়ত কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছিল । এই সমগ্ৰ প্ৰক্ৰিয়াটোত কবিতাৰ বিৰুদ্ধে চিবিআইয়ে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *